ফটাঢোল

কণমইনা – মাধৱ লহকৰ

ঠাচ্ ঠাচ্! শ্ৰেণী কোঠাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে শব্দৰ উৎস বিছাৰি মূৰ দাঙি চালোঁ। দেখিলোঁ, দিবাকৰৰ গালত পৰীৰ দুটা পূৰ্ণহতীয়া চৰ। ৰ’ব এনেকৈ ক’লে একো বুজি নাপাব।প্ৰথমৰ পৰা কওঁ শুনক- তেতিয়া মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। পৰী মোৰ সহপাঠী আছিল। আমাৰ দুয়োজনৰ আগতে চিনাকি নাছিল। কাৰণ আমাৰ প্ৰাথমিক বিদ্যালয় বেলেগ আছিল আৰু আৰু পৰীৰ ঘৰ মোৰ ঘৰৰ পৰা দুই কি: মি: মান আঁতৰত আছিল। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে মই ইংৰাজীৰ টিউচন ল’লোঁ আৰু মই টিউচন লোৱা ছাৰজনৰ ওচৰতে পৰীয়েও টিউচন লৈছিল। আৰু

Read more

প্ৰিয়া মোৰ – প্ৰণীতা গোস্বামী বৰঠাকুৰ

বীৰেণ এইবাৰ বন্ধত গাঁৱৰ ঘৰলৈ গৈছিল। পথাৰত ৰোৱনীৰ হাঁহিৰ খিলখিলনি শুনি বীৰেণৰ কলিজাতো সুহুৰীৰ লহৰ উঠিল। মনৰ দাপোনত প্ৰেয়সীৰ ছবি আঁকি, বীৰেণৰ কাপেৰে নিগৰিল এটি ফটা প্ৰেমৰ কবিতা   পাবানে এধানিমান তুমি সুখৰ আলয় থ’বাচোন মোলৈও তাতে এখুদমান পোহৰ তোমাকেই সঁপিলোঁ মোৰ অভিমানী মন, সযতনে ৰাখিবা তুমি, নাই অকণো ভয়। তুমিয়েই মোৰ গীত তুমিয়েই মোৰ চিত তুমিয়েই মোৰ উশাহ তুমিয়েই মোৰ আকাশ—- তুমিয়েই মোৰ ভাষ্য তুমিয়েই মোৰ ভাগ্য তুমিয়েই মোৰ বাঁহী তুমিয়েই মোৰ হাঁহি—- তুমিয়েই মোৰ সুৰৰ লহৰ তুমিয়েই মোৰ

Read more

সংৰক্ষণ – সোণটো ৰঞ্জন বৰুৱা

“আজিকালি তোমাৰেই দিন আৰু৷ মানুহে আজিকালি তোমাৰ বাবে মানুহ মাৰি দিবলৈও কুণ্ঠাবোধ নকৰে” বাছৰ বাবে ৰৈ থকা ছোৱালীজনীয়ে পথাচাৰীয়ে তাইৰ শৰীৰত দিয়া লোলুপ দৃষ্টিৰ অস্বস্তিক আঁতৰাবলৈ কাষৰ ডাষ্টবিনত জাবৰ খুচৰি থকা গাইজনীৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। “তাতে নো কি হ’ল? তোমালোক ছোৱালীবোৰৰ আমাৰ গাইবোৰৰ ওপৰত ইমান জ্বলন কিয় হৈছে? সকলোৰে ভাল দিন আহে বুজিছা। জন্তু হ’ব পাৰোঁ, পলমকৈ হ’লেও আহিছে ভাল দিন।” সেই গাইজনীয়ে নিজৰ তথাকথিত বৰ্তমানক লৈ গৰ্বৰে উত্তৰ দিলে। “জ্বলন কিয় হ’ব, এনেয়ে সুধিলোঁ আৰু। কেতিয়াবা কেতিয়াবাতো

Read more

কথোপকথন – অৰ্চনা কলিতা

১ম বন্ধু- আমাক যে আনিবৰ পৰত ইম্মান সুন্দৰ আবৰণেৰে সজাই আনে! অথচ আবৰণ খোলাৰ পাছতেই কি যে বিৰম্বনা কৰে ঐ৷ ২য় বন্ধু- ঠিকেই কৈছা দোস্ত৷ কাইলৈ-পৰহিলৈ যেতিয়া গিৰিহঁতে আবৰণ খুলি আমাক দেখিব কেনেকুৱা যে পেংলাই কৰিব! ৩য় বন্ধু- ইস্ থোৱা হে গিৰিহঁতৰ পেংলাই, আকৌ নতুনকৈ আবৰণ পিন্ধাই তেঁৱো আমাক অইন এঘৰলৈ নপঠিয়াই নে? ৪ৰ্থ বন্ধু- দুখেই লাগে অ’, গিৰিহঁতে আবৰণখন খুলিয়েই যেতিয়া সেয়া আমি বুলি গম পায়, আমাক কঢ়িয়াই অনা মানুহজনক দিয়া গুৱাল-গালিবোৰ শুনি দুখ-লাজ একাকাৰ হৈ যায়৷ ৫ম বন্ধু-

Read more

অক্সফৰ্ড – নিৰ্মালী বৰমূদৈ

হেডলাইন দেখি নাভাবিব যে মই সেই বিশেষ অক্সফৰ্ড ইউনিভাৰচিটি বা অক্সফৰ্ড ডিক্সনেৰীৰ বিষয়ে কবলৈ ওলাইছোঁ বুলি। এইয়া মোৰ এক দুখৰ লটিঘটি অভিজ্ঞতাৰ কথা লিখিবলৈ ওলাইছোঁ। এইবাৰ গৰম বন্ধ উদযাপন কৰাৰ মানসেৰে পৰিয়ালৰ আটাইকেইটা ল’ৰা ছোৱালী (ককাই ভনী সমন্বিতে) চিকিমলৈ ফুৰিবলৈ গৈছিলোঁ। ৫ দিনীয়া ভ্ৰমণটোৰ অহাৰ আগদিনাৰ ঘটনা এয়া- আমি থকা হোটেলখন বহুত ওপৰত। একা-বেঁকা ৰাস্তাৰে উঠি হোটেলৰ ৰূম পাওঁ মানে অক্সিজেন কমি গৈ ১০% মানহে থাকেগৈ। সেইদিনা বজাৰ কৰি ওপৰলৈ উঠিবলৈ লৈছোঁ ঠিক তেনেকুৱাতে দাদাই ক’লে যে হোটেললৈ যোৱা চৰ্টকাট

Read more

বেবেৰিবাং – অংশুমান শইকীয়া

ফেচবুকত টেগাৰু অকবি সকলৰ অত্যাচাৰত পৰম অতিষ্ঠ হৈ দত্ত দাই ভাবিলে ইহঁতক এতিয়াই নাকী নলগালে পিছলৈ পৰিস্থিতি আউট অৱ কন্ট্ৰল হৈ যাব। গতিকে মাষ্টাৰ প্লেন এটা বনাই দত্ত দাই ছদ্মৰূপ ধাৰণ কৰি ৰৰ এজেন্টৰ দৰে অকবিৰ মাজত সোমাই পৰিল। দত্তদাকো সোনকালেই অকবি সকলে আদৰি ল’লে। মাষ্টাৰ প্লেনৰ অংশৰূপে দত্ত দাই এদিন অকবি সকলক এটা প্ৰস্তাৱ আগবঢ়ালে – “বন্ধু সকল একতাই পৰম বল, গতিকে আভি অকবিসকলো সংগঠিত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ”। সকলোৱে কথাটোত হয়ভৰ দিয়াত দত্তদাই আগভাগ লৈ লৰালৰিকৈ এটা ৱাটচআপ গ্ৰুপ

Read more

ফটাপ্ৰেম – প্ৰিয়ংকা হাজৰিকা

কেচটো মানে 2009 চনৰে। তেতিয়া মই ডিগ্ৰী ছেকেণ্ড ইয়েৰত পঢ়ি আছোঁ, হোষ্টেলত থাকোঁ। হোষ্টেলত আমি দুজনীমানৰ বাহিৰে বেছিখিনিৰেই বয়ফ্ৰেণ্ড আছে। প্ৰাইভেট হোষ্টেল হোৱা বাবে মোবাইল ফোন ৰখাত আপত্তি নাছিল আৰু এই সুযোগটো বয়ফ্ৰেণ্ড থকাসকলে ভালদৰেই উঠাইছিল। মোৰ ৰূমমেটজনীৰ কাণতো কলেজৰ বাদে বাকী সকলো সময়তে ফোনটো ফিক্স হৈয়ে থাকিছিল। সেয়ে আবেলি সময়খিনিত প্ৰায়ে আমাৰ বয়ফ্ৰেণ্ড নথকা কেইজনীৰ হোষ্টেলৰ ছাদৰ ওপৰত আড্ডা চলিছিল। আমাৰ হোষ্টেলৰ সন্মুখতে ৰাষ্টাৰ সিটো পাৰে আইন কলেজ, আইন কলেজৰ কাষতে ডাঙৰ ফিল্ড এখন আৰু তাৰ কাষেদিয়েই অলপমান গ’লেই

Read more

চাৰ্টিফিকেট – আদিত্যজ্যোতি বৰঠাকুৰ

আজি দিনটো তাৰ মনটো কিবা উগুল-থুগুল লাগি আছে৷ আচলতে যোৱা কেইদিনমানৰ পৰা সি সাংঘাতিক মানসিক অশান্তিত কটাইছে৷ বৰ অদ্ভুত ধৰণৰ ঘটনাবোৰ ঘটা যেন লাগি আছে তাৰ৷ বৰ অদ্ভুত ধৰণৰ সপোনবোৰ দেখি আছে আজি কেইদিনমানৰ পৰা সি৷ প্ৰায় এসপ্তাহতকৈ বেছি দিন কৰ্মৰ তাড়নাত ঢপলিয়াই ফুৰি আজি মনটো ভাল লাগক বুলি, লগতে পৰিয়ালকো সময় দিয়া হ’ব বুলি আজি সি ঘৰৰ সকলোকে লগত লৈ চহৰৰ দাঁতিকাষৰীয়া “ৰিজ’ৰ্ট”খনলৈ ওলাই আহিছে৷ ঘৰৰ পৰা ওলায়েই তাৰ গাড়ীৰ আগেৰে মেকুৰী এটা পাৰ হৈ যোৱাত তাৰ মূৰটোৱেই গৰম

Read more

কৌতুক – শিল্পাশ্ৰী দাস

শিক্ষক : কচোন টিলৌ, সংগীত বুলিলে কি বুজ ? টিলৌ : ছাৰ, আমাৰ লগৰ সংগীতাৰ ভায়েকটোৰ নাম সংগীত । শিক্ষক : মূৰ্খ এয়াহে শিকিছ…. অ এইবাৰ ক, অসমৰ ৰাজধানী ক’ত আছে ? টিলৌ : গুৱাহাটী আৰু ডিব্ৰুগড় ৰেলৱে ষ্টেচনত ছাৰ। শিক্ষক : গৰু তোৰ মূৰটো… শেষ প্ৰশ্ন সুধিম। ভালকৈ উত্তৰ দিবি। নহ’লে পিঠি ফালিম আজি। অসমত বানপানী মূলতঃ কি কাৰণত হয়? টিলৌ : আমেৰিকা, ইংলেণ্ড, চীন সকলোতে বানপানী হয়, অসমত নহ’বনে ছাৰ? ☆★☆★☆

Read more
1 38 39 40 41 42 115