মামা মোৰ ৰাহুল দ্ৰাবিড় – বিজু বুঢ়াগোহাঁই
বিশ্বকাপৰ আগে-আগে আমাৰ দৰে মানুহবোৰৰ ক্ৰিকেটৰ প্ৰতি ৰাপ আৰু অলপ বাঢ়ি যায়। অৱশ্যে, ফুটবলৰ ক্ষেত্ৰটো একেই! আমি খেলৰ খবৰবোৰ ৰাখিবলৈ আৰম্ভ কৰি দিওঁ, খেলখন হ’ব ক’ত, মেছক’টটো কেনেকুৱা, ষ্টেডিয়াম কেইখন, ইত্যাদি-ইত্যাদি। লগতে খেলুৱৈবোৰৰো। ঠিক সেইবাৰো প্ৰায় এবছৰমান আগৰপৰায়ে খবৰবোৰ ৰাখিছিলো। মোৰ এনেধৰণৰ কামবোৰত মাতকৈ বেছি সদায় দেউতায়ে সহায় কৰে। মই নৱম শ্ৰেণীত তেতিয়া। আৰু এবছৰৰ পিছতেই ক্ৰিকেটৰ বিশ্বকাপ, ৱেষ্ট ইণ্ডিজত হ’ব! আমাৰ ঘৰৰ গোটেইকেইটা প্ৰাণীয়েই ক্ৰিকেট খেলা চাই ভালপায়। মাজে-মাজেটো ৰাহুল দ্ৰাবিড়ক দেখিলে মায়ে কয়েই, “এইটো মোৰ ভাইটি হোৱা হ’লে !”
মইও মায়ে কেতিয়াবা কাম কৰি থাকোতে দ্ৰাবিড়ে বেটিং কৰিবলৈ আহিলেই চিঞৰো বোলো , “মা অ’ ৰাহুল মামা আহিল।” মায়েও সঁচাকৈয়ে কামৰ মাজতেই আহি ভায়েকক এপাক চাই যায়হি।
ৰাহুল দ্ৰাবিড় (মামা)ৰ প্ৰতি এই ভাগিনীৰো ইমানেই মৰম যে কৰবাত চক’লেটৰ সৈতে ক্ৰিকেটাৰৰ ষ্টিকাৰ দিলে বাছি-বাছি দ্ৰাবিড়ৰ ষ্টিকাৰ লৈ আনি পেঞ্চিল-বাকচত লগাইছিলো। আনকি কেতিয়াবা-কেতিয়াবা সপোন ৰাজ্যত মামাৰ সৈতে বিচৰণো কৰি ফুৰিছিলো।
সেইখিনি সময়তে স্কুলত নতুনকৈ এজনী ছোৱালী আহিছিল আৰু আমি অতি কম সময়ৰ ভিতৰতে বান্ধৱী হৈ পৰিছিলোঁ। নামটো আছিল, এহ্ নামটো ধৰি লওক সঞ্চিতা। তাই মোৰ পেঞ্চিল-বাকচত লগাই থোৱা দ্ৰাবিড়ৰ ষ্টিকাৰবোৰ আৰু ট্ৰাম কাৰ্ডৰ দৰে থকা দ্ৰাবিড়ৰ ফ’টো থকা কাৰ্ডৰ মুঠিটো দেখিছিল। এদিন মামাপ্ৰীতি ইমানেই বাঢ়ি গ’ল যে গধুলি পঢ়ি থাকোতে পেঞ্চিল-বাকচত পেঞ্চিলেৰে দ্ৰাবিড় (মামা)ৰ ফ’টোৰ তলত ঘঁহাই-ঘঁহাই ৰাহুল মামা বুলি লিখি ল’লো। পিছদিনা তাই তাকে দেখি মোক সুধিলে ইয়াৰ আঁৰৰ ৰহস্য।
মইও তাইলৈ চকুকেইটা ডাঙৰকৈ মেলি ক’লো, “অহ্ তুমি নাজানাই ন ? এইজন মোৰ মামাহে।”
তাই প্ৰথমতে মোৰ কথাত একেবাৰে অবিশ্বাস কৰি ক’লে, “ইইইহ্ , হৈছে যোৱা।”
মই তাইৰ কথাবোৰ শুনি বুজিলো যে তাইক টুপিটো পিন্ধাবলৈ বৰ কষ্ট নহ’ব!
মইও লগে-লগে ক’লো, “তুমি বিশ্বাস নাই কৰা ন ? নকৰিবাই। কিন্তু সঁচাকৈ তেওঁ মোৰ মামা।”
তাই আকৌ সুধিলে, “তেন্তে নাহে কিয়?”
মই আকৌ ক’লো, “আহিলে হয় জানা! আমাৰ লগত আহ-যাহ নাই তেওঁলোকৰ। আমাৰ ‘মা’ অসমীয়া নহয়তো। দেউতাই তাত ইঞ্জিনীয়াৰিং কৰিবলৈ যাওঁতে দুয়োৰে চিনাকি হৈ ভাল লাগিল আৰু বিয়া হ’ল। কিন্তু আইতা-ককাৰ মন নাছিল যে বিয়া দিবলৈ সেয়ে আমাৰ লগত ভাল নাই!”
মোৰ মুখখন কন্দা যেন কৰি আকৌ ক’লো, “মামায়ে মানে ৰাহুল মামায়ে কেতিয়াবা ফোন কৰে, খেলিবলৈ গুৱাহাটীলৈ আহিলে আমি লগ কৰোগৈ তেওঁক। বিজেতা মামীয়ে যে কিবা-কিবি দি পঠিয়াইয়েই আমাৰ বাবে, জানা!”
ৰাহুল দ্ৰাবিড়ৰ ককায়েকৰ নাম, পত্নীৰ নাম সকলো ক’লো তাইক মোৰ কথাত পতিয়ন নিয়াবলৈ।
এইবাৰ তাইৰ অবিশ্বাস কৰাৰ প্ৰশ্নই নাই . . দেউতা ইঞ্জিনীয়াৰ বুলি তাই জানে আৰু মাক তেতিয়ালৈ তাই দেখায়ে নাই।
তাই আকৌ সুধিলে, “আণ্টীয়ে দুখ কৰে চাগৈ ন? বেয়াই লাগিল আণ্টীলৈ।”
মইও দুখতে মুখখন ক’লা কৰি আৰু অলপ অভিনয় কৰি দিলোঁ।
স্কুল ছুটী হ’ল, ঘৰলৈ আহিলো সেইদিনা। তাৰপিছৰপৰা তাইৰ ব্যৱহাৰবোৰ অলপ বেলেগ হৈছিল মোৰ প্ৰতি। চক’লেট বহুত পাইছিলো তাইৰপৰা আৰু মাজে-মাজে স্কুলৰ আগত ৰৈ থকা চানাৱালা-পানীপুৰীৰ সোৱাদো তাইৰ আৰু ৰাহুল(মামা)ৰ কৃপাত পাইছিলোঁ। মইও কেতিয়াবা ফ্লাইটত দিয়া চক’লেটবোৰ আৰু চিনাকি কোনোবাই ইম্প’ৰ্টেট চক’লেট মোক দিলে ৰাহুল(মামা)ই দি পঠিয়াইছে বুলি তাইক খাবলৈ দিবলৈ আনিছিলোঁ। মাজে-মাজে বাতৰিকাকতত দিয়া দ্ৰাবিড়(মামা)ৰ খবৰবোৰত আৰু অলপ ‘মিৰ্চ-মছালা’ মিহলাই তাইৰ আগত এনেদৰে কৈছিলোহি যাতে তাইৰ বিশ্বাস কমি নাযায়।
গৰমৰ বন্ধত এমাহ স্কুল বন্ধ হ’ল। লাহে-লাহে কথাবোৰ মইও পাহৰিছিলোঁ।
এদিন তাই হঠাতে মোক সুধিলে, “তোমাৰ মামাৰ ভালনে? ফোন কৰিছে নে?”
মইও একো নাভাবি তাইক সুধিলো, “কোন মামা?”
তাই ক’লে, “ৰাহুল দ্ৰাবিড় মামা আকৌ!”
তাইৰ প্ৰশ্নত আৰু তাইৰ মুখৰ অভিব্যক্তি দেখি মোৰ পেটৰ নাড়ী ডাল-ডাল হৈ গ’ল হাঁহি-হাঁহি। মই বোলো, “তুমি এতিয়াও বিশ্বাস কৰি আছা? ধেই তোমাক সকলো মিছাকৈ কৈছিলো অ’।”
তাই প্ৰথমে অলপ আচৰিত হৈ নিজৰ বুৰ্বকামিত হাঁহিবলৈ ধৰিলে আৰু ক’লে, “তুমি ইমান ধুনীয়াকৈ বনাব জানিছা কথাবোৰ, মই বিশ্বাস নকৰি পাৰোনে!”
লগৰবোৰেও আমি দুইজনীয়ে হাঁহি থকা দেখি ওচৰলৈ আহি সুধিলেহি কথাবোৰ। তাৰপিছৰপৰায়ে দ্ৰাবিড়ে খেলত ৰাণ কৰিব নোৱাৰিলে পিছৰদিনাখন স্কুললৈ আহি মোক লগৰ ল’ৰাবোৰে জোকাইছিলেহি বোলে, “মোমায়েৰে বৰ বেলেগ খেলিলে দেই কালি!”
মই পিছে-পিছে সিহঁতক মাৰিবলৈ খেদি ফুৰিছিলোঁ। বহু-ডাঙৰলৈ জোকাইছিল মোক তেনেদৰেই সকলোৱেই !
তাৰ পিছৰ বছৰত আমি দশম শ্ৰেণীত থাকোতে বিশ্বকাপ অনুষ্ঠিত হ’ল। ভাৰত হাৰিছিল অৱশ্যে সেইবাৰ। আকৌ এতিয়া বিশ্বকাপ ক্ৰিকেটৰ বতৰ। ভাৰতৰ টিমলৈ শুভেচ্ছা ইয়াৰ জৰিয়তেই দিলোঁ।
☆★☆★☆
10:18 am
ভাল লাগিল ?
10:36 am
ধন্যবাদ সোণটো কা
1:53 pm
দ্ৰাবিড় মামাৰ অট’গ্ৰাফ এটা মোক লৈ দিবিচোন দেই। ভাল লাগিল পঢ়ি বিজু
6:51 pm
ধন্যবাদ ধুন দা . .
একদম লৈ দিম দেই অট’গ্ৰাফ . . মোক কুৱেটৰপৰা কিবা আনি দিব মইও অট’গ্ৰাফ আনি দিম ৰাহুল মামাৰ . .
11:08 pm
বৰ ভাল লাগিল দেই পঢ়ি। এনেকুৱা লিখনি আৰু আশা কৰো।
6:52 pm
ধন্যবাদ নবনীতা, মইও চেষ্টা কৰিম দেই লিখিবলৈ . .
10:43 pm
মামাৰ বিচনী আছিলো এসময়ত। বিচনী মানে প্ৰেমেই হৈছিলগৈ আৰু
4:35 pm
হয় নেকি পৰিস্মীতা বা ?
7:14 am
বৰ ধুনীয়া বিজু৷ ইমান ভালকৈ লিখিছা৷
4:37 pm
ধন্যবাদ কাকতী খুড়া । চেষ্টা কৰিছোঁ ।