ফটাঢোল

বিমলা বাইদেউৰ লটিঘটি – ৰাস্না বৰা

পুৱাই উঠি ফুলনিৰ ফুলবোৰ খুচৰি পানী দি, ফুলৰ ভৰত হাউলি পৰা ডালিয়াকেইজোপা জেওৰাৰ খুটি পুতি বান্ধি থাকোতেই ওচৰৰ ঘৰৰ হাঁহকেইটাই পেক পেককৈ খোলা গেটখন পাৰহৈ সোমাই আহিলেইচোন। কি সাহ সিহঁতৰ! ফুলৰ মাজত সোমাই যেন চেল্ফিহে উঠিছে। এবাৰ দুজনী একেলগে বহে, মাজত সিহঁতৰ প্ৰেমিকটো। এবাৰ আকৌ এজনী অকলে ডেউকা দুখন দাঙি চিনেমাৰ হিৰোইনজনীৰ পজত। ইফালে সিহঁত গাৰ ভৰত ফুলগছে বিষত কেঁকাই গোঠাই বোলে, “বাই আমাক বচোৱা”। আন দিনা হ’লে বাইদেউৰ মূৰ গৰম হ’ল হয়। পিছে আজি বাইদেউৰ বিশ বছৰমান আগৰ কথা কিছুমান মনত পৰি হাঁহিত ৰ’ব নোৱাৰা অৱস্থাহে হৈছে।

তেওঁৰ ল’ৰা ছোৱালী দুটা সৰু হৈ থকা দিনৰ কথা। ভিনিহিয়ে ল’ৰা ছোৱালীহালে ঘৰৰ গাখীৰ অকণ খাব বুলি পোৱালিসহ গাই এজনী আৰু লগতে কণীৰ বাবে হাঁহ দুজনী আৰু মতা হাঁহ এটা আনিলে ঘৰলৈ। একেবাৰে গৰুৱে-গায়ে, হাঁহে-পাৰই ভৰা সংসাৰ। এতিয়া বাইদেউৰ সহায়িকা মালতী নামৰ ছোৱালীজনীৰ কাম হ’ল আবেলি ভিনিহিয়ে বজাৰৰপৰা সস্তাতে গৰুলৈ কিনি অনা কবি, মূলা, গাজৰ, তুঁহ গুৰি দি সিজোৱা। কাৰণ গাইজনীৰ আকৌ বৰ ভেম, গৰম দানাহে খায়। সিমানলৈ ঠিকেই আছিল, পিছে হাঁহ দুজনীৰ কণীৰ মুখহে নেদেখে কোনোদিন। ওচৰ চুবুৰীয়াই পৰামৰ্শ দিলে বোলে আঘোণত নতুন ধান খাই পাৰিব। পিছে নাই, এবস্তা আইজং ধান খালে। আকৌ বোলে মচুৰ ডাইল খালেহে পাৰিব। দেওবৰীয়া বজাৰৰপৰা গাঁৱলীয়া মচুৰ আনি খুৱালে, নাই কাম নহ’ল। গৰুৰ ভাগৰ পুৰবী দানা খুৱাইও চালে, নাই। এইবাৰ বহুত ভাবি চিন্তি এগৰাকীৰপৰা সমস্যাৰ সমাধান আহিল বোলে হাঁহৰ কাষলটিৰ তলৰ (ডেউকা) পাখি দুডালমান উঘালি দিয়া। এইবাৰ পুৱাই বাইদেউৱে মালতীক সোধে, য়েছ নে ন। তাই বোলে ডাবল ন। এনেকৈ আঘোণ গৈ মাঘ, মাঘ গৈ বহাগ পালেগৈ।

এদিন বাইদেউ ল’ৰা ছােৱালীহালক লৈ ওলাল মাকৰ ঘৰলৈ। মালতী আৰু ভিনিহি ঘৰ ৰখীয়া।

বাইদেউৰ কাঢ়া নিৰ্দেশ ভিনিলৈ, বোলে গৰুৰ দায়িত্ব আপোনাৰ। মালতীক দানা সিজোৱাত সহায় কৰিব, বান্ধিব আৰু গাখীৰবোৰ দৈ বনাব। ভিনিহিয়ে ভাত খাই ভাগৰ মাৰোঁতেই মালতীয়ে দানা সিজাই আজৰি ইপিনে। তেওঁ ভাবিলে দানাখিনি তাই নালাগে ময়েই দিওঁ গাইজনীক, পিছে তাই নিদিয়ে। তেঁৱো নেৰে। জোৰকৈ কাঠৰ হেতাখনেৰে লৰাই দিওঁতেহে উৰহী গছৰ ওৰ ওলাল। গৰু দানাৰ মাজত দুটাকৈ গোটে গোটে হাঁহৰ কণী। ই কি! হাঁহ দুজনীয়ে তাৰমানে গৰম দানাতহে কণী পাৰে নেকি! তেওঁ আচৰিত হ’ল। পিছ মুহূৰ্ততে বোলে, “হে ভগবান! মালতী ঐ, তই মানে দিনে দুটাকৈ হাঁহৰ কণী হজম কৰ। আই তোৰ লিভাৰটো কিন্তু গৱেষণা কৰিবলগীয়া।” ইপিনে বাইদেউৰ ওচৰৰ বৰুৱানী, হাজৰিকানীৰ আগত মালতীৰ কত প্ৰশংসা বোলে মই সাধি সাধি এনে সহায়কাৰী পাইছোঁ, একেবাৰে লোভ নাই। সন্ধিয়া ল’ৰা ছোৱালীহালক খাবলৈ দিওঁতে তাইকো সমানে দিওঁ পিছে তাই ভোক নাই বুলি নাখায়। হেৰৌ সন্ধিয়া দুটাকৈ কণী সিদ্ধ খাই তাইৰ পেটত ক’ত ঠাই হয়! তাইৰ কাণ্ডত তেওঁৰ খং উঠক চাৰি হাঁহি ৰখাব নোৱাৰা হ’ল। বাইদেউৰো কথাটো শুনি একেই অৱস্থা।

বাইদেউ মাকৰ ঘৰৰপৰা আহিযেই উচ্চ পৰ্যায়ৰ তদন্ত কমিটি বহোৱাই গোহালিৰ পাছফালে এখৰাহীমান হাঁহকণীৰ বাকলি আবিষ্কাৰ কৰি হাঁহ পালনৰ বিজনেছ বাদেই দিলে আৰু জীৱনলৈ। মানে এতিয়া বাইদেউৰ ঘৰত মানুহৰ বাহিৰে অন্য জীৱ জন্তু দৰৱত লাগিলেও পাবলৈ নাই। হাঁহ কণীৰ বাবে কমখন লটিঘটি হ’লনে চাওকচোন।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *