ফটাঢোল

চুপাৰমেনৰ বিলৈ – দেবজিৎ শৰ্মা

দাতাই দিলেও পত্নীয়ে নিদিয়ে (বিবাহিত বন্ধু এজনৰ অনুভৱেৰে ) হাতত কফি কাপটো লৈ দীঘল সোহা এটা মাৰি চুপাৰমেনে বেলকনিৰ পৰা দিগন্তলৈ দৃষ্টি দি সন্তুষ্টিৰ হাঁহি এটা বিৰিঙাই নিজৰ নতুন জীৱনটো সম্পৰ্কে পুনৰ এবাৰ ভাবিবলৈ আৰম্ভ কৰিলে৷ নাপাতোঁ নাপাতোঁ কৈ থাকি অৱশেষত বিবাহপাশত আবদ্ধ হ’ব লগা হ’ল৷ বে-চিজিল জীৱনটোৱে অলপ সঠিক পথেৰে গতি কৰক বুলিয়েই বন্ধু স্পাইদাৰমেন, ৰাকু দা, শক্তিমানহঁতৰ কথা পেলাব নোৱাৰি অৱশেষত ভাৰত প্ৰদেশৰ অসম ৰাজ্যৰে এজনী কন্যাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ এদিন আগতে আঠমঙলা খাই এতিয়া কফি একাপ

Read more

সেই নিশাটোৰ প্ৰেম কাহিনী- চুইটলেনা দাস

খুব সম্ভৱ এই কাহিনীটো ২০১১ চনৰ। তেতিয়া মই বি.এত নতুনকৈ এডমিছন লৈছোঁ। মোৰ বাক বিয়া দিয়া হৈছিল বোকাখাতলৈ। সেয়ে মাজে সময়ে বাৰ ঘৰলৈ মোৰ অহা যোৱা চলিয়েই থাকিছিল। বাৰ ঘৰত থকা সময়ৰে কথা। সিহঁতৰ ঘৰৰ ওচৰৰে বেংগলী সম্প্রদায়ৰ মানুহ এঘৰৰ ডাঙৰ পুতেকৰ বিয়া আছিল আৰু আমাৰ ঘৰতো নিমন্ত্ৰণ জনাইছিল। সেয়ে মইও বিয়া খাবলৈ গ’লো। দৰা ঘৰৰ সকলো মানুহে আমাক বৰযাত্ৰীৰ লগত যাবলৈ লগ ধৰিলে। আমিও মানুহঘৰৰ কথা পেলাব নোৱাৰি যাবলৈ সাজু হ’লো। কইনাৰ ঘৰ নগাঁৱত। সন্ধিয়া ৭ মান বজাত বৰযাত্ৰী

Read more

পৰিস্মীতা দাস: হাঁহি-কান্দোন

(১) উলহে-মালহে বৃদ্ধ পিতৃৰ পাতে ওপজা দিন মিডিয়াই কয় এই চেনেহ তেনেই উপমাহীন পুত্ৰৰ ওঁঠত গৌৰৱৰ হাঁহি পিতৃয়ে উচুপে গোপনে বহি আৰু এবছৰৰ বাবে যে পুত্ৰক দেখাৰ আশা ক্ষীণ ৷ (২) নব্বৈ শতাংশৰে কণমানিয়ে মাৰে সাফল্যৰ হাঁহি আনন্দৰে নাচি নাচি মাকক কয় আহি মাকৰ মনত দুখ ওফন্দি উঠে মুখ এশ শতাংশ পোৱাৰ সপোনটো গ’ল জহি-খহি ৷ (৩) দুখৰ দিনত সাহস দিয়ে কৰি আলিংগন সুখৰ দিনত দিব খোজে মিঠা পৰশন দেখুৱাই অতি আপোন তলে তলে দেখে সপোন কেতিয়ানো লুটিব পাৰিব আচলৰ

Read more

পদুমীৰ বিয়া – অনুৰূপ মহন্ত

(কাহিনীৰ পটভূমি ১৯৭০চনৰ) ঐ পদুমী, তোক আমাৰ মায়ে সোনকালে মাতি পঠাইছে। আহিবিচোন এপাক। বাৰীৰ ঢাপৰপৰা চিঞৰ ধৰা শেৱালিৰ মাতত পদুমী উচপ খাই উঠিল। সন্ধিয়াখননো ’বৰমাৰ বা’ কি কাম ওলাল! মনতে ভাবিলে পদুমীয়ে। ’গৈছো বুলি ক’বি যা বৰমাক।’ পদুমীয়ে এহাতে টিপ চাকিটো আৰু আনটো হাতেৰে সৰুজনী ভনীয়েক মালতীৰ হাতত ধৰি কাষৰ ঘৰৰ বৰমাৰ পাকঘৰ পালেগৈ। বৰমাকৰ ঘৰৰ ভিতৰলৈ সোমাই যাওঁতে চ’ৰা ঘৰৰ মাজেৰেই যাব লাগে। পদুমীয়ে মন কৰি গ’ল তাত কোনোবা দুজন আলহী বহি আছে। বৰমা, কিয় মাতিছিলে? আৰু কোন আলহী

Read more

এটা টপিকৰ সন্ধানত এদিন – হেমন্ত কাকতি

হয়, ঠিকেই শুনিছে, এটা টপিকৰ বাবে মোৰ মাথাটো বেয়া হৈ গ’ল৷ সম্পাদকৰ তাগিদা, এসপ্তাহৰ ভিতৰত লিখা এটা দিবই লাগে৷ মই ক’লো বোলো মোৰ মুড, প্লট, টপিক একো অহা নাই মূৰলৈ, মানুহটো হাজাৰটা সমস্যা লৈ কোনোমতে জীয়াই আছোঁ, কেনেকৈ আগবাঢ়িম বুজিব পৰা নাই৷ ৰাতিপুৱা উঠিয়েই চাকৰিলৈ যাবলৈ হয়, দিনটো গেবাৰী খাটি খাটি সন্ধিয়া ঘূৰি আহোঁ মানে দুখে-ভাগৰে “বেচাৰা, গম কা মাৰা” হৈ উভতি আহোঁ৷ পিছে সম্পাদকো নাছোৰবান্দা৷ দুই তিনিদিন ঘূৰোৱাৰ পিছত এদিন ‘আল্টিমেটাম’ আহি গ’ল, চেঁচা বেৰেটা পিষ্টল এটা কাণৰ তলত

Read more

নগা – গীতিকা শইকীয়া

ধাননি পথাৰখনৰ লগতে থকা গেজেপনি মৰা জংঘলখনত তাৰ অবাধ অহা-যোৱা। আবেলি বেলি লহিওৱাৰ আগতেই পথাৰখনত কাম কৰি থকা মানুহবোৰ ঘৰলৈ যাবলৈ লৰা-লৰি কৰে। কিন্তু সি পথাৰৰ কাম কৰি অঁতাই জংঘললৈ যায় আৰু আন্ধাৰ হোৱাৰ পিছতহে হাবিখনৰ পৰা ওলায়। উদং পথাৰখনত কাকো নেদেখিলে জপিয়াই জপিয়াই নাচি ফুৰে। ক’ৰবাত কাম কৰি অলপ দেৰিকৈ ঘৰলৈ যোৱা গাঁৱৰ এটা দুটা মানুহে তাক তেনেদৰে নাচি থকা দেখিলে ভূতে পালে বুলি আটাহ পাৰি গাঁৱলৈ দৌৰি যোৱা চাই সি খেকখেকাই হাঁহে। তেনেকৈ কওঁতে কওঁতে তাক সকলোৱেই ভূতে

Read more

“দেৱাঃ না জানন্তি কুতো মনুষ্যাঃ” – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

দুদিনমানৰ পৰা বৰষুণ দি আছে৷ বতৰৰ এই বতৰা দেখি শ্ৰীমতীৰ ভীষণ অশান্তি, “উস্‌ এই আপদীয়া বৰষুণজাক যেন নেৰিবই আৰু! একো এডাল মনৰ মতন কৰিবও নোৱাৰি, ক’ৰবালৈ যাওঁ বুলিলেও ভালদৰে সাজি-কাচি ওলাই যাব নোৱাৰি৷” অথচ দুদিনমান আগলৈ তেওঁ কৈ আছিল, “আৰু নোৱাৰোঁ দেই সহিব ইমান গৰম! তাতকৈ বৰষুণ দিয়া হ’লেই ভাল আছিল; তেহে যদি গাটো অলপ শাঁত পৰিলহেঁতেন৷” প্ৰায়েই মোৰ এনে লাগে কিজানি অহৰহ অসন্তুষ্টিৰ কিবা এটা সুৰুঙা উলিয়াব পৰাটোৱেই এওঁলোকৰ অন্য এক ঐশ্বৰিক প্ৰদত্ত দুৰন্ত প্ৰতিভা৷ আনকি বহুদিন হামৰাও কাৰি

Read more

নগেন ককাইদেউৰ বাঘ চিকাৰ – উপেন শইকীয়া

গোলাঘাট জিলাৰ মেৰাপানী একেবাৰে ভিতৰোৱা অঞ্চল এটাত আজি কেইদিনমানৰ আগতে এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ গাঁৱৰ গৰু, মহ মাৰি খাই শেষ কৰিছিল৷ কেইবাজনো চিকাৰী বাঘটো ধৰাত বা মৰাত ব্যৰ্থ হৈছিল৷ চৰকাৰেও একো কৰিব পৰা নাছিল৷ মুঠৰ ওপৰত মেৰাপানীবাসী ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা৷ এটা চেপা উত্তেজনা বিৰাজ কৰিছিল সমগ্ৰ অঞ্চলটোত৷ মানুহো মৰিল দুটামান৷ কথাটো আমাৰ নগেন ককাইদেৱে বাতৰি চাই থাকোঁতে গম পালে৷ আৰু লগে লগে গৈ মেৰাপানী পালেগৈ৷ গাঁৱৰ মানুহ আৰু পুলিচৰ লগত কথা-বতৰা পাতি তেওঁ ক’লে’

Read more

মোৰ ফটাৰো ফটা প্ৰেম – হিয়া শৰ্মা

প্ৰেমনো নাহে কাৰ জীৱনলৈ! সকলোৱে এবাৰ হ’লেও প্ৰেমৰ পথত উজুটি খায়েই। মোৰো তেনেকৈ উজুটি খাইয়ে প্ৰেম ফাটি চিৰাচিৰ কিমানবাৰ যে হৈছিল তাৰ হিচাপ নাই। তেতিয়া মই ক্লাছ নাইনমানত পঢ়ি আছোঁ। মনটো পখিলা উৰাদি উৰিয়েই থাকে। তাতে আকৌ স্কুললৈ কাঢ়া ইস্ত্রি মাৰি মেখেলা-চাদৰ পিন্ধি যোৱাৰ কোব কি চাবা! এই উৰণীয়া মনটো যে ধৰি ৰখাৰ উপায় নাই। তেতিয়া আকৌ মোৰ সাধাৰণ মানুহবোৰ ভালেই নালাগে। চেলিব্রেটিবোৰকে ভাল পাওঁ‌। আজি যদি যতীনদাক ভাল লাগে, কাইলৈ আকৌ ৰবিদাক। দেখিবলৈ সিহঁতৰ নিচিনা যদি ল’ৰা দেখো, মোৰো

Read more

নক’লেও নোৱাৰোঁ ফটামুখ – পৰিস্মিতা বৰদলৈ

আনদিনাৰ দৰে আজিও মানুহজনী আহিল সেলেঙি বৈ যোৱাকৈ তামোল এখনি চোবাই চোবাই৷ আহিয়েই নিজে নিজেই বাৰাণ্ডাৰ বেৰতে আওঁজাই থোৱা পীৰাখন পাৰি লৈ বহি মোক মাত দিলে- “বোলো ন-ছোৱালী আছনে?” আচলতে বিয়াৰ একুৰি পাঁচবছৰ পাৰ হোৱা মই এতিয়া ন-ছোৱালী হৈ থকা নাই৷ কিন্তু তেখেতে সেই বিয়া হৈ অহাৰ দিন ধৰি আজি পৰ্যন্ত মোক আন নামেৰে মাতিয়েই নাপালে৷ মানুহজনীৰ নাম সৰলা৷ নামটোহে সৰলা, তেওঁৰ স্বভাৱ কিন্তু তাৰ একেবাৰে বিপৰীত৷ গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকৰে ঘৰৰ প্ৰতিটো গুপুত কথা তেওঁৰ নখদৰ্পনত৷ সেয়েহে মানুহে

Read more
1 27 28 29 30 31 115