ফটাঢোল

এটি সাধু কথা (মূল লেখক : মাৰ্ক টোৱেইন) – অনুবাদ: ৰাজশ্ৰী শৰ্মা

বহু দিনৰ আগতে এখন গাঁৱত এজন চিত্ৰকৰে এখন সৰু কিন্তু বৰ ধুনীয়া ছবি আঁকিলে। তেওঁ সেইখন দেৱালত কোণীয়াকৈ এনেভাৱে আঁৰিলে যাতে সন্মুখৰ দেৱালৰ আইনাত ছবিখন দেখা পোৱা যায়। তেওঁ ক’লে, “এনেকৈ দূৰত্বটো দুগুণ হ’ব আৰু ছবিখনো মসৃণ দেখা যাব আৰু সেইকাৰণে ছবিখন আচলতে যিমান ধুনীয়া তাতকৈ দুগুণ ধুনীয়া লাগিব।” চিত্ৰকৰজনৰ পোহনীয়া মেকুৰীজনীয়ে এই কথাটো ওচৰৰ হাবিখনৰ জন্তুবোৰক জনালে। হাবিখনৰ জন্তুবোৰে মেকুৰীজনীক বৰ সমীহ কৰিছিল। কাৰণ তাই আছিল শিক্ষিত, সভ্য, উচ্চ বংশজাত, অতি ভদ্ৰ আৰু বৰ চিক-চাক। এক কথাত ক’বলৈ গ’লে

Read more

লং ড্ৰাইভ – হেমন্ত কাকতি

গাড়ীখন কিনা দুবছৰমানহে হৈছিল৷ এতিয়াও মনত আছে প্ৰথম গাড়ী কিনি অনা দিনটো৷ মই গাড়ীখন ঘৰ সোমোৱাবলৈ অনাৰ লগে লগে এওঁ গেটতে ৰখাই সেন্দুৰৰ ৰঙা ফোঁট তিনিটা ইঞ্জিনত আৰু এটা মোৰ কপালত লগাই কাঁহী এখনত ধূপ-চাকি লৈ আদৰি আনিহে গেটত সোমুৱাবলৈ দিছিল৷ গাড়ীখনক কিমান যে মৰম কৰিছিলোঁ প্ৰথম কেইমাহ মান! মই সেইদিনাই বুজিছিলোঁ মোৰ ল’ৰাটোৰ নতুনকৈ কিনা হট উইলৰ গাড়ী কেইখন সি ৰাতি ৰাতি গাৰুৰ ওচৰত ৰাখি যে কিয় শোৱে৷ ময়ো ৰাতি এবাৰ উঠি আহি মোৰ মৰমৰ মাৰুতি ৮০০ গাড়ীখন দুচকু

Read more

নেতা আহে লাহে লাহে – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

গাঁওখনৰ সকলোৰে মুখত এটাই কথা, প্ৰস্তাৱটো চৰকাৰে যেতিয়ালৈকে মানি নলয় তেতিয়ালৈকে আন্দোলন চলি থাকিব। তিৰি মুনিহ, ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে ৰাতুলৰ এই প্ৰস্তাৱটোত সন্মতি জনাইছে যেতিয়া ৰৈ থকাৰ সময় নাই। অহাকালিৰ পৰাই কাৰ্য্যসূচী মতে সিহঁতৰ আন্দোলন পৰ্য্যায়ক্ৰমে আৰম্ভ হ’ব। ইতিমধ্যে ওচৰৰে কেইখনমান বেলেগ গাঁৱৰ পৰাও ৰাতুলহঁতে সন্মতি আদায় কৰিবলৈ সক্ষম হৈছে। ৰাতুল সিহঁতবোৰৰ প্ৰস্তাৱক তথা হ’বলগীয়া আন্দোলনবোৰৰ আহ্বায়ক, সম্পূৰ্ণ নাম ৰাতুল গোস্বামী। উদাত্ত ভাষণ দিব পৰা ক্ষমতাৰ বাবেই আজি ইমান গুৰুত্বপূৰ্ণ বাব এটা পাইছে। ৰাইজৰো আস্থা আদায় কৰিবলৈ সক্ষম হৈছে সি।

Read more

ফটাপ্ৰেম – ইন্দিমা বৰুৱা

দশম শ্ৰেণীত পঢ়ি থকাৰ কথা৷ সেই সময়ত হিন্দী চিনেমাৰ পৰম ভক্ত আৰু শ্বাহৰুখ খানৰ চিনেমা বুলিলে বলিয়া৷ ক’ৰবাত ভাল ল’ৰা দেখিলেও কোনটো হিৰ’ৰ লগত মিলে সেইটোহে ভাৱোঁ৷ এদিন মোৰ লগৰ একেবাৰে খাচ্ বান্ধৱী জনীলৈ হায়াৰ ছেকেণ্ডেৰী পঢ়া ল’ৰা এটাৰ প্ৰেম পত্ৰ আহিল৷ তাইতকৈ আমি দুজনীমান বেছি উৎসাহিত হ’লোঁ৷ আমি প্ৰায়ে দেখি থকা ল’ৰাটো আমাৰ স্কুলৰ মুখেদিয়েই চাইকেলত হায়াৰ ছেকেণ্ডেৰী স্কুললৈ যায়। তাই প্ৰথম নাই-নুই কৰিছিল যদিও আমি কেইজনীমানে তাইক চিঠিৰ উত্তৰ দিবলৈ জোৰ কৰিলোঁ৷ মই যে ল’ৰাটোক অজয় দেৱগণৰ লগত

Read more

ভতিজাৰ জন্মদিন – নৱকৃষ্ণ বৰুৱা

আপুনি বাৰু কেতিয়াবা কাৰোবাৰ ঘৰলৈ থকাকৈ গৈ মাজ নিশাই পলাই আহিছেনে? তাকো ক্ষুদ্ৰ জীৱ এটাৰ আক্ৰমণৰ বলি হৈ! নিশ্চয় সেই দুৰ্ভাগ্য হোৱা নাই? নহওক কোনো শত্ৰুৰো সেই দুৰৱস্থা| আচল কাহিনীটো কি হৈছিল কওঁ শুনক| মোৰ সম্পৰ্কীয় দাদা এজনৰ ঘৰলৈ গৈছিলোঁ, ভতিজাৰ জন্মদিন খাবলৈ| দাদাৰ ঘৰ আমাৰ ঘৰৰ পৰা গাড়ীৰে গ’লে তিনি ঘণ্টামানৰ বাট| চাইকেলেৰে ‘চৰ্টকাট’ মাৰিলে এঘণ্টামানহে লাগে| জন্মদিন দুপৰীয়াই হৈ গ’ল, মোৰ দোকানৰ কাম থকাত ৰাতিহে যোৱাটো সিদ্ধান্ত ল’লোঁ| তেতিয়া অৱশ্যে ফোন কাৰো ঘৰত নাছিল, সেই কাৰণে ৰাতি যাম

Read more

বাকী মানেই ফাঁকি – ৰিমঝিম বৰঠাকুৰ

“আজিৰপৰা দোকান বন্ধ দৌ। যেতিয়ালৈকে দোকানৰ বাকী নামাৰে তেতিয়ালৈকে দোকান বন্ধ থাকিব কৈ দিলোঁ”, এইবুলি চিঞৰি চিঞৰি বিমলে দোকানৰ বস্তু সামৰাত লাগিলে। বিমলৰ দেখোন আজি ৰূপেই বেলেগ, কোনোৱে একো ক’বই পৰা নাই। কোনোবাই কিবা ক’লেই বাটত শুই থকা কুকুৰৰ নেগুৰত খোজ পৰাৰ দৰে ঘেংকৈ উঠে। কোনোবা দুটামানে বুজাবলৈ আগবাঢ়িছিল যদিও তাৰ ৰুদ্ৰ মূৰ্ত্তি দেখি সেইফালেই তাপ মাৰিলে। এনেকুৱা সাংঘাতিক ৰূপ দেখি বহুত সময় হাতে হাতে মোনা লৈ বিমলৰ দোকানৰ সন্মুখত বোন্দাপৰ দি থকা গ্ৰাহককেইজনৰ এজন এজনকৈ নিজৰ ঘৰৰ ফালে বাট

Read more

অপহৰণ – অভিজিত মেধি

কাঁচৰ খিৰিকীখনৰ সিপাৰে বেলিটো লহিয়াবলৈ ধৰিছে, হেঙুলীয়া আকাশৰ বুকুত ডেউকা কোবাই ঘৰমুৱা হৈছে দূৰণিবটীয়া চৰাই জাকবোৰ। খিৰিকীৰ ইপাৰেও সকলোৱে ঘৰলৈ ওভতাৰ যো-জা চলাইছে, কিন্তু মোৰহে ৰাতিপুৱাৰে পৰা কৰি থকা কামটোৰ একো এটা গতি নলগাত সন্ধিয়া বেলালৈকে অফিচত বুঢ়া শগুণটোৰ দৰে বহি আছো। এটাৰ পিছত এটাকৈ এন্ধাৰৰ বোকোচাত উঠিবলৈ ধৰা কেবিনবোৰৰ মাজত মোৰ কেবিনটোৱে আৰম্ভ কৰিছে ব্যতিক্রমৰ এক বেসুৰা জয়গান। কেবিনটোৰ ভিতৰত এখন যুদ্ধ চলি আছে, সাঁথৰ এটাৰ লগত মোৰ অবিৰাম যুদ্ধ। সাঁথৰটো বেতাল সদৃশ এটা এক্সচেল ফাইলে ভুলতে মোক ৰজা

Read more

এক আগষ্টৰ লটিঘটি – ৰাস্না বৰা

এই আগষ্ট মাহটোৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত মোৰ এই লটিঘটিৰ কাহিনীটো। আপোনালোকে চাগে ভাবিছে সেইটো আকৌ কেনে কথা। তেন্তে কওঁ শুনকচোন। শুনি আকৌ নাহাঁহিব দেই বেঙী বুলি। সেইবাৰ মই মেট্ৰিক পাছ কৰি তেজপুৰ গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ চেকেণ্ডাৰীত এডমিচন লৈছোঁ। গা একদম সাত খন আঠখন হৈ আছে। গাঁৱৰ পৰা টাউনত পঢ়িবলৈ যাম। তেতিয়া আমি আকৌ চহৰলৈ বছৰত এদিন দুৰ্গা পূজাৰ কাপোৰ কিনিবলৈ দেউতাৰ লগত আৰু পূজাৰ দশমীৰ দিনা বিসৰ্জন চাবলৈ গৈছিলোঁ মা, বৰমা, আইতাহঁতৰ লগত ৰিক্সাত উঠি বা লাইন বাছত উঠি।

Read more

জীয়া মাছৰ জোল – বিজয় মহন্ত

“হেল্লো ৰাতুল, শুই উঠিলা যদি আমাৰ ঘৰলৈ আহি যোৱা। জিন্দা মাছ আনিছোঁ। “কুকুৰা ডাক মৰ্নিংঙতে ৰণজয় দাৰ ফোন। শোৱা পাটিৰ পৰা জাঁপ মাৰি উঠি গা ধুয়েই ৰণজয় দাৰ ঘৰলৈ বুলি বাইক ষ্টাৰ্ট দি ওলাই আহিলোঁ। এনেইতো অন্ধ্ৰপ্ৰদেশৰ ডেডবডি কেইটাৰেই কাম চলাই থাকোঁ তাকো এইকেইদিন পাবলৈ নাই। এনেকুৱা দিনত যদি কোনোবাই জীয়ামাছৰ কথা ৰাতিপুৱা শুই থাকোঁতেই কয় ৰৈ থাকিব পাৰিনে? ঘৰৰ পৰা আহি অলপ দূৰ পাইছোহি। ফোনটো বাজিল। বাইক ৰাখি চালোঁ ৰণজয় দাৰ ফোন। “তুমি আহিলাই নেকি?” “অ ওলাই আহিলোঁ অকণমান।”

Read more

কৌতুক – সৌৰভ শৰ্মা

এনে সত্য আছে যাক সততে ৰগৰ বুলি ভবা যায়৷ মোৰ চিনাকি এজনে কইনা চাবলৈ গৈছিলে লগত দুজন বন্ধু লৈ৷ তিনিজনেই ঘোৰ মদাহি৷ ছোৱালীৰ ঘৰত আপ্যায়নৰ পিছত ছোৱালীৰ মোমায়েকে বিবাহ প্ৰাৰ্থী তথা দুই সতীৰ্থৰ চাকৰিৰ আয় উৰ্পাজন সম্পৰ্কে বাৰ্তালাপ কৰি স্বভাৱ চৰিত্ৰৰ দিশত আগবাঢ়িছে৷ মোমায়েক: বোপা তোমালোকে মদ-পানী কিবা খো……… (বাকী বাক্য শেষ নৌহওঁতেই ) তিনি বন্ধু: সমস্বৰে ….. নাই নাই… নালাগে…. আহোঁতে বাটত খায়ে আহিছোঁ৷ (বিশ্বাস কৰক ৫০বছৰ মান বয়সত এজনে বিয়া পাতিলে , দুজন আজিও বৰলা ) ☆★☆★☆

Read more
1 37 38 39 40 41 115