ক্লিক – ডঃ প্ৰিয়ম বৰঠাকুৰ
বাছখনৰ পৰা নামি লাহে লাহে আগবাঢ়িলো। দেহাটো আজিকালি দুৰ্বল হৈ পৰিছে। বেলিৰ তাপে মোৰ শুকান দেহাটো শুহি নিয়াৰ উপক্ৰম কৰিছে। বেঙা মেলি চালো মই। হয়, শাৰীটোৰ শেষটো প্ৰৱেশদ্বাৰখনত শেষ হৈছে। সেই ঠাই পাবলৈ মোক আৰু বিশ মিনিট মানৰ প্ৰয়োজন হব বুলি মোৰ মনে ধৰিছে।
এইয়া অৱশেষত মই প্ৰৱেশদ্বাৰখন অতিক্ৰম কৰিলো। মানুহজন আমাৰ গাওঁৰেই। তেওঁৰ পিতৃও এজন সফল ৰাজনৈতিক নেতা আছিল। পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰই একে ৰাজনৈতিক দলটোৰ এজন সক্ৰিয় সদস্য হোৱাৰ সুবাদতে বৰ্তমান আমাৰ ঠাইৰ এগৰাকী প্ৰভাৱশালী বিধায়ক হিচাবে ৰাজধানীত নিজৰ স্থান গজগজীয়া কৰি লৈছে।
এঘন্টামান ৰোৱাৰ পিছত মোৰ সাক্ষাৎৰ পাল পৰিল। বিধায়ক মহোদয়ৰ কোঠাত সোমালো। তেওঁ মোক ব্যক্তিগত ভাবে চিনি পায়। পিছে হয়তো কামৰ আহৰিৰ বাবে মূৰ দাঙি মোলৈ চোৱাৰ আহৰি পোৱা নাই। মই ইফালে সিফালে চালো। মোৰ মনলৈ আহিল এক বিশেষ দৃশ্য। ই সৰু থাকোতে মই তাৰ আৰু বাপেকৰ এটা ফটো তুলিছিলো। সিদিনা সি মোলৈ টটকৈ চাই আছিল।
মই দুবাৰমান গলহেকাৰি মাৰি মোৰ উপস্থিতিৰ উমান দিবলৈ চেষ্টা কৰিলো। মই অন্ততঃ কথাটোৰ কিবা এটা গতি লগাব লাগিব। আজিকালি বয়সৰ বাবে হাত কপে। মোৰ ষ্টুডিঅটোত প্ৰায়েই তলা ওলমি থাকে। এসময়ৰ আমাৰ অঞ্চলৰ প্ৰখ্যাত ফটোগ্ৰাফাৰ হিচাবে নাম থকা মই এতিয়া এক অপদাৰ্থ। গাওঁৰ দুই এজনৰ কথামতে মই ইয়াৰ ওচৰলৈ আহিছো। অন্ততঃ শিল্পী পেঞ্চন এটা মই ইয়াৰ সহায়ত মোকলাব পাৰিলে জীৱনটো কাটি যাব।
হঠাৎ বিধায়কৰ মূৰৰ ওপৰত থকা ফটোবোৰলৈ মোৰ চকু পৰিল। তাৰ দলৰ মৃত নেতাসকলৰ ফটোসমূহ ওলোমাই থোৱা আছে। সেইসকলৰ মাজত তাৰ বাপেকৰ ফটোখনো ওলমি আছে। বাপেক আৰু অন্যান্য নেতাসকলৰ ফটোত ওলমি থকা মালা লেৰেলি গৈছে। ফটোবোৰ ধূলিৰ আচ্ছাদন এটাত লেতি লবলৈ আৰম্ভ কৰিছে।
হঠাৎ মোৰ মূৰত এক অভিনৱ চিন্তা সোমাল। ছেঃ, বাপেকটো বাচি থাকোতেই যদি তেওঁৰ ডিঙিত মালা এধাৰি লগাই ফটো এখন উঠাই থলোহেতেন! অন্ততঃ আজি মানুহজনৰ ফটোখনত লাগি থকা এই শুকান মালাডালৰ প্ৰয়োজনীয়তা নাথাকিলহেতেন।
কিবা এটা বুদ্ধি কৰি ইয়াৰ ডিঙিত মালা এডাল পিন্ধাই এখন ফটো তুলিবলৈ মোৰ মনটোত এক অদম্য ইচ্ছা জাগিল।
হঠাৎ বিধায়কৰ প্ৰশ্নত মই সচকিত হৈ পৰিলো। সি মোক সুধিলে,
“কি আছিল?”
একো নভৱাকৈয়েই মোৰ মুখেৰে ওলাই আহিল,
“নাই এডাল মালা পিন্ধাই এখন ফটো তুলিবৰ মন।”
☆★☆★☆