ফটাঢোল

কিচ্ বিজ্ঞান – মুনীন্দ্ৰ মহন্ত

মানে হিন্দীত মই লিখা নাই। “কিচ বিজ্ঞান কে বাৰে ম্যেয় বাত কৰনে আয়ে হ্যেয় বেটা “ বুলি নুসুধিব। মই কোনো বিজ্ঞানৰ কথা ক‘ব অহা নাই। “কিচ্ বিজ্ঞান কে বাৰে ম্যেয় বাত্ কৰ নে নেহী আয়া“। আমাৰ ৰসৰ গুৰুদেৱ বেজবৰুৱাই কৈছিল, -“চাৰিওফালে বিজ্ঞানৰ চৰ্চা। স্বৰগ বিজ্ঞান, নৰক বিজ্ঞান, হাতী বিজ্ঞান, ঘোৰা বিজ্ঞান, বিজ্ঞান হে বিজ্ঞান।“ সেই বিজ্ঞান সোপাৰ কথা সুঁৱৰি মই ওলাইছো “কিচ্ বিজ্ঞান“ৰ কথা ক‘বলৈ! ৰসৰাজে সেই যুগতে “চুমা বিজ্ঞান“ৰ কথা লিখিছে। সেয়ে “চুমা“ অৰ্থাত্ মডাৰ্ণ “কিচ্ বিজ্ঞান“ৰ বিষয়েহে লিখিম

Read more

পুৰণি খেল-ধেমালি – অনিমা দাস

সময়ৰ পৰিৱৰ্তনৰ লগে লগে আধুনিক প্ৰযুক্তিৰ উন্নতিৰ ফলত মানুহৰ জীৱন-ধাৰণৰ পদ্ধতি সলনি হ’ল। ল’ৰা-ছোৱালীবোৰে পথাৰৰ খেল-ধেমালিবোৰো মোবাইলত খেলিব পৰা হ’ল। লগৰীয়া নোহোৱাকৈয়ো অকলশৰে আপ্লুত হ’ব পৰা হ’ল। আদিম যুগত জীৱ-জন্তু চিকাৰ কৰি খোৱাৰ সময়তো আমোদ-প্ৰমোদৰ বাবে নানা ধৰণৰ নৃত্য-গীতৰ লগতে মানুহে খেল-ধেমালিৰ যোগেদি আনন্দ উপভোগ কৰিছিল। কিছুমান খেল অসমৰ প্ৰায়বোৰ গাঁৱতে প্ৰচলিত আছিল। খেলৰ নীতি-নিয়মৰ কোনো লিখিত ৰূপ নাছিল। নীতি-নিয়মবোৰ কেৱল মৌখিক আছিল। এই খেলসমূহ যিকোনো ঠাইতে খেলিব পৰা গৈছিল আৰু খেলোতে নিৰ্দিষ্ট সময় সীমা নাছিল। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত

Read more

ফটা লিমাৰিক – ধনজিৎ বৰুৱা

ধন্য ৰাম ধন্য তোমাৰ বান্দৰ ভালুকৰ সৈন্য, ধন সোনৰ প্ৰতি তেৰাসবৰ লোভ-মোহ শূণ্য। তুমিও জানা ৰহস্য নল’লা এজনো মনুষ্য খেনোৱে লংকাৰ সোনৰ মোহত নিজক কৰে পন্য৷   নেগুৰ কমি আহি ক্ৰমে বানৰ মানুহ হ’ল, নেগুৰ দালৰ প্ৰভাৱ কিন্তু অলপ থাকি গ’ল। খেনোক দেখি খেক মন চিন্তা ঠেক টেঙৰ থাকে উচ্চ ডালত ৰণুৱা পৰি ৰ’ল৷   সুৰাত জন মন ভেদে নিজৰ নিজৰ একচন, টোকাৰীৰ তালত যেন তেওঁ সেই মাইকেল জেকচন, চোতাল পকা কৰি নাই শাকনিৰ ঠাই খন্তি নিচিনাই ভাষণ বন্তিৰে ধৰে

Read more

দি থ্ৰি মেজিকেল ৱৰ্ড্চ – বিকাশ দত্ত

দিন বাগৰাৰ লগে লগে বিভূ আৰু প্ৰিয়ংকাৰো দূৰত্বৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। আগতে সি ভাল পোৱা,  প্ৰেম আদিক লৈ বৰ বেছি ছিৰিয়াছ নাছিল। প্ৰিয়ংকাই তাৰ জীৱনক নতুন গতিপথ দিছে। হয়তো সি এতিয়াও তাৰ সদায়ৰ দৰে দোদুল্যমান মনটোৰেই জীয়াই আছে। যা নহওঁক,  নতুন বছৰৰ আগমণে তাৰ একঘেয়ামী জীৱনৰ অনুচ্ছেদটোক কিছু সংশোধনী কৰিলে। উৰুকাৰ ৰাতি। ইতিমধ্যে বিভূ আৰু তাৰ লগৰ কেইজনমানে প্ৰতিবাৰৰ দৰেই ভেলাঘৰ নিৰ্মাণত ব্যস্ত। কিন্তু নতুনকৈ স্কুলত জইন কৰাৰ বাবে তাৰ বাবে অলপ কঠিন হৈছে ভেলাঘৰ নিৰ্মাণৰ কামত যোগদান কৰাত।

Read more

গোন্ধ – পাপৰি বৰ্মন

ৰাতিপুৱা উঠি প্ৰাতভ্ৰমণত গ’লো, আহি দেখোঁ মানুহজনীয়ে লেপ লেপকৈ চুলিৰ লগতে অনিশ্চাকৃতভাৱে কপালে কাণে কিবা কলা ৰং লগাই থৈছে। মই এতিয়া বুঢ়া হ’লো বুলিয়েই যে যিকোনো গোন্ধ শুঙি শুঙি ঘৰখনৰ বাৰাণ্ডাত বহি থাকিম তেনে নহয়। তাইলৈ মই পোন্দোৱাকৈ চালো। তাই চকু ডাঙৰ কৰি সুধিলে,- ” কি চাইছে হা? সংসাৰ কৰি কৰি চুলি পকালো।” “হু , মোৰতো দাঢ়িও পকিল”-মোচকোচাত হাত বুলাই চালো। উফ, ৰক্ষা!  পালো চাহকাপ খাবলৈ কিবাকৈ ভাগত। ন-বোৱাৰীয়ে আহি দি গ’ল। তাই অহাৰ পৰা এওঁ‌ গা-ধুই অহালৈ নৰখিলেও চাহকাপ

Read more

প্ৰেম জনমে জনমে – মিৰাজুল ৰছিদ

প্ৰেম এক স্বৰ্গীয় অনুভতি…… আমাৰ দৰে ফুটা কপালধাৰীৰ বাবে কেতিয়াও নহয়। আমাৰ বাবে প্ৰেম দিল্লী কা লাড্ডু ;খালেও আফচোচ নাখালেও আফচোচ। তথাপি প্ৰেম-ভালপোৱাৰ অনুভৱ নোপোৱাকৈ, ইয়াক এবাৰ টেষ্ট নকৰাকৈ জানো থাকিব পাৰি? ক্লাচ টেনৰ ঘটনা। যৌৱনৰ  প্ৰথম খোজ। সকলোৱে কয় জাগি শুবা, বাচি খাবা, কিন্তু মন যে অবুজন কেতিয়া পিচলি যায় ধৰিব পৰা টান। ক্লাছত এজনী ছোৱালী আছিল, নাম নুৰী। গণিতৰ টিউচনত যেতিয়া তাইৰ কাষত বহো মনত কিবা এক অবুজ শিহৰণ আহে। এইজনীক যেন মোৰ বাবেই পৃথিৱীলৈ পঠোৱা হৈছে। তাইৰ

Read more

কৌতুক – মৃদুপৱন গোঁহাই

(১) চেণ্ডেল লাঞ্চ এগৰাকী মহিলা গ্ৰাহকক চেণ্ডেল দেখুৱাই দেখুৱাই অতিষ্ঠ হৈ দোকানীজনে ক’লে,- “মই আপোনাক দোকানত থকা প্ৰতিযোৰ চেণ্ডেলেই উলিয়াই দেখুৱালো, এতিয়া আৰু একো নাই দেখুৱাবলৈ।“ দোকানীৰ কথাত কোনো গুৰুত্ব নিদি মহিলাই আকৌ সুধিলে,- “সেই সন্মুখত থকা বাকচটোত কি আছে হে?” দোকানীজনে হাতযোৰ কৰি কলে- : বাইদেউ,মোক অলপ দয়া কৰক, সেইটোত মোৰ লাঞ্চ আছে….   (২)বতৰ পেক দোকানীঃ- কি অসুবিধা বাইদেউ? মহিলাঃ- মোৰ মোবাইলটোত নেটৱৰ্কেই নাই, চাই দিয়াচোন। দোকানীঃ- (অলপ সময় লিৰিকি বিদাৰি) বাইদেউ, বতৰ বেয়া হৈছে কাৰণে আপুনি নেটৱৰ্ক

Read more

পৰিচিতি – জয়ন্ত শৰ্মা

বস্তু এটা থৈ থোৱা ঠাইত বিচাৰি নোপোৱাটো মোৰ অভ্যাসেই। এহাত মান ইফাল সিফাল হ’লেও বস্তু এটা মোৰ চকুত নপৰে।  বিৰোধী দলে চৰকাৰৰ সকলো কামতে ভুলকে দেখাৰ দৰে মোৰ চকুৱেও সেই লোকৰ দোষ হে বিচাৰি ফুৰে। বিধানসভাৰ দৰে এখন হুলস্থুলৰ সৃষ্টি হোৱাতকৈ ঘৰৰ মানুহে মোৰ কোনো বস্তুত হাতেই নিদিয়ে। ৰাস্তাঘাট ভাল কৰিব নোৱাৰি ধৰ্ণা আন্দোলনৰ সন্মুখীন হোৱা চৰকাৰে নমামি, ধূতি-পাঞ্জাৱী,  সংস্কৃতৰ দৰে আন কথালৈ দৃষ্টি আঁতৰোৱাৰ দৰে ময়ো ঘৰৰ একো কাম নকৰা কথাটো তল পেলাবলৈকে আচলতে এখন নাটক কৰোঁ। কাম নকৰাৰ

Read more

মই অসমৰ তেজাল যুৱক – ধ্ৰুৱজ্যোতি অৰ্জুনা

মই অসমৰ ডেকাল’ৰা। অসমৰ সংস্কৃতি মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিৰাজমান। এই দেশৰ মাটি সাৰুৱা। গতিকে ইয়াত মই একো নকৰিলেও কিবা কিবি গজিবই! এই গজাবোৰৰ ভিতৰত অলেখ পাবত গজাও পাব। যেনে বিভিন্ন নামধাৰী সংগঠন, নিজকে নিবনুৱা বুলি অহংকাৰ কৰা সংস্থা,  চান্দা সংন্থা,  অমুক সংন্থা,  তমুক সংন্থা ইত্যাদি। বেছি সাৰুৱা মাটিত গজাবোৰে কেতিয়াবা অস্ত্ৰ-শস্ত্ৰ লৈও গজে। সেই অস্ত্ৰ-শস্ত্ৰবোৰ এনেয়ে পেলাই থ’লে ভোটা হ’ব বুলি কেতিয়াবা দলঙে-বজাৰে তাৰ চোক পৰীক্ষা কৰিও চোৱা হয়। সেই পৰীক্ষাত দুই চাৰিজন সাধাৰণ মানুহ নিহত হ’লেও সেই কথা

Read more
1 3 4 5 6 7 9