শৰতৰ কালে চন্দ্ৰাৱলী ৰাতি – তৃপ্তি বৰা
উস্ কি জ্বালা। মাইকী মানুহবোৰে দিনে ৰাতিয়ে এইগাল পিন্ধি কেনেকৈ যে থাকে ঐ। তাৰ দেখোন চাইকেলখনেই আগ নাবাঢ়ে। ধুৰ, এইখনো আজি চলাবলৈ ইমান বেয়া লাগিছে। তাতে পিছফালে ৰণ্টুকো বহাই লৈছে। হওঁতে তাৰ ওজন তেনেই কম। চাদৰ মেখেলাৰে সৈতে তেনেই লাহী পাহী গাভৰুজনীৰ দৰেই লাগিছে। পিছে এই চাদৰ-মেখেলাযোৰ পিন্ধি থকাৰ বাবেহে অশান্তি লাগিছে। পেডেল মাৰিলেও দেখোন ভৰি দুটাত কিহবাই সাৱটি ধৰে। ধেই ধিন ধিত থেই ধিন ধিত থেই তাত তাও খ্ৰী খিতি তাও তাত তাও নামঘৰৰ পৰা ভাঁহি অহা খোলৰ শব্দ
Read more