ফটাঢোল

চাকনৈয়া – শর্মিষ্ঠা দত্ত

বহুত দিনৰ মূৰত ৰঞ্জনক লগ পাম বুলি মনটো বৰ ভাল লাগি আছে আজি। ৰঞ্জন মােৰ সৰু কালৰ বন্ধু। কলেজৰ পাছত মই চাকৰি সংক্ৰান্তত বাংগালােৰলৈ গুচি অহাত বহুত বছৰেই তাক লগ পােৱা নাই। সি বা এতিয়া কেনেকুৱা হৈ আছে? ৰঞ্জন এতিয়া হায়দৰাবাদত থাকে৷ আজি এবছৰ আগতে চাকৰিত যােগদান কৰিছে হায়দৰাবাদত। দেৰি হ’ল তাৰ….

কেইবাবছৰৰ চাকৰিৰ খেলিমেলি মানে চাকৰি বদলি কৰি কৰি থাকিল গুৱাহাটীতে। এটা চাকৰিতো ভালকৈ মন নবহা হ’ল তাৰ। ইয়াৰ গুৰিতে প্রেম নামৰ সেই দূৰাৰােগ্য ৰােগ। কথাবােৰ ভাবি ভাবি মনতে হাঁহি উঠিল! কিযে দিন আছিল সেই কলেজীয়া দিনবােৰ। সি বাৰু আজিও আগৰ দৰেই হৈ আছে নেকি?

মই জমাট’ৰ জৰিয়তে ৰাতিৰ আহাৰৰ অৰ্ডাৰ দি থ’লােঁ। ইমান দিনৰ মূৰত লগ পাম, বহিব লাগিব অলপ তাৰ লগত। আজি কিমান সময় হয় তাৰ কোনাে ঠিকনা নাই, সময়ৰ হিচাপ নাৰাখােঁ মই। ভিতৰি ভিতৰি এক অনুকম্পন অনুভৱ কৰিছোঁ। বাৰে বাৰে খিৰিকীৰ ফালে চকু গৈ আছে। সি সাত বজাত আহি পাব বুলি কৈছিলে, এতিয়া দেখােন সাত বাজি পোন্ধৰ মিনিট গ’ল। আহি পােৱা নাই যে ৰঞ্জন!

“ক্লিং… ক্লিং…”

হঠাৎ উচপ্ খাই উঠিলােঁ। আহিলে সি…..।
দুৱাৰ খুলি সন্মুখত ৰঞ্জনক দেখি মনটো ভাল লাগি গ’ল। আহিয়ে সাৱটি ধৰিলে সি মােক।

: বহুত দিনৰ মূৰত লগ পাইছােঁ বন্ধু, ভালে আছনে?

: আছোঁ, আছোঁ, বহ। ঘৰটো উলিয়াবলৈ অসুবিধা হােৱা নাই নহয়?

: এই গুগল বেটা এনেই আছে নেকি? টেক্সিয়ে আনি একেবাৰে তােৰ ফ্লেটৰ সন্মুখতে নমাইছেহি?

: হয় আজিকালি অসুবিধা নাই।

ৰঞ্জন অলপ খীণাইছে, যদিও যথেষ্ট অভিজ্ঞ যেন লগা হৈছে।

: তই অকলে থাক নেকি?

: আৰু নহ’লে কোন থাকিব?

: হয়তাে, তই বিয়া পতা নাই নহয়, পাতিবিহে।

: অঁ…

মই হাঁহিলােঁ।

মই মােৰ বিয়াৰ কথা নাপাতোঁ বুলিয়ে ভাবিছিলােঁ। নহ’লে কথাই বা কোন ফালে গতি লয়? তাৰ ফচি
যােৱা ৰেকৰ্ডখন বাজিবলৈ ল’লে বা কি হয়? তাৰ বুকুখন বিষালে মােৰাে যদি বিষাবলৈ লয়?
হাত মুখ ধুই ল’লে সি। মই লাইট মিউজিক এটা লগাই দিলােঁ।

: চাহ-তা নাখাওঁ দেই মই… আনি থৈছনে কিবা?

: ব্লেক লেভেল আছে।

: হ’ব খােল।

পেগ এটা এটা লৈ দুইটা বহিলােঁ।

: ছিয়েৰ্চ…

কাচৰ গিলাছৰ শব্দ নিজান ঘৰটোত বৰ স্পষ্টকৈ ওলাল। দুইটাৰে হাঁহি উঠি গ’ল।

: ক’চোন বিমান, তােৰ খবৰ?

ৰঞ্জনে সুধিলে।

: আছোঁ ভালে। যােৱা বছৰেই অসম যােৱা। বাংগালােৰত বৰ বেয়া নালাগে। থাকিবলৈ ভাল। তােৰ
হায়দৰাবাদত কেনেকুৱা লাগিছে?

: আছে। এইটো চাকৰি বেছি দিন কৰিব নােৱাৰিম। সলাব লাগিব।

মই বুজিব নােৱাৰিলােঁ। আকৌ তাক দূৰাৰােগ্যই দেখা দিয়া নাইতাে?

: কিয়? ভাল নহয় নেকি?

: নহয়। এনেয়ে…

মই ধৰিব পাৰিলােঁ, সি কাৰণটো ক’ব বিচৰা নাই।
সি যদি আজিকালি লুকুৱাব পৰা হৈছে তেনেহ’লে ভালেই হৈছে। তাকো মােৰ পৰা। মই তাৰ এই পৰিৱর্তনেই বিচাৰি আছিলােঁ। মই যিমান পাৰােঁ কথাবােৰ আই.পি.এল., লােক সভা ইলেকশন, অসমৰ বতৰ আৰু মা-দেউতাৰ মাজতে সীমাবদ্ধ ৰাখিবলৈ চেষ্টা কৰিলােঁ। মাজে মাজে আকৌ কলেজৰ সেই পেঁপা, মূলা গাভৰুৰ কথা নােলােৱা নহয়। পেঁপা অর্থাৎ কাবেৰী, মাতটো পেঁপাৰ নিচিনা টেকটেকীয়া আৰু ময়ূৰী মূলাগাভৰু, সকলােৰে হতাকর্তা। মই এতিয়াও অৱগত নহয়, সি দিপ্তী নামৰ সেই প্রেমৰ ব্যাধিটোৰ পৰা কিমান আৰােগ্য হ’ব পাৰিছে।

: আৰু এটা পেগ দিওঁ নে?

মই দ্বিতীয়টো পেগ বাকি দিলােঁ তাক। সি বিশেষ কথা পতা নাই। মইহে কথা বেছিকৈ কৈছােঁ।

: অই ভাত কি কৰিবি? খােৱাবিনে নাই? ৰান্ধিব লাগিছিল নহয়?

: সেই চিন্তা কৰিব নালাগে, অৰ্ডাৰ দি থৈছােঁ।

: আজিকালি এইবােৰেই সুবিধা বুইছ। সব কথাই বৰ সহজ হৈ গ’ল।

তাকেতাে ৰঞ্জনক ইমান দিনে আমি বুজাবলৈ চেষ্টা কৰি আছিলােঁ, বৰ সহজে সব বস্তু পায়, কেৱল
ৰান্ধনীয়ে নহয়, বন্ধু আনকি গার্লফ্রেণ্ডো। আমি মানে মই, ৰুবুল, প্রাঞ্জল আৰু প্রবীৰ….। আমি গােটেইকেইটাই তাৰ কলেজীয়া বন্ধু। কিবা দূৰদৰ্শীয়ে আছিলােঁ নেকি আমি, তেতিয়াই সাৱধান বাণী শুনাইছিলােঁ, “লগৰ ছােৱালী, চাবি পাছত লুচি বিলাবহে লাগিব।” কিন্তু বাপুকাই কথা শুনিলেহে, তাতে বেমাৰটো যিহে লিকটা … ঔষধেও কামত নিদিয়ে… বাঢ়িহে যায় দেখােন!

: তই ল, এইবােৰ খা।

কাজু বাদামৰ বাতিটো আগবঢ়াই দিলে ৰঞ্জনে।

: তােৰ শ্ৰীমতীৰ নাম কি? কিবা কৰে নেকি?

মই ভয় কৰি থকা কথাষাৰেই সুধিলে সি। শ্রীমতী’ মানে মােৰ হ’বলগীয়া পত্নীৰ কথা সুধিছে সি…. কিন্তু তাইৰ নামটো মই কেনেকৈ কওঁ?

: কলেজ এখনত কাম কৰে তাই।

: কি নাম?

: গীতাঞ্জলি দত্ত।

ভাল নামটোকে ক’লােঁ তাইৰ। দিপ্তী বুলি ঘৰুৱা নামটো কৈ তাৰ পুৰণি ঘাঁ টুকুৰা আকৌ পকাই তুলিব নােৱাৰােঁ মই।

: তই কাৰােবাক পাইছ নেকি?

মই এনেয়ে সুধিলােঁ, প্রকৃততে সি সম্পূর্ণ আৰােগ্য হ’লনে নাই সেইটো জুখি চাবলৈহে মই সুধিলােঁ।

: নাই…।

অলপ দীঘলীয়াকৈ ক’লে সি। কিবা হয়তাে আৰু ক’ব বিচাৰিছিল। মই জোৰ নকৰিলােঁ। মই জানাে কম বুলি ভাবিলে সি নিজেই ক’ব।

: চাকৰিটো এৰিব লাগিব বুজিছ…

এইবাৰ আকৌ কি হ’ল তাৰ, চাকৰি এটাত কথমপি থিতাপি লৈছেহে, আকৌ কি হ’ল, এবছৰ হৈছেহে
মাত্র… এটা কোম্পানী কমেও তিনিবছৰ অভিজ্ঞতা লৈ অন্য কোম্পানীলৈ জাঁপ মাৰিলে কামত আহিব। এইবােৰ কথা মই তাক ক’ব নালাগে, সি নিজেই জানে।
ৰঞ্জনে তিনিটা পেগ শেষ কৰিলে। মই তিনি নম্বৰটো ল’লােঁ। মনতে ভাবিলােঁ বহুত দিন ৰঞ্জনৰ লগত খােৱা নাই। তাৰ কেপাচিটি বা কিমান এতিয়া?

: হাফ এটাহে ল’বি।

: আৰে দোস্ত, ইমান দিনৰ মূৰত লগ পাইছােঁ বাধা নিদিবি অ’ আজি। ঠিকেই থাকিম দে।

মই হাঁহিলােঁ।

: পাৰ যদি ল….।

: মােৰ কেপাটিচি বহুত আজিকালি। ছয় সাত পেগ গিলিব পাৰােঁ।

মনতে ভাবিলােঁ গিলিব কিমান পাৰ দেখি থৈছােঁ। তাৰ পাছত মানুহ হৈ থাকিব পৰাটোহে বাপুকা বাহাদুৰীৰ
কথা। ৰঞ্জনে পাঁচ নম্বৰ পেগটো লােৱা দেখিলােঁ।
দিপ্তীৰ বিয়াৰ দিনা যে কাণ্ড! ৰুবুল, মই আৰু প্ৰাঞ্জলে ৰঞ্জনক গােটেই ৰাতিটো পহৰা দি আছিলােঁ। গােটেই ৰাতি সি দিপ্তীক কিমান ভাল পায় তাকে তুলাচনিৰে জুখি থাকিল। আমি তাক আৰু এপেগ খােৱাই শুৱাই থ’বলৈ চেষ্টা কৰিলােঁ। সি তাইক দোষ নিদিয়ে। ঘৰৰ ডাঙৰ ছােৱালী, দেউতাক ৰিটায়াৰ হ’ল। তাইৰাে উপায় নাই। এইবােৰ কথা আমাৰ সৰু মগজু যে কেতিয়াবাই ভাবি উলিয়াইছিলোঁ। ভাড়া ঘৰত তামােল গছ ৰােৱা আৰু লগৰে ছােৱালী ভাল পােৱা একেই কথা। তাকেনাে কিমান বুজাইছিলােঁ ৰঞ্জনক। কিন্তু এই প্রেম ৰােগ কম লিকটানে? সহজে লগ নেৰে নহয়।

দিপ্তীৰ বিয়াৰ পাছত ৰঞ্জনে প্রায় এটা বছৰে এই ৰােগত ভোগাৰ পাছত লাহে লাহে বেমাৰ উপশম হােৱা বুলি গম পালােঁ। মই ইতিমধ্যে বাংগালােৰত চাকৰি কৰিবলৈ গুচি আহিলােঁ। ৰঞ্জনে গুৱাহাটীতে ইটোৰ পাছত সিটো কোম্পানী সলাই থকা হ’ল। মাজে মাজে একো নকৰাকৈ ঘৰতে থকা বুলিও গম পাইছিলােঁ। তেনেহ’লে চাকৰিত টিকিব নােৱাৰাটোও তাৰ অন্য এটা বেমাৰ নেকি? মই তাক নিজৰ ক্ষুদ্র জ্ঞানেৰে “কেৰিয়াৰ পগ্রেশ্বন’ৰ ওপৰত এটা দীঘলীয়া বক্তৃতা দি দিলােঁ। ৰঞ্জনক ঠিক কৰাটো মই মােৰ কর্তব্য বুলি ভাবােঁ।

: তই নিজৰ কথা চিন্তা কৰিবলৈ চেষ্টা কৰ। ইমান ভাল একাডেমিক কেৰিয়াৰ এটা এনেই নষ্ট নকৰিবি।
তােৰ এটা ভৱিষ্যত আছে। জীৱনটো আগবঢ়াই নে? তােৰ নিচিনা হেণ্ডচম্ এটালৈ ছােৱালীৰ লাইন লাগি যাব।

মই উপাই নাপাই তাক বুজাবলৈ চেষ্টা কৰিলােঁ। ৰঞ্জনে জোৰকৈ শব্দ কৰি হাঁহিলে।

: তই বৰ চিধা অ’। তই নেজান চাগৈ দিপ্তী মােৰ বচৰে পত্নী, পৃথিৱী গোলাকাৰ … দ্য ৱৰ্ল্ড ইজ ৰাউণ্ড।” – সি জিভা ঘুৰাব নোৱৰা হ’ল। – “ক’তনো পলাম তাইৰ পৰা।”

: হাঁ…!

মােৰ মুখখন মেলখাই গ’ল। মানুহে এনেই নকয়, “য’তেই বাঘৰ ভয় ত’তেই ৰাতি হয়।”

ইমান সময়ে মই তাৰ মানে, ভিতৰি ভিতৰি গেলিযােৱা ঘাঁ এটুকুৰাতহে এনেয়ে মলম সানি আছিলােঁ। লগে
লগে দুটা গিলাছত আৰু এপেগ এপেগ ঢালি ঘােট ঘােটকে গিলি পেলালােঁ।

☆★☆★☆

8 Comments

  • কাবেৰী মহন্ত

    বহুত দিনৰ পাছত তোমাৰ লিখাৰ সোৱাদ পালোঁ শৰ্মিষ্ঠা ৷ আগলৈও পঢ়িবলৈ পাম বুলি আশা কৰিলো ৷ বৰ ভাল লাগিল

    Reply
  • ৰিণ্টু

    সঁ‌চাই বহুত দিনৰ পিছত তোৰ গল্প পঢ়িলো, টেষ্ট একেই আছে। এইবাৰৰ পৰা প্ৰত্যেক মাহে মোৰ পৰা কামোৰ খাবি

    Reply
  • শৰ্মিষ্ঠা

    হব.. টেষ্ট একেই থকাটো ভাল নে বেয়া নাজানো।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা।

    ভাল লাগিল দেই পঢ়ি।

    Reply
  • Nilakshi Devi Deka

    বহুত ভাল লাগিল পঢ়ি

    Reply
    • শৰ্মিষ্ঠা

      ধন্যবাদ .. 🙂

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *