ফটাঢোল

আই. চি. ইউ. — পাৰ্থ প্ৰতীম শৰ্মা

মই একোৱেই নাজানোঁ বুজিছে। কালি গধূলি ঘপহকৈ এওঁৰ বুকুখন কিহবাই হেঁচা মাৰি ধৰিলে, উশাহ লোৱাত কষ্ট হ’বলৈ ধৰিলে। তাৰপিছত, এওঁ দেখোন মুখৰ এফাল লৰচৰ কৰিব নোৱাৰা হ’ল। মন কৰি দেখিলোঁ – এওঁৰ দেহৰ এফাল অলৰ-অচৰ, দেহৰ বাওঁফালৰ কোনো অংগতেই সংবেদনা নাই। মই ভালকৈ বুজি নোপোৱাত কাষৰ ঘৰৰ ৰুবুলক মাতিলোঁ। ৰুবুলে কিবা “পেচাৰ ষ্টক” হোৱা বুলি তেওঁক ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসালয়লৈ লৈ গ’ল। পিছে তাত ডাক্তৰে নাৰাখিলে। সেইখনত হেনো কিবাকিবি সুবিধা নাই। ৰাতিয়েই আমি এই ডাঙৰ হস্পিটেলখনলৈ আহিলোঁ। ইয়াত হেনো সকলো সুবিধা আছে। পিছে সকলো সুবিধা থকা আই. চি. ইউ. নামৰ কোঠাটোত ঠাই নাই। গতিকে কালি এওঁক অনাৰেপৰা আমাৰ গাৱঁৰ হস্পিটেলত থকাৰ দৰেই আছে এওঁ। ৰুবুলে মাজতে “পাইভেট হস্পিটেল”লৈ লৈ যোৱাৰ কথা ক’লে। পিছে “পাইভেট হস্পিটেল”ত দেখুৱাবলৈ সাঁচতীয়া বুলি আমাৰতো একো নাছিল! গাঁৱৰ ৰমণী মাষ্টৰৰপৰা টকা ১০০০০ খুজি আনিছোঁ। তাৰো কিছু অংশ খৰছ হ’ল। সেয়ে ৰুবুলক বাৰে বাৰে চাবলৈ পঠিয়াইছোঁ – আই. চি. ইউ.ত ঠাই হয়েই নেকি চাবলৈ। এপাকত ময়ো গৈছিলোঁ। তাত বহি থকা খাকী পোছাক পিন্ধা মানুহটোৱে ক’লে বোলে ভিতৰত বিচনা খালী নাই। মই বোলো, আমি দুখীয়া মানুহ! আমাৰ ইমান ধুন-পেচ নাই। বিচনা নাথাকিলে পকাত শুৱাই থ’লেও হ’ব। পিছে কিবা হেনো নিয়ম আছে। মই এইবোৰ তলা-নলা পোৱা নাই। সকলোৱে কৈ আছে এই কোঠাটোত সুমুৱাই দিব পাৰিলেই হেনো তেওঁ বাচিব। পিছে নাই, খাকী পোছাক পিন্ধা মানুহজনে ক’লে – মই হেনো কথাবোৰ বুজি নাপাওঁ। এবাৰত কোনোবাই ক’লে, কাৰোবাক চাহ খাবলৈ বুলি কিবা এটা দিলেহে হেনো আই. চি. ইউ পায়! এখেতৰ যাওঁ-থওঁ অৱস্থাত মই এতিয়া চাহ-ভাতৰ চিন্তা কৰি থাকিলে হ’বনে বাৰু! বেমাৰটো ঠিক কৰিব পাৰিলে চাহ নহয় ঘৰৰ পাৰ এজনী মাৰি ভাতকে খুৱাম, পিছে এতিয়া বেমাৰটো ভাল কৰাটোহে মূল কথা।

কিন্তু তাৰ পিছতে এজন মানুহ আহিল। মুখত পাতল সেউজীয়া ৰঙৰ ‘মাস্ক’ এখন পিন্ধি। তেওঁ নিজেই আহি সুধিলে –
– “আপোনালোকে আই.চি.ইউ. পোৱাই নাই নেকি? এনেকৈ হ’লে পেছেণ্ট নাবাচিব নহয়।”
– “তাকেই চাৰ। বাৰে বাৰে ঘূৰাই পঠিয়াই দিছে তাৰপৰা। বিচনা খালি হোৱাই নাই বোলে। লগত অহা ল’ৰাটোক আকৌ পঠিয়াইছোঁ ৰ’ব খবৰ ল’বলৈ।”
– “এহ! কিয় খালি নহ’ব। মিছা কথা কৈছে আপোনালোকক। আপোনালোকৰ পিছত অহা পেছেণ্ট আই. চি. ইউ.ত সোমাই গ’ল। এনেকৈ আই. চি. ইউ. নাপাবতো ইয়াত! চিনাকি লাগিব।”
– “চাৰ, আপুনি অলপ সহায় কৰি দিয়ক চাৰ। মানুহজনৰ বাহিৰে মোৰ কোনোৱেই নাই। কিবাকৈ অলপ সহায় কৰি আই.চি. ইউ.ত সুমুৱাই দিয়ক ছাৰ।”
– “ৰ’ব ৰ’ব নাকান্দিব। কিবা এটা কৰিব লাগিব। হেৰি কৰক, আপোনাৰ আই. চি.ইউ.ৰ চার্জ হ’ল ৭৫০০ টকা আৰু তেওঁলোকক ৫০০ টকা দি ছিট এটা লৈ লওঁ। কি কয় আপুনি?”
– “পামনে চাৰ?”
– “পাব। কিয় নাপাবহে? কেৱল কাকো নক’ব। দেখিছেনে নাই, সকলোৱে আই. চি. ইউ. বিচাৰি আছে। আপুনি হেৰি কৰক, কাগজখন আৰু টকা ৮০০০ দিয়ক আৰু মোৰ পিছে পিছে আহক। অলপ সোনকালে আহক, সিফালে নহ’লে বেলেগে বুক কৰি পেলাব।”

কাগজ আৰু টকা আঠ হাজাৰ তেওঁৰ হাতত দি তেওঁৰ পিছে পিছে গৈ আছোঁ। মানুহজনে নিজে উপযাচি ইমানখিনি সহায় কৰিছে! বৰ ভাল মানুহ দেই। কিবাকৈ আই. চি. ইউ. পালে চিন্তা নাই আৰু!
ৰ’ব, মানুহজন ক’লৈ গ’ল! ইমান ভিৰ! মানুহজন জানো ক’ত ঘপহকৈ নোহোৱা হৈ গ’ল! বহু দেৰি বিচাৰি, ইজন-সিজনক সুধিও তেওঁৰ একো শুং-সূত্ৰ উলিয়াব নোৱাৰিলোঁ। নাৰ্ছকেইগৰাকীক কওঁতে তেওঁলোকে ওলোটাই মোকহে ধমক দিলে বোলে মানুহ অকণমান বুধিয়ক হ’ব লাগে। কি কৰিম একো ধৰিব নোৱাৰি এওঁৰ ওচৰতেই থিয় দিলোঁ। পিছে এওঁ দেখোন উশাহ-নিশাহ একো লোৱা নাই। নাৰ্ছগৰাকীক মাতি আনি দেখুৱালোঁ। তেওঁ আকৌ ডাক্তৰ এজনক মাতি আনিলে। কিবা-কিবি চাই-মেলি তেওঁলোকে মোক ক’লে – বাইদেউ, এওঁ আৰু নাই!
এওঁ নাই! মই কি কৰিম এতিয়া? এওঁ নাথাকিলে মই কি কৰি থাকিম? কোনোবাই কাণত আহি ক’লে, বডীটো লৈ যাব লাগে। ক’লৈ লৈ যাম, কেনেকৈ লৈ যাম? থকা টকাকেইটা সেই মানুহজনে লৈ গ’ল। ঘৰলৈ কেনেকৈ যাওঁ? নাযাওঁ। থাকক বডী ইয়াতেই, মৰিবলৈ ওলোৱা মানুহটোক দেখিও যদি মানুহে ঠগ-প্রবঞ্ছনা কৰি টকা নিব পাৰে, হয়তো বডীটোৰপৰাও কিবা টকা ঘটিব পাৰে। ঘটক। মানুহবোৰে টকা ঘটক। মানুহবোৰে কেৱল টকাকেই ঘটক। ঘটক, টকাকেই ঘটক…

☆★☆★☆

4 Comments

  • Rintumoni Dutta

    সুন্দৰ পাৰ্থ

    Reply
  • হেমন্ত কাকতি

    বৰ নিষ্ঠুৰ আৰু স্বাৰ্থলোভীহে মানুহবোৰ৷

    ভাল লাগিল পাৰ্থ৷

    Reply
  • Tulika Gogoi Swargiary

    ঘটি থকা ঘটনা

    Reply
  • নিষ্ঠুৰ বাস্তৱ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *