ফটাঢোল

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল – বিকাশ শইকীয়া

শুক্ৰবাৰৰ সন্ধ্যা। দিনটো অফিচত কাম কৰি আহি আছো। এটাই সান্ত্বনা শনি আৰু দেওবাৰ বন্ধ। গতিকে ৰাতিৰ ভাত মুঠি গধুৰ ভাৱে গ্ৰহণ কৰি, শনিবাৰৰ বেলি দুপৰলৈকে বিছনাখনত ম’হে ঘোলি মৰা দৰে ঘোলি লোৱাহে কথা। ভাত মুঠি গধূৰকৈ লোৱা হ’ব যেতিয়া মাছ বা মাংস অকণ হ’লে ভাল। যিহে গৰম পৰিছে মাংস নোৱাৰি দেই। মাছৰ বজাৰলৈকে সোমালো। গোটা ৰৌ মাছৰ ডেৰশ টকা কেজি। একেখিনি মাছকে কাটি দিলে দুশ টকা। ৰুমত থকা চুৰি খনে পিয়াঁজকে নাকাটে সহজে। মাছ কেনেকৈ কাটিম। এশ টকা দি কটা মাছ আধা কেজি লৈ ঘৰ সোমালো। ভাত ৰান্ধিম। ৰঙা চাহ এটুপি পেটত পেলাওঁ বুলি দেখিলো কাপটো যোৱা দেওবাৰে চাহ খাই বিছনাৰ তলত পেলাই থ’লো। এতিয়াও তেনেকৈয়ে আছে। চাহৰ কথা মনৰ পৰা আঁতৰাই আগদিনা খাই থৈ যোৱা বাচন ধোৱাত লাগিলো। এতিয়া ভাত ৰন্ধা হে কথা, এলাহ কৰিলে থাকি যাব। আৰে মাছ আনিলো মিঠাতেল নাই, ৰৈ থাকি লাভ নাই। দোকানৰ পৰা মিঠাতেল আনিলো। গেছ জ্বলাবলৈ ল’লো জুইশলা কাঠি এটাও নাই। হাফ পেণ্ট গেঞ্জী পৰিধান কৰিয়ে আকৌ জুইশলা… মাছ ফ্ৰায় কৰি থাকোঁতে দেখিলো হালধি নাই। হালধি নহ’লেও নাই দে। আজি তেনেকৈয়ে খাম। অকলেহে আছো কোনেনো চাই থাকে কি খাইছো। এহ! সকলো আছে হালধিকননো কিয় নাথাকিব? ফুটপাথৰ ভিক্ষাৰীয়েও হালধি নহ’লে নাখায়। মই কি ভিক্ষাৰী নেকি? হয়! ভিক্ষাৰীয়ে হয়। গোটেই মাহটো বন্ধ কোঠাৰ ভিতৰত ভিক্ষা কৰিলে এক তাৰিখে ভিক্ষা পাওঁ। আৰু বাকী সকলে বাহিৰত প্ৰতিদিনে ভিক্ষা কৰে প্ৰতিদিনে ভিক্ষা পায়। পাৰ্থক্য সিমানেই। সেই কি কথাবোৰ চিন্তা কৰি আছো। হালধিৰ কথা চিন্তা কৰিব লাগে। গ’লো আকৌ হালধি আনিবলৈ।

ৰান্ধি হোৱাৰ পিছত ৰাইচ কুকাৰকে কাঁহী বুলি ভাৱি, কেৰাহী নামৰ বাতিটোৰ পৰা মাছৰ জোল লৈ নিজৰ ৰন্ধা নিজে প্ৰশংসা কৰি তেত্ৰিছ কৌটি দেৱতাৰ প্ৰথমজন, পেট নামৰ দেৱতা জনৰ পূজা ভাগ সম্পাদন কৰিলো। যি হওক কাইলৈ পুৱাতে কোনোবাই উঠ বুলি কবলৈ নাই। না মই কাৰোবাক উঠ বুলি ক’বলৈ আছে। অকলশৰে থকা সুখকণ সিমানেই। এসাঁজ খাবলৈ নাপালে একো নাই। কিন্তু পুৱা সময়কণ ভালকৈ শুবলৈ পাব লাগে।

সূৰ্য্য দেৱতাক কোনে জগৰ লগালে, কি হ’ল একো নাজানো। পিছৰ দিনা পুৱাতেই শক্তি প্ৰদৰ্শন কৰাত উঠি পৰি লাগিল। মায়ে দিয়া কুম্ভকৰ্ণ নামটো অথলে নাযাওক বুলি ময়ো এঘাৰ বজালৈকে বিছনাত পৰি থাকিলো। উঠি মুখ ধোৱাৰ পিছত ভাৱিছো। পেটটো নিজৰেই, গতিকে কিবা এটা পেলালে শান্তি পাব। বিশেষকৈ চাহ এটুপি হ’লে দেহাটোৱেও আৰ্শীবাদ দিব। চাহ পাত, চেনি সকলো যোৱা সপ্তাহতে ‘কেছ বেক কাৰ্ড’ ব্যৱহাৰ কৰি আনি থৈছো। যাওঁ পানী উতলাই ল’লেই হ’ল। আৰে বগা চেনি হে আনিছিলোঁ! ক’লা হ’বলৈ পালে কেনেকৈ! আচলতে চেনি এতিয়াও বগা হৈয়ে আছে। পৰুৱা লাগিহে টেমা খুলিলত ক’লা যেন লাগিছে। এহ! এই সোপা পৰুৱা আঁতৰাই কি চাহ খাবা। ওচৰৰ ৰাজু দোকানেই ভাল। ৰাজুৰ দোকান পোৱাৰ সময়তহে মোৰ মাথাৰ লাইটটো জ্বলিল। হেৰৌ কালি চাৰিবাৰ বজাৰ কৰি টকাকেইটা শেষ কৰা নাই জানো? এতিয়া ‘এ টি এম’ নগ’লে চাহো খোৱা নহ’ব।

ওচৰতে সকলো ভাৰতীয়ৰ বেঙ্ক ‘ষ্টেট বেঙ্ক’ৰ ‘এ টি এম’ এটা আছে। সোমায়ে ভৱাটোকে হ’ল। ‘আউট আফ ছাৰ্ভিচ’। ৰাষ্টাটোৰ সিপাৰে আন এটা বেঙ্কৰ ‘এ টি এম’। তাতে সোমালো। ‘ন’ কেছ’ পকেটত পাঁচ টকা আছে। পাচলি এটা নিকিনিলে দুপৰীয়াৰ ভাতমুঠিও খোৱা নহ’ব। পাঁচ টকাত কি পাবা। বাছত উঠি অলপ দূৰ গ’লে কেইবাটাও বেঙ্কৰ ‘এ টি এম’ আছে। তাৰে পৰা নোট দুটামান আনিব লাগিব। সেই বুলি পাঁচ টকা লৈ বাছত উঠিলো। যথা স্থানত নামিলো। এটা ‘এ টি এম’ত সোমাবলৈ লওঁতেই তাৰ পৰা ওলাই অহা এজনে ওঁঠ দুটা যিমান দূৰলৈ সম্ভৱ হয় সিমান দূৰলৈ বেকাকে দীঘল কৰি দিলে। সুধিবৰ দৰকাৰ নপৰিল। কেছ বা লিংক কিবা এটা নাই। অন্য এটাত সোমালো। মেচিন বেয়া। মুঠতে প্ৰায় সাতটা মান ‘এ টি এম’ সোমাই শেষত দুহাজাৰ টকাৰ নোট এখন পালো।

দুহাজাৰ নোট খনে কি কৰিবা। না বাছ, ৰিক্সা, অ’টত যাব পাৰিম। না চাহ খোৱাৰ খকটো মাৰিব পাৰিম। উপাই নাই সূৰ্য্যদেৱে দিয়া ৪৫°গৰম মূৰত নিৰ্মালী বুলি লৈ পদযাত্ৰা কৰি আহি আছো। বেছি দূৰ নহয়। খোজ কাঢ়ি ৩০ মিনিট হে লাগিব যদিও কমো নহয়। ৰাষ্টাৰ কাষত থকা কুঁহিয়াৰ ঠেলাবোৰ দেখিছো যদিও। নাই দেখা বুলি নিজকে ফাঁকি দি আহি আছো। জন্ম, মৃত্যু, বিবাহৰ দৰে হাৱাই চেন্দেলৰ ফিটা কেতিয়া ছিগে কোনে জানে। মোৰো একে দশাই হ’ল। ৪৫°গৰমত ছিগা চেন্দেল চোঁচৰাই চোঁচৰাই আহি থাকোঁতে ফোনটো বাজি উঠিল। অচিনাকি নম্বৰ। ৰিচিভ কৰিলো। কোনোবা এটা বেঙ্কৰ ক্ৰেডিট কাৰ্ড দিব বিছাৰিছে। লগতে কাৰ্ডটোৰ পৰা পাব পৰা কেছ বেক, ডিছকাউণ্ট আদি বহু সুবিধা ক’বলৈ ধৰিলে। মই বোলো – হাৱাই চেন্দেলৰ ফিটা কিনিব পৰা কাৰ্ড হ’ব নেকি? লগে লগে সিফালৰ পৰা অসন্তোষ্টি ভাৱেৰে কিবা এটা কৈ ফোন কাটি দিলে। তাকে নকৈ কিনো ক’ম। বেঙ্কৰ পৰা দিয়া ডেবিট, ক্ৰেডিট, কেছ বেক আদি সকলো কাৰ্ড আৰু দুহাজাৰ টকাৰ নোটখনো আছে। কিন্তু হাৱাই চেন্দেল কিনিব পৰাকৈ একো নাই। চাহটুপিও পেটত পেলাব নোৱাৰোঁ। তদুপৰি পাচলি কিনি বাছ বা ৰিক্সাখন লৈও ঘৰ যাব নোৱাৰোঁ। ইয়াকে কয় নেকি -‘আছে গৰু নবয় হাল থকাতকৈ নথকাই ভাল।’

★★★★

10 Comments

  • Lakhimi

    আগদিনাৰ আধাকেজি মাছ অকলেই খালে? ৰাম ৰাম ।
    ভাল লাগিল পঢ়ি ।

    Reply
    • বিকাশ শইকীয়া

      খালো বুজিছে। অন্তৰে ল’লে। ধন্যবাদ

      Reply
  • মজা, ভাল লাগিল পঢ়ি ।

    Reply
  • Banashree

    তাৰ পিছৰ খিনি ও কব লাগিব হলে,,,ভাল লাগিল

    Reply
    • বিকাশ শইকীয়া

      পিছৰ সংখ্যাত প্ৰকাশ পাব।

      Reply
  • মধুস্মিতা

    ভাল লাগিল পঢ়ি..আশা কৰিছো আৰু পাই থাকিম

    Reply
    • বিকাশ শইকীয়া

      পাবা পাবা চিঅ’ৰ। ধন্যবাদ।

      Reply
  • আমোদ ল’লো যদিও বেয়া লাগিল— পুৱাৰ চাহটোপাও পেটত নপৰা বাবে—
    আগদিনাৰ অৱশিষ্ট নৰ’লগৈ নেকি–

    Reply
    • বিকাশ শইকীয়া

      এইবোৰ চলি থাকে আমাৰ দৈনন্দিন। আগ দিনা নাথাকিল । ৰাখিলে বেয়া হৈ যায় বৰ গৰম যে।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *