ফটাঢোল

ব্ৰইলাৰ – ৰূপাঙ্কৰ চৌধুৰী

– গণপতি..
– কওকচোন দাদা?
– নিশা কিমান হ’ল অ’ এতিয়া?
– দাদা,ঘৰ যোৱাৰ সময়?
– গণপতি, মই এতিয়াৰ সঠিক সময় কিমান সেয়া জানিব বিচাৰিছোঁ।
– বাদ দিয়ক না দাদা। কি জানিব নলগীয়া কথাত মূৰ ঘমাই আছে আপুনি?
– নহয় অ’ দিন কাল সলনি হ’ল। তই ব্ৰইলাৰৰ কথা শুনা নাই নেকি?
– ব্ৰইলাৰ? তাৰ আকৌ কি হ’ল নতুনকৈ?-

ব্ৰইলাৰ! তাৰনো আকৌ কি হ’ব পাৰে? মাংসই যাৰ বৈৰী- সি তাৰ সুস্বাদু মাংসৰেই জীৱন যুদ্ধত আগুৱাই যাব না? নাহ! নহয় তেনেকুৱা। ব্ৰইলাৰেও এক নিজা পৃথিৱীৰ সপোন দেখে। সেই সপোনৰ মায়াজালত, নিজকে আগুৱাই লৈ যায়।

গুলি। গুলি মাৰি মাৰি যে পৰীক্ষাত আগুৱাই যাব নোৱাৰি ব্ৰইলাৰে ভালদৰেই জানে। কিন্তু ব্ৰইলাৰে গুলি মাৰে। দ্বাদশ ক্লাছত থাকোতে নিজুক প্ৰেম নিবেদন কৰাৰ সময়ত ব্ৰইলাৰে বুজি পাইছিল, সহজ নহয়- হিয়া দিয়া নিয়া।

ব্ৰইলাৰৰ মেদ সৰ্বস্ব শৰীৰ দেখি নিজুই প্ৰত্যাখান কৰিছিল তাক। তেতিয়াই সি প্ৰতিজ্ঞাবদ্ধ হৈছিল মেদহীন এক শৰীৰৰ বাবে। মেদহীন এক শৰীৰ আছিল ব্ৰইলাৰৰ এক সপোন তেতিয়া। নহ’বই বা কিয়! নিজু নহ’লে যে হ’ব আপোন আনৰ। ব্ৰইলাৰৰ আপোন নিজু।

ব্ৰইলাৰৰ ভাল লগা বস্তু কিছুমান বহুতৰে ভাল নালাগে। ব্ৰইলাৰৰ ভাল লাগে ভালুক। হয়, ভালুক- ব্ৰইলাৰ নিজেই আছিল এটা মস্ত ভালুক। তেতিয়া ব্ৰইলাৰ এটা মস্ত খেলুৱৈ। কিন্তু তেতিয়া ব্ৰইলাৰৰ সমস্ত শৰীৰ আবৰি ৰাখে নোমবোৰে। কিন্তু ব্ৰইলাৰে যেতিয়া গম পাই যে নিজুই ভাল নাপায় ভালুকী আৱৰণ, সি নিজকে চিকুণাই লয়। তাৰে দুদিন পাছত নোমাল ভালুকৰ চিকুনাই থোৱা উন্মাদ বুকুত আশ্ৰয় লয় ‘ব্ৰইলাৰে!।

খেল পাগল ব্ৰইলাৰ! প্ৰেমৰ নতুন নতুন খেলত নিজকে উলংগ কৰি আগুৱাই যায় ব্ৰইলাৰ!

শুনিবলৈ বেয়া লাগে। কিন্তু উন্মাদনাৰ খেলত পাকৈত আছিল ‘ব্ৰইলাৰ’! নিজৰ সৰ্বস্ব হেৰুৱাই বিলীন কৰি ভাল পাই আকাশী নীলাত ‘ব্ৰইলাৰে’। ‘ব্ৰইলাৰে’ নিজকে বজাৰ দৰত বিক্ৰি কৰি এক পৈশাচিক আনন্দ লাভ কৰে। ব্ৰইলাৰে নিজকে উপস্থাপন কৰি ভাল পায় বেলেগভাৱে! ভীৰৰ পৰা দূৰত এক নিজা প্ৰতিচ্ছবি তৈয়াৰ কৰি। বজাৰৰ দৰত নিজকে বিলীন হ’ব দিব নোখোজে ব্ৰইলাৰে। কিয়নো এখন ঘৰত এজন নহয় আন এজন সদস্যই ভাল পাই ‘ব্ৰইলাৰ’ৰ নিমজ দেহৰ প্ৰতিটো ভাজ- ভাজি, শুকান, জুইত পুৰি নাইবা জলকীয়া সানি!

‘ব্ৰইলাৰ’ৰ সোৱাদ উক্ত ব্যক্তিৰ জিভাৰ উন্মাদনাত নিৰ্ভৰশীল! মই বেয়া নাপাওঁ ‘ব্ৰইলাৰ’- আপুনি?

নিজৰেই ‘বগা মাংস’ৰ নতুনকৈ পৰীক্ষা ল’ব নোৱাৰে নিজুৱে। নিজুৰ দৰে নিৰ্জু প্ৰকৃতিৰ বহুত কম পাব নিজৰ দৈনন্দিন জীৱনত আন সকলোৱে! ‘ব্ৰইলাৰ’ৰ নিজু আজিও অবিবাহিত! সেয়াই আন এক মূৰ কামোৰণি ‘ব্ৰইলাৰ’ৰ বাবে!

উন্মাদৰ খেলে পাগল কৰিব ‘ব্ৰইলাৰ’ক।

সপোন দেখিবলৈ কাকো ভাৰা দিব নালাগে। নালাগে কাকো বেলেগভাৱে জগাই তুলিবলৈ। ‘ব্ৰইলাৰ’এ সদায় দেখে সপোন- নিজৰ লগতে নিজৰ আশে-পাশে থকা আন বহুতকে নিজৰ আপোন কৰি তুলিবলৈ। নিজৰেই ‘বগা মাংস’ৰ নতুনকৈ পৰীক্ষা ল’ব নোৱাৰে নিজুৱে। নিজুৰ দৰে নিৰ্জু প্ৰকৃতিৰ বহুত ক’ম পাব নিজৰ দৈনন্দিন জীৱনত আন সকলোৱে!

অন্য-এক কথা- সপোনৰ আলমত নিজৰ আশে-পাশে থকা আন বহুতকে সপোন দেখুওৱাটোও- এক কলা। কলা নিজকে এক সুন্দৰী কৰি ৰাখি থোৱা, কিয়নো অনাগত বৰ্ষত- তেওঁ আৰু অন্য এক অভিনয়ৰ সম্পদ থাকিব মঞ্চত। শীতৰ উম দিব তেওঁলোকে আমাক, তোমাক আৰু সকলোকে সদায়। আচ্ছা মোৰ কথা বা কাহিনী কোৱাৰ উন্মাদনাত নিজকে লুকুৱাই, এক অইন ধৰণৰ সংস্থা কেনেকৈ চলে জানিব পাৰিব- ‘It will be a very nice and wonderful story for you.- উন্মাদনা।”

আমাৰ ঘৰৰ সকলোৱে গম পাইছিল জানানে, উন্মাদনা অন্য এক নাম। এক প্ৰকাৰ উত্ৰাৱল হৈ পৰিছা নিশ্চয় তুমি। উজ্জীৱিত তুমি আৰু তোমাৰ সপোন। লগতে উন্মুক্ত- তুমি আৰু মই- ব্ৰইলাৰ’ৰ পৃথিৱীৰ পৰা- আগন্তুক কোনো নিৰ্দেশনা পালন কৰিবলৈ!

কোন দিশে যাব বা যাম আমি- পশ্চিমে নে পূৱে?

আচ্ছা ‘ব্ৰইলাৰ কোণ দিশে যাব? যাব। নিজৰ মনে যেনেকৈ কয়, সেইদিশে যাব। ‘ব্ৰইলাৰে’ও নিজৰ সুবিধা মতেই উৰি-ঘূৰি ফুৰিব আপোনমনে! বাধাৰ আকাশত একুৰা মেঘ জলাই ঘূৰি ফুৰিব- ব্ৰইলাৰে!

আকাশত নীলা ‘চন্দ্ৰবিন্দু’ কোনে দিব? কিন্তু ‘চন্দ্ৰবিন্দু’ মানেই কিয় নীলা? নীলাই। কিয়নো মই ভালপাওঁ নীল আৱৰণ! ঠিক যিদৰে, তুমি ভালপাওঁ বুলি ক’ব নোৱাৰা আবেগৰ আগত নিজকে প্ৰতিষ্ঠা কৰি। বাৰু এটা কথা কোৱা- তুমি কি ভালপোৱা? আকাশৰ নীলা নে চন্দ্ৰবিন্দু? আকাশ মানেও শেষ আৰু চন্দ্ৰবিন্দু মানেও নিঃশেষ! নহয় জানো? তুমি কি বুলি ভাবা? কি ভাবা বাদ দিলোঁ- তুমি কি বুলি যুক্তি দিয়া- শেষ বা নিঃশেষ মানে- আকাশ নে চন্দ্ৰবিন্দু? বেলেগক সুধিব নোৱাৰো এই প্ৰশ্ন- কিয়নো একুৰি এমাহ পাৰ কৰিলোঁ যে তোমাৰ লগত! আৰু তিনিমাহ গ’লেই তুমি হ’বা মোৰ বাবে দুবছৰীয়া এক প্ৰেমিক চৰাই! কি? চৰাই বুলি ক’লে ভাল নালাগে? মোৰো ভাল নালাগে- এক বিহংগমী হ’বলে দিবলে- কিয়নো তুমি মোৰ, মাথোঁ মোৰ- বাদ দিয়া সেইবোৰ- প্ৰেম সৰ্বস্ব আৱেগপ্ৰৱণ কথাই আজিৰ দিনত তোমাকো আমুৱাই!

অ, এটা কথা, মোৰ আধা লেখা প্ৰেম কাহিনীৰ নাই কোনো আধাতে সিজাই থোৱা ৰঙা মাংস, আছোঁ মই নিজে- বগাত ৰং লোৱা কেইডোখৰমানৰ চিনাকি হয়- ব্ৰইলাৰ।

☆★☆★☆

2 Comments

  • Rintumoni Dutta

    ব্যতিক্ৰমী লেখা, ভাল লাগিল পঢ়ি

    Reply
  • parishmita

    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *