নিউজ লাইভ ওৰফে মালতী খুৰী – মৃদুলা গগৈ
কলিংবেলটো বৰ দীঘলীয়াকৈ বাজিছে৷ বাজিছে মানে একেৰাহে বাজিয়ে আছে৷ কোন আহিল বাৰু এইসময়ত। ভাতকেইটা খাই বাচনখিনি ধুই আজৰি হৈছোঁহে। দৌৰি গৈছোঁ দুৱাৰ খুলিবলৈ৷ নগ’লে হ’ব নে যেনেকৈহে একেৰাহে বজাই আছে৷ দুৱাৰখন খুলিয়ে দেখিলোঁ আমাৰ মালতী খুৰী। মোক দেখিয়ে মানুহজনী একেবাৰে জকজকাই আহিল৷
: হেৰৌ ৰাতিটো নুশুলি নেকি? আকৌ দিনতো মৰিছ যে।
: নাই শোৱা অ’ খুৰী৷ বাচনকেইটামান ধুইছিলোঁ৷ আহক একেবাৰে পিছফালৰ বাৰান্দাতে বহোঁগৈ।
খুৰীক বহিবলৈ দি মই তামোলৰ বটাটো আৰু কটাৰীখন লগতে লৈ খুৰীৰ কাষতে বহিলোঁগৈ৷ তামোলটো কাটো বুলি হাতত লওঁতেই খুৰীয়ে যেনিবা থাপ মাৰি হাতৰ পৰা লৈ বোলে,
: ধনী মানুহৰ ঘৰৰ আদত লৈছ নেকি? তামোল এখন খুৱাই পঠাই দিম বুলি৷ যা চাহ কৰি আনগৈ৷ ডিঙিটো একেবাৰে শুকাই আহিছে। ভালকৈ গাখীৰ দি চাহ অকণ কৰি আন।
হাঁহি হাঁহি উঠি আহিলোঁ মই। এই খুৰীজনীয়ে মনলৈ অহা কথাবোৰ ৰাখি নথয়। খাৰাংখাচ একেবাৰে। গাঁওখনত খুৰীৰ নাম এটাও আছে। সকলোৱে খুৰীক ‘নিউজ লাইভ’ বুলি কয়৷ মানে খুৰী য’লৈকে যাব সেই ঠাইৰ সকলো বতৰা আঁতি-গুৰি মাৰি লৈ আহিব আৰু সুবিধা পালেই বিতংকৈ কৈ এসোপা খবৰ দিও আহিব। খুৰীৰ লগত কথা পাতিলে যেনিবা গোটেই গাঁওখনৰ খবৰখিনি পাওঁ৷ তাতে যি ৰস লগাকৈ কয়৷ সেয়ে লৰালৰিকৈ চাহকাপ কৰিলোঁ। মোৰো মনটো উচপিচাই আছে খুৰীৰ কথাকেইটাৰ সোৱাদ ল’বলৈ।
এইকেইদিন বিয়াৰ বতৰ। গাঁওখনত কেইবাখনো বিয়া হৈ গ’ল। আমাৰ গাঁঁৱৰ পৰা গৈ নগৰত ঘৰ কৰা বীৰেন হাজৰিকাৰ জীয়েকৰো বিয়া আছিল সেইদিনা৷ খুৰীক লাহেকৈ সুধিলোঁ বোলো বীৰেণ খুৰাৰ ঘৰৰ বিয়াখন খালেগৈ নাই৷
খুৰীয়ে চাহৰ শেষঢোকাটো মাৰি,
: হেৰ’ সেইখন বিয়াই হ’ল নি? নক’বি দেই মোক তেনেকুৱা বিয়াৰ কথা। কিহে পাইছিল মোৰ সেইখনলে যাবলৈ অ’৷ আমাৰ গাঁৱৰ বিয়াখন এৰি সেইখন খাবলৈ ঢপলিয়াই গ’লোঁ৷ বীৰেণটোৱে বৰকৈ মাতি যোৱাৰ বাবেহে গ’লোঁ। অ’ কটা কি ৰং চাবলৈ গৈছিলোঁ অ’।
খুৰীৰ কথা শুনি ময়ো অবাক। তেনেকুৱানো কি হ’ল আকৌ খুৰীয়ে যে ইমান বেয়া পালে।
: ভালকৈ বুজাই কওকচোন খুৰী। আপোনাৰ কথাবোৰ শুনি মোৰ কিবা ডিক্টেটিভ কাহিনী শুনি থকাৰ দৰেহে লাগিছে।
: ৰহ অ’ মৰতী৷ গোটেইসোপা কৈছোঁ৷ আমি গৈ গেটৰ মুখ পালোঁ। যাওঁতেই আকৌ বিয়াৰ চিঠিখন লৈ গৈছোঁ নহয়। দেখুৱাই দিলোঁ গেটত থকা পুলিচটোক। ক’লে বোলে ওপৰলৈ যাওকগৈ। খটখটি বগাই গ’লোঁ ওপৰলৈ। মানুহ একেবাৰে বিৰ দি বাট নোপোৱা। ডিঙি মেলি মেলি চাইছোঁ কিজানি চিনাকি মুখ এখন দেখোঁ। যেনিবা দেখিলোঁ বীৰেণক। মিছা কথা নকওঁ দেই সি যেনিবা আমাক আথেবেথে বহুৱাইছেগৈ দেই। বহি আছোঁ আও৷ ভাবিছোঁ আমাৰ গাঁৱৰ ঘৰত কইনাজনীয়ে সবকে মাত লগোৱাৰ দৰে তাতো লগাবহি আহি। উপহাৰটো তেতিয়াই দি কইনাজনীকো আৰ্শীবাদ অকণ দিম। নাই নহয়। বহিয়ে আছোঁ বহিয়ে আছোঁ। নাহিল আও ওচৰলৈ৷ তাৰ পা দেখিলোঁ মানুহবোৰে দেখোন কইনাজনীৰ ওচৰলৈ গৈ উপহাৰ দিছে। বোলো ৰৈ থকাৰ কথা নহয় ময়ো উঠি গৈ দি আহোঁ। ও কেনেকৈ দিবি। ফটোকে মাৰিয়ে আছে মাৰিয়ে আছে। ইটো আহিছে ফটো তুলিছে সিজনী আহিছে ফটো তুলিছে। ওৱা এইবোৰ কি আকৌ! মানুহবোৰেও বহি বহি তাকে চাই আছে। হেৰৌ তঁহতি মানুহবোৰক ফটো তুলা চাবলৈ মাতিছিলি নি! বিয়াৰ দিনা যদি কইনাজনীৰ ৰাইজৰ আশীৰ্ৱাদ এটা ল’বলৈ সময় অকণ নাথাকে তেনে কি বিয়া অ’! কাণ ধৰিলোঁ মই এনেকুৱা বিয়া খাবলৈ নাযাওঁ দেই৷
মই বোলো,
: হ’ব বাৰু নগ’লেও নাযাব৷ এতিয়া কি খুৱাইছিলে সেইটো কওক।
খুৰী একেবাৰে দাং খাই,
: কটা ভাল সুধিছ। কেইবাবছৰমান আগতে আমাৰ গাঁওখনত বানপানী হৈছিল। আমাৰ ঘৰৰ অৱস্থাও এতিয়াৰ দৰে নাছিল। সেইবছৰে ৰিলিফৰ বস্তুৰ বাবে দীঘলীয়া শাৰী পাতিছিলোঁ। তাৰ পিছতে জহনীতযোৱা বীৰেণৰ জীয়েকৰ বিয়া খাবলৈ গৈ ঘণ্টা ঘণ্টা লাইন পাতিলোঁ ঐ। নগদ পাঁচশ টকা দি উপহাৰটো লৈ গৈছোঁ, নোখোৱাকেনো কেনেকৈ গুচি আহোঁ। পাতিছোঁ আও লাইন৷ কঁকাল টণটণাই গৈছে৷ যেনতেন খোৱাবস্তুসোপাৰ ওচৰ পালোঁগৈ। ভাত দিছে এহেতা। মই আমাৰ কুকুৰটোলৈ এৰোঁ সেইকেইটা। মইতো মাংস নাখাওঁৱেই মাছ অকণকে লৈ খালোঁ আও সেইকেইটাকে। তাকো থিয়ৈ থিয়ৈ। আকৌ আনিবলৈ নগ’লোঁ দেই৷ অত লাইন পাতি আছে মানুহমখাই তাৰ মাজত সোমাই কি আনিবিগৈ। যি পালোঁ তাকে খাই গুচি আহিলোঁ৷
কথাখিনি কৈয়ে খুৰী একেবাৰে বহাৰপৰা জাঁপ মাৰি উঠি বোলে,
: মই যাওঁ দেই। আমাৰ সেইজনীয়ে ( বোৱাৰীয়েক ) কি কৰিছে ঠিক নাই৷ বন্ধন বেংকৰপৰা লোণ লৈ ইটাচপৰামান ম’বাইল এটা লৈছে সেইদিনা। সেইটোকে পিটিকি কি কৰি থাকে নাজানো আও দেই। মই তাকে মাজে মাজে নজৰ দি থাকোঁ। এটাই দিনৰ দিনটো কষ্ট কৰি ধাৰ মাৰিব তাই বেটীয়ে ম’বাইল টিপি থাকিব৷ কিবা খং উঠিব মা মাৰি ভাঙি পেলাম বাপেকে৷
কথাখিনি কৈ কোবাকোবিকৈ খোজ ল’লে ঘৰৰ ফালে।
☆★☆★☆
2:41 pm
ভাল লাগিল বা।
7:58 pm
ধন্যবাদ ৰাজশ্ৰী
3:25 pm
পঢ়িলো দেই ৷ ভাল লাগিল পঢ়ি ৷
10:49 pm
খুব ভাল লাগিল
10:34 am
ধন্যবাদ নীলাক্ষি