ফটাঢোল

ছাঁ – বৈদুৰ্য বৰুৱা

এই কেইদিন যি অসহ্য গৰম পৰিছে! উঃ! তাক আৰু নতুনকৈ কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই। আকাশ, বতাহ সকলো গৰম। প্ৰখৰ ৰ’দৰ উত্তাপত সকলো জীৱন্ত প্ৰাণী বাদেই গছ বিৰিখেও ত্ৰাহি মধুসূদন দেখি গৈছে। উৎকট গৰমত থাকিব নোৱাৰি নিশা অলপ বাহিৰলৈ ওলাই আহিছিলো। হয়তো নিশা চাৰে নমান হৈছিল। ভাবিলো আধাঘণ্টামান ফুৰি ভাত খাই শুমগৈ আৰু। ঘৰৰপৰা যিহেতু পাৰ্কখন বেচি দূৰ নহয়, সেইকাৰণে যিকোনো সময়তে পাৰ্কখনলৈ গৈ অলপ মুকলি শীতল বতাহ সেৱন কৰিবলৈ মোৰ এটা সুবিধা আছে। আৰু কেৱল ময়েই নহয়। বিশেষকৈ গৰমকালি

Read more

হৃদয় মোৰ এক যুদ্ধকক্ষ –ভাস্কৰ জ্যোতি বৰুৱা

চাহপাত ঢলাৰ ঠিক আগমুহূৰ্তটোত ষ্টো’ভৰ ওপৰত থকা পানীখিনিৰ দৰে মগজটো বকবককৈ উতলি উঠিল। হেৰৌ, আজি ডেৰ বছৰেও পাহৰিব পৰা নাইনে? আকৌ এই আক্ৰমণ যে! শান্তিৰ বাবে কৰা উপেক্ষাক বহুতে দুৰ্বলতা বুলিয়েই ভাৱে। শুভাকাংক্ষী (যুদ্ধাকাংক্ষী?)ৰ মো’বাইলেৰে বাগৰি অহা স্ক্ৰীণ শ্বটটো আকৌ এবাৰ পঢ়িলো। হঠাৎ মোৰ ভয় লাগি গ’ল নিজৰ খঙটোৰ উমান পায়। মনত পেলাবলৈ যত্ন কৰিলোঁ –  আজি ৰাতিপুৱা প্ৰেছাৰৰ দৰৱটো খালো নে নাই। খাইছোঁতো,  মনত পৰিল। এইবাৰ এটা সুৰক্ষা বেষ্টনীৰ মাজত থকা যেন অনুভৱ হ’ল। তেতিয়াহ’লে এটা সীমালৈকে খং খাব

Read more

“মুকলি চিঠি”ৰ এটি প্ৰবন্ধ– ড° লীলা গগৈ

মিছা! মিছা! মিছা! মিছা! মিছা!! মিছা!!! সকলো মিছা৷ মাছ মিছা, কথা মিছা, আইন মিছা, কানুন মিছা৷ খালত মিছা, বামত মিছা, দামত মিছা, বামত মিছা, বিলত মিছা, শিলত মিছা, মিলত মিছা, কিলত মিছা৷ মুঠতে ‘আনে যি আন দিয়ে, মিছা মাছেও বান দিয়ে৷’ তাহানি ফিৰিঙি চাহাবৰ দিনৰে পৰা যিমান আইন-কানুন, ৰীতি-নীতি, বিধি-বুধি, উপবিধি-অপবিধি ওলাল, সেইবোৰৰ এতিয়া গুণ নাইকিয়া হ’ল, নেফাপে৷ এতিয়া মিছাই সঁচা নকৰিলে, কোনেও তাৰোঁতা নাই- চাৰিওপিনে মাৰোঁতাহে মাৰোঁতা৷ হাতত টাঙোন, কান্ধত বন্দুক, পিঠিত কন্দুৱা গেছৰ কান্দনি কলাই ভাৰ৷ ভৰিত বুট,

Read more

প্ৰথম স্মাগলাৰ (মূল-হৰিশংকৰ পৰচ্ছাই) – অনুবাদ:পৰিস্মীতা গগৈ

মেঘনাথৰ আক্ৰমণত লক্ষ্মণ আহত হৈ পৰি আছিল। তেওঁক বচাবৰ নিমিত্তে হনুমানে হিমাচল প্ৰদেশৰ পৰা সঞ্জীৱনী ঔষধ লৈ ঘূৰি আহোঁতেই অযোধ্যাৰ চোৰাংচোৱাই আটক কৰিলে। কিন্তু আটক কৰা সেনাবোৰক তেওঁ‌ বগৰাই বগৰাই পিটিলে। লগে লগে ৰাজধানীত হাহাকাৰ লাগিল। বৰ শক্তিশালী স্মাগলাৰ এটাৰ সন্মুখত অযোধ্যাৰ সৈন্যই টিকিব নোৱাৰা খবৰে মানুহবোৰক উতপ্ত কৰি পেলালে। অলপ পিছতে তালৈ ভৰত আৰু শত্ৰুঘ্ন দৌৰি আহিল। হনুমানে আৰাধ্য পুৰুষ ৰামচন্দ্ৰৰ ভায়েকহঁ‌তক দেখিহে শান্ত হ’ল। শত্ৰুঘ্নই ক’লে, “এই স্মগলাৰবোৰে অশান্তি কৰি ৰাখিছে। দাদা, আপুনিতো সন্যাসলৈ আৰামত আছে। মইহে এইবোৰ

Read more

অভিনৱদাদাৰ ফটাপ্ৰেম আৰু মই – পৰী পাৰবীন

হওঁতে অভিনৱদাদা মোতকৈ পাঁচবছৰৰ ডাঙৰ। কিন্তু অভিনৱদাদাই মোক কিবা লগৰ যেনহে ভাবিছিল। মই যেতিয়া পঞ্চমমানত আছিলো, তেতিয়াও মই দাদাৰ খেলৰ লগৰী। মই যেতিয়া অষ্টমমানলৈ উঠিলো, তেতিয়াও, মই যেতিয়া হায়াৰ চেকেণ্ডেৰী পঢ়িবলৈ ল’লো, তেতিয়াও দাদাৰ সৈতে মোৰ বেচ সনাপিতিকা। গতিকে দাদাৰ সমূহ প্ৰেমৰ ডায়েৰী এই যোগ্য ভনীয়েকৰ বেষ্টনীত সুৰক্ষিত। এইখিনিতে অভিনৱদাৰ চিনাকিটো অলপ দি লওঁ। অভিনৱদা মোৰ শৈশৱৰ ঘৰখনৰ প্ৰতিবেশী যদিও আমাৰ দুয়োঘৰৰ মাজত ইমানেই মিল আছিল যে, একেখন চোতালতে আমি নেওতা আওৰাওঁ, বুঢ়ী আইৰ সাধু পঢ়োঁ‌ নতুবা লুডু, কেৰমৰ প্ৰতিযোগিতা

Read more

বিভিন্নজনৰ একলম-ধ্ৰুৱজ্যোতি অৰ্জুন

আকস্মিকভাৱেই ফটাঢোললৈ আহিছিলো। আজি ফটাঢোলৰ সদস্যসকল যেন মোৰ নিজা পৰিয়াল। ‘ফটাঢোল’ আলোচনীখন গোটটোৰ সমূহীয়া ঐকান্তিকতাৰ ফচল। বেজবৰুৱাৰ কলম থমাৰ লগে লগেই স্তিমিত হৈ পৰিছিল অসমীয়া ব্যঙ্গ সাহিত্যৰ ধাৰা। ক’ব পাৰি এই ধাৰাত অসমীয়া সাহিত্য দুখলগাকৈ নিশকতীয়া। মাজতে বহুকেইখন আলোচনীয়ে এই ধাৰাটোক পুনৰুজ্জীৱিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সিও এপাচি শাকত এটা জালুকৰ দৰে হ’ল। এই ক্ষেত্ৰত ফটাঢোল আলোচনীখন এক ব্যতিক্ৰম। কাৰণ ই এক সমজুৱা প্ৰচেষ্টা। বহু ন লিখকৰ প্ৰাথমিক পঢ়াশালীৰ দৰে হৈছে এই অনুষ্ঠান। ‘ফটাঢোল’ হাতত ধৰি উজ্জীৱিত হওক অসমীয়া ব্যঙ্গ

Read more

আপদীয়া পদ্য – ৰাজীব শৰ্মা

(১) শ্ৰৱণ কুমাৰে পিতৃ-মাতৃক কান্ধে লৈ ভাৰ খোজকাঢ়ি তীৰ্থ দৰ্শনেৰে সুজিছিল ধাৰ পৌৰাণিক কাহিনীৰ ৰূপ বৰ্তমান নিমিলে ধুৰূপ এলাগী হ’লেই আজি কেৱে বোলে ধৰ মাৰ  (২) আগ চোতালত বহি তেওঁ তুলি আছিল কাঁঠি ৰচীৰে মেৰিয়াই পুতেকে গালৈ টোৱালে যাঁঠি কি কৰিছ হেৰ সোণ বাপেৰকে বান্ধচোন খিলখিলাই সি বোলে ককাকো বান্ধি থৈছাচোন (৩) সমাজসেৱক হ’বলৈ হৈছিল তেওঁ  এম পি ঘৰ-বাৰী, টকা-পইচা সকলোফালে এম টি আজি দেশে-বিদেশে সম্পত্তি দেখি প্ৰজাৰো নাই আপত্তি ভোট আহিলে হাতযোৰে পাহৰি যায় ভেম কি ☆★☆★☆

Read more

ঝুঠ অচ্ছে হ্যে – পৰী পাৰবীন

ঊফ ৰক্ষা! ল’ৰাৰ স্কুলত গৰমৰ বন্ধ আৰম্ভ হ’ল, তাতে দুয়োটাৰে ছয়মাহিলী পৰীক্ষা শেষ। গতিকে কাইলৈৰ পৰা এমাহলৈ দিনটোৰ কাৰ্যসূচী বৰ ধৰাবন্ধা নিয়মত নচলিব। এই ধৰক, ৰাতি এক বজালৈ বিশ্বকাপ ফুটবল, তাৰ মাজে মাজে বিজ্ঞজনৰ দৰে মতামত সামৰি ফেচবুকত আলোচনা, তাৰপাছত বিছনাত আঠুৱা তৰা কথালৈ পতিদেৱৰ স’তে আধাঘন্টামান মুখচুপতি, বিছনাত পৰি আকৌ ল’ৰাৰ দিনলিপিৰ বিস্তাৰিত বিৱৰণ, তাৰ পাছত কেইটামান মধুৰ সপোন, সপোন মানেনো কি আৰু, হঠাতে ৰোমান্টিক হৈ পৰা পতিদেৱৰ ডিঙিত ওলমি ‘এনজয়িং চামাৰ’ বুলি দুখনমান ফটো আপলডোৱাৰ সপোন নাইবা যোৱাবছৰেই

Read more

বিলাভেড হাজবেণ্ড – বৰ্ণালী ফুকন

: হেৰা হেৰা উঠিছানে! হেৰা মই নকৈছিলোনে! সৌৱা চোৱা, সৌৱা। গোঁহাইয়নীয়ে ব্ৰক্ষ্মপুৱাতে উঠি চোতাল সাৰে৷ এহ যাবই এতিয়া, নোচোৱাহি কিয়? : হেই! কিনো ৰাতিপুৱাই লোকৰ মাইকী মানুহক চাই ফুৰে! মোক অশান্তি কৰি নাথাকিব দেই৷ ৰাতি গৰমত শুব নোৱাৰি এক বজালৈ অনলাইনত আপডেট দিলো। এতিয়া শুবলৈ শান্তি নিদিব নেকি! – লাহেকৈ শইকীয়ানীয়ে বাগৰ সলাই সিকাটিকৈ শুলে৷ নিৰস্ত্ৰ হৈ শইকীয়া ঘুৰি আহি বিচনাৰ ওচৰ পালেহি৷ ঘৈণীয়েকে নাকেৰে বাজনা বজাই শুয়েই আছে৷ উপায়হীন হৈ ভোৰভোৰাই ভোৰভোৰাই শইকীয়া পাকঘৰত সোমালগৈ৷ : কিনো সাধি আহিছিল

Read more
1 44 45 46 47 48 115