ফটাঢোল

কৌতুক – মনিদীপ শৰ্মা

এজন যুৱ ভাৰতীয় ব্যৱসায়ীয়ে চীন দেশৰ এগৰাকী যুৱতীৰ সৈতে ফেচবুকীয়া প্ৰেম হয় অাৰু প্ৰেমৰ অন্তত তেঁওলোকে বিয়া পাতি সুখেৰে জীৱন অতিবাহিত কৰি আছিল। কিন্তু বিয়াৰ চাৰিটা বছৰৰ পিছত ব্যৱসায়ী জনৰ পত্নীৰ এক অচিন ৰোগত মৃত্যু হয়। যি ৰোগ অামাৰ অসমৰ কোনো এক্স ৰে, অাল্ট্ৰাচাউণ্ড অাৰু অান অান পৰীক্ষাতো ধৰা নপৰিল। মানুহজন এদিন দুখ মনেৰে সুৰাৰ বাৰত বহি থকা দেখি বন্ধু এজনে সান্তনা দি কয় “দুখ নকৰিবা বন্ধু Chiness মালৰ কোনো গেৰাণ্টি নাথাকে। চাৰি বছৰ যে টিকিল, বহুত দিন গল কপাল

Read more

শীত আহে লাহে লাহে – অনিমা দাস

শীত আহে লাহে লাহে বছৰে বছৰে এপাহি দুপাহিকৈ দোকমোকালিতে শেৱালি সৰে। আঘোণ অহাই নাই আহিনতে এইবাৰ তামবৰণীয়া হ’ল ধাননি পথাৰ৷ চেঁচা বতাহত হালে জালে আধাপকা ধানৰ ঠোঁক৷ পথাৰৰো যে কিমান ৰং সেউজী, সোণালী— দুপৰৰ কোমল ৰ’দ, নীলা আকাশ আবেলি ধুলিৰে ধূসৰিত ছাইবৰণৰ এখন পৃথিৱী৷ সন্ধিয়া আঁহতৰ লঠঙা ডালত ফেঁচাৰ কুৰুলি। ☆★☆★☆

Read more

অভিনয় আৰু ট্ৰেজেদি – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

জালুকবাৰীত পঢ়ি থাকোঁতে আমি ছজন হোষ্টেলীয়াৰ মনত এবাৰ একেসুৰৰ অনুৰণন বাজিল৷ ‘কলেজ-উইক’ৰ নাট প্ৰতিযোগিতাত ভাগ লৈ আমাৰ অভিনয় দক্ষতাৰে আকাশ-বতাহ কঁপাই দিয়াৰ তীব্ৰাকাংক্ষাই আমাক ব্যাকুল কৰি তুলিলে৷ কথাতেই কয়- মন গ’লেই চন, বাকৰি মাটিতেই ধন৷ আমিও আমাৰ ইপ্সিত লক্ষ পূৰণাৰ্থে চিধাই গৈ স্বনামধন্য নাট্যকাৰ, পৰিচালক নৰেন পাটগিৰিৰ ঘৰ ওলালোঁগৈ৷ আমাৰ ভিতৰত লুকাই থকা একো-একোজন ‘চাৰ্লি চেপলিন’ৰ উমান পায়েই হওক বা আমাৰ উৎসাহ দেখিয়েই হওক তেখেত নাটক শিকাবলৈ আমাৰ হোষ্টেললৈ আহিবলৈ সন্মত হ’ল৷ কলেজ উইকলৈ বুলি কম দিন থকা সময়তহে এনে

Read more

সাধনাৰ বিকল্প নাই – ডা° অঞ্জনজ্যোতি চৌধুৰী

সপোনত কাহানিও ভবা নাছিলোঁ যে মোৰ গান শুনি মহাবিদ্যালয় এখনৰ কেইবাশও ছাত্ৰ ছাত্ৰীয়ে বহা আসনৰ পৰা উঠি মোৰ সৈতে একেলগে গান গাবলৈ ল’ব। নগাঁও পুৰণিগুদামৰ ড° বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ নবাগত আদৰণী সভালৈ বিশিষ্ট অতিথিৰূপে গৈছিলোঁ। ভাষণৰ মাজতে এটা ভূপেন্দ্ৰ সংগীত গালোঁ। ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকা সকলৰ অনুৰোধত এটাৰ পিছত এটাকৈ পাঁচটা গান গাব লগা হ’ল। ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰুসকলেও গান গাওঁতে মোৰ লগত সহযোগ কৰা বাবে উলাহে হিয়া নধৰা অৱস্থা হ’ল। মন প্ৰাণ শাত পৰি গ’ল। সেইদিনা সভাৰ শেষত এটা

Read more

আকাশীযানেৰে ভ্ৰমণ – কমলা দাস

২০০৪ চনৰ কথা৷ মোৰ প্ৰথম আকাশীযানেৰে ভ্ৰমণ। সেইটো চনত মই National Micro Entrepreneur Award লাভ কৰিছিলোঁ। চৰকাৰে এৱাৰ্ডটো আনিবলৈ দিল্লীলৈ মাতিলে৷ লগতে থকা-খোৱা পাঁচ তাৰকা হোটেল আৰু অহা-যোৱা আকাশীযানৰ সুবিধাৰ সৈতে। জীৱনত প্ৰথম বাৰ আকাশীযানেৰে ভ্ৰমণ, তাকো অকলে অকলে। ভয় ভয় ভাবেৰে (যদিও লোকক দেখুওৱা নাছিলোঁ) বৰঝাৰ বিমানবন্দৰলৈ গৈ, সকলো ফৰ্মেলিটি পাৰ হৈ কোনোমতে প্লেনত বহিলোঁগৈ। গপচত বহি আছোঁ। চৰকাৰী খৰচত গৈছোঁ বুলি অহং ভাৱ এটাও মনলৈ আহিছে। যিহেতু চৰকাৰৰ আলহী হৈ আহিছোঁ গতিকে প্লেনত মোক যি যি লাগে সকলো

Read more

পাশ্চাত্যৰ ইংৰাজী ভাষাৰ বোলছবি “The Shape Of Water” ৰ এটি পৰিচয়মূলক টোকা – বিকাশ দত্ত

প্ৰেম কেনেকুৱা আমি আছলতে কোনেও ভালদৰে নাজানো। প্ৰেমৰ সংজ্ঞাও বিভিন্ন। তথাপি গভীৰভাৱে চাবলৈ গ’লে প্ৰকৃততে প্ৰেমৰ সংজ্ঞা এটাই কিন্তু ধৰণ বেলেগ বেলেগ। যিদৰে সপ্তস্বৰৰ সাতোটাৰেই সুৰ তাল বেলেগ বেলেগ কিন্তু একেলগে শ্ৰুতিমধুৰ, তেনেদৰেই প্ৰেমৰ সংজ্ঞা বেলেগ বেলেগ হ’লেও প্ৰেম মানে আচলতে আৱেগ, অনুভূতি। সেই কথাটোৰ ওপৰতেই আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ ৷ ২০১৭ বৰ্ষত যেতিয়া “The Shape Of Water” য়ে মুক্তিলাভ কৰিছিল তেতিয়া হয়তো কোনেও ভবা নাছিল যে ছবিখনে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ লাভ কৰিব। কাৰণ Three Billboards Outside Ebbing Missouri, Darkest

Read more

নাস্তিক – খনিন্দ্ৰ ভূষণ মহন্ত

শোৱাপাটিতে চকু মেলিয়েই মোবাইলটোত চকু ফুৰোৱাতো অভ্যাসত পৰিণত হোৱাৰ দৰেই হৈছেগৈ। সেইদিনাও তাৰ হেৰ-ফেৰ নহ’ল। উঠিয়েই দেখোঁ খঞ্জনৰ চাৰিটা মিচডকল। কোনো দিন ৯ বজাৰ আগত ‘গুড মর্ণিং’ নোহোৱা আমাৰ গেঙৰ মুকুটবিহীন কুম্ভকর্ণ খিতাপ জয়ীৰ পৰা পুৱা ৬ বজাতেই মিচডকল পাই মই চিন্তাত নপৰাকৈ থাকোঁ কেনেকৈ! মনত সংসাৰৰ বিভিন্ন বেয়া চিন্তাবোৰে আহি জুমুৰি দি ধৰিলেহি। ভয়ে ভয়ে তাৰ নম্বৰত ‘কল বেক’ কৰিলোঁ। “মুন্নী বদনাম হুয়ি ডার্লিং তেৰে লিয়ে……” কলাৰ-টিউনটো টেং-টেঙাই বাজি উঠিল। চলমান খানৰ বিচনী সন্থাৰ সভাপতি বুলি নিজকে জহাই ভালপোৱা

Read more

ভদ্ৰদাৰ me too – বিদ্যুত বিকাশ দত্ত

ন বছৰৰ আগতে পাইছিলোঁ সীতাৰমণক। সুন্দৰ সীতাৰমণ। মানে সুন্দৰ সচিদানন্দ ঔমপ্ৰকাশ সীতাৰমণ। আৰু আছে নামটোৰ লগত কিবাকিবি। মই পাহৰি যাওঁ। থোৰি মোৰ দৰকাৰ পৰিছে তাৰ পৰিয়াল, পৰিপুৰুষৰ নাম পুৰাকৈ মনত ৰাখিবলৈ! গতিকে তাক আমি সীতাৰমণ বুলি মাতিছিলোঁ। কোনোবাই “চুন্দৰো” বুলিছিল। সুন্দৰ তামিলনাডুৰ মানুহ। কিন্তু বৈশিষ্টটো হ’ল সি পাৰফেক্ট হিন্দী ক’ব পাৰে। আৰ্যাৱৰ্তৰ মানুহে দক্ষিণ ভাৰতীয় সকলৰ ক’লা ৰঙৰ বাবে হীন চকুৰে চায়। কিন্তু সুন্দৰৰ হৃদয়খন সুন্দৰ। মানুহটো নিখুঁট মেকানিক। মাৰুতি গাড়ীৰ আৱাজ শুনিলেই সি ক’ব পাৰে গৰবৰ ক’ত? যি কি

Read more

দাস্তান-এ-ফটা মোহব্বত – ডলী তালুকদাৰ

“পাহাৰ বগাই বগাই চেনিমাই কপৌফুল আনিছোঁ”- এই বিহুফাকি যে আমাৰ পূৰ্বপুৰুষ সকলে কেৱল গীত হিচাপে গোৱা নাছিল, সঁচাকৈয়ে প্ৰেমত পৰিলে মানুহে যে পাহাৰ ,নদী সকলো হেলাৰঙে পাৰ হৈ যাব পাৰে, তাৰ প্ৰমাণ মই নিজ চকুৰে দেখিলোঁ। চনটো ২০০৬ মান হ’ব। মাজু পেহীৰ ঘৰলৈ গৈছোঁ নলবাৰীলৈ। সেইবাৰ বেচ কিছুদিন থকাকৈ গৈছোঁ। মাজু পেহীৰ চাৰিটা ল’ৰা, ছোৱালী নাই৷ সেইকাৰণে সেইখন ঘৰত মোৰ আদৰ-আব্দাৰ বহুত বেছি৷ চাৰিওটা ভাইটিয়ে অনবৰতে পিছে পিছে লাগিয়ে থাকে৷ বিশেষকৈ পেহীৰ ডাঙৰ ল’ৰা ধন মোতকৈ দুবছৰ মান সৰু যদিও

Read more

এপাত চেণ্ডেল – মৃদুলা গগৈ

জাগীৰোডত পাঁচ মিনিট মান ৰ’লেই প্ৰায়েই শিৱসাগৰলৈ যাবলৈ গাড়ী পাই যাওঁ। মানে ভালকৈ বহি যাবলৈ পোৱা গাড়ী। সেইদিনানো কাৰ মুখ দেখি আহিলোঁ নাজানো। নাই, ঘণ্টা পাৰ হ’ল ছীট থকা গাড়ী নাই। হাত দাঙি দাঙি ভাগৰি গৈছোঁ। যিমানে সময়বোৰ পাৰ হৈছে মোৰো সিমানে চাটি-ফুটি লাগিছে। বাৰটা বাজিবৰে হ’ল। অকল ঘৰলৈ গৈ পালেই হ’ল বুলিলেও একো নাছিল। মই গৈ পাবগৈ লাগিব এখন বিয়া, তাকো দৰাই কইনা আনিবলৈ যোৱাৰ আগত। একে ঠাইতে ৰৈ থাকিব পৰা নাই যি গাড়ী দেখিছোঁ তাতে হাত দাঙিছোঁ। ভুলতে

Read more
1 15 16 17 18 19 115