ফটাঢোল

ষ্টে অৰ্ডাৰ – অনিল গগৈ

“ষ্টে অৰ্দাৰ ! কিহৰ ষ্টে অৰ্দাৰ ? যমৰাজ গৰজি উঠিল । কান্ধত লৈ থকা গদাটো মজিয়াত থেকেচা মাৰি যমৰাজ পোন হৈ বহিলে। বাঁও হাতৰ চাবুক ডাল আচাৰ মাৰি শূন্যতে এপাক ঘূৰালে । ভ্ৰুকুটি কৰি, মস্ত মোচঁ খিনিত আঙুলি দিলে । চকুত হাই পাৰ্ৱাৰ চশমা , মূৰত পাগুৰি, প্ৰকাণ্ড খাটা মেলি কামত ব্যস্ত থকা চিত্ৰগুপ্তই তেওঁৰ বিত চকুযোৰৰ তলেদি যমৰাজলৈ চালে। আন দিনৰ দৰে হোৱা হ’লে যমৰাজৰ এই ৰ্নিবুদ্ধিতাৰ বাবে হয়তো তেওঁ মোচৰ তলতে সচৰাচৰ মৰা নন্ ষ্টপ চাইলেঞ্চাৰযুক্ত হাঁহিটো সৰকাই

Read more

আজাহাৰ, কুম্ব্লে, শৰ্মা, বাগলাৰী ইত্যাদি – সঞ্জীব কুমাৰ ভট্টাচাৰ্য্য

চৰকাৰী বিভাগ এটাৰ মূখ্য অফিচলৈ গৈছিলোঁ আজি৷ আজি বুলি নহয়, প্ৰায় যোৱা এবছৰ ধৰি গৈয়েই আছোঁ। বিল এখন পাবলগীয়া হৈ আছোঁ আমি৷ এতিয়ালৈকে তিনিবাৰ জমা কৰিছোঁ বিলখন৷ পইচা কেতিয়া পাম সেইটো কোনেও নাজানে৷ অফিচটোৰ পিয়নটোৱেও নাজানে, কেৰাণীজনেও নাজানে; গণিকজনেও নাজানে, ময়ো নাজানো৷ মূখ্য অভিযন্তাজনেও নাজানে মুঠতে কোনেও নাজানে । সেইফালে অন্য কামত ওলাই গ’লে গতানুগতিক দৰ্শন এটা, মানে কামোৰ এটা দি আহোঁ অফিচটোত, মানুহবোৰক, কিজানিবা পাই যাওঁ পইচাটো! আজি কিন্তু মোৰ মুড বেলেগ৷ অফিচত বচৰ গালি শুনি ওলাই আহিছোঁ! হয়

Read more

দুচকুত প্ৰেমৰ বৰ্ষা – তৃপ্তি বৰা

অপেক্ষাও ইমান সুন্দৰ হ’ব পাৰে অনিৰ্বানে আজি প্ৰথম বাৰলৈ অনুভৱ কৰিলে।তথাপিও মাজে মাজে উৎকন্ঠিত হৈ পৰে সি।সেই কাজলসনা চকুযুৰিত দেখা গভীৰতাক আজি নিচেই কাষৰ পৰা জুখি চাব সি..আৰু তাইৰ ওঁঠৰ সেই তিলটো..আস্!ভাবিয়েই মনটো ভাল লাগি গ’ল অনিৰ্বানৰ।বৰ্ষাই দিয়া ঠিকনাটোৰ মতে সি আহি উপস্থিত হৈছেহি ৰেষ্টুৰেণ্টখনত।আনকালে কোনোবাই কিবা প্ৰয়োজনত তাক লগ কৰিবলৈ বিচাৰিলেও সি সদায় সময়তকৈ বহু দেৰিকৈহে উপস্থিত হয়গৈ।বন্ধু মহলতো সি প্ৰায়েই এই কথাৰ বাবে গালি খায়।কিন্তু আজি সি সময়তকৈও বহু আগতেই আহি ৰৈ আছেহি।মনে মনে হাঁহি উঠিল তাৰ নিজৰ

Read more

কৌতুক – উৎপলা কৌৰ

দত্ত বৰ কৃপণ। এইটো দত্তৰ বিয়াৰ পাছৰ ঘটনা। বিয়াৰ কেইদিনমানৰ পাছত যে ঘৈণী মানে কইনাবোৰ মাকৰ ঘৰত থাকিবলৈ যায় যোৱা আৰু দৰাটোৱে ঘূৰাই আনিবলৈ যোৱাৰ নিয়ম এটা আছে নহয়! তেনেকুৱা নিয়মৰ অজুহাতত যথা সময়ত দত্তই পত্নীক আনিবলৈ গল। যাওঁতে মাকে ক’লে বোলো নতুন মিতিৰ, মিঠাই অকন লৈ যাবি। খালি হাতে গৈ বোৱাৰীৰ আগত মোৰ নাক কান নাকাটিবি। ‘হব দে’ বুলি সি ওলায় গ’ল। যোৰহাটৰ ভাল মিঠাই দোকান এখনত সোমাই দত্তই এটাৰ পাছত এটাকৈ অৰ্ডাৰ দি দহটা লালমোহন খালে। খাই বৈ

Read more

দ্য ঈগল এণ্ড দ্য স্কাইলাৰ্ক (মুল: খলিল জিব্ৰান) – অনুবাদ: নৱজিৎ বৈশ্য

ওখ পাহাৰ এখনৰ শিল এছটাত এটা ঈগল আৰু এটা স্কাইলাৰ্ক মুখামুখি হ’ল৷ স্কাইলাৰ্কটোৱে প্ৰথমে মাত দিলে- “সুপ্ৰভাত মহাশয়!” ঈগলটোৱে তাৰ ফালে অৱজ্ঞাৰ দৃষ্টিৰে চাই নিস্পৃহভাৱে প্ৰতি-শুভেচ্ছা জনালে – “সুপ্ৰভাত৷” স্কাইলাৰ্কটোৱে পুনৰ ক’লে – “আশাকৰো আপোনাৰ সৰ্বতোপ্ৰকাৰে ভাল, মহাশয়৷” “হয়!” ঈগলটোৱে ক’লে,“আমাৰতো সকলো ফালে জয় জয় ময় ময়৷ কিন্তু তই নাজান নেকি আমি যে চৰাইবোৰৰ ৰজা আৰু তহঁতে আমি নিজৰ ফালৰ পৰা আৰম্ভ নকৰালৈকে আমাৰ লগত কথা পাতিবলৈ আগবঢ়াটো যে অনুচিত?” তেতিয়া স্কাইলাৰ্কটোৱে বোলে, “মই আকৌ আমি একেটা পৰিয়ালৰ বুলিহে ভাবিহে

Read more

ফটাপ্ৰেম – মানস শইকীয়া

সোণালী জয়ন্তী গৰকো গৰকো অৱস্থাত মিছা নকওঁ দেই৷ সঁচা বুলি মানি ল’ব আকৌ৷ স্কুলীয়া দিনৰ কথা৷আমাৰ ক্লাচৰে এজনী ছোৱালীক লাহে লাহে ভাল পাবলৈ ধৰিলো৷একপক্ষীয় দেই৷ সৰুৰে পৰাই লাজকুৰীয়া,মাতবোল নকৰো,বিশেষকৈ ছোৱালীক৷ ক্লাচ ফাইভৰ পৰা আমি দুটা সলনা সলনিকৈ প্ৰথম স্থানত থাকো৷ কোনোবা নগ’লে আগৰ দিনটোৰ পাঠ বিশেষকৈ অংকবোৰ পাতি লওঁ৷ আমি দুইটাই কথা পাতো তৃতীয় পুৰুষত৷ মানে এনেকুৱা-“অংকৰ বহীখন দিব লাগে”৷ কেতিয়াবা তাই বহীখন দি কয়-“এইখিনি ছাৰে ইম্পৰটেণ্ট বুলি কৈছে৷ লিখি ল’ব লাগে”৷ স্কুললৈ অহাযোৱা একেলগে কৰো ,মানে তাই আগত মই

Read more

যুগৰ ফটা লিমাৰিক – বন্দিতা গগৈ বৰা

(এক) অসম মুলুকত বহিছিল চাকৰিৰ মেলা, লাখ টকাৰ বিনিময়ত চাকৰি কিনাৰ খেলা, পালৰ পাল্লাত পৰি, আগ-পিছ বিচাৰ নকৰি, চাকৰি কিনিবলৈ গৈ হ’লগৈ দুটামান জেলৰ ভাত বুটলা। (দুই) লাখটকীয়া পাল পৰিল জালত, চাকৰি কিনাবোৰৰ চৰ পৰিল গালত, পাল ঔ পাল, কিযে তোৰ ফুটা কপাল, বুঢ়াবয়সত ধৰিবগৈ লাগিব নেকি হালত! ☆★☆★☆

Read more

অথঃ ফেচবুক সংবাদ – দিতীমণি দত্ত

আপোনালোক সকলোৱে কম-বেছি পৰিমাণে বিভিন্ন ধৰণৰ পুথিতো নিশ্চয় পঢ়িছে।কিন্তু আজি মই সকলোৰে পৰিচিত এখন বিশেষ পুথিৰ বিষয়ে আপোনালোকক কিছু কথা বেকত কৰিব খুজিছো। পুথি মানে এইখন মহাকাব্য বুলি ক’লেহে বেছি ভাল হ’ব। আমাৰ দৰেই কিন্তু মগজুত আমাতকৈ অলপ বেছিকৈ সাৰ থকা এজন নৰমনিছে এই পুথিভাগ ৰচনা অ নহয় ৰচনা বুলি কলে ভুল হ’ব উদ্ভাবন কৰিছিল বুলি ক’লেহে শুদ্ধ হ’ব।এই বিশেষ উদ্ভাৱক জনৰ নাম হ’ল মাৰ্ক জুকাৰবাৰ্গ। এইভাগি পুথি উদ্ভাবন কৰাৰ মূল উদেশ্য কি আছিল সেইবোৰ কথা বাৰু এতিয়া থাকক। কিন্তু

Read more
1 5 6 7 8 9