ধৈ জিন্দেগী – মুংচাজ’ বৰ্ণালী আম্ফি মান্তা
১)
বজাৰত এতিয়া তৰমুজৰ দপদপনি৷ সিদিনা অফিচলৈ যাওঁতে বোলো আজি তৰমুজ এটাকে কিনো, অফিচত সকলোৱে ভগাই খাম৷ বেপাৰীক সুধিলো,
: দাদা তৰমুজৰ কেজি কিমান?
:ত্ৰিশ টকা বাইদেউ৷
(মই মনতে ভাবিলো, মাত্ৰ ত্ৰিশ টকা৷ কম এসোপা তৰমুজ পামনে!) ফুৰ্তিত ক’ব নোৱাৰা হৈ ক’লো-
: এক কেজি দিয়ক দাদা৷
আৰে, বেপাৰীটোৱে দেখোন সন্মুখতে থকা ভাল ভাল তৰমুজবিলাক আঁতৰাই ভিতৰৰফালে থকা সৰু সৰু তৰমুজ পিটিকি ফুৰিছে৷ মই বোলো ই বেটাও কম নহয়, মই কিবা এপোৱা বা এশ গ্ৰামৰ তৰমুজ লৈছোনে! দস্তৰমত এককিলো তৰমুজ ল’বলৈ ৰৈ আছো৷
:অ’ দাদা দিয়ক,কিনো অকণমানি তৰমুজ চাই ফুৰিছে ৷ ভাল আৰু ডাঙৰ ডাঙৰ চাই দিয়ক৷ এটাও বেয়া ওলাব নোৱাৰিব কিন্তু
: বাইদেউ, এককেজি ওজনৰ এটাও নাই৷ এইটো ডেৰকেজি হৈছে৷ ইয়াকে নিয়ক৷
বেপাৰীয়ে মুখখন এপাচিমান কৰি উত্তৰ দিলে৷
হায় বিধি! তেতিয়াহে চাৎকৈ মনত পৰিল৷ মই তৰমুজহে কিনি আছো,আলু কিনি থকা নাই নহয়!!
ধৈ জিন্দেগী ৷
২)
এমাহমানৰ আগতে ক্ষেত্ৰ অধ্যয়নৰ বাবে কাৰ্বি আংলঙলৈ গৈছিলো৷ ঘূৰোতে এঠাইত চাহৰ দোকানত চাহ-মিঠাই খাব সোমালো৷ লগত যোৱাকেইটাই ভাগে ভাগে চিঙৰা, বালুছা আদিৰ অৰ্ডাৰ দিলে চাহৰ লগত খাবলৈ৷ মই বোলো মই মাত্ৰ একাপ চাহ খাম৷ এটা সময়ত চাহ-চিঙৰা, লগত খাৰুপাতৰ দৰে গোল বালুছা আমাৰ সন্মুখত ৰ’লহি৷ বিশ্বাস কৰক সিদিনালৈকে মই বালুছা মুখত দি পোৱা নাছিলো৷ মই খালী চাহতে সোহা মাৰি থকা দেখি লগৰকিটাই নিজৰ নিজৰ ভাগৰ চিঙৰা-বালুছা যাচিলে৷ মই বোলো নাখাওঁ হেৰৌ, এই চিঙৰাডাল খালে মোৰ গেছ হয় আৰু বালুছা খাই পোৱা নাই যদিও খাটাং গেছেই হ’ব৷
সেইখিনি সময়তে লাগিল লেঠা৷ যিটোৱে বালুছা লৈছিল, তাৰমতে মই এইটো বস্তু খাই নাই পোৱা যেতিয়া আজি একামোৰ মাৰিবই লাগিব৷ মুঠতে নেৰানেপেৰা৷
দিলো মুখত-
আৰে! এয়া কি! বালুছাটো দেখোন গজাৰ দৰে হে লাগে খাই৷
: ঐ শুন না, মই বালুছাটোৰ ভিতৰত ভাজি থাকে বুলিহে অতদিন খোৱা নাছিলো৷ নাথাকে দেখোন!
মোৰ কথা শুনি সশব্দে হাঁহিত ফাটি পৰি ভাইটি প্ৰণৱে ক’লে-
: বাইটি অ, আপোনাৰ এইষাৰ কথা শুনি আজি চিঙৰাটোৱে কমখন লাজ-দুখ পাইছেনে! বোলে মোৰ পেটৰ ভাজি বালুছাক দিলে৷
ধৈ জিন্দেগী৷
☆★☆★☆