স্বপ্ন-দুঃস্বপ্ন – উৎপলা কৌৰ
কস্তুৰীকাৰ আজিকালি অলপ অলপ কথাতে খং উঠি থাকে বুলি তাইৰ মানুহজন অৰ্থাৎ নয়ন আৰু জীয়েক ৰিয়াই প্ৰায়ে কয়। তাকে শুনি তাইৰ খং দুগুণে চৰে! অভিযন্তা নয়নৰ মতে তাইৰ মূৰত হেনো অলপ ‘ঘিউ’ কম আছে। ভগৱানে তাইক প্ৰাণভৰি ৰূপ দিওঁতে মগজত একো ভৰাবলৈয়ে সময় নাপালে। এইষাৰ কথা শুনি কস্তুৰীকাৰ আৰু মগজে কাম নকৰা হয়। ৰিয়া হাইস্কুল পালে। তাইৰ লগৰ ছোৱালীবোৰ নাচে-গানে, সাঁতোৰে সকলোতে পাকৈত। ৰিয়াকো কিবা-কিবি পাঠ্যক্ৰম বহিৰ্ভূত শ্ৰেণীত কস্তুৰীকাই নাম লগাই দিছিল। পিছে নয়নে তাইৰ পঢ়া চাবলৈ সময় নাপায়। কস্তুৰীকাই তাইৰ পাঠ্যক্ৰমৰ বিষয় বস্তু বুজি নাপায়। সেয়ে টিউচন দিব লগা হৈছে। স্কুলৰ পাছত টিউচন আৰু নাচ-গানৰ ক্লাছবোৰ কৰি কৰি ৰাতিলৈ ভাগৰত তাইৰ অৱস্থা কাহিল হৈ পৰাত নয়নে সেই ক্লাছবোৰলৈ তাইক যোৱাটো বন্ধ কৰি দিলে। তেতিয়াৰ পৰাই কস্তুৰীকাৰ খংবোৰ গিৰিয়েক আৰু জীয়েকৰ ওপৰত বাঢ়ি আহিছে দিনে দিনে। তাতে অৰিহণা যোগাইছে গিৰিয়েকৰ অত্যাধিক ব্যস্ততাই। তাইৰ বান্ধৱীবোৰে নিতৌ নিজৰ নিজৰ গিৰিয়েকৰ সৈতে বিভিন্ন ফটো দি থাকে ফেচবুকত। ৰেষ্টুৰেণ্টত খাবলৈ যোৱা। ফুৰিবলৈ যোৱা। ফটোবোৰত লাইক কমেণ্ট কৰিবলৈ বাধ্য হোৱা কস্তুৰীকাৰ বুকুৰ জুইকুৰাৰ উত্তাপ বাঢ়ি আহে এনেবোৰ ফটো দেখিলে। নয়নে সিহঁতকো ফুৰাবলৈ নিনিয়া নহয়। বিহু, পূজা, গৰমৰ বন্ধ আৰু ঠাণ্ডাৰ বন্ধত সিহঁতৰ প্ৰায়ে অসমৰ বাহিৰলৈ, কেতিয়াবা ভাৰতৰ বাহিৰলৈও ফুৰিবলৈ যোৱা হয়। এই বান্ধৱীকেইজনীয়ে আকৌ গিৰিয়েককেইজন ট্যুৰত গ’লেও লগতে যায়। সেইটোহহে কস্তুৰীকাৰ হজম নহয় কিবা! নয়নক ক’লেও অফিচৰ কামত ক্ষতি হোৱাকৈ একো কাম সি নকৰে। নিজৰ দায়িত্ব আৰু কৰ্মৰ প্ৰতি সদাসচেতন হোৱাৰ তাৰ এই স্বভাৱটো কস্তুৰীকাৰ মূৰৰ কামোৰণী হৈ পৰিছে দিনে দিনে। কেতিয়াবা এনেকুৱা লাগে তাইৰ, কেনেবাকৈ সময়ৰ চকৰিটো ওলোটাকৈ ঘূৰাব পৰা হ’লে! এসময়ত তাইৰ ৰূপৰ জুইত চগাৰ দৰে জাঁপ দিওঁ দিওঁ কৰি থকা নয়নক ভালকৈ এসেকা দিব পৰিলে হয়। তাৰ দৰে মেধাবী আৰু অভিজাত ঘৰৰ ল’ৰাই সকলোবোৰ পৰীক্ষা চুঁচৰি-বাগৰি পাছ কৰা অতি সাধাৰণ ঘৰৰ কস্তুৰীকাৰ পানি গ্ৰহণ কৰাৰ মূলতে আছিল তাইৰ চকুত চাট মাৰি ধৰা ৰূপ! তাইৰ বিয়া যেতিয়া নয়নৰ সৈতে ঠিক হৈছিল বহুতৰ চকু কপালত উঠিছিল। এপাল ভাই-ভনীৰ মাজত জিলিকি থকা কস্তুৰীকাই এনেকুৱা কপাল লৈ আহিছিল নে বুলি! তাইৰ সেইদিনবোৰ ঘূৰাই পাবলৈ বিৰাট মন যায়। তাইৰ মতে তাইৰ যি ৰূপ, নয়নৰ দৰে বহু প্ৰেমিক আছিল তাইৰ। বহুত প্ৰেমিকৰ মাজৰ পৰা নয়নক পছন্দ কৰি যে বিশেষ ভাল কাম নকৰিলে সেই কথা পাকে-প্ৰকাৰে তাই তাক আজিকালি শুনাই থাকে। কাৰণ অজিকালি তাৰ সেই প্ৰেমিক প্ৰেমিক ভাৱটো যেন ক’ৰবাত হেৰাই গ’ল। তাইক পোৱাৰ পাছত তাই যেন তাৰ বাবে হৈ পৰিল তাইৰ ভাষাত ‘ঘৰ কা মুৰ্গী ডাল বৰাবৰ!’
“M/s Magical Time Machine Agency” নামৰ অফিছটোৰ ‘Get your past back and reshape your future’ এই পান্স লাইনটো লিখা থকা ব’ৰ্ডখন তাই বহি থকা চোফাখনৰ সন্মুখতে আছে। অত্যাধুনিক অফিছটোত ভিৰ বহুত। এসময়ত তাইৰ অপেক্ষাৰ অন্ত পৰিল। চুটি স্কাৰ্ট আৰু পেঞ্চিল হিল পৰিহিতা স্মাৰ্ট গাভৰু এজনীয়ে মাতি নি তাইক কোঠা এটাত সোমোৱাই থৈ আহিল। তাত এজন পুৰুষ আৰু এগৰাকী মধ্যমীয়া বয়সৰ আধুনিক সুন্দৰী বহি আছে। কোঠাটোৰ চাৰিওফালে দেৱালত অদ্ভুত ধৰণৰ যন্ত্ৰ-পাতি কিছুমানৰ ছবি থকা পোষ্টাৰ মাৰি থোৱা আছে। তাই চুচুক-চামাককৈ বহিল সিহঁতে দেখুৱাই দিয়া তেওঁলোকৰ সন্মুখৰ আসনখনত।
-আপুনি কোনটো পেকেজ ল’ব মেম?
-কেনেকুৱানো পেকেজবোৰ?
-আমাৰ তাত এবছৰীয়া, দুবছৰীয়া, পাচঁবছৰীয়া, দহবছৰীয়া আপোনাক যেনেকুৱা পেকেজ লাগে তেনেকুৱাই আছে।
কস্তুৰীকাই অলপ তভক মাৰি ৰ’ল। নয়নে লগ পোৱাৰ সময়ৰ তাইৰ নিজৰ চেহেৰাটো মনত পৰিল। মনতে জুকিয়াই চালে। তাইৰ বিয়াৰ চৈধ্য বছৰ হৈছে। তাতকৈ কম সময়ৰ পেকেজ ল’লে তাইৰ উদ্দেশ্য সফল নহ’ব! … আৰু তাই পোন্ধৰ বছৰীয়া পেকেজ এটা লৈ এটা মোটা অংক পৰিশোধ কৰি গুচি আহিল।
এইবাৰ তাইৰ অন্তৰত প্ৰতিশোধৰ দাবানল। এইবাৰ তাইৰ প্ৰতিটো কথা নয়নে কেনেকৈ নুশুনে চাব তাই! ঘৰলৈ আহি অফিছটোৰ পৰা দিয়া ডাঙৰ পেকেটটো লৈ তাই বেডৰুমৰ দুৱাৰ মাৰি সোমাই পৰিল।
বেগ এটাত তাইৰ দৰকাৰী বস্তু কিছু, এ টি এম কাৰ্ড, কাপোৰ কানি ভৰাই তাই পেকেটটো খুলিলে। পেকেটৰ ভিতৰত কিছুমান সৰু সৰু প্লাষ্টিকৰ বাকচ। তাৰ ভিতৰত সযতনে সজাই থোৱা আছে মোবাইলৰ চিম কাৰ্ডৰ দৰে কিছুমান বস্তু। কাৰ্ডবোৰৰ এফালে আঠা। তাই পেকেটটোত থকা মেনুৱেলখন চাই চাই কাৰ্ডবোৰ নিজৰ শৰীৰৰ বিভিন্ন ঠাইত লগালে। সকলোবোৰ ঠিকে ঠিকে লগোৱা হ’ল নে নাই এবাৰ পুনৰ পৰীক্ষা কৰি চাই পেকেটত থকা সৰু ৰিম’টটো হাতত ল’লে। এবাৰ তাইৰ ইষ্ট দেৱতা ভগবান শিৱক স্মৰণ কৰি ক’লে,”হে ভোলানাথ। সকলো ঠিক কৰি দিবা আৰু।” তাইৰ হাঁহিও উঠিল। এইয়া তাই প্ৰযুক্তিৰ হাতত ধৰি নিজৰ অতীতলৈ ঘূৰি যাবলৈ ওলাইছে। আকৌ স্মৰণ কৰিছে শিৱক! আচলতে অফিছটোত কাম কৰা মানুহকেইজনকহে, নহয় নহয় এই গোটেই কাৰবাৰটোৰ আৱিষ্কাৰকজনকহে স্মৰণ কৰিব লাগিছিল হ’বলা… এহ! কিবোৰ যে ভাবি আছে তাই! তাই লাহেকৈ ৰিমটৰ সেউজীয়া বুটামটো টিপি চকু দুটা মুদি দিলে। .. কিছু দেৰি তাইৰ মগজুটো বাস্তৱৰ পৰা বিচ্ছিন্ন হৈ পৰিল। যেতিয়া তাইৰ চকু মেল খালে তাই তেতিয়া অন্য এটা কোঠাত পুৰণা ডিজাইনৰ সৰু বিচনা এখনত শুই থকা অৱস্থাত নিজকে আবিষ্কাৰ কৰিলে। কোঠাটো তাইৰ অচিনাকি। কিন্তু বিচনাখন তাইৰ চিনাকি। এটা সময়ত এইখন সিহঁত বাই-ভনীকেইজনীয়ে হাতেৰে ফুল তুলি বনোৱা কুচন কিছুমানৰ সৈতে সজাই সিহঁতৰ সৰু পৰ্টিকটোত থৈছিল। কিন্তু এইখন তাৰ পৰা কোনে এইটো কোঠালৈ আনিলে? তেনেতে বাহিৰত কাৰোবাৰ কথোপকথন শুনি তাই ওলাই গ’ল। বাহিৰত মানুহ এজনে সৰু ল’ৰা এটাক পঢ়াই আছে। সাধাৰণ কাপোৰ-কানি পৰিহিতা মানুহ এগৰাকীয়ে কাষতে মুঢ়া এটাত বহি আলু কাটি আছে। ঘৰখননো কাৰ তাই ধৰিব নোৱাৰি খিৰিকীৰে বাহিৰলৈ চালে। বাহিৰৰ পৰিবেশটো আৰু কিছুমান বস্তু দেখি তাইৰ বিশ্বাস হ’ল এইখন তাইৰেই পুৰণা মাকৰ ঘৰখন। পুৰণা ঘৰটো নাই, তাৰ ঠাইত নতুন, সাধাৰণভাবে বনোৱা অসম আৰ্হিৰ ঘৰ এটা! তাইক হঠাতে কোঠাৰ পৰা ওলাই যোৱা দেখি পঢ়ি থকা সৰু ল’ৰাটো চক খাই জাঁপ মাৰি উঠি তাক পঢ়াই থকা মানুহজনক সাৱটি ধৰিলেগৈ। তাক ধৰি থাকিয়েই মানুহজন আৰু মহিলাগৰাকীয়ে তাইৰ ফালে অতি আচৰিত হৈ চালে! তাৰ পাছত মানুহজনে তাইক সুধিলে, ‘কি অ’? লেৰেলি তই কি চেহেৰা বনাইছ এইটো? আৰু কেতিয়া আহি মনে মনে সোমাই আছ সেইটো ৰুমত? আমি গমেই নাপাও দেখোন? ভিনদেউ আৰু ৰিয়া অহা নাই?” ঠিক পোন্ধৰ বছৰৰ আগতে তাই য’ত আছিল তাতেই তাই সেই আঠা লগা মাইক্ৰ চিপবোৰ গাত লগাই ৰিম’ট টিপাৰ লগে লগে আহি যে তাই সোমাই পৰিছিল কথাটো তাইৰ মনলৈ নাহিল। কেনেকৈ আহিব? তাই যে পোন্ধৰ বছৰ পিছুৱাই আহিল। এই মুহুৰ্তৰ পিছত ঘটা একো কথাই তাইৰ মনত নাই। লেৰেলি বুলি মতাৰ লগে লগে তাইৰ মনত পৰিল ভায়েকলৈ। সি তাইৰ স্লিম ফিগাৰটোৰ বাবে তাইক লেৰেলি বুলি জোকায়। তাই তাৰ মুখলৈ চালে। হয়, এইটো তাইৰ ভায়েকেই হয়। কিন্তু তাক ইমান বুঢ়া যেন কিয় লাগিছে? নয়নৰ কথা ভাবি মিচিকিয়া হাঁহি এটা ওঁঠেৰে বাগৰি গ’ল তাইৰ। ইমান ভাল পায় তাক তাই! পিছমুহূৰ্ততে তাইৰ কপাল কুঞ্চিত হৈ আহিল। ৰিয়া? ৰিয়া কোন? তাই নয়নৰ লগত কিয় আহিব? উফ! তাই আৰু নয়নৰ মাজত কোন এই ৰিয়া সোমাল??
তাই খৰখেদাকৈ প্ৰথমে শুই থকা কোঠাটোলৈ সোমাই গ’ল। গাৰুৰ ওচৰত তাইৰ সৰু নকিয়া মোবাইলটো বিচাৰিলে। মোবাইলটো তাইক সিহঁতৰ কাষতে ভাৰাত থকা নয়নে তাইক উপহাৰ দিছে। ঘৰখনত কেৱল তাইৰেই ফোন আছে। বাকী কাৰোৰে নাই। এইটোৰে তাই ওৰে ৰাতি নয়নৰ লগত মিঠা মিঠা কথা পাতে! কিন্তু মোবাইলটো নাই যে!
কোঠাটোত থকা ষ্টীলৰ আলমাৰিটোত থকা আইনাখনত তাই নিজকে চালে। অ’ এইটো দেখোন নতুন আলমাৰী! কেতিয়া কোনে কিনিলে তাই দেখোন গমেই নাপায়! মাক দেউতাকক আৰু সৰু ভনীয়েক তিনিজনীকো তাই উঠাৰে পৰা দেখা নাই। …আইনাত সেয়া তাইৰ কোমল গুলপীয়া মুখখন। দীঘল চুলিবোৰ। কপালৰ ওচৰত থকা চুলিখিনি চুটিকৈ কটা। ঠিক মাধুৰী দীক্ষিতৰ দৰে। চুলিখিনিত তাই আঙুলিকেইটা সোমোৱাই পিছলৈ লৈ গ’ল। চুলিখিনি এনেকুৱা হৈ থাকিলে তাইক সকলোৱে মাধুৰী বুলি কয়। চুৰিডাৰৰ টপটো দীঘল। পাইজামাটো স্থানীয় দৰ্জীয়ে চিলোৱা পাটিয়ালা। কস্তুৰীকাই এই অঞ্চলত ফেচনত সকলো ছোৱালীতকৈ আগত থাকে বুলি তাইৰ নাম আছে!
আইনাখনত তাইৰ প্ৰতিবিম্বৰ পিছফালে সেই পাচলি কাটি থকা মহিলাগৰাকীৰ প্ৰতিবিম্ব ভাঁহি উঠাত তাই লাহেকৈ সেইফালে ঘূৰিলে। মানুহগৰাকীৰ মুখত কৌতুকভৰা হাঁহি। সদায় দামী, ঈর্ষণীয় কাপোৰ অলংকাৰেৰে সুসজ্জিত বাই শাহুৱেকৰ এই ৰূপ দেখি তাইৰ মুখেৰে তৃপ্তিৰ হাঁহি নিগৰিছে।
-বাইদেউ, কথাটো কি হৈছে কওকচোন।
-আপুনি কোন? কস্তুৰীকাতকৈ বয়্সস্থ যেন লগা মানুজনীক তাই সুধিলে।
-কিয়? মোক চিনি পোৱা নাই? … হেৰি.. শুনকচোন। দুৱাৰৰ ফালে চাই মানুহগৰাকীয়ে চিঞৰিলে।
মানুহজনে সৰু ল’ৰাটোক কোলাত লৈ সোমাই আহিল আৰু দুইজনীৰ ফালে আচৰিত হৈ চালে- চকুত প্ৰশ্ন!
-বাইদেৱে মোক সুধিছে, মই কোন বুলি।
-কি?
ল’ৰাটো কোলাৰ পৰা নমাই মানুহজন অৰ্থাৎ কস্তুৰীকাৰ হঠাৎ বয়স বাঢ়ি যোৱা ভায়েকজন আগবাঢ়ি আহি তাইৰ কপালত হাত দি মৰমেৰে সুধিলে, “ঐ বাইদেউ! তোৰ কি হৈছে কচোন সঁচাকৈ? ভিনদেউৰ লগত কাজিয়া লাগি আহিছ ন?” তাইৰ দুই বাহুত ধৰি সি আলফুলে তাইক বিছনাত বহুৱাই দিলে। তাৰ পাছত আকৌ সুধিলে, “তোৰ কি গা বেয়া নেকি? ইমান ক্ষীণালি যে?”
কস্তুৰীকাই এনেই হাতৰ তলুৱাৰে মুখখন মচি তালৈ চালে। “কোন ভিনদেউ? মোৰ দেখোন বিয়া হোৱাই নাই!… তই নয়নৰ লগতে কোন ছোৱালীৰ নাম লৈছিলি তেতিয়া? ৰিয়া? কোন ৰিয়া? তাইৰ লগত নয়নৰ সম্পৰ্ক কি?” তাইৰ মুখখন কান্দো কান্দো হ’ল।
-ৰ’হ, নয়ন ভিনদেউক ফোন লগাও। হেৰা, মোৰ ফোনটো দিয়া। কাষতে থকা পত্নীৰ ফালে চাই ভায়েকে হাত মেলিলে।
-এইটোৰেই কৰক। কাষৰ টেবুল এখনৰ পৰা অকমানি ফোন এটা উঠাই মহিলাগৰাকীয়ে গিৰিয়েকক দিলে।
ভায়েকে ফোন কৰিবলৈ ওলোৱাত ফোনটো তাই থাপ মাৰি আনি নয়নৰ নম্বৰটো ডায়েল কৰিলে। নম্বৰটো তাইৰ মুখস্থ আছে। “The number you have called doesn’t exist. Please check the number” বাৰে বাৰে ভাঁহি অহা ডিজিটেল কথাকেইটা শুনি তাই এসময়ত কান্দোনত ভাঙি পৰিল। তাৰ মানে ৰিয়া নামৰ ছোৱালীজনীৰ বাবে তাইৰ নয়নে নম্বৰো সলাই পেলালে! সি ঠগিলে তাইক। “নয়ন.. নয়ন..” !
-“মা! অ’ মা!”
-এই! শুনাচোন…
চকু মেলিলে কস্তুৰীকাই, কাষত তাইৰ ৰিয়া আৰু নয়নৰ উৎকণ্ঠিত মুখ। এইয়া তাইৰ নয়ন তাইৰ কাষতে আছে। কস্তুৰীকাই তাইৰ হাতৰ আঙুলিকেইটা চালে। উসঃ! ৰক্ষা ভোলানাথ। একেই আছে! এইটো কি দুঃস্বপ্ন আছিল তেনেহলে? নাই নাই.. তাইক আৰু নালাগে সেই গাভৰু কাল। যি আছে সেয়াই যথেষ্ট জীয়াই থাকিবলৈ। তাই কাষতে বহি থকা নয়নৰ কঁকালত হাতেৰে মেৰিয়াই ধৰি তাৰ আঁঠুতে মুখখন গুজি দিলে। সি তাইৰ চুলিত হাত ফুৰাই ফুৰাই দি মৰমেৰে ক’লে, “উঠা। আমি তিনিও বাহিৰতে ডিনাৰ কৰিম আজি!”
☆★☆★☆
7:54 pm
এনে দু:স্বপ দুনাই নাহক.. ভাল লাগিল