ফটাঢোল

অপৰাধী – বিতোপন গৌৰাত্ৰ

ক’লা মোচোৰাগোম সাপটোৰ দৰেই পথটো আজিও ফিনফিনিয়া নিমজ আৰু ক’লা হৈ থকা নাই, অন্ততঃ আজি দুবছৰমানৰ পৰা। তৎস্বত্তেও সেইটো এটা সদাব্যস্ত ‘ৰোমাণ্টিক আলি’ , এককথাত ‘চেনি আলি’…! চেনিআলি তাৰ স্থানীয় নাম। নাতিদূৰৈত থকা কলেজখন আৰু বিশেষকৈ তাৰেই গাৰ্লচ হোষ্টেলৰ ই অন্যতম সংযোগী পথ। নগৰৰ মূল আৱহাৱাৰ পৰা প্ৰায় তিনি কিল মিটাৰ দৈৰ্ঘ্যৰ দূৰত্বৰ চেনি আলিৰ সোঁমাজতে এটা পুল, বাৰিষা সোঁসোৱাই পানী বোৱা দিনত দুই এটা স্থানীয় সৰু লৰা ছোৱালীয়ে পুলটোৰ ওপৰত বহি সৰু কাগজৰ টুকুৰা নাইবা থু পেলাই আৰু ঘপকৈ

Read more

ব্ৰেকিং নিউজ-সোনটো ৰঞ্জন বৰুৱা

চুচুকচামাকৈ সি চেনেলটোৰ মালিকৰ অফিছলৈ সোমাই গ’ল । “চাৰ , অফিছত আজি মোৰ প্ৰথম দিন । আগতে এই কামৰ অভিজ্ঞতা অকণো নাই । “ “হমমম”…. অলপ  সময় ভাবি মালিকে সুধিলে,- “ফটো তুলিব জানা ? “ “জানো চাৰ ।” “ঠিক আছে, কেমেৰা লোৱা ,ৰাষ্টালৈ যোৱা , যি দেখা ফটো, ভিডিঅ’ শ্বুটিং কৰি আনা। কামৰ হয়নে নহয় একো নাভাবিবা , মুঠতে তুলি যাবা।” “হ’ব চাৰ ।” সি দিনৰ দিনটো  ঘূৰি যি দেখে তাকে তুলি সন্ধ্যা অফিছলৈ ঘূৰি আহিল । “চাৰ, এইখিনি ফটো,

Read more

“বাৰ্থডে” –ডা: পাৰ্থসাৰথি ভূঞা

ৱাইফৰ বাৰ্থডেৰ নিশা দিয়া পাৰ্টিটোত সকলোৱে খানা পিনা কৰি নাচি বাগি থকাৰ মাজতে, অকণমান আঁতৰি আহি নিজৰ গিলাছটোৰ পৰা আৰু অলপ বিলাতী সুৰা পান কৰি দত্তই বেঁকা হাঁহি এটা মাৰি বৰুৱাক কলে “বুজিছে বৰুৱা, আজি অনুভৱ কৰিছোঁ, মানৱ সভ্যতাৰ আজিলৈকে আবিষ্কাৰ হোৱা আটাইতকৈ কামৰ বস্তুটো হৈছে ফেচবুক, আজি ফেচবুকে চিৰিমতীৰ বাৰ্থডে বুলি মনত পেলাই নিদিয়া হলে, হে হে বুজিছেই আৰু মোৰ কি গতি হল হেতেন!” ☆★☆★☆

Read more

ভাজুক – ঈশান জ্যোতি বৰা

(১) আৰ্কিমিডিছেই আছিল হ’বলা,  এই যে আৱিষ্কাৰটো কৰি উঠি গা-ধোৱা ঘৰৰ পৰাই মাজৰাস্তালৈ দুপ্‌দুপকৈ লৰ মাৰিছিল আৰু আনন্দত উত্ৰাৱল হৈ ‘ইউৰেকা,ইউৰেকা’ বুলি চিঞৰিছিল! মোৰো এতিয়া তেনেকুৱা কেইটামান চিঞৰ মাৰিবলৈ মন গৈছে৷ অকল সেইয়াই নহয়, কান্ধত প্ৰকাণ্ড ঢোল এটা ওলোমাই, কাষতে কেইজনীমান নাচনী লৈ আবতৰীয়া বিহুনাচ এটা নাচি দিয়াৰো প্ৰবল ইচ্ছা হৈছে৷ মন গৈছে-এতিয়াই যেন ছ’ছিয়েল মিডিয়ালৈ ঢপলিয়াই যাওঁ আৰু উধৰ পৰা মূধলৈকে মনৰ সমস্ত ভাৱ-অনুভূতি লিপিবদ্ধ কৰি ৰাইজৰ পৰা বিপুল পৰিমাণৰ ‘কংগ্ৰেছুলেছন’ সংগ্ৰহ কৰোঁ৷ কিন্তু প্ৰৱল ইচ্ছা সত্ত্বেও মই ইয়াৰ

Read more

সিন্ধি – গীতিকা শইকীয়া

বাপুকনৰ ঘৰত যোৱা ৰাতি কোনোবা চোৰে সিন্ধি খান্দিলে৷ খবৰটোৱে গাঁওখন তথা ওচৰ-পাঁজৰৰ গাঁওবোৰতো এক প্ৰকাৰৰ হুলস্থূলেই লগাই দিলে৷ ক’বলৈ গ’লে গাঁওকেইখনত বহুত বছৰ ধৰি কাৰো ঘৰতে একো চুৰি-টাৰি হোৱা নাই৷ মানে গাঁৱৰ ৰাইজে হ’বলৈ দিয়া নাই৷ দুই-এবাৰ গাঁৱৰেই কাম-বন নকৰাকৈ থকা দুটামানে দুই-এঘৰত চুৰি কৰিছিল, গাঁৱৰ মানুহে ধৰি নামঘৰলৈ নি আঁঠু কঢ়াই কাণত ধৰাই ৰাইজৰ আগত শপত লোৱালে যে নিজৰ তথা ওচৰ-পাঁজৰৰ গাঁওকেইখনত যেন চুৰি-টাৰি নকৰে৷ দুই-এজনে সিহঁতক পুলিচত দিয়াৰ কথা কৈছিল৷ কিন্তু গাঁৱৰ মানুহে পুলিচত দিয়াৰ কথা ভাবিবও নোৱাৰে৷

Read more

আমি অসমীয়া – ডাঃপাৰ্থ সাৰথি ভূঞা

অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য্য উঠা দেশ! আমাৰ এই সুন্দৰ অসমখনত মাজে মাজে দুই এটা অনাকাংক্ষিত ঘটনা ঘটে আৰু তাৰ পিছতেই আমি নিজেই, অসম সঁচাই জংঘলী ঠাই, বাহিৰৰ মানুহ অসমলৈ নাহিব আদি বহু মন্তব্য আগবঢ়াওঁ৷ অৱশ্যে এয়া এনে অনাকাংক্ষিত ঘটনাত ক্ষোভিত লোকৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ! পিছে মই ভাবোঁ অসমীয়া বুলি আমি গৌৰৱান্বিত হোৱা উচিত৷ বিশ্বৰ বুকুত আমি এমুঠি মানুহ হ’লেও, নানা জাতি উপজাতিৰ সমষ্টি আমাৰ অসমীয়া জাতিৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে৷ আমাৰ মাজত নাই ধৰ্মান্ধতা, বাল্য

Read more

গুৱেহেটীক আৰু কেথানো নাযাওঁ – সদানন্দ ভূঞা

কিছুবছৰৰ আগৰ কথা৷ চাকৰি সম্বন্ধীয় বিশেষ কাৰণ এটাত গুৱাহাটীলৈ যাবলগীয়া হৈছিল৷ সেই কামটোৰ বাবে কোৰ্টৰ এফিদেফিট এখনৰো প্ৰয়োজন হৈছিল৷ মোৰ সৰু মামাৰ ডাঙৰ ল’ৰাটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা৷ ভাবিলোঁ- মোমাইৰ পুতেক হ’লেও ভাই এটা আছে যেতিয়া আনলৈ হাত মেলোঁ কিয়৷ সিয়েই সহজতে কম সময়ৰ ভিতৰত কামটো কৰি দিব পাৰিব৷ সেয়ে তালৈ ফোন কৰি সবিস্তাৰে সকলো কথা বুজাই ক’লোঁ৷ সিও বোলে-“আও, বহুদিনৰ পিছত আপোনাৰ মাতটো শুনিলোঁ দেই৷ আহক আহক, মই যিমান সোনকালে পাৰোঁ কামটো কৰি দিম৷” দুয়ো কিছু সময় ঘৰুৱা

Read more

দাদা আৰু নাই – ভাস্কৰজ্যোতি বৰুৱা

অপলক নেত্ৰে চাই ৰলোঁ ম’বাইলৰ স্ক্ৰীনত। দাদা আৰু নাই। কিয় এনে কৰিলে দাদাই? দুখ, ক্ষোভ, হতাশাই নিমিষতে আগুৰি ধৰিলে মোক। আকৌ এবাৰ লক্ষ্য কৰিলোঁ – মই ভুল দেখা নাইতো? নিশ্চিত হ’লো, মই ঠিকেই দেখিছোঁ। সেই তাহানি কেমেষ্ট্ৰীৰ প্ৰেকটিকেলত টেষ্ট টিউবৰ তৰলৰ ৰং আকাংক্ষা কৰা ধৰণে সলনি হ’বলৈ কৰা বৃথা অপেক্ষাবোৰৰ দৰে আজিও মই যিমানে চাই নাথাকিলেও এই ৰং যে সলনি নহয় সেয়া বুজি পালোঁ।“ফ্ৰেণ্ড” আৰু “ফ’ল’ৱিঙ” শব্দ দুটা যেন এখন বগা কাপোৰেৰে ঢাকি দিলে দাদাই। এতিয়া মই যিমানেই চাই নাথাকিলেও

Read more

ক’ত মোৰ ঊষাৰ নগৰ – চৈয়দ আহমেদ শ্বাহ

১৯৭০৷ নতুন চহৰ৷ নতুন স্কুল৷ নতুন ইউনিফৰ্ম৷ দৰ্জীয়ে আজি দিম, কালি দিম কৰি আছে৷ পিঠিখনেও আজি মাৰখাম কালি মাৰখাম কৰি আছে৷ লোকাইচাৰৰ চকুৰ পৰা লুকাই থকা টান৷ তৃতীয় দিনা শ্ৰেণীকোঠাৰ পৰা বহিষ্কাৰ৷ নেভাৰমাইণ্ড৷ নিজকে বুজনি দিলোঁ৷ ‘বহিষ্কাৰ হোৱা কথাটোতে এটা গৌৰৱ নিহিত হৈ থাকে৷ সাহসীজনক বহিষ্কাৰ কৰা হয়৷ যি নিয়মৰ বিপৰীতে অৱস্থান কৰে৷ কালক্ৰমত তেওঁ এজন মহান ব্যক্তিৰূপে চিহ্নিত হোৱাৰ নজীৰ পৃথিৱীৰ ইতিহাসত ভৰি আছে৷ যেনে জাতিৰ পিতা৷’- আচলতে এইবিলাক একোকে ভবা নাছিলো৷ তাম্মাম লাজ লাগিছিল৷ প্ৰথম পিৰিয়ডটো বাহিৰত কটাব

Read more

নিজেও জুখিব পাৰে আপুনি মূৰ্খ, ঋষি নে দেৱতা – সৌমিত্ৰ যোগী

আগৰ দিনৰ কথাবোৰ অলপ বেলেগ আছিল৷ জোখ-মাখৰ পদ্ধতিও সেই হিচাপে বেলেগ বেলেগ আছিল৷ ধৰি লওক মুহিধৰৰ ঘৰৰ পৰা মেনকাহঁতৰ ঘৰলৈ তামোল এখনৰ বাট আছিল৷ এতিয়া আমি অনুমান কৰিব নোৱাৰোঁ মুহিধৰে কিমান ডাঙৰ তামোল খাইছিল৷ কুমলীয়া তামোল পকতিয়াইছিল নে পূৰঠ তামোল এখন চূণ-চাধা মিলাই গোন্ধপাণৰ সৈতে মেনকাৰ মন কুমলি যোৱাকৈ মহমহীয়া গোন্ধ এটা চাৰিওফালে বিয়পাই দি চোবাই গৈছিল? নে ওপৰত গোবৰ দি সযতনে পুতি ৰখা তামোল উলিয়াই তাৰে এখন মলাধঁপাতৰ লগত জুতিকে খাই গৈছিল? ঘনে ঘনে চোবাইছিল নে জুতি লৈ লৈ

Read more
1 55 56 57 58 59 115