ফটাঢোল

অথঃ এফ আৰ পি কিং সম্বাদ – শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত

“নমস্কাৰ, মই খনিন্দ্ৰ ভূষণ মহন্ত ওৰফে য়’ খনিভূমে আপোনালোক সকলোকে আমাৰ এই চুপাৰ ডুপাৰ সাক্ষাৎকাৰৰ অনুষ্ঠান ‘মোৰ ৰাজ্যত ময়েই ৰজা’লৈ স্বাগতম জনাইছোঁ৷ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বিগত সপ্তাহত আমাৰ এই অনুষ্ঠানে ‘চেনেল’ৰ টি.আৰ.পি. বহুগুণে বৃদ্ধি কৰিছে৷ এইখিনিতে এটা ডাঙৰ হাত-চাপৰি দিবলৈ মই সমূহ ৰাইজক তীব্ৰ ভাষাৰে, ক্ষমা কৰিব সহৃদয়তাৰে আহ্বান জনালোঁ৷
(কথাষাৰ কোৱাৰ লগে লগে অতপৰে মোৰ ওপৰত নিবদ্ধ হৈ থকা কেমেৰাটো দৰ্শকৰ ফাললৈ পোনাই দিয়া হয় আৰু তেওঁলোকে হাত-চাপৰি বজাই থকা পৰিলক্ষিত হয়৷)
দৰ্শকসকলক, কিছু সময়ৰ বাবে পাৰে যদি আপোনালোকে নিজৰ নিজৰ তেজ চলাচল বন্ধ কৰক, হৃদযন্ত্ৰৰ ক্ৰিয়া স্থগিত ৰাখক, কিয়নো অত্যন্ত উল্লাসেৰে স্বাগতম জনাবলৈ লৈছোঁ এফ আৰ পি কিং নামে খ্যাত প্ৰিন্স ভেৰ’ অট’টিউনিষ্ট৷”
(দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে পৰা হাত চাপৰিৰে গুঞ্জৰিত ষ্টুডিঅ’লৈ বিশেষ মানুহজন সোমাই আহিল৷ তেওঁৰ সাজ-পোছাকৰ পৰা দেহৰ অবয়বটো কেনে হ’ব সেয়া আপোনালোকে অনুমান কৰি ল’ব৷)
: প্ৰিন্স ভেৰ’ অট’টিউনিষ্ট, পোন প্ৰথমে আপোনাক আমাৰ এই সাক্ষাতকাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ৷
: ধন্যবাদ জনালোঁ৷
: আপোনাৰ নিজৰ বিষয়ে অলপমান ৰাইজক ক’ব নেকি?
: নিজৰ বিষয়েনো কি ক’ম? মোৰ প্ৰকৃত নামটো এইটো নহয়৷ আওপুৰণি নামটোৰে যে ‘ফেমাচ’ হ’ব নোৱাৰি, সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি মই নামটো সলালোঁ৷ ‘ফ্লাইং’ কিবা-কিবি কৰোঁ৷ ক’বলৈ গ’লে মহাভাৰত হ’ব৷ বৰ্তমান মহানগৰীতে চলি আছোঁ৷
: আপোনাৰ সৰু কালটো নিশ্চয় বৰ ঘটনাবহুল আছিল! অলপ জনাওকচোন৷
: গাঁৱত জন্ম হোৱা ল’ৰা৷ পঢ়া-শুনা কৰি বৰ এটা ভাল লগা নাছিল৷ প্ৰায়েই স্কুলত ছাৰ-বাইদেউসকলৰ কৃপাত বেছি সময় শ্ৰেণী কোঠাৰ বাহিৰতেই কটাইছিলোঁ৷ ঘৰতো পঢ়াৰ সময়ত ধিতিঙালি কৰি ফুৰাৰ বাবে মা-দেউতাৰ পিটন খাইছিলোঁ৷ কিন্তু আইতাই মোক তেতিয়াই বুজিছিল৷ মা-দেউতাই পিটিবলৈ আহিলে মোৰ ৰক্ষা কৱচ হৈ ধৰা দিছিল৷ এনেও আইতাকবোৰে বাৰু নাতি-নাতিনীক অলপ বেছি মৰম কৰেই৷ মেট্ৰিকৰ দেওনা যেনে-তেনে পাৰ হৈ কলেজত নাম লগালোঁ ঠিকেই, পিছে প্ৰথম বৰ্ষতেই যি ‘ষ্টাৰ্ট’ বন্ধ হ’ল, আগবঢ়াব নোৱাৰিলোঁ৷
: মূল বিষয়লৈ আহোঁ৷ কলেজ এৰি গুচি যোৱা ল’ৰাজন আজি এফ আৰ পি কিং৷ এই যাত্ৰাটোক বিষয়ে আপোনাৰ মুখৰ পৰা শুনিব খুজিম৷
: প্ৰথম ফেচবুকত একাওণ্টটো খোলাৰ পাছত একো আও-ভাও পোৱা নাছিলোঁ৷ লাইক-কমেণ্টো আঙুলিৰ মূৰত গণিব পৰা৷ লগৰ এটাই নতুন অকাওণ্ট এটা খোলাৰ কথা ক’লে৷ মাথোঁ নামৰ আগত ‘প্ৰিন্স’ লগাই দিলে৷ জধে-মধে এফালৰ পৰা সকলোকে ‘ৰিকুৱেষ্ট’ পঠিয়ালোঁ, মোলৈ অহা ‘ৰিকুৱেষ্ট’বোৰ ‘এক্সেপ্ত’ কৰিলোঁ৷ অতি কম দিনৰ ভিতৰতে বন্ধুৰ ঊৰ্ধ্ব সীমা চুলেগৈ৷ ঘনে-ঘনে ফটো ‘আপ্ল’দ’ কৰোঁ৷ কেপচনত “ইটচ্ মি”ৰ পৰা আৰম্ভ কৰি “মাহ লাইফ, মাহ ৰুলচ্” একো বাদ দিয়া নাই৷ ইয়াৰ আঁৰৰ কথাটো হ’ল, ফটো দি থাকিলে আপোনাৰ প’ষ্টবোৰ বহুত মানুহে দেখি থাকিব৷ এখন ‘ইগ্ন’ৰ’ কৰিব, দুখন কৰিব, তিনি নম্বৰখনত টিপ চহী কৰিবই৷ অ, আৰু এটা কথা৷ নিজেও আনৰ ফটো বা প’ষ্টত ‘দিল খৌল কে’ লাইক-কমেণ্ট কৰিছিলোঁ৷ মুঠতে মোৰ নামটো চিনাকি কৰাই ৰাখিছিলোঁ৷ এনেকৈয়ে আহি আহি আজিৰ এই দিনটোত আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোঁহি৷
: সততে শুনিবলৈ পোৱা ফেচবুকৰ যুদ্ধবোৰৰ বিষয়ে আপুনি কি ক’ব? কেতিয়াবা এইবোৰত সাঙুৰ খাইছেনে?
: আমি সকলোৱে জানো যে “নানা মুনি, নানা মত!” ফেচবুকৰ দৰে মুকলি মঞ্চখনত মতৰ অমিল হোৱাটো কোনো বিষয়েই নহয় মোৰ মতে৷ কিন্তু খেলি-মেলিটো তেতিয়াই হয়, যেতিয়া সেই মতান্তৰটো গৈ মনান্তৰ হয়গৈ; যিটো হ’ব নালাগে৷
ফেচবুকত আজি-কালি য’তে-ত’তে কাজিয়া(?) চলিয়েই থাকে৷ প্ৰথমে অকলেই যুঁজি চাওঁ৷ যেতিয়াই দেখোঁ যে অকলে নোৱাৰা হৈছোঁ, সাংগো-পাংগোবোৰক ‘মেঞ্চন’ কৰি লাগি যাওঁ৷ “একতাই পৰম বল” বুলি এনেই কৈ যোৱা নাই নহয়৷
: ফেচবুকত উপলব্ধ কোনটো সুবিধা আপুনি আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰে আৰু কিয়?
: এইটো বৰ জটিল প্ৰশ্ন কৰিলে৷ আপাত দৃষ্টিত চাবলৈ গ’লে গোটেই ফেচবুকটোৱেই মোৰ বাবে এক আশীৰ্বাদস্বৰূপ৷ নহ’লে মোক জানো আপোনালোকে চিনি পালেহেঁতেন! সমস্ত সুবিধাবোৰৰ ভিতৰত মোক যিবোৰে সহায় কৰিছে সেইবোৰৰ ভিতৰত ‘মেচেঞ্জাৰ’ আৰু ‘ব্লক’ৰ নাম মই ল’ব খুজিম৷ কিবা এটা প’ষ্ট দিয়াৰ পাছত বিশেষ দুজনমানে যদি একো ‘ৰেচপঞ্চ’ নিদিয়ে, তেওঁলোকক বাৰ্তা দি লাইক, কমেণ্ট কৰিবলৈ এক প্ৰকাৰৰ ভাবুকিয়েই দিওঁ৷ তাৰোপৰি ‘লিংক’বোৰ ‘ইনবক্স’ত দি দি ‘শ্বেয়াৰ’ কৰিবলৈ আহ্বান জনাওঁ৷ এশজনৰ দহজনে কামটো কৰিলেও বহুত দিয়কচোন৷ বাকী থাকিল ‘ব্লক’৷ আপোনালোকে জানেই, মই বিতৰ্কতে থাকোঁ৷ মিডিয়াত জুবিন আৰু ফেচবুকত এই ভেৰ’ বিতৰ্কত নাথাকিলে ৰাইজৰো ভাত পেটলৈ নাযায় কিজানি! কিন্তু এই বিতৰ্কবোৰত যেতিয়াই সৈন্য-বাহিনী লোৱাৰ পাছতো মই হৰাৰ উপক্ৰম হয়, তেতিয়াই এফালৰ পৰা ব্লক কৰোঁ৷ না ৰহেগী বাচ, না বাজেগী বাচুৰী৷ আৰু কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ৷ এই ধৰক ব্যক্তিগত কিবা কথাত মই এজনক শত্ৰু জ্ঞান কৰিছোঁ, মোৰ ওচৰ-পাজৰখিনিকো সেইজনক ‘ব্লক’ কৰিবলৈ বাধ্য কৰাওঁ৷ মানি নল’লে ‘ইম’চনেল ব্লেকমেইল’ৰ অস্ত্ৰপাত এৰি দিওঁ৷ (মুখত এক বেঁকা হাঁহি)
: বেলেগ কথা এটালৈ আহোঁ৷ আপোনাৰ নামটোৰ বিষয়ে কওকচোন৷
: মোৰ প্ৰকৃত নামটো ভেদাই ৰাজখোৱা৷ মোৰ পুৰণা একাওণ্টটো সেইটো নামতেই আছে৷ প্ৰিন্সৰ কাহিনী কৈছোঁৱেই আৰম্ভণিতে৷ ‘অট’টিউনিষ্ট’টো আমাৰ ‘পাপনিষ্ট’ ‘zg’ এইবোৰৰ পৰাই প্ৰভাৱিত৷ এতিয়া অট’টিউন, ‘ৰেপ’ সংগীতৰ যুগ বুলি সকলোৱে জানেই৷ ‘ৰেপ’ৰ পিছত ‘ইষ্ট্’ লগালে কি হ’ব জানিছেই, গতেকি…!
: শেষ প্ৰশ্ন৷ ফেচবুকত ‘চেলিব্ৰেটি’ হ’বৰ বাবে কি কৰিব লাগিব বুলি ভাবে?
: প্ৰথম কথা, নিজৰ নামটো আঁতৰাই ছদ্মনাম ব্যৱহাৰ কৰিব লাগিব৷ কেনে ধৰণে সলাব লাগিব সেয়া মোৰ নামৰ পৰাই আভাষ ল’ব পাৰিব৷ প’ষ্টবোৰত ৰাইজক ‘টেগ’ কৰিবলৈ নাপাহৰিব৷ আপোনাৰ প’ষ্টত মন্তব্য দিয়াসকলৰ সকলোকে প্ৰতি মন্তব্য নিদিব৷ নাম চাই চাই প্ৰতি-মন্তব্য কৰক৷ আনৰ প’ষ্টত জুখি-মাখি ৰিয়েক্ট কৰক৷ লগতে, ‘ৱৰ্কচ্ এট ফেচবুক’ লিখিব পাৰিলে ভাল৷
আমাৰ চেনেলক ইমানখিনি সময় তথা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰাৰ বাবে এফ আৰ পি কিং প্ৰিন্স ভেৰ’ অট’টিউনিষ্টলৈ আমাৰ আন্তৰিক ধন্যবাদ জনালোঁ৷ আপোনাৰ লগত কটোৱা এই সময়খিনিয়ে মোৰ দৰে বহুতকে সহায় কৰিব বুলি মই নিশ্চিত  আপোনাৰ এফ আৰ পি ঊৰ্ধ্বগামী হৈ গৈ থাকক৷ এই আশাৰে৷ শুভৰাত্ৰি৷
*****

Leave a Reply

Your email address will not be published. Required fields are marked *