ফটাঢোল

কঁঠাল পুৰাণ – পিংকী বৰুৱা

কিছুমান স্মৃতি মনলৈ আহিলে কেতিয়াবা অকলে অকলে হাঁহো৷ বহু বছৰ আগৰ কথা৷ দেউতা চাকৰি সূত্ৰে বেলেগ ঠাইত আছিল৷ তেওঁ চহৰৰ দাঁতি কাষৰীয়া অঞ্চল এটাত নতুনকৈ মাটি কিনি ঘৰ বন্ধাই আমাক ৰাখিছিল৷ আমাক মানে মা, মই, ভাইটি৷ মানুহ দুনুহ ঠাইখনত কম আছিল৷ তাত অ’ৰ ত’ৰপৰা অহা মানুহে দুই এটা ঘৰ বান্ধি আছিলহি৷ মই তেতিয়া ক্লাছ চেভেনত পঢ়িছিলো৷ মোৰ ভাইটি ক্লাছ ফাইভত৷ আমি দুটা বৰ অঘাইটং আছিলো৷ আমাৰে ৰসাল কাহিনী এটা ক’বলৈ ওলাইছো৷ জেঠ মাহ আছিল তেতিয়া৷ এদিন ভাইটি আৰু মোৰ বৰকৈ

Read more

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য

১) মধুপুৰৰ মিচেছ তিলোত্তমা দাস পৰিয়ালৰ সৈতে কৰে ভিল্লাত বাস গিৰিয়েকৰ ৰঙা চুলি ঘৈণীয়েক পেট কুলি চুলিয়াচুলি কৰি থাকে বাৰটি মাস। ২) চিটিবাছৰ চালক সি নাম গণেশ ভাং খাই ধৰে ৰাতি শিৱৰ ভেশ টোপনিক কৰি কাটি হাতত মদিৰাৰ বাটি পত্নীৰ নাইকিয়া কৰে আজুৰি কেশ। ৩) গাধ হয় যদি নাখায় ধঁপাত চাধা চূণ খাব লাগে নিতৌ তামোলো এক পোণ গুটখা বিমল ৰজনী ডিনাৰত এটাকৈ কণী শুবলৈ যাওঁতে খাবা গুৰ এক দোণ। ৪) শকত আৱত চেহেৰাৰ নিধিৰাম চৰ্দাৰ ছোৱালী তিৰোতালৈ মানুহটো দিলদাৰ

Read more

আদৰণি – নিশান্ত বৰদলৈ

ঘৰৰপৰা স্কুললৈ ৪ কি.মি. বাট। ভণ্টী আৰু মই খোজ কাঢ়িয়েই অহা-যোৱা কৰিছিলো। মই ক্লাছ নাইনত। ভণ্টী ক্লাছ চিক্সত, মোৰ সৈতে একেলগে স্কুললৈ গৈছিল, উলতিছিল। সেইদিনা আমাৰ ক্লাছত হাই উৰুমিৰ মেলা বহিছিল। বাটত ভণ্টীয়ে মোক সুধিলে- ‘দাদা , আজি বোলে তহঁতৰ ক্লাছত কমলেশ্বৰ ছাৰে চবকে গৰুপিটন দিলে! পেপাৰ দিছিলে নেকি?’ মই চকু পকাই ধৰিলো, তাই মনে মনে থাকিল। যিকোনো পৰীক্ষাৰ পিছত অকল দুখন পেপাৰহে মই ঘৰত দেখুৱাইছিলো। এখন ইংৰাজী আৰু এখন অসমীয়া। বাকী কেইখনৰ কথা সুধিলে, মই জাঙুৰ খাই উঠিছিলো। বিভিন্ন

Read more

ফটাপ্ৰেম – প্ৰাঞ্জল গোস্বামী

বয়সত যদি বয়সৰ দোষে নুচুৱে তেন্তে জানো হ’ব? জীৱনত এটা বয়স আহেই এনেকুৱা, যেতিয়া পৃথিৱীখন বৰ ৰঙীন যেন লাগে, কবিতাৰ কলি কিছুমানে মনৰ মাজত অগা দেৱা কৰিবলৈ লয়, ৰোমাণ্টিক গান শুনি থাকোতে চিনেমাৰ হিৰোবোৰৰ ঠাইত নিজকে থ’বৰ মন যায়। তেনে দোষে চোৱা দিনৰে কথা। কলেজত পঢ়ি থাকোতে মাজে মধ্যে “সাহিত্য চর্চা” কৰিছিলো, “সমাজ সেৱা’’তো আগৰণুৱা আছিলো। কাজেই কেইবাগৰাকীও ষোড়শী যুৱতীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিলো বুলি বন্ধুবৰ্গই কোৱাকুই কৰিছিল। কথাবোৰ শুনি বেয়া লগাৰ প্ৰশ্নই নুঠে, বৰঞ্চ হিয়াখনে থৌকি বাথৌহে কৰিছিল। দুই

Read more

কৌতুক – ভাস্কৰজ্যোতি দাস

এইটো তেতিয়াৰ কাহিনী, যেতিয়া ৰিণ্টুদাই কুৱেইটী হোৱাতো বাদেই, বিয়াও পতা নাই৷ একেদৰে ভাস্কোৱেও ইউনিভাৰ্চিটি এৰি ধদুৱা মাৰি ফুৰিছে৷ এদিন দুয়ো ঢাবা এখনত লগ পাই দোস্ত হৈ গ’ল৷ দোস্ত মানে গেহেৰা দোস্ত৷ চাকৰি বাকৰি নাই৷ আক তাক ঠগি দুয়ো সদায় একেলগে বহি গড়মাৰ্কা খাই ৷ ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া; সদায়েই৷ এদিন দুয়োৱে পিঁপাই থকাৰ মাজতে বহু কথা চিন্তা কৰি একেলগে ব্যৱসায় কৰিবলৈ মন মেলিলে৷ পিছে কিহৰ ব্যৱসায় কৰিব তাৰ চিন্তাই দুয়োৰে অৱস্থা নেমু খোৱাৰ দৰে কৰিলে৷ অৱশেষত বহুত গুণাগঁথা কৰি ঠিক কৰিলে;

Read more

ধন্যবাদ – বিনয় কৃষ্ণ তামুলী ফুকন

লীলা গগৈদেৱৰ “ঘেৰঘেৰীয়া বাছ”ৰ কথা কাৰ কাৰ মনত আছে? হয় অসম ৰাজ্যিক পৰিবহন নিগমৰ দৌৰি থকা গঁড় অঁকা ৰঙা বাছ কেইখনৰ কথা কৈছোঁ৷ চালকৰ আসনৰ ওচৰতে চালত টিলিঙা এটা আছিল৷ ৰচী এডালেৰে বাছখনৰ শেষলৈকে সংযোগ কৰা৷ বাছ ৰখাবলৈ হ’লে “কণ ডাক্তৰ”এ সেইডাল টানি টিলিঙাটো বজাই দিছিল৷ সেই সময়ৰ কণ্ডাডাক্টৰবোৰৰ আয় একো একোজন ডাক্তৰতকৈও সৰহ আছিল৷ কণ মানে সৰু ডাক্তৰেই আৰু৷ কাৰণ টিকট ঘৰত যি কেইটা টিকট যাত্ৰীয়ে কাটিছিল সেইকেইটাৰ ৰাজহহে চৰকাৰে পাইছিল চাগৈ৷ পথত তোলা অতিৰিক্ত যাত্ৰীক টিকট দিয়াৰ নিয়ম

Read more

পৰচৰ্চা বনাম টাইম পাছ – পৰী পাৰবীন

দৃশ্যপট ১: অনিমেষ চহৰীয়া। ব্যক্তিত্বভৰা মুখখনিৰে ত্ৰিশৰ দেওনা পাৰ নোহোৱা এজন সুদৰ্শন যুৱক। লগতে মোটা দৰমহাৰ এটা চাকৰি। কাজেই বিবাহযোগ্যা অলেখ ছোৱালীৰ চকুত পৰিছিল তেওঁ। তেওঁ বদলি হৈ আমাৰ কাৰ্যালয়ত যোগদান কৰাৰ পিছতে তেওঁক লগ পালো। ভদ্ৰ মাৰ্জিত ব্যৱহাৰ, কামৰ প্ৰতি যোগাত্মক ধাৰণাৰ বাবে তেওঁ সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিল। তেনে সময়তেই মোৰ মাতৃত্বকালীন ছুটি লোৱাৰো সময় আহি পৰিছিল। গতিকেই উপযুক্ত তথা বিশ্বস্ত সহকৰ্মী হিচাপে তেওঁৰ ওপৰত মোৰ আধৰুৱা কামবোৰ ন্যস্ত কৰি মই নতুনকৈ আহিবলগীয়া আলহীটোৰ বাবে ব্যস্ত হৈ পৰিলো। সন্তানটি

Read more

জীৱিত আৰু মৃত – সঞ্জীৱ মজুমদাৰ

(মূল : জীবিত ও মৃত লেখক : ৰবীন্দ্ৰনাথ ঠাকুৰ) ৰাণীহাটৰ জমিদাৰ, শাৰদাশংকৰ ডাঙৰীয়াৰ বিধৱা ভাই-বোৱাৰীগৰাকীৰ পিতৃকুলত জীৱিত বুলিবলৈ কোনো নাছিল। পতিকুলতো আপোন কোনো নাছিল, না পতি, না পুত্ৰ। বৰজনাকৰ সৰু ল’ৰা, মাইনা আছিল তাইৰ নয়নৰ মণি। ল’ৰাটোৰ জন্মৰ পিছতেই মাকৰ দীৰ্ঘদিনীয়া অসুখৰ বাবে বিধৱা সৰু মাক কাদম্বিনীয়ে তাক তুলি-তালি ডাঙৰ কৰিলে। পৰৰ সন্তানক ডাঙৰ দীঘল কৰাৰো এক অব্যক্ত বেদনা থাকে, কাৰণ কোনোধৰণৰ দাবী বা অধিকাৰ নাথাকে, নাথাকে সামাজিক স্বীকৃতি, থাকে মাথো চেনেহৰ দাবী আৰু দিনক দিনে বাঢ়ি গৈ থকা অপ্ৰতিৰোধ্য

Read more

অসমীয়া ব্যংগ আলোচনী : পৰম্পৰা আৰু স্বৰূপ– ড. নৱ কুমাৰ চমুৱা

‘অসমৰ চাৰিভাগ মানুহৰ ভিতৰত তিনিভাগেই’ হাঁহিব নাজানে বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে। তেওঁৰ মতে, “ভাৰতৰ মানুহৰ হাড়ে হাড়ে সিৰে সিৰে এনে এটা ভাবে শিয়াই আছে যে হাঁহিলে মানুহ পাতল হয়। হঁহা মানুহ চেলেপু। …মুঠতে আমাৰ মানুহৰ বিশ্বব্ৰহ্মাণ্ডত আমাৰ মতে গোটেইখন serious, অৰ্থাৎ হাঁহিশূন্য। হাঁহি হৰিজন, তাক চুব নাপায়। তাৰ ছাঁতো ভৰি দিব নাপায়। …দেখি দুখ লাগে যে, অসমৰ চাৰিভাগ মানুহৰ ভিতৰত তিনিভাগে ইংৰাজীত যাক কয় wit and humour নুবুজে।”– বেজবৰুৱাৰ মতত হয়ভৰ দি এই কথা ক’ব পাৰি যে, অসমীয়া মানুহে

Read more

ধুমকেতু – ঈশানজ্যোতি বৰা

মোৰ নাম ড৹ ধুমকেতু পাটগিৰি৷ মই ‘সোপাঢিলা চৰকাৰী মহাবিদ্যালয়’ৰ এজন ‘অ-সোপাঢিলা’ লেক্‌চাৰাৰ৷ কি সুধিলে? মোৰ আচল নামটো! এহ্ থাকক দিয়ক৷ ধুমকেতু নামটোহেচোন আজিকালি আপোন-আপোন লাগে৷ এনিৱে, মোৰ বিষয় হ’ল ৰাজনীতি বিজ্ঞান৷ পিছে ছাবজেক্টডাল একদম ব’ৰ আৰু কামোৰ! এইবোৰ মই পঢ়োৱা বস্তু মুঠেই নহয়৷ সেয়ে বছৰৰ প্ৰথমটো দিনাই মই ল’ৰা-ছোৱালীক কৈ দিওঁ- “বাছাহঁত৷ শুন৷ প্লে ষ্ট’ৰত দুটামান মজা মজা এপ্ আছে৷ সেইবোৰ ম’বাইলত ইনষ্টল কৰি ল’বি৷ ম’বাইল কিনিবলৈ যদি মাৰ-বাপেৰে টকা নিদিয়ে, মোৰপৰা ল’বি৷ নিতৌ সন্ধ্যা আঠ বজাত মোক টিভিত চাবি৷

Read more
1 86 87 88 89 90 115