চৌষষ্ঠি কলাৰ অনুষ্ঠান – সৌৰভ শৰ্মা
আমি চৌষষ্ঠি কলাৰ বিষয়ে শুনিছোঁ কিছু পঢ়িছোঁ। কিন্তু এই ৬৪ কলা একেলগে অধ্যয়নো কৰি আছোঁ। মানে মোৰ কথাষাৰ অলপ বুজাত অসুবিধা লাগিব। কিন্তু সত্য কথা হ’ল চৌষষ্ঠি কলাৰ প্ৰথমেই আহে লিখা আৰু পঢ়া, এই দুই কলা। কিন্তু ইয়াৰোপৰি যি ৬২টা বাকী ৰ’ল তাৰ হিচাপো ৰাখিব লাগিব।
কাৰণ সকলোতকৈ উত্তম কলা হৈছে চৌৰ্য বা চুৰি কলা। নকল কৰা, আনৰ বস্তু গোপনে নিজৰ কৰা আদি যিয়ে সুচাৰুভাৱে সম্পন্ন কৰে তেওঁ এই কলাৰ পণ্ডিত৷ লগতে তেওঁ চৌষষ্ঠি কলাৰ মালিক হ’ব পাৰে৷ কিন্তু এই কলাবিদক সহজে দেখা নাপায় যদিও, লাই ডিটেক্টৰ সদৃশ ফেচবুকত অনায়াসে ধৰা পৰে। অৰ্থাৎ আনৰ লিখা চুৰি কৰি বা নকল কৰি ফেচবুক যন্ত্ৰত ইতিমধ্যে বহু ধৰা পৰিছে। অৱশ্যে ধৰা নপৰাও বহুত আছে।
কাম কলা, ইয়াৰ বিষয়ে বেছি জানিব লাগিলে বাৎস্যায়নৰ বিখ্যাত পুষ্টকখন পঢ়িব। মই মাত্ৰ ফেচবুকৰ সেইসকলৰ কথা অনুকিয়াবলৈ বিচাৰিছোঁ, যিসকলে ৱালত মিঠা মন্তব্য দি ক্ষান্ত নহয়। তিতা মন্তব্য দিও ক্ষান্ত নহয়। ইনবক্সত গৈ হাই কি ক্ৰিছা (কৰিছা) , তুমি “bhut” (ভূত-ভূত) ধুনীয়া আদি মন্তব্য দি চল পালে নাৰীৰ দেহৰ জোখৰ পৰা একান্ত ব্যক্তিগত কথা সোধে। তেওঁলোকেই হৈছে ফেচবুকত কামকলা বিষাৰদ।
এতিয়া আহোঁ পঢ়া বা পঠন। পোষ্ট এটা পঢ়াটো সাধাৰণ কথা, কিন্তু আপোনাৰ সৈতে এঘড়ী যুঁজ দিম বুলি বা আপোনাতকৈ পাণ্ডিত্য দেখুৱাবলৈ, আপোনাৰ পোষ্টটো মনোযোগেৰে পঢ়াজন। তেওঁ এইকলাৰ বিশাৰদ। লিখন কলাৰ ধৰণ নিজস্ব কিন্তু আনৰ লিখন কলা ভুল নিজৰটো শুদ্ধ মনোভাৱৰ লিখকসকল। ফেচবুকৰ ৬৪ কলাৰ এই কলাত তেওঁলোক মাহিৰ।
চিত্ৰ অংকন, আলপনা, আদি কলা বিশাৰদৰো অভাৱ নাই ফেচবুকত। কিন্তু ৰন্ধন কলা ধেমালি নহয়। এতিয়া খাদ্য সম্ভাৰৰ ফটো দিয়া, বা ৰেচিপি লিখাসকল হৈছে উত্তম। কিন্তু যিয়ে ৰেচিপিখন সুন্দৰ ভাষাৰে সাহিত্য সম কৰিব পাৰে তেওঁ হৈছে সৰ্বোত্তম।(লাগিলে তেওঁ ৰান্ধিব নাজানক) কিন্তু খোৱা সাজটোৰ এখন সুন্দৰ ফটো সততে দিয়াসকল খাবৰ বাবে জীয়াই থকা ধৰিত্ৰীৰ বোজা যে সেইটো জুকাৰে নকলেও ৰাইজ নিশ্চিত।
কণ্ঠ সংগীত চৰ্চা, যন্ত্ৰ সংগীত চৰ্চা, নৃত্য কলা আদিৰো পয়োভৰ ফেচবুকত চিৰপ্ৰৱাহমান।
পুষ্পসজ্জা, কেশসজ্জা, গৃহসজ্জা, অংগসজ্জা, পোছাক সজ্জা আদি কলাবিদৰ অভাৱ নাই জুকাৰৰ দেশত। গৃহনিৰ্মাণ, বাঢ়ৈ, কাঠৈ আদিৰো অৰ্নগল আপডেট দিয়া বিশাল বিশাল কলাবিদ আছে ফেচবুকত।
পুতলা বনোৱা, গণিতৰ জ্ঞান, আত্মগোপন কৌশল, সামৰিকনীতি, ৰাজনীতি, জুৱা-পাশাৰ কলা, মুখ চাই গৰ্ভ চিনা, হস্তৰেখাবিদ, জ্যোতিষ, আদি কলাবিদ জুকাৰৰ দেশত বিৰজিত।
৬৪ কলাক সামৰি লিখাৰ সামৰ্থ্য এই অধমৰ নাই সেয়ে কিছুমান বাদ পৰিল। তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু চৌৰ্য্য, ৰাজনীতি, ৰন্ধন, সমালোচনা, এই চাৰি কলা বিষাৰদৰ আধিপত্য ফেচবুক জগতত সৰ্বাধিক। সেয়ে চৌষষ্ঠি কলা জানিবলে সুন্দৰ শিক্ষানুষ্ঠান হৈছে ফেচবুক। ইয়াত সকলো কলাৰ বিশাৰদে ভৰ্ত্তি হৈ আছে। আধুনিক ৬৪ কলাৰ শিক্ষানুষ্ঠান হৈছে ফেচবুক।
মাত্ৰ চৌৰ্য্য আৰু কাম এই দুই বিশাৰদৰ পৰা নিজকে বচাই চলাহে মূলকথা।
☆★☆★☆
11:14 am
বঢ়িয়া শৰ্মাদা ৷ আপোনাৰ ৰিচাৰ্চ ভাল লাগিল ৷
11:20 am
বাপৰে কি গৱেষণা!ভাল লাগিল
11:58 am
তামাম ?
11:29 am
ফেচবুকীয়া সকলৰ আৰু এটা মেইন কলা বুলিলে বৰলাসকলৰ গৃহস্থী জীৱনৰ খুটিনাটি সম্বন্ধীয় লিখাবোৰ পৰিব।
11:57 am
?
1:14 pm
একদম জুই হৈছে এইটো দাদা
1:47 pm
মজা লাগিল সৌৰভ দা।
1:52 pm
সুন্দৰ গৱেষণা, বঢ়িয়া সৌৰভ
5:05 pm
বঢ়িয়া।ফেচবুকত ভালকৈ পঢ়িম এতিয়াৰ পৰা।
2:49 pm
বহুত ধন্যবাদ।??????
2:51 pm
উৎসাহ ভৰা মন্তব্যৰ বাবে সদৌটি ৰাইজক ধন্যবাদ
4:09 pm
বঢ়িয়া গৱেষণা।
2:38 pm
বঢ়িয়া। ভাল লাগিল।