ফটাঢোল

কৃষ্ণ-লীলা: ভাস্কৰজ্যোতি আচাৰ্য

(১) এখন গাঁৱত বাস কৰিছিল এজন পুথি পঢ়া বুঢ়া। হিন্দী বুজি নেপাই বেচেৰাই আহিল আৰ্মী কাঢ়া।। (২) এদিন বুঢ়াই পুথি পঢ়ি আহি ঘূৰিছিল ঘৰলৈ বুলি। বাটতে সি আৰ্মী দেখা পাই ক’লে ৰাম ৰাম বুলি।। (৩) আৰ্মীবিলাকে ঘেৰাও কৰি তাক সুধিলে অপৰাধীৰ নাম। বুঢ়াই ভয়তে পঢ়ি গ’ল তাৰ ‘কৃষ্ণ-লীলা’ ধুম-ধাম (৪) “গোপাল-গোৱিন্দ মোহন মধু ভগৱান শ্যামকানু। এৰি থৈয়া তাহাৰ সংগ ধেনু বাজায় মোহন বেণু।।” (৫) এটা আৰ্মীয়ে ক’লে এচিষ্টেণ্টক নোট কৰ নামকেইটা। সিহঁতো আছিল বেঙেৰা ভাই নুবুজে অসমীয়া ভাষা।। (৬) এইবাৰ

Read more

তীৰ্থ যাত্ৰাত হেৰালে – সৌৰভ শৰ্মা

কিছু দিন আগতে মধ্য অসমৰ পৰা এটা গোট তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল। এই গোটৰ এগৰাকী মহিলাই মাতা বৈষ্ণদেৱী মন্দিৰত পূজা শেষ কৰিছেহে মাত্ৰ। তেনেতে পূজাৰীয়ে ক’লে। আজি আপুনি ভালপোৱা যিকোনো এটা বস্তু ত্যাগ কৰক। যিটো বস্তু নিজৰ পতিদেৱক সুধিহে এৰিব লাগিব। মানে আপোনাৰ প্ৰিয় কিন্তু পতিয়ে বাচি দিব। মহিলা : ত্যাগ মানে কিয়া হে? পূজাৰী : মতলব কোয়ি এক প্যায়াৰা চিজ চোৰ দৌ, পতি কো পুচকে। মহিলা : মানে এৰিব লাগতা হে কিয়া? এনেতে সতীৰ্থ যাত্ৰী এজনে ক’লে। হয় ভালপোৱা

Read more

ট্ৰামখনত (মূল লিখক: ফ্ৰাঞ্জ কাফকা) – অনুবাদক: ৰাজশ্ৰী শৰ্মা

মই থিয় দি আছিলোঁ ট্ৰামখনৰ একেবাৰে শেষৰ পিনে চৌপাশৰ পৰিৱেশৰ পৰা সম্পূৰ্ণভাৱে উদাসীন হৈ। এই সুবিশাল পৃথিৱীত, এই চহৰখনত বা মোৰ নিজৰ পৰিয়ালতেই মোৰ প্ৰয়োজনেই বা’ কি তাকে লৈ মই একেবাৰে অনিশ্চিত আছিলো। কোনো এটা নিৰ্দিষ্ট দিশত আগবাঢ়ি যাবলৈও মোৰ কোনোধৰণৰ আগ্ৰহেই নাছিল। এক উদ্দেশ্যবিহীন যাত্ৰাৰ বাবেই যেন মই আগবাঢ়ি গৈ আছিলোঁ। ট্ৰামখনৰ এইখিনি জেগাত যে মই ওপৰৰ হাতলডালত ধৰি থিয় হৈ আছোঁ, তাতো কিন্তু মোৰ কোনো ধৰণৰ ইচ্ছা নাছিল। নিজকে এৰি দিছিলোঁ, ট্ৰামখন যলৈকে যায়, মোকো তালৈকে লৈ যাওক

Read more

খন্তেকীয়া বৰলাৰ লটিঘটি – অভিজিত মেধি

ছলমান (কাৰ বাপেকৰ কি আহে কি যায় ভংগীত): ইস্ক্ ছে আগে? কেটৰিনা (মুখখন পাতি হাঁহৰ নিচিনা কৰি): কুচ নাহী, কুচ নাহী… এইপিনে আমাৰ দৰে হলধৰ-বলধৰৰ কাৰ লোন, হোম লোন, পেট্ৰ’লৰ খৰচ, ইলেক্ট্রিচিটি বিল, খুলশালীৰ বিয়া আদিৰে পৰা গোপন খৰ-খজুৱতিলৈকে এশ এবুৰি সমস্যাই জুৰুলা কৰা জীৱন, তাৰ মাজতে এপলক মনোৰঞ্জনৰ বাবে টিভিটোৰ সমুখত বহি এই “কুচ নাহী, ফুচ নাহী” গান চাবলগীয়া হ’লে গান বনোৱাজনৰ মুখতে ঠোকোনা মাৰি দিবলৈ মন যায়। গোপন খৰ-খজুৱতিৰ কথাটো সাধাৰাণীকৰণ কৰিহে ক’লো, ছলমান-কেটৰিনাৰ নহ’লেও সাধাৰণ মানুহৰ হয়েই

Read more

কান্দোন: এটা ভৌতিক গল্প – দিগন্ত কুমাৰ ভট্টাচাৰ্য

শব্দটো পৰহি ৰাতি দহমান বজাত শ্ৰীমতীয়ে শুনিলে। আচলতে শব্দ নহয়, কেঁচুৱাৰ কান্দোন। শ্ৰীমতীৰ মতে অলপ অলপ সময়ৰ ব্যৱধানত পাঁচমিনিটমানৰ ভিতৰত তিনি-চাৰিবাৰমান হেনো কান্দিছিল কেঁচুৱা এটাই। ক’ৰপৰা আহিল কেঁচুৱা! : সঁচাকৈ কেঁচুৱাৰ কান্দোন নে? কনফাৰ্মড্ তুমি? নে মেকুৰীৰ চিঞৰ? – সুধিলোঁ এওঁক। : কি ফাল্টু কথা কোৱা হে? কেঁচুৱাই ‘আঁ’ বুলি চিঞৰ এটা মাৰিলেও বুজি পাওঁ সেয়া যে বাচ্ছাই চিঞৰিছে। দুটাকৈ ল’ৰা ডাঙৰ কৰিলোঁ নিজ হাতে। কথা সোধে। পৰহি আমাৰ ঘৰটোত প্ৰথম দিন আছিল, প্ৰথম ৰাতি আছিল। দিনটোৰ ব্যস্ততাৰ বাবে ন’মান

Read more

ধুনতী বাইৰ প্ৰেম – তৃষ্ণা টি. ভূঞা

কিছুমান মানুহ আছে, যিয়ে জীৱনত এনেদৰে সাঁচ বহুৱাই ৰাখে যে যিকোনো সময়ত তেওঁলোকৰ স্মৃতিয়ে আপোনাৰ মুখত এমোকোৰা হাঁহি বিলাব পাৰে৷ অমুকীৰ জীৱনৰ এনে এক প্ৰতিভাশালী ব্যক্তি হ’ল ধুনতী বাই৷ আচল নামটো নকওঁ দিয়ক৷ ইমান এক্টিভ তেখেত যে, চোচিয়েল মিডিয়াত তেখেতৰ চিক্ৰেট ফাদিল কৰাৰ কথা কিবা প্ৰকাৰে গম পালে ঔ কিলাব পাৰে অমুকীক৷ কথাটো সেই অমুকীয়ে শেঙুন থেপীয়া মুখখনৰ সৈতে দুডলীয়া বেণী গুঠি স্কুলত যোৱাৰ দিনৰে৷ ধুনতী বাই তেতিয়া চৈধ্য পোন্ধৰ বছৰীয়া লচপচীজনী আছিল৷ এতিয়াও তেৰাৰ জলৱা আমাৰ অঞ্চলৰ অলিয়ে গলিয়ে

Read more

অসমীয়াৰ সংহতি আৰু সমন্বয় ৰক্ষাত মুছলমানৰ অৱদান- ডা০ ভূপেন শইকীয়া

মোৰ দুজন ভাল বন্ধুৰ কথাৰে লিখনিটোৰ পাতনি মেলিব খুজিছোঁ৷ প্ৰগতিশীল চিন্তাধাৰৰ বাহক সেই যুৱক দুজন হ’ল গুৱাহাটীৰ আবিদ আজাদ আৰু শিৱসাগৰৰ ফৰিদ আহমেদ ‘দুল’৷ যাৰ আদৰ্শ হ’ল – “মোৰ জন্ম এনে এখন সমাজত য’ত সংকীৰ্ণ জাতিভেদ নাই৷ ঈদত নতুন কাপোৰ লওঁ, বিহুতো লওঁ, দুৰ্গা পূজাতো লওঁ৷ হোলীও পাতোঁ, দেৱালীও পাতোঁ৷ সদায় গৌৰৱৰে কওঁ -‘আমি অসমীয়া’৷ মোৰ জনম শংকৰ-আজান ফকিৰৰ পৱিত্ৰ মিলন ভূমি “অসমত” য’ত তিলমানো সাম্প্ৰদায়িকতাৰ স্থান নাই৷” ইয়াৰ পিছতেই নাম ল’ম মোৰ এসময়ৰ প্ৰতিবেশী (সদ্যপ্ৰয়াত) ডা০ গৈ আহমেদ শ্বেখৰ৷

Read more

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(দ্বিতীয় খণ্ড) দৃশ্যপট ২ ফটাঢোলৰ বিয়নি মেল চলি আছে। পুৰুষ ঢুলীয়াসকলৰ চকুৰ পৰা আঁৰ হৈ মহিলাসকলে মন খুলি কথা পাতিছে। ইয়াত মুখ লজ্জাৰ ভয় নাই, ভদ্ৰতাৰ মুখাখন খুলি সকলো উজাৰ খাই পৰিছে। পৰচৰ্চাকে আদি কৰি কাৰ লগত কোনে চেনী খাই আছে, কোনে ৰাতি ১ বজাত কাক মেছেজ দিয়ে, কোনে আগতে পিন্ধা কাপোৰযোৰকে পিন্ধি আহিছে, কাৰ চুলি ষ্ট্ৰেইট কৰাৰ কাৰণে “লাগিছে আৰু” আদিয়েই সাধাৰণতে এই মেলৰ মূল বিষয়বস্তু হ’লেও, আজিৰ সভাত প্ৰাধান্য পাইছে পণ্ডিত আৰু ফটাঢোলৰ ৰাইজৰ উদ্ধাৰৰ উপায়ে। পণ্ডিতৰ বিষয়ে

Read more
1 21 22 23 24 25 115