ফটাঢোল

অনুস্বৰং বিসৰ্গং সংস্কৃতঃ – জয়দ্বীপ

শৰ্মা খুৰাৰ তিনিজনী ছোৱালী, এজন ল’ৰা, ডাঙৰ দুজনী ছোৱালীৰ বিয়া হৈ গৈছে, সৰু ছোৱালী আৰু ল’ৰাজন এতিয়াও স্কুলীয়া ছাত্ৰ। ডাঙৰ জোঁ‌ৱাই সংস্কৃতত বিশাৰদ, লগতে কলেজ এখনত অধ্যাপনা কৰা এজন পণ্ডিত ব্যক্তি। খুৰাৰ মাজু জীয়েক দেখাত অতীৱ সুন্দৰী। হ’লে কি হ’ব জীয়েকে কলেজত পঢ়ি থাকোঁ‌তেই কলেজৰ গেটৰ বাহিৰত আড্ডা মৰা এক লাবেলদাৰ আত্মবিশ্বাসী পালছাৰৱালাৰ প্ৰেমত পৰি এদিনাখন ঘৰৰ পৰা চম্পটুছ মাৰিলে। প্ৰথমতে খুৰাই কেইছটো মানি ল’বপৰা নাছিল যদিও পিছলৈ উপায়বিহীনে মানি ল’লে। সৰু জোঁ‌ৱাইৰ ঘৰৰ অৱস্থা ভালেই যদিও, লিখা-পঢ়াতহে ঠন ঠন মদন গোপাল…! প্ৰৱল আত্মবিশ্বাসী হ’লেও বিয়াৰ পিছৰ পৰা কেৱল শহুৰেকৰ ডাঙৰ জোঁ‌ৱাইৰ কথা মনত আহিলেই সৰু জোঁ‌ৱাইৰ প্ৰৱল আত্মবিশ্বাসতো গ্ৰহণ লাগি হিনমান্যতাত ভোগে! সেয়ে ডাঙৰ জোঁ‌ৱাই যেতিয়া শহুৰেকৰ ঘৰলৈ আহে তেতিয়া সৰু জোঁ‌ৱাই ভুলতো শহুৰেকৰ ঘৰৰ ১০ কি.মি. ব্যাসত প্ৰৱেশ নকৰে…! আখিৰ ইজ্জতকা ছাওৱাল হ্যে, জানি বুজি নিজৰ ইজ্জতৰ ফালুদাতো কৰিব নোৱাৰি।

শৰ্মা খুৰাৰ মনত এইলৈ অশান্তি, হাজাৰ হওক বিপদে আপদে ঘৰৰ জোঁ‌ৱাই এক ডাঙৰ সাহস। এই বুলি শৰ্মা খুৰাইয়ো এইবাৰ বুদ্ধি এটাকে পাঙিলে… যিহকে নহ’ওক লাগিলে এইবাৰ বিহুত দুই জোঁ‌ৱাইৰ মিলন কৰাবই লাগিব। তাৰোপৰি দুই জোঁ‌ৱাইৰ মাজতো পৰিচয় থকাটো উচিত। কিন্তু ডাঙৰ জোঁ‌ৱাই বিহুত আহিব বুলি কিবাকৈ গ’ম পালে সৰু জোঁ‌ৱাই নাহিবই, সেয়ে ডাঙৰ জোঁ‌ৱাই অহা কথাটো গোপন ৰাখি সৰু জোঁ‌ৱাইক বিহুত আহিবলৈ নিমন্ত্ৰণ দিলে।

সেইমতেই বিহুৰ দিনাখন সৰু জোঁ‌ৱাই শহুৰেকৰ ঘৰত উপস্থিত হ’ল। কিন্তু হাত ভৰি ধুবলৈ যাওঁতেই কোনোবাই “নমস্কাৰম্ নমস্কাৰ্ম্” বুলি ঘৰলৈ প্ৰৱেশ কৰিলে। সৰু জোঁ‌ৱাইৰ বুজিবলৈ বাকি নৰ’ল এই জনেই সেইজন ডাঙৰ জোঁ‌ৱাই, যি সংস্কৃতৰ বাহিৰে কথা নাপাতে। হায়! হায়! এতিয়া কি হ’ব… কেনেকৈ তেওঁৰ সৈতে কথা বতৰা পাতিব…! নাহ… ইমান দিনে খুলশালিহঁতৰ আগত যিটো লেভেলত চলি আছিলে সেইটো লেভেলক ফালিব নোৱাৰি গতিকে কিবা এটা মুহুৰ্তত সুযোগ বুজি হাৱা হ’ব লাগিব সেই সুযোগ নাহে মানে বেইজ্জত হোৱাতকৈ চাঙৰ তলত সোমোৱাই ভাল হ’ব…! এইবুলি সৰুবাপু চিধাই চাঙৰ তল পালে।

ডাঙৰ জোঁ‌ৱাই বীৰদৰ্পে ইটো কঠালিৰ পৰা সিটো কোঠালিলৈ বিচৰণ কৰি কৰি অনুস্বাৰ, বিসৰ্গ লগাই সকলোৰে লগত সংস্কৃততে কথা পতাত লাগিল। খুলশালিহঁতো দুটা এটাকৈ সংস্কৃততেই ভিনিদেউক উত্তৰ দিবলৈ ধৰিলে। সংস্কৃত ভাষাত প্ৰায় প্ৰতিটো শব্দতেই এটা অনুস্বাৰ বা বিসৰ্গ থাকে। কিছুদেৰিলৈকে ডাঙৰ জোঁ‌ৱাইৰ মুখত সংস্কৃত শুনি শুনি সৰু জোঁ‌ৱাইৰ কনফিডেঞ্চ লেভেল আকৌ বাঢ়িবলৈ ধৰিলে। ধেই ইমানো ভয় কৰে নে… অনুস্বাৰ বিসৰ্গ লগাই দিলেই দেখোন সংস্কৃত হৈ যায়… ই একেবাৰেই সহজ… নাহ, ডাঙৰ জোঁ‌ৱাইক আৰু লেভেল দিব নোৱাৰি। সংস্কৃত শুনি শুনি সৰু জোঁ‌ৱাইৰ কনফিডেঞ্চ লেভেল ইমানেই হাই হৈ গ’ল যে চাঙৰ তলৰ পৰাই নিজে ক’ব নোৱাৰাকৈ মুখেৰে মাত ওলাই গ’ল – “অনুস্বৰং বিসৰ্গং লগায়ং দিলেং সংস্তৃতং হয়ং।” সকলোৱেই চাঙৰ তলৰ পৰা সৰু জোঁ‌ৱাইক উঠাই আনিলে। ডাঙৰ জোঁ‌ৱায়ে সৰু জোঁ‌ৱাইৰ ফালে চাই মাত দিলে… “অনুস্বৰং বিসৰ্গং লগায়ং দিলেং যদি সংস্তৃতং হয়ং তুমি বাপু ইমান দেৰি কিয় চাঙৰ তলত গড়গড়ায়ং!”

(এটি গোৱালপৰীয়া ফকৰা-যোজনাৰ আঁৰৰ কাহিনী।)

☆★☆★☆

12 Comments

  • হাঁ হাঁ৷বঢ়িয়া

    Reply
  • হাঃ হাঃ, বৰ ৰস পালোঁ। সৰুতে ধেমালিতে কৰা এনে কথাবোৰ মনলৈ আহিল।

    Reply
  • অৰুন

    হাং হাং হাঃ ৷বহিয়াং লাগিলং ৷

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়াঃ লাগিলং দেই জুইভাই!

    Reply
  • নীলাক্ষি

    ভীষণ ৰসাল লিখনি জয়দা। ভাল লাগিল পঢ়ি।

    Reply
  • ৰিণ্টু

    ভাইজান, অশেষ ধন্যবাদ দেই অনুৰোধটো ৰখাৰ বাবে।

    বঢ়িয়া লাগিল, আজি আকৌ এবাৰ পঢ়িলো

    Reply
    • জয়

      সুস্বাগতম্ ভাইজান

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *