ফটাঢোল

গল্প নহ’বও পাৰে – ডলী তালুকদাৰ

“হাই! কি খবৰ লাইলী? তোমাক প্ৰায়ে দেখো ইয়াত।”

“ও ৰক্সি! কি কৰিছা ইয়াত?”

“মই মানে ইয়াত ফ্ৰেণ্ড্ এজনক ৱেইট কৰি আছোঁ।”

“এনেকে চাৰিআলি চ’কত ছোৱালী এজনী ৰৈ ল’ৰা এজনৰ লগত সকলো সময়তে কথা পাতি থাকিলে ভাল নেদেখি। যোৱা ঘৰলৈ।”

“এণ্ড্ ববচ্ ইজ্ নট্ এ গুড্ গাই। বি কেয়াৰফুল। বাই দা ৱে, আই এম ৰঘু নট্ ৰক্সি। হাঃ হাঃ ..”

“হুহ! কটা নিধক ইংৰাজী শুনাইছে চোৱা। বোলো কোনোদিনে ইংৰাজী মিডিয়ামৰ স্কুলৰ বাৰান্দাত ভৰি দিও নোপোৱাটোৱে মোৰ দৰে গ্লেমাৰ গাৰ্ল জনীৰ আগত ইংৰাজী লেবেল দিয়ে। বোলো তই সাত জনম পাৰ কৰিলেও মোৰ লগত পাত্তা মিলাব নোৱাৰ। তইতো বাদেই তোৰ মালিকৰ জীয়েক পুতেকেও চৰকাৰী মাধ্যমৰ স্কুলত পঢ়িহে মেট্টিক পাছ কৰিলে বুজিলি।”

মুখেৰে ভোৰভোৰাই গালি পাৰি গোটেইজনী ৰঙা পৰি অহা লাইলীক চোতালত ভৰি দিয়াৰ লগে লগে জেঠায়েক ৰতনীয়ে সুধিলে “কি হ’ল অ’ লালী? ইমান যে খঙেৰে ফোঁ ফোঁৱাই আহিছ? আৰু কিনো চৰকাৰী, ইংৰাজী মাইধমৰ কথা কৈছ হয়?”

“প্ৰথম কথা জেঠাই মোক লালী বুলি নক’বা। মোৰ নাম যে এতিয়া লাইলী কৰিলোঁ তুমি নাজানা নেকি? কিম্মান বেয়া পাওঁ মই লালী মাতিলে নাজানা নেকি?আজিকালি হাই চোচাইতিত এই লালী চালি নাম নচলে।”

“হ’ব দে, ইমান জাঙুৰ খাই উঠিব নালাগে। সৰুৰে পৰা লালী বুলিয়ে মাতিছোঁ। এতিয়া ডাঙৰ হৈ লাইলী নাম সলালি। ইমান পুৰণি অভ্যাস এটা নোৱাৰো নহয় বদলাব পটককৈ। ঘৰখনত জন্ম পোৱা প্ৰথম ছোৱালী বুলি তোৰ নাম মৰমতে লালী দিছিলোঁ। জাননে লালী মানে কি? লালী হ’ল পগোৱা গুৰ। তাৰ অপূৰ্ব সোৱাদৰ কথা কি ক’ম? সেইকাৰণে তোৰ নাম লালী দিছিলোঁ ! কি যে হ’ব নহয় আউ তহঁতৰ! সৌটো ককায়েৰৰ নাম দিছিলোঁ ভোলানাথ। সউতে শান্ত শিষ্ট ল’ৰাটোৰ নাম মৰমতে জেঠাদেৱে ভোলা ৰাখিলে। কিন্তু সি জহনী যোৱাই যেতিয়াৰ পৱা টাউনৰ বন্ধুবোৰ পালে তাৰ নাম হ’ল কিবা বোলে বাল্ব নে ভল্ভ! হুহ তাৰ বন্ধু বোৰে বোলে হাঁহে তাক ভোলা বুলি ক’লে। আৰু তোৰ সেই ভায়েৰৰ নামটো থৈছিলোঁ মৰমতে মিঠাৰাম কিন্তু সি মাউৰত মৰাটোৱে নাম সলাই কৈছে যে জেঠাই মোক এতিয়াৰ পৰা মিঠুন বুলিহে মাতিবি। ৰসাতলে গ’লি সকলোবোৰ।”

“প্লীজ্ জেঠাই, তোমাৰ মুখ খোল খালে যে বন্ধ হোৱাৰ নামেই নলয়। কি ভুল কৰিলে বাৰু ভল্ভ ককাই আৰু মিঠুনে? আজিকালি শ্বৰ্ট নামৰে ফেশ্বন। দেখা নাই নেকি বৰুৱাৰ জীয়েকৰ নাম আগতে বেউলা আছিল কিন্তু দিল্লী অহ্ চৰি দেল্হীত পঢ়িব যোৱাৰ পিছত তাইৰ নাম বাল্ব কৰি ল’লে।বেউলা ইজ টু আউট্ ডেটেড্ জানা?”

“হ’ব হ’ব! তই মোক কি নতুন কি পুৰণি শিকাব নালাগে।বোলো আচল কথাটো ক? কাৰ লগত এখুন্দা লাগি আহিলি? গাভৰু এজনীয়ে এনেকৈ ৰাস্তাই ৰাস্তাই লোকক গালি পাৰি আহিলে শোভা নেপাই বুইছ?”

“কি শোভা নোপোৱাৰ কথা কোৱাহে জেঠাই? মই ছোৱালী কাৰণে কৈছা তেনেকৈ ! কিন্তু সৌ যে লোকৰ পদূলি শুঙা ল’ৰাবোৰে ৰাস্তাই ঘাটে ছোৱালী জোকাই ফুৰে সেইবোৰক একো নোকোৱা কিয়? ইহ্ সিঁহতে জোকাব আৰু মই চাই থাকিম। মোৰ কি সন্মান নাই !মোৰ কি ষ্টেণ্ডাৰ্ড নাইনে? ক’ৰ লোকৰ ঘৰৰ থকা লগুৱা এটাই ইংৰাজী শুনাই লেবেল ফালিব আহে।”

“হেৰৌ কোন লগুৱাই তোৰ সন্মান নষ্ট কৰিলে। আৰু তই নিজে কাৰ ঘৰৰ ৰাজকুমাৰী। তোৰ মাৰ বাপেৰও এইখন ঘৰৰ লগুৱাই আছিল বুজিলি?”

“হ’লেও জেঠাই মোক এইখন ঘৰত লগুৱাৰ দৰে ৰখা নাই। দস্তুৰমত মোক নিজৰ ছোৱালীৰ দৰে ৰাখিছে।দেখা নাই মাইনাই সকলো সময়তে মোক কেনেকৈ লগত ৰাখে। নিজে যি খায় মোকো খাবলৈ দিয়ে। বন্ধু বান্ধবীৰ লগতো চিনাকি কৰাই দিয়ে। সিহঁতেও মোক কিমান আদৰ কৰে।”

“আৰু মাইনাৰ বেষ্ট্ ফ্ৰেণ্ড্ জনৰ লগত যে আহে মানে সৌ মহন্তৰ পুতেকৰ লগত ববচ্ সি মোক বহুত লাইক্ কৰে। আজিকালি সি মোৰ বাবেই মহন্তৰ পুতেকৰ লগত বাহানা মাৰি আহে। বাহিৰত হেনো প্ৰশিক্ষিত হৈ অহা সি। গতিকে লগুৱা বুলি কৈ মোৰ সপোন নাভাঙিবা।”

“হেৰৌ সপোন দেখা ভাল কথা। কিন্তু নিজৰ অউকাততকৈ সপোন দেখাটো ভাল কথা নহয়। নহ’লে তোৰো মায়েৰৰ দৰে দশা হ’বলৈ বেছি পৰ নালাগে।বোলো আঠুৱা চাইহে ঠেং মেলিব লাগে বুলি কথা এষাৰ আছে নহয়।”

“এতিয়া আচল কথাটো ক সোনকালে? কাৰ লগত ইমান দন্দ কৰি আহিছ? কাক ইমান গালি পাৰিছ?আৰু আজি কেইদিন মানৰ পৰা যে যেতিয়াই তেতিয়াই বাহিৰলৈ ওলাই যাৱ?”

“নাই জেঠাই তেনেকুৱা একো নাই।”

“হয়নে জহনীত যাতি। মই একো নাজানো বুলি ভাবিছ? মায়েৰই গম পালে পিঠি ফালিব তোৰ। ইমান বুজাই তোক যে ছোৱালী হৈছ যেতিয়া বাচি জাগি থাকিবি। কিন্তু নাই, তোৰ গাত কথাই নালাগে একো।”

“তোমাৰো যে মুখখন জেঠাই। বিনা গালিৰে কথাই ক’ব নোৱাৰা। শুনা তেন্তে, মই সিটো চুবুৰীৰ ৰক্সিক গালি পাৰিছোঁ।বৰ গাৰ্জেন গিৰি কৰিব আহে।”

“কোন ৰক্সি ও? আৰু এইটো কেনেকুৱা নাম ৰক্সি?”

“কিয় সেই যে হাজৰিকাৰ ঘৰত চিকিউৰিটি গাৰ্ডৰ কাম কৰে। সি আকৌ? বৰ বেছি কৰে। কি বুলি বা ভাবে নিজক।”

“হেৰৌ তাৰ নাম ৰঘুহে। বৰ ভাল ল’ৰা। সি আকৌ তোক কিয় জোকাব। নাই সি তেনে নহয়।”

“ৰঘুৱে হয় নামটো। কিন্তু মই ৰক্সি কওঁ। ইমান আউট ডেটেদ নাম মই মাতিব নোৱাৰোঁ। আৰু কিহৰ ভাল সি? জানানে সি মোৰ লগত লাইন দিয়ে। হুহ, গৱাৰ কৰবাৰ।”

“হেৰৌ কি বেয়ানো সি। আমিতো তাক তোৰ বাবে ভাবিছোৱে। মায়েৰে তাৰ মাকক সুধিছেও তোৰ বাবে।”

“ও মাই গড্! কি কৈছা তোমালোকে! মোক নোসোধাকে তোমালোকে কেনেকে তাৰ কথা ভাবিলা? মোৰ লগত তাৰ ষ্টেণ্ডাৰ্ড নিমিলে অলপো।”

“থ হেৰৌ তোৰ ষ্টেণ্ডাৰ্ড। যিমান পানীৰ মাছ সিমানৰহে কথা ভাবিবি। নহ’লে তোৰ গতিও মাৰৰ দৰে হওঁতে বেছি সময় নালাগে।”

“জেঠাই কি কৈছা এইবোৰ? মই একো বুজা নাই।”

“মাৰ ভাল বংশৰ আছিল বাবে এইখন ঘৰলৈ আনিছিল আৰু ঘৰৰ ছোৱালীৰ দৰে ৰাখিছিল কাকতি পৰিয়ালে। কিন্তু কি হ’ব? তাই মৰতীয়ে দত্তৰ ঘৰত থকা বিদেশীটোৰ লগত পলাই গ’ল। হেৰৌ কম কান্দিছিলনে কাকতি বাইদেউয়ে। কাকতি চাৰেও কিমান বিচাৰিলে তাইক। নাই তাই সৌ জহনী যোৱাটোৰ লগত পলাই কোনোবা ধুবুৰীত গ’লগৈ। কিন্তু ক’তোৱে নাপালে তাইক বিচাৰি। অৱশেষত ভঙা স্বাস্হ্যৰে গৰ্ভত তোক লৈ আকৌ এইখন ঘৰ ওলালহি। কাকতি চাৰ আৰু বাইদেউৱে দেখা পাইয়ে ওলাই যাব কৈছিল। মইহে বহুত কাকুতি মিনতি কৰিলো মাইনাৰ ভৰিত পৰিলোঁ আৰু তেতিয়া মাইনাৰ মন কুমলি চাৰ আৰু বাইদেউক জোৰ কৰি ৰাখিলে তোৰ মাৰক।”

“তেনেহ’লে দেউতা ক’ত গ’ল ও জেঠাই? আৰু কাকতি চাৰ , বাইদেৱে মোক দেখোন বহুত মৰম কৰে।”

“তোৰ মাৰ বৰ মৰমৰ আছিল এইখন ঘৰৰ। বিশেষকৈ মাইনাৰ। দেখিবলৈও বহুত ধুনীয়া আছিল। সেয়েহে যিমান ভুল কৰিলেও তাইক মাফ কৰি দিছিল। তাতে তোৰ আৰু ভায়েৰৰ কুন্দত কটা চেহেৰা দেখি সকলো খং নিমিষতে নাইকিয়া হৈছিল সকলোৰে। আৰু ঘৰখনত ইমান দিনৰ মূৰত ছোৱালী এজনী দেখি সবে বৰ ৰং পাইছিল।”

“কিন্তু দেউতা?”

“ৰহ; সেই পাষণ্ডটোৰ নাম নুলিয়াবি। তোৰ মায়েৰৰ জীৱনটো খালে সি! সি কৈছিল যে সি স্বাধীন ভাবে থাকে। দুখন বজাৰৰ মালিক সি। গোটেই বজাৰৰ মানুহে তাক বহুত সন্মান কৰে। দুটা এলেকাৰ দাদা সি।একো কাম নকৰাকে তাৰ হাতত বস্তিৰ সকলো বাসিন্দাই হফ্তা দিয়ে। কিন্তু পাষণ্ডটো, সিও কাৰোবাৰ ঘৰৰ নাইট চকীদাৰহে। হেৰৌ চেহেৰাটো চাহাবৰ দৰে হ’লেই বিদেশী নহয়টো। কথা এটা কওঁ ( কাণে কাণে) মাক জনীৰ বোলে স্বভাৱ ভাল নাছিল। গতিকে বাপেক মানে তোৰ ককাৰ কোনোবা বিদেশী হোৱাটো ডাঙৰ কথা নহ’ব পাৰে। বেয়া নাপাবি আই। কথাত কথা ওলাই গ’ল।

অ’ কি কৈ আছিলোঁ? মনত পৰিছে ৰহ্। তোৰ মায়েৰ যেতিয়া গৈ গম পালে যে তোৰ বাপেৰও কাৰোবাৰ ঘৰত কাম কৰা লগুৱাহে তেতিয়া মাৰৰ বৰ দুখ লাগিল; তাৰোপৰি যাৰ ঘৰত কাম কৰে সিহঁতে মায়েৰক ৰাখিবলৈ অমান্তি হ’ল। মায়েৰক বৰ বেয়াকৈ অপমান কৰিলে আৰু গিৰিহঁতনীয়ে পিটিলেও বেয়াকৈ দুদিন মান।”

“জেঠাই কি কৈছ এইবোৰ?”

“হয় ও আই।যি কৈছোঁ সঁচা কৈছোঁ। তোৰ বাপেৰৰ আগৰ পৰাই দুজনী ঘৈণীয়েক আছিল। প্ৰথমতে মায়েৰক নি বহুত দিন দিহিঙে দিপাঙে ঘূৰিলে। ক’তো একো কাম নাপালে, খাবলৈও নোপোৱা হ’ল। এনেকুৱা অৱস্থা হ’ল যে লোকৰ ওচৰত মাগিব লগা হ’ল। ইফালে মায়েৰ গা ভাৰি। মাউৰত মৰাটোৱে মায়েৰক আগতে নষ্ট কৰিলে। সেই কাৰণেহে তাই বেচেৰীয়ে উপায় নাপাই যাব লগা হ’ল তাৰ লগত।

কিন্তু অৱশেষত ক’তো একো মিলাব নোৱাৰি বাপেৰে পুৰণা মালিকৰ ঘৰলৈ যাব লগা হ’ল। লগত মায়েৰকো নিলে। গৈ পোৱাৰ লগে লগে ঘৈণীয়েক দুজনীয়ে খেদি আহিল। বোলো ক’ত গৈছিলি আমাক এৰি এজনীয়ে ক’লে। আনজনীয়ে মায়েৰক চাই ক’লে বোলো এইজনী কোন হয় লগত।কাক আনিছ? বোলো তিন নম্বৰ জনীও আনিলি নেকি? নিলাজটো, তিৰীমুৱাটো ক’ৰবাৰ।

মায়েৰে একো ততে ধৰিব পৰা নাছিল। বাপেৰৰ যে আৰু দুজনী তিৰোতা আছে তাই গমেই পোৱা নাছিল। তলমূৰকৈ সকলো শুনি থাকিল। দুয়োজনীয়ে মাৰৰ চৰিত্ৰত ধৰি কিমান কথা ক’লে।

অৱশেষত বাপেৰাই মুখ খুলিলে আৰু ক’লে আগৰ দুজনীক বোলো সোণজনীহঁত, এইজনী তোমালোকৰ বাবে বান্দিহে আনিছোঁ। তোমালোকৰ কেঁচুৱা ওমোলোৱাৰ বাবে।

কথা শুনি মায়েৰ জিকাৰ খাই উঠিল। তাই বাপেৰক ক’লে আপুনি কি কৈছে এইবোৰ। কিন্তু বাপেৰে মাতেই নিদিলে।
এনেতে মালিকনী ওলাই আহি বাপেৰক দুছাটমান দিলে আৰু মায়েৰকো দুই কোব দিলে। কিন্তু শাহুৱেকগৰকীয়ে ক’লে এইজনী মাক হ’ব ওলাইছে। নামাৰিবি পাপ লাগিব।

বৰ কষ্টেৰে দিন কটালে তাই সতিনী কেইজনী আৰু তোৰ মিছলীয়া বাপেৰটোৰ লগত। কিন্তু সতিনী কেইজনীয়ে যেতিয়া মায়েৰৰ গাত থকা সন্তান কাৰ সোধাত বাপেৰে নাজানো বুলি ক’লে আৰু মায়েৰক চৰিত্ৰহীন বুলি ক’লে তাইৰ আৰু সহ্য নহ’ল। গুছি আহিল ঘৰলৈ। তাৰপিছত তহঁত দুয়োৰে জন্ম।”

“মাক সদায় সেইকাৰণে দুখত থকা দেখিছিলো ন।আজিহে বুজিলোঁ। আমাকো ইমান শাসন কৰে।”

“হয় ও আই। গতিকে তইও সেই একে ভুলকে নকৰিবি।সেইকাৰণে শাসন কৰে। আৰু ৰাস্তাই ঘাটে কাৰো লগত নালাগিবি। যাকে তাকে পটকৈ বিশ্বাস নকৰিবি।”

হঠাৎ কাঠ এচটা আহি ৰতনীৰ গাত পৰিল। কেং, কেং, কেং কৈ উঠিল তাই। লালীয়ে চক খাই পিছফালে চাই দেখিলে কাকতিনীয়ে হাতত এচাৰি এডাল লৈ আহি ক’ব ধৰিলে। অথনীৰে পৰা ইমান কেং কেং কৰি আছ দুয়োজনী কুকুৰে। সিফালে লোকৰ ছাগলী সোমাই গোটেই ফুল সোপা, গছৰ পাণ সোপা খাই পেলালে। আজিকালি ইহঁতো কাম চোৰ হৈছে, মেল মৰা হৈছে।

ৰতনীয়ে লেঙেৰাই লেঙেৰাই আঁতৰি গ’ল আৰু লালীক ক’লে আহ ছাগলীটো খেদোঁ। মাৰ জনী কি কৰি আছিল। দেখা নাই নে ছাগলীটো।

এনেতে মাইনা চিঞৰি চিঞৰি আহিল গেটৰ পৰাই। মা মোৰ লগৰ যে পাপু মহন্ত খুৰাহঁতৰ..তাৰ যে ববচ্ বুলি এটা ডবাৰমেন জাতৰ কুকুৰ আছে সি আজি বগা মৰম লগা নোম থকা ভুটীয়া কুকুৰনী এজনী আনিলে নহয়। ইম্মান যে কিউট!

☆★☆★☆

9 Comments

  • মাধু

    পিছৰফালে অলপ দুখ লগালি। পিছে ধুনীয়া লিখিছ। লিখি থাকিবি।

    Reply
  • ৰাজীৱ শৰ্মা

    এৰা, সকলোতে কাহিনীবোৰ একেই।সমাজখনহে বেলেগ।

    Reply
    • ডলী তালুকদাৰ

      ধন্যবাদ।পঢ়াৰ বাবে

      Reply
  • দিম্পল

    ভাল লাগিল বা

    Reply
  • চন্দন গগৈ

    সুন্দৰ…..

    Reply
  • জ্ঞানদীপ খনিকৰ

    বা বহুত ভাল লাগিল…

    Reply
  • deepjyoti Handique

    আইঐ দেহি বৰ দুখ লগা । কাহিনীটো সঁচাকৈ বৰ ধুনীয়া ।

    Reply
  • হিৰণ্যজ্যোতি দাস

    পঢ়িলো ৷ বহুত ধুনীয়া গল্প ৷

    Reply
  • purabi

    ভাল লাগিল ডলি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *