প্ৰতিমুখ – সঞ্জীৱ মজুমদাৰ
এদিন সন্ধ্যা সাঁজ লগাৰ সময়ত চাণক্যই এগচি চাকি জ্বলাই মনোযোগেৰে ৰাজভঁৰালৰ কাম কৰি আছিল৷ তেনে সময়তে এজন বিদেশী পৰ্যটক আহি চাণক্যৰ ঘৰৰ দুৱাৰমুখত থিয় হ’লহি। চাণক্যই মূৰ তুলি আগন্তুকলৈ চালে। লগে লগে জ্বলি থকা চাকিগচি ফুঃ মাৰি নুমুৱাই দিলে আৰু বেলেগ চাকি এগচি জ্বলাই চাণক্য আগন্তুকৰ ওচৰ পালেহি আৰু মাত লগালে,
: কওকচোন আপোনাক কিদৰে সহায় কৰিব পাৰোঁ।
ইফালে চাণক্যৰ কাণ্ড দেখি আগন্তুক অপ্ৰস্তুত। তথাপি অসন্তোষীয়া মনেৰে নিজৰ পৰিচয় দিলে,
: মোৰ নাম মেগাস্থিনিছ। মই ভাৰতলৈ আহিছিলোঁ এখন কিতাপ লিখাৰ বাবে কিছু সমল বিচাৰি। কিতাপখনৰ নাম ইণ্ডিকা। বহুতেই মোক আপোনাক লগ কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু ইয়ালৈ আহি সন্মুখীন হোৱা পৰিস্থিতিয়ে মোক বৰ হতাশ কৰিলে।
চাণক্য আচৰিত। তথাপি বিনম্ৰতাৰে সুধিলে,
: মহোদয়, মোৰ কিবা কাণ্ডত আপুনি হতাশ হ’ল যদি, জনাবনে?
মেগাস্থিনিছে ক’লে,
এই যে মোক দেখিয়েই আপুনি চাকিগচি নুমুৱাই দিলে। মই বৰ অপমানিত বোধ কৰিলোঁ।
চাণক্যই লগে লগে মিচিকিয়াই ক’লে,
: অ, কথাটো সেইটো। মই আপোনাক বুজাই দিছোঁ ৰ’ব, কিয় মই চাকিগচি নুমুৱাই দিলোঁ। আপোনাক দুৱাৰমুখত দেখিয়েই গম পালোঁ যে, আপুনি এজন বিদেশী নাগৰিক। ৰাজকাৰ্যৰ সহায়ৰ বাবে নিশ্চয় আপুনি অহা নাই। আপোনাৰ লগত মোৰ যি বাৰ্তালাপ হ’ব, সেয়া নিশ্চয় ব্যক্তিগত পৰ্যায়ৰ কথাই হ’ব। ৰাজকাৰ্যত ব্যৱহৃত চাকিটো মই ব্যক্তিগত কামত জ্বলাই থ’লে ৰাজভঁৰালৰ ধনৰ অপচয় নহ’ব জানো?
চাণক্যৰ উত্তৰ শুনি মেগাস্থিনিচ হতভম্ব। হাতযোৰ কৰি সেই মহান ব্যক্তিক প্ৰণাম জনালে,
: মোৰ ভাৰতবৰ্ষ চোৱা হৈ গ’ল মহাশয়। আপোনাৰ চকুত মই ভাৰতৰ দৰ্শন দেখা পালোঁ।
…ইমানখিনিলৈকে ‘চাণক্য নীতি’ পঢ়ি পিচে সহদেৱ তালুকদাৰ হতাশহে হ’ল। ভাবিলে, “নাই, মেগাস্থিনিচ ভুল আছিল। এজন ব্যক্তি নতুবা এখন সমাজ সমগ্ৰ দেশখনৰ উত্তৰাধিকাৰী হ’ব নোৱাৰে বা প্ৰতিনিধিত্বও নকৰে”। কথাবোৰ যদি এনেকুৱাই হ’লহেঁতেন এখন ঘৰৰ দুজন ভায়েক-ককায়েকৰ মাজত আদৰ্শৰ বৈপৰীত্য নহ’লহেঁতেন। ভায়েকে দুখীয়াখিনিক বিনামূলীয়াভাৱে শিক্ষাৰ দৰে মৌলিক অধিকাৰ পূৰণ কৰিবলৈ চেষ্টা কৰি থকা সময়ত ককায়েকে দুখীয়াখিনিৰ মৌলিক প্ৰয়োজনখিনিও উচন কৰিবলৈ চেষ্টা নকৰিলেহেঁতেন।
চাণক্য দৰ্শনৰ ভাৱনাৰ সাগৰৰ পৰা উঠি আহি সি শ্ৰেণীকোঠালৈ আগবাঢ়ে। দশম মানৰ ল’ৰাহঁতক নাম মাতি মাতি এটা এটাকৈ সুধি যায়, “তই ক’চোন, নৱম পৰিকল্পনাৰ লক্ষ্যসমূহ কি কি?”
প্ৰায় একেখিনি সময়তে আন এঠাইত লকলকাই থকা জিভাখনেৰে টিপ্পনী মাৰে জিলাখনৰ উচ্চপদস্থ বিষয়া তথা সহদেৱ তালুকদাৰৰ নিজ ককায়েক দশৰথ তালুকদাৰে- “দৰিদ্ৰতা দূৰীকৰণ এই পৰিকল্পনাৰ প্ৰধান লক্ষ্য”।
তেওঁৰেই সন্মতিমৰ্মে এক নৈশ পাৰ্টিৰ আয়োজন কৰা হ’ল মহানগৰৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ শশবিন্দু চলিহাৰ বাসভৱনত। সিদ্ধান্ত লোৱা হ’ল, দেশৰ এই বিশাল লক্ষ্য পূৰণ কৰিবলৈ ধনিক শ্ৰেণীৰ নাগৰিকসকল একগোট হোৱাটো খুবেই প্ৰয়োজন। অনানুষ্ঠানিক পৰিবেশত শশবিন্দুৰ ফাইলত চহী হৈ গ’ল। ৰঙাফিটাৰ মেৰপাকত বন্ধ হৈছিল আন এটা ফাইল। তাত আছিল তপস্বীনি শইকীয়াহঁতৰ দৰে দুখীয়াসকলৰ কিছু আবেদনপত্ৰ।
তপস্বীনিয়ে আবেদনপত্ৰৰ প্ৰতিলিপি লৈ অৱশেষত জিলা প্ৰশাসনৰ ওচৰ চাপিছিল। নৰকাসুৰ পাহাৰৰ দাঁতিৰ মাটিখিনিৰো ম্যাদীকৰণৰ ফাইল আছিল সেইটো। সেই ফাইলতে ওলমি ৰৈছিল তপস্বীনি নামৰ মানৱদৰদী ছোৱালীজনীৰ ভৰিৰ তলৰ মাটিকণৰ অস্তিত্ব। তপস্বীনি আছিল দশৰথ তালুকদাৰৰ ভায়েক সহদেৱ তালুকদাৰৰ বাকদত্তা।
সহদেৱ তালুকদাৰৰ খেলিমেলিটো লাগিছিল সেইখিনিতেই। এফালে হৃদয়ৰ বান্ধোন, আনফালে তেজৰ দাবী। দুই ভাই-ককাইৰ মাজত মতবাদৰো ভীষণ অমিল আছিল। ককায়েক আছিল পূজিপঁতিৰ বিক্ৰী যোৱা দালাল, আনহাতে ভায়েক আছিল চানক্যৰ নীতিত বিশ্বাসী। ককায়েকৰ শৰীৰত ব্ৰেণ্ডেড কাপোৰ-জোতা, ভায়েকে তাৰ দুখীয়া বন্ধুসকলৰ স’তে তাল মিলাবলৈ ভৰিত সুমুৱাই লয় ফুটপাথৰ হাৱাই চেণ্ডেল। ককায়েকে দুকাষে দুজন চৰকাৰী প্ৰহৰী লৈ যাত্ৰা কৰে বজাৰলৈ নতুনকৈ অহা বিলাসী গাড়ীত, ভায়েকে পিচে পুৰণা স্কুটাৰখনতে সন্তুষ্ট হৈ ৰয়। ককায়েক যদি ব্যস্ত থাকে কোনো নৈশ ক্লাৱৰ বেলে ডান্সৰ সৈতে, ভায়েকে আকৌ মেট্ৰিক দিবলগা দুখীয়া ল’ৰাছোৱালীকেইটাৰ পঢ়া-শুনাৰ সৈতে যুঁজি থাকোঁতেই যায়।
কাজেই ককায়েকৰ ষড়যন্ত্ৰৰ কথা সহদেৱৰো কাণত পৰিছিল। ককায়েক তেতিয়া ক্ষমতাৰ অহংকাৰত উন্মত্ত। না ভায়েকক চিনি পায়, না ভায়েকৰ বাকদত্তাৰ কাকূতি মিনতিৰ খবৰ ৰাখে। চকুত এটাই সপোন ঘূৰি থাকে-দৰিদ্ৰতা দূৰীকৰণৰ সপোন। বিনিময়ত ঠিকাদাৰ গোষ্ঠীৰ পৰা লাভ কৰিব লগা শকত কমিছনৰ অংকটো। দিন যোৱাৰ লগে লগে অংকটোৰ পিছফালে লাগিবলগা শূন্যবোৰে তেওঁৰ টোপনি হৰণ কৰে। আনন্দত তেওঁ শুব নোৱাৰে, নোৱাৰে মন ভৰাই খাবলৈ। চকীখন নিগাজী কৰি থ’বলৈ মন যায়। ইমান উন্মাদনা কঢ়িয়াই আনিছে চকীখনে। ৰজা হ’বলৈ গৈ আছে তেওঁ। চকীখনে তেওঁলৈ ৰজাৰ সুখ কঢ়িয়াই আনে।
অৱশেষত জাননী আহিল তপস্বীনিহঁতৰ এলেকাটোলৈ। চৰকাৰী বিষয়া দশৰথৰ নেতৃত্বত এদল আৰক্ষীবাহিনী গৈ তপস্বীনিহঁতৰ ঘৰ উচন কৰিবলৈ সাজু হ’ল। কাৰণ তপস্বীনিৰ দেউতাকে পাহাৰ কাটি ঘৰ সাজিছিল। বহুবছৰৰ মূৰতহে সেই ঘৰটো যে বেদখলত পৰিছে, সেই জাননী আহিল। অতি সোনকালেই দৰিদ্ৰতা নিধন কৰিব লাগে। তপস্বীনিহঁতৰ জুপুৰীবোৰ ভাঙি তাত বাৰমহলীয়া ফ্লেট সজাৰ অনুমতি দিয়া হৈ গৈছে। চকু চাট মৰা আলোকেৰে জিলিকি থাকিব নৰকাসুৰ পাহাৰ। সেয়া হ’ব দেশৰ উন্নয়ন। তাত বঞ্চিত হ’ব তপস্বীনিহঁতৰ দৰে উন্নয়নৰ কামত নহা পৰিয়ালসকল। হওক, কোনো কথা নাই। যিহেতু দৰিদ্ৰতা নিৰ্মূলকৰণ এই পৰিকল্পনাৰ প্ৰথম লক্ষ্য। পলাশৰঙী চকুৰে বুজাই দিলে চৰকাৰী মেজিষ্ট্ৰেট দশৰথ তালুকদাৰে।
: দাদা, তহঁতৰ লক্ষ্য পিচে দৰিদ্ৰতা নিৰ্মূলকৰণ নহয়, দৰিদ্ৰ নিধনহে।
শীতল যুদ্ধ এখন আৰম্ভ হৈছিল দুই ভাতৃৰ মাজত। আদৰ্শৰ যুঁজ সেয়া। জেচিবিৰ এটা খুন্দাত সৰি পৰিছিল তপস্বীনিহঁতৰ শৈশৱৰ স্মৃতি। এইফালে একো কৰিব নোৱাৰি ধৰফৰাই ৰৈছিল সহদেৱ। আৰু মেগাস্থিনিছৰ বিচিত্ৰ ভাৰত দৰ্শনৰ কথাটো বিচিত্ৰ হৈয়ে ৰৈছিল।
অভিজাত ঘৰৰ আভিজাত্যক ভেঙুচালি কৰি এদিন তপস্বীনিৰ আঙুলিত ধৰিলে সি,
: আমি এখন বেলেগ পৃথিৱী সাজিম তপস্বীনি। তাত কোনেও আমালৈ আঙুলি টোঁৱাবলৈ সক্ষম নহ’ব।
পিন্ধি থকা সাজেৰেই চহৰৰ পৰা ওলাই আহিছিল দুয়ো। এখিনি কঠিন সময়ৰ পাছত পট পৰিৱৰ্তন হৈছিল। বিমান সেৱাত নিয়োজিত হৈ আকাশত উৰি ফুৰিছিল এসময়ৰ ভৰিৰ তলৰ মাটি উছন হৈ ৰাস্তাত ঠাই ল’বলগা হোৱা ছোৱালীজনীয়ে। একেই বিভাগত কৰ্মৰত সহদেৱৰ আঙুলিত ধৰি ওপৰলৈ উঠি যোৱা ছোৱালীজনী ডাৱৰৰ মাজত লুকাভাকু খেলি খেলি সহদেৱক জোকাব পৰা হ’লগৈ।
ককায়েক দশৰথ তালুকদাৰৰ ওচৰত সিহঁতৰ কোনো খবৰ নাছিল। খবৰ নাছিল তেতিয়াও, যেতিয়া ল’ৰা-ছোৱালীহালৰ নাম দুটাই গোটেই দেশতে তোলপাৰ লগাইছিল। সীমান্তৰ যুদ্ধৰ পৰা তিনিবৰণীয়া পতাকাৰে পৰিবেষ্টিত হৈ মৃতদেহ দুটা ওভতি অহাৰ দিনাও দশৰথ তালুকদাৰে সেই মৃতদেহৰ পৰিচয় পোৱা নাছিল। যেতিয়া খবৰ পাইছিল, তেতিয়া তেওঁৰ ভৰিৰ তলৰ মাটিকণ খহি পৰিছিল, তেওঁৰ অপবিত্ৰ চৌহদত শ্বহীদক দিব পৰাকৈ এক ইঞ্চিও পবিত্ৰ মাটি নাছিল।
একেলগে দহখন জেচিবিৰ খুন্দাই তেতিয়া চপৰা চপৰে খহাইছিল তেওঁৰ বুকুখন। আনদিনা জেচিবিৰ খুন্দাত গৃহহীন হৈ পৰা হাজাৰজনৰ দৰেই ক্ষন্তেকতে অসহায় আৰু দৰিদ্ৰ হৈ পৰিছিল তেওঁ।
চাণক্যৰ নীতিত বিশ্বাসী ভায়েক সহদেৱক এপাহ ফুলেৰে শ্ৰদ্ধাঞ্জলী জনাব পৰাৰ সাহস নহ’ল তেওঁৰ।
☆★☆★☆
10:43 am
ভাল লাগিল পঢ়ি।আগতে আপোনাৰ ৱালত পঢ়া যেন লাগিল।