ফটাঢোল

এই জ্বৰ ক্রিকেটৰ জ্বৰ -মানসী বৰা

বিমল গোটেইটো ক্রিকেট পাগল। ঠাইখনৰ সকলোৱে জানে ক্রিকেট বুলিলে বিমলক আন একো নালাগে। যিদিনা ক্রিকেট থাকে সেইদিনা শুবলৈ, খাবলৈ,গা ধোবলৈ নাইবা দোকানলৈ যাবলৈ ঘৈণীয়েক মণিমায়ে হেঁচুকি থাকিব লাগে। সি আনকি নিজৰ দোকানলৈও ক্রিকেট চাবৰ কাৰণে টি ভি এটা আনি লৈছে। ক্রিকেটৰ কাৰণে কেতিয়াবা তাৰ দোকান খোলা দেৰি হৈ যায়। দিবা-নৈশ খেল থাকিলেতো কথাই নাই। সেইদিনা ঘৰলৈ অহাও দেৰি হয়। বেছি দেৰি হ’লে কেতিয়াবা ঘৰলৈ নাহি দোকানতেই শুই দিয়ে সি।আই পি এল থকা কেইদিনতো ক’বই নালাগে। চিনাকি ল’ৰা কেইটামানো ক্রিকেট চাবলৈ তাৰ দোকানলৈ আহে। এক ভাল আড্ডা জমে। খেলৰ পিছদিনাখন খেলখনৰ পোষ্টমাৰটেম হয়। যেনে -কোহলিয়ে সেইটো বল তেনেকৈ খেলিব নালাগিছিল, ৰোহিত শর্মাই কোন নম্বৰত বেটিং কৰিবলৈ নমা উচিত আছিল নাইবা ধোনিয়ে কেতিয়া অৱসৰ ল’ব লাগে ইত্যাদি ইত্যাদি। কেতিয়াবা ক’ৰবালৈ যাওঁতে যদি পথাৰত কোনোবা গাঁৱৰ লৰাই ক্রিকেট খেলি থাকে চাইকেলৰ পৰা নামি সি সম্পূর্ণ খেলখন চাইহে যাব। ক্রিকেটৰ ওপৰত কিবা ক’বলৈ পালে বিমলৰ মনতযে বিমল আনন্দ। ঘন্টাৰ পিছত ঘন্টা ক্রিকেটৰ আলোচনা কৰি দিব পাৰে সি। আচলতে বিমলৰ সেইটো চমকপ্রদ প্রতিভা।এবাৰ ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজৰ তীব্র উত্তেজনাপূৃর্ণ খেল এখন মচগুল হৈ চাই থাকোতে সি হেনো ভাতৰ লগত সিজোৱা কণী এটা বাকলি নুগুছোৱাকে খাই দিছিল। পিছত মণিমাক পাপৰখন ইমান টান আৰু একো সোৱাদ নাছিল বুলি কমপ্লেইন কৰোতেহে উৰহি গছৰ ওৰ ওলাল। কেনেবাকে ক্রিকেট চলি থকা সময়ত যদি কাৰেন্ট যাবলৈ হয় তেতিয়া তাৰ মুখেৰে ধাৰাষাৰ গালি বর্ষণ হয় আৰু এনেদৰে হয় যে অসম – বাংলাদেশ সীমান্তৰ একেবাৰে শেষত থকা ইলেকট্রিচিটি পোষ্টটোৱেও সেই গালি শুনি যাব।

বিমলৰ ক্রিকেটৰ জ্বৰ পিছে এতিয়াৰ নহয়। টেণ্ডুলকাৰ, দ্রাবিড, গাংগুলী, আজাহাৰুদ্দিন, অজয় জাডেজা আদি সকলক সৰুৰে পৰা পূজি আহিছে বিমলে। স্কুলৰ পৰা মনে মনে পলাই গৈও ক্রিকেট খেলিছিল আগতে। চেন্টাৰ ফ্রেছৰ লগত পোৱা ক্রিকেটাৰৰ ফটো সংগ্রহ কৰি ৫০০ মান কৰিছিলগে হেনো। ঘৰতো ক্রিকেটাৰৰ ফটো ওলমাই থৈছিল।আজিকালি বয়স হোৱাৰ পৰা ক্রিকেট খেলিবলৈ এৰিলে যদিও চোৱাৰ হাবিয়াস সেই একে দৰেই আছে। যাব বা কেলৈ। এই দেশ হৈছে ক্রিকেটৰ দেশ। এতিয়া সমগ্র ভাৰত ক্রিকেট বিশ্বকাপৰ জ্বৰত।
সেইদিনা আছিল ভাৰত -পাকিস্তানৰ খেল। চিৰবৈৰী ভাৰত-পাকিস্তানৰ খেল এনেইও প্রতিদন্দ্বিতাপূর্ণ হয়। বিমলৰো সেইদিনা খুব উত্তেজনাৰে দিনটো পাৰ হ’ল। খেল তিনি বজাত আৰম্ভ হোৱাৰ লগে লগে সি দোকানৰ ছাটাৰখন আধা নমাই দিলে যাতে কোনো গ্রাহকে আহি তাক দিগদাৰ দিবহি নোৱাৰে। ইতিমধ্যে পিলিঙা ল’ৰা কেইটামানো আহি গোট খালে। এনেকৈ একেলগে খেল চোৱাৰ মজাই বেলেগ। খেল চাই চাই ক্রিকেটাৰ ওপৰত এক্সপাৰ্ট কমেন্ট কৰি বিমলেতো ভালেই পায়। আৰম্ভণিৰ পিটচ ৰিপোৰ্টৰ পৰা পোষ্ট মেটচ প্রেজেনটেচনৰ লৈকে খুব উৎসাহেৰে খেল চালে সেইদিনা। ভাৰত জিকাৰ বাবে সকলোৱে আনন্দত ফুৰ্টি – ফাৰ্টা কৰোতে ৰাতি দুই মান বাজিল। ঘৰলৈ নগৈ বিমলে সেইদিনা দোকানতে শুই দিলে। পিছদিনা ৰাতিপুৱা উঠোতে ঘড়ীত ছয় বাজিল। ততাতৈয়াকৈ ঘৰ পাই দেখে ওচৰৰে শইকীয়াদা আৰু লগৰ যতীন তাৰ ঘৰৰ চোতালতে ভাৰত-পাকিস্তানৰ খেলখনৰ বিষয়ে আলোচনা কৰি আছে। পাকিস্তানৰ ওপৰত ভাৰতৰ এক ৰোমাঞ্চকৰ বিজয়ৰ পিছত এনে এক ক্রিকেটমুখী আলোচনাত ভাগ লোৱাৰ লোভটো সি সামৰিব পাৰেবা কেনেকৈ। চাইকেলখন চোতালতে ৰাখি ভিতৰলৈ গৈ টুথব্রাছ ডালেৰে দাঁত ঘঁহি ঘঁহি সেই ঠাই পালেহি। আটাইয়ে ক্রিকেটৰ আলোচনাত মচগুল। আধাঘন্টামানৰ মূৰত মণিমায়ে চাহ খাবলৈ মতা দেখি ক’লে-
: অই মই দাঁত ঘঁহি আছো দেখা নাই? দাঁত ঘঁহা শেষ হ’লে খাম।
তাৰ পাছতো আৰু আধা ঘন্টা সেইদৰে দাঁত মাজি মাজি সি কথা পাতি থাকিল। অলপ পিছত উধাতু খাই মণিমা ওলাই আহি বোলে
: টুথপেষ্ট দেখুন ঘৰত নাছিলেই। আনিবলৈ কৈহে আছিলো। আজি মই নিমখ ঘঁহি মুখ ধুইছো। আপুনি মোৰ ফেয়াৰ এণ্ড লাভলীটোকে টুথব্রাছ দালত লগায় অথনিৰে পৰা ঘঁহি আছে বুলি গম পাইছেনে নাই?
হঠাৎ কথাষাৰ উপলব্ধি কৰি বিমলে মুখৰ মাজত গোটাই থোৱা থুখিনি পেলাই কৈ উঠিল
: হব যা। এতিয়া টেটুফালি গোটেইখনকে চিঞৰি চিঞৰি শুনাব নালাগে। এইটো বগা হ’বলৈ ঘঁহা ক্রীমহে। এইটোৰে ঘঁহিলেও দাঁত বগা হ’ব ….যা!

4 Comments

  • হাঃ হাঃ, এইটো জ্বৰে এতিয়া সমগ্ৰ বিশ্বকে চুইছে। ভাল লাগিল।

    Reply
  • মানসী বৰা

    বহুত বহুত ধন্যবাদ..

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ মানসী, তামাম৷ বিমলৰ এক্টিংবোৰ হুবহু চকুৰ আগত দেখি থাকিলো৷ এসময়ত আমিও এনে পাগল আছিলো৷

    বঢ়িয়া লাগিল৷

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ দাদা..

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *