ফটাঢোল

যৌথ ব্যৱসায় – সুকুমাৰ গোস্বামী

কিছুদিনৰ আগতে মাৰ্কেট ভিজিটৰ বাবে ৰঙিয়ালৈ গৈছিলোঁ। ডিলাৰ এখনৰ ওচৰত বহি কথাৰ মহলা মাৰি থাকোঁতে দেখাত অজলা ধৰণৰ এজন পুৰুষ আৰু এগৰাকী মহিলাই ব্যৱসায়িক প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰিলে। পুৰুষজনৰ তুলনাত মহিলাগৰাকীৰ পিন্ধন ওৰণ যথেষ্ট মাৰ্জিত আৰু কথা বতৰাও যথেষ্ট সপ্ৰতিভ। নিজকে পতি পত্নী বুলি চিনাকি দি আগমনৰ উদ্দেশ্য বেকত কৰিলে। উদ্দেশ্য আছিল ধুপকাঠী বিক্ৰী কৰা। সহজ সৰল চহা অসমীয়া দম্পত্তীৰ এই ব্যৱসায়িক প্ৰচেষ্টাক উদগনি জনোৱাৰ সৰ্বোত্তম উপায় হিচাপে সকলোৱে তেওঁলোকৰপৰা ধুপকাঠী কিনাৰ সিদ্ধান্ত ল’লো আৰু উপস্থিত থকা চাৰি পাঁচজন মানুহে সমস্ত ধুপকাঠী কিনি পেলালোঁ। তেওঁলোকৰ মুখত দেখা আত্মসন্তুষ্টিৰ হাঁহিয়ে সকলোকে এক অনাবিল আনন্দ দিলে। দে ভাই, যি কি নহওক আজি অসমীয়া হৈ অসমীয়াৰ ব্যৱসায়ত সামান্য হ’লেও অৰিহণা যোগালো, এক পৰম তৃপ্তি।

তেওঁলোকক বিদায় দিয়াৰ কিছুক্ষণ পিছতে আমিও সেই স্থানৰপৰা প্ৰস্থান কৰি চহৰৰ মূল পথেৰে আগবাঢ়িলো। হঠাৎ দেখিলো ৰাষ্টাৰ মাজত মানুহৰ জুম। কোনো মহিলাই উচ্চস্বৰত কাৰোবাক গালি দি আছে। অনুসন্ধিৎসু মন। ক’তনো কি ঝেং হৈছে গম লওঁ বুলি ডিঙি মেলি চাওঁতে দেখিলো যে কিছুপৰৰ আগতে লগ পোৱা অজলা ককাইক আজলী ধৰণৰ মানুহ এগৰাকীয়ে কুকুৰে কাঁইট নোখোৱাকৈ গালি দি আছে আৰু বেচেৰাই নতমস্তক হৈ ৰাজহুৱা লাঞ্ছনা গ্ৰহণ কৰি আছে। ঘটনাৰ ওঁহ লৈ গম পালো যে ঘৈণীয়েকক আভুৱা ভৰি অজলাকায়ে বহুদিনৰপৰা ধুপকাঠী বাইদেউৰ লগত লিলিমাই কৰি আছিল। ঘৈণীয়েকে দিনৰ দিনটো আনৰ ঘৰত গেবাৰী খাটি ঘৰ চলাই আৰু গিৰিয়েকে পৰ নাৰীৰ ধুপকাঠীৰ ব্যৱসায়ৰ সহায়কাৰী হৈ, সুদে মূলে সোপাকে দি থৈ সন্ধিয়া এটুপি ধৰি আহি ঘৈণীৰ ওপৰত বৰমতা দেখুৱায়।

সেইদিনা বপুৰাৰ দিন বেয়া আছিল চাগে। চহৰত প্ৰেমিক যুগলৰ আগমনৰ খবৰ কোনোবা চকুচৰহাই আগতীয়াকৈ প্ৰকৃত ঘৈণীয়েকক দি দিয়াৰ ফলতেই অজলাকাইৰ এই আহুকাল। হাতত থকা ধুপকাঠীৰ পেকেটকেইটা অজলাৰ মুখত মাৰি টকাকেইটা ঘূৰাই লৈ অহাৰ প্ৰৱল ইচ্ছা আছিল যদিও বৰ্ধিত দৰ্শনাৰ্থীৰ ভিৰৰ বাবে সম্ভৱ নহ’ল।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *