তেৰে মেৰে দৰমিয়া – নয়নমণি হালৈ
ৰাস্তাত যেন জুই জ্বলিছে, কিন্তু তাতোকৈ বেছি জুই জ্বলিছে পেটত৷ জালুকবাৰীৰ পৰা চান্দমাৰীৰ ফালে গৈছিলো কিবা এটা কামত, কাম শেষ হোৱালৈ পেটত জুই জ্বলিল৷ জুলাই মাহৰ দুপৰীয়া, তাতে মাহৰ শেষ| বাবলু আৰু মোৰ পকেট জাৰি-জোকাৰি কিবাকৈ চিটিবাছৰ ভাড়াটোহে ওলাল৷ এসাজ ভাত এতিয়া দুঃস্বপ্নৰ দৰে৷ মাহৰ আৰম্ভণিতে ঘৰৰ পৰা পইছা আহে, সেইকেইটা দিনত গোটেই গুৱাহাটীখনত আমাৰ অখণ্ড প্ৰতাপ৷ পাৰ্ক, ৰেষ্টুৰেণ্ট, চিনেমা, পাণদোকান সকলোতে আমাৰ অবাধ ৰাজত্ব৷ ক্লাছলৈ বুলি ওলাই আহি বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত পোলাও মাংসৰে ৰাজসিক ভোজন কৰো, তাৰপিছত চিগাৰেটেৰে মুখশুদ্ধি! লংকেশ্বৰৰ কাষতে আমাৰ ৰুম (ভাড়াৰুম)৷ ‘ফৰেষ্ট গেট’ত মুৰ্গী কাটে, সেই মুৰ্গী সদায় সন্ধিয়া আমাৰ কেৰাহিত উঠে৷ মুঠতে ‘ছাত্ৰজীৱনতে সকলো ভোগ কৰি লোৱা’ নীতি-বচনফেৰা আখৰে আখৰে পালন কৰি গৈছো৷ কিন্তু দিনবোৰ গৈ গৈ মাহৰ শেষ পায়গৈ মানে ৰাজ্যৰ অৱস্থা দুৰ্ভিক্ষপীড়িত ছোমালিয়াৰ ৰূপ পায়গৈ৷ আৰু আজিতো একেবাৰে দুৰ্ভিক্ষৰ শেষটো স্তৰ, পেটৰ ভিতৰখন যেন যুদ্ধই বিধ্বস্ত কৰি থৈ যোৱা ছোমালিয়া৷ ৰাস্তাৰ কাষৰ হোটেল, পৰঠা, ফুটপাথৰ ম’ম’ সকলোবোৰ যেন আমেৰিকান সৈনিকৰ দখলত৷
তথাপিও বাবলুৱে সাহস দিছে,
-“ৰুমত পটল দুটামান থাকিব লাগে, সেইকেইটা গোলগোলকৈ কাটি আলু এটাৰ লগত প্ৰথমে ভাজি লম৷ পিঁয়াজ শেষ হৈছে, কোনো কথা নাই, জলকীয়া দুটামান কাটি দিম৷ তাৰপিছত উতলা পানী ঢালি তাৰ ওপৰত মেগী মচলা অলপ চটিয়াই দিম৷ একাষত ভাতৰ কুকাৰটো বহাই দিম, তাৰপিছত তই খাবি আৰু গৰম গৰম ভাতৰ লগত আলু-পটলৰ দম৷”
আলু-পটলৰ আঞ্জা নহয়, যেন চিকেন বিৰিয়ানী, মাটন কাবাবৰ কথাহে কৈছে সি! বাবলুৱে দুটামান টপালি মাৰি কথাখিনি কোৱাৰ লাগে লগে জিভাখন তিতি যায়, পেটৰ ভিতৰৰ জুইকুৰা আৰু জ্বলিবলৈ ধৰে, লগে-লগে আমাৰ খোজৰ গতিও বাঢ়ি যায়৷ হে ভগৱান, আজি ৰুমটো কিবাকৈ পৌছাই দিয়া আৰু৷
ৰুম পালো, জিৰাবৰ সময় নাই৷ লংপেণ্ট চোলা খুলি বাবলুৱে সুদা গাৰেই আলু-পটল কাটিবলৈ লাগি গ’ল৷ মই গ’লো ৰাতিপুৱাৰ পৰাই দাঁত নিকটাই পৰি থকা কেৰাহি, কুকাৰৰ দ’মটো লৈ নাদৰ পাৰলৈ৷ ৰন্ধন বিদ্যাত কেঁচা বাবে এইফেৰা দায়িত্ব সদায় মোৰ ভাগতে পৰে৷ আন এজন ৰুমমেট দিগন্তই টেবুলত কলম-কাগজ লৈ কল্পনাৰ জগতত নিজকে এৰি দিছে, পইছা-পাতি নাথাকিলে সি এনেদৰেই গৃহবন্দী হৈ থাকে৷ বাহিৰলৈ ওলাই গ’লেই হেনো ধৰুৱাবোৰে আগুৰি ধৰে৷ অৱশ্যে সেই বয়সতে ‘বিস্ময়’ত গল্প লিখি সি বেচ কিছু নাম-যশ আদায় কৰিছে৷ আচৰিত কথা তাৰ গল্পবোৰ এই মাহৰ শেষৰ দুৰ্ভিক্ষৰ দিনবোৰতহে হেনো সৃষ্টি হয়৷ সি কোৱা কথা, তাৰ লগত আমি দুটাই মাথা মাৰি নাথাকো৷ কবি, সাহিত্যিকৰ কথা এনেয়ো আমি অলপ কমকৈ বুজো৷
মই লৰালৰিকৈ বাচনখিনি ধুই, কুকাৰত চাউলকেইটা বহাই দিলো৷ বাবলুৰ আলু-পটলো ‘ৰেডি’৷ কিন্তু আমাৰ ভাগ্যখনত যেন বিধাতাই ফুল-চন্দনৰ ঠাইত সেইদিনা গোবৰ মাটিহে লিপি থৈছিল৷ গেছৰ জুইকুৰা খুব সুন্দৰকৈ জ্বলিল, কিন্তু তাৰ পিছতহে দেখোন জুইকুৰা মেলেৰিয়া ৰোগীৰ দৰে কঁপিবলৈ ধৰিলে৷ কঁপিলে মানে, হাস্পাতাল গৈ নোপোৱা বেমাৰীৰ দৰে জুইকুৰাৰো জীৱন-বন্তি কিছুসময় ধপধপাই থাকি নুমাই পৰিল৷
-“বাবলু, গেছ শেষ”
মই কিবাকৈহে মাতষাৰ উলিয়ালো, প্ৰবল আশাবাদী বাবলুৱে কিন্তু চেষ্টা এৰি নিদিলে৷ চুলাটোত দিয়াচলাইৰ কাঠি মাৰেহে মাৰে, চিলিণ্ডাৰটোকো ঢোলৰ নিচিনাকৈ এবাৰ পথালি-কোলাকৈ দাঙি ল’লে, কিন্তু নাই, ধুমুহা বতাহৰ মাজত টিপচাকি জ্বলাদি চুলাৰ জুইকুৰা ক্ষন্তেক জ্বলে আৰু নুমাই যায়৷ হতাশ হৈ আমি দুটা মজিয়াতে বহি পৰিলো এইবাৰ৷ পেটৰ ভিতৰৰ পৰা ভাহি অহা ‘কৰকৰ’ শব্দটো স্পষ্ট শুনা পালো দুয়ো৷ দিগন্তৰ এইবোৰলৈ ভ্ৰূক্ষেপ নাই, তাৰ গল্পৰ নায়ক ইতিমধ্যে বহুদূৰ আগবাঢ়ি গৈছে৷ সি অকলে অকলে কিবা কৈছে, ভাবিছে আৰু লিখিছে৷ বাবলুৱে তাৰপিনে চাই মুখৰ ভিতৰতে কুকুৰে কাঁইট নোখোৱা গালি দুটামান শোধালে, তাৰপিছত কুটি থোৱা আলু পটলখিনিলৈ চালে৷ সেইখিনিয়ে ইতিমধ্যে আমাৰ দুইটাৰ মুখৰ পিনে চাই ঢেক-ঢেকাই হাঁহিবলৈ আৰম্ভ কৰিছে৷ দিনটোৰ লঘোণীয়া পেট, খালী পকেট, শেষ হোৱা গেছ সকলোৱে মিলি যেন ৰুমটোত অট্টহাস্য আৰম্ভ কৰি দিছে আৰু আমাৰ মূৰ দুটা দেৱালত খুন্দিয়াবলৈ আমাক উদ্গ্ৰীৱ কৰি তুলিছে৷ কিন্তু বাবলু কি ইমান সহজতে হাৰ মনা ল’ৰা, দিগন্তই প্ৰায়ে কয় ‘এশটা শিয়াল মৰিলেহে এটা বাবলুৰ জন্ম হয়’৷ হঠাৎ সি জাঁপ মাৰি থিয় হ’ল আৰু চিঞৰি দিলে
-“পাই গ’লো৷”
মই আচৰিত হৈ তাৰ মুখলৈ চালো, সি আকৌ চিঞৰি উঠিল
-“উপায় পাই গ’লো।”
আমি থকা ঘৰটো বৰ পুৰণি, মালিকৰ ককাকৰ দিনৰে ঘৰ হেনো৷ বেছি বৰষুণ দিলে ভিতৰলৈ পানী সোমোৱা ঘৰ৷ ইয়াৰ আগতে আমি থকা ঘৰটো ভাল আছিল, কিন্তু মালিকৰ লগত কাজিয়া কৰি দিগন্তই একেদিনাই ঘৰ সলোৱাৰ সিদ্ধান্ত লৈ এই জৰাজীৰ্ণ ঘৰটোলৈ আমাক লৈ আনিলে৷ হওঁতে আমি বেয়া নাপালো! পুৰণি, মানুহ-দুনুহৰ বেছি আহ-যাহ নথকা ঘৰ হ’লে আমাৰ বহু সুবিধা৷ আগৰ ঘৰটোৰ ওচৰে-পাজৰে থকা ভাড়াতীয়াবোৰে মালিকৰ আগত আমাৰ বিৰুদ্ধে বহু ‘কমপ্লেইন’ কৰিছিলে, ইয়াত সেইবোৰ নাই৷ প্ৰকাণ্ড ঘৰটোৰ সন্মুখৰ কোঠালিটোত আমি, আমাৰ গাতে লাগি থকা কোঠালিটোত ‘তালুকদাৰ’ উপাধিৰ মানুহ এজন থাকে৷ তালুকদাৰ আকৌ সদায় ৰুমটোত নাথাকে৷ কিবা ‘বিজনেছ’ কৰে হেনো, সপ্তাহত এদিন বা দুদিন কেতিয়াবা ঘপহকৈ ওলায়, কেতিয়াবা আকৌ দুই-তিনি সপ্তাহলৈ মানুহজন নাথাকেই৷ কিন্তু মানুহজন দেখিবলৈ বৰ ভয়ানক, ওখই ছয়ফুট, শকত-আৱত মানুহজনৰ মুখত হাঁহি নামৰ কোনো বস্তুৱেই নাই৷ তালুকদাৰ আৰু আমাৰ ৰুম দুটাৰ মাজত এখন তৰ্জাৰ বেৰ, সেইখনেই ‘পাৰ্টিছন’৷ তৰ্জাৰ বেৰখনৰ সিপাৰে কি আছে, কি নাই সেইবোৰ ভাবিবলৈ আমাৰ আহৰি নাথাকে৷ ধুৰন্ধৰ বাবলুৰ চকু পৰিল এই ‘বেৰ’খনৰ ওপৰতেই৷
-“উপায় পাই গ’লো”
বুলি চিঞৰটো মাৰিয়েই বাবলুৱে তৰ্জাৰ বেৰখনত লাগি থকা বিছনাখনৰ ওপৰত টেবিলখন তুলি দিলে, তাৰ ওপৰত চকী, এইবাৰ চকীৰ ওপৰত বাবলু উঠিল আৰু বান্দৰ জপিওৱা দি একেজাপে সিপাৰৰ তালুকদাৰৰ বিচনাতে ধুপুচকৈ পৰিল৷ তাৰপিছত আৰু সি এটামুহূৰ্তও অপচয় নকৰিলে, সিপাৰৰ পৰাই সি চিঞৰি থাকিল
-“কুকাৰটো দে কুকাৰটো দে৷”
তাৰপিছত চিঞৰিলে
-“কেৰাহীটো দে৷”
মই টেবিলৰ ওপৰৰ চকীত উঠি ইপাৰৰ পৰা কুকাৰ, কেৰাহী সকলো পাৰ কৰি দিলো৷ তালুকদাৰৰ গেছ জ্বলাই সি আৰম্ভ কৰি দিলে ৰন্ধন৷ তাৰপিছত তালুকদাৰৰ পাগঘৰত কণী দেখি তাৰো দুটা ৰেডি কৰিলে ‘অমলেট’ বনাবলৈ৷ মিঠাতেলৰ বটলটোৰ তলিত তেলৰ নামত গেৰা অলপ পৰি আছিল, সেইটো খুজি লৈ ভৰ্তি কৰি দি ক’লে,
-“এসপ্তাহলৈ চিন্তা নাই আৰু৷”
যাতে তালুকদাৰে ধৰিব নোৱাৰে, সেইটো হিচাপ কৰি কেইটামান আলু, কেইটামান পিঁয়াজো তৰ্জাৰ বেৰ পাৰ হৈ ইপাৰলৈ আহিল৷ ‘হে ভগৱান, ভাতকেইটা কিবাকৈ খাবলৈ দিয়া আৰু, কালি-পৰহি পইছা আহি পাবই৷ উপায় নাপাইহে এই চৌৰ্য্য বৃত্তিত ধৰিব লগা হ’ল, তুমি ক্ষমা কৰিবা প্ৰভু৷’ মুখৰ ভিতৰতে ভগৱানক স্তুতি কৰি মই এইবাৰ বাহিৰলৈ ওলাই গ’লো, উদ্দেশ্য অলপ ঠাণ্ডা বতাহ খাই আহো, ভিতৰত একেবাৰে সিজি গৈছো৷ কিন্তু বাৰাণ্ডাত থিয় হৈ মোৰ তালুৰে যেন জীউ ওলাই গ’ল৷ সন্মুখৰ চোতালখনৰ সিপাৰে লোহাৰ গেট খুলিবলৈ যিজনে হাত মেলিছে, সেইজন দেখোন স্বয়ং তালুকদাৰ!!
‘ৰক্ষা কৰা প্ৰভু’ বুলি একেজাপে মই বিচনাৰ ওপৰৰ টেবুল, আৰু তাৰ ওপৰৰ চিয়াৰত উঠি বাবলুলৈ চাই কেৱল চিঞৰিলো
-“বাবলু তালুকদাৰ তালুকদাৰ৷”
যি বুজিব লাগে বাবলুৱে মুহূৰ্ততে বুজি ললে৷ সি এখন হাতত চিগাৰেট জ্বলাই আনখন হাতেৰে হেতা লৈ আলু-পটলৰ আঞ্জা ঘুটি আছিল, কিন্তু ক’ৰ পৰা যে কি হৈ গ’ল৷ কি কৰো কি নকৰো কৰি সি তালুকদাৰৰ গামোছা এখনেৰেই গৰম কেৰাহিটো ধৰি মোলৈ আগুৱাই দিলে৷ গৰম কেৰাহি, সেইটো ইপাৰলৈ আনোতেই বহু সময় ল’লে৷ বাহিৰত ইতিমধ্যে তালুকদাৰৰ খোজৰ শব্দ স্পষ্টকৈ শুনা গ’ল| বাবুলুৱে গেছৰ জুইকুৰা নুমাই কুকাৰটোত ধৰিছিলহে মাত্ৰ, তালুকদাৰে তলা খোলা শব্দ পাই য’ৰে কুকাৰ ত’তে এৰি তালুকদাৰৰ বিচনাত থিয় হৈ লংকাৰ হনুমন্তৰ দৰে লাফ মাৰি পাৰ্টিছন পাৰ হৈ ইপাৰলৈ জপিয়াই দিলে৷ আৰু হেন’ সময়তে .. তালুকদাৰে দুৱাৰ খুলি ভিতৰত খোজ পেলাইছিলহে মাত্ৰ, ইমান সময়ে সামান্য চিঁ-চিঁ শব্দ কৰি থকা ভাতৰ কুকাৰটোৱে এইবাৰ সশব্দে সদম্ভে এটা দীঘলীয়া হুইছেল বজাই তাৰ অস্তিত্ব ঘোষণা কৰি দিলে৷
তালুকদাৰে এতিয়া কি কৰিব সেয়া আমি ভবা নাই, আমি ভাবিছো ইয়াৰ পিছত আমি আৰু ৰুম বিচাৰি পাম নে নাপাম৷ এজাক আবতৰীয়া ধুমুহা-বৰষুণৰ আশংকাত আমি তিনিজন এইবাৰ মুখামুখিকৈ বহি ল’লো, ৰুমটোত কেৱল ঘড়ীৰ কাটা এডাল ঘূৰি থকাৰ শব্দ৷ দিগন্তৰ গল্পৰ নায়ক ইমানসময়ে কোন লংকা পালে তাৰ হিচাপ নাই৷ কি কৰো! যি হয় হ’ব, ৰুমটো এৰি তিনিও পলাই গুচি যাওঁ নেকি! কিন্তু ইমানসোপা বস্তু এৰি! তাতে আমাক পঢ়িবলৈহে পঠিয়াইছে ঘৰৰ মানুহে! কি কৰো! কিন্তু আমাৰ ভাৱনাত ব্যাঘাত জন্মাই ৰুমৰ দুৱাৰত টোকৰ পৰিল৷ শুনিবলৈ পালো মালিকৰ মাত,
-“দিগন্ত, নয়ন, দৰ্জা খোলা৷”
এতিয়াহে মৰিলো, তালুকদাৰে একেবাৰে ঘৰৰ মালিককে লৈ আহিল৷ এতিয়া দৰ্জা খুলিবলৈ যায় কোনে! দিগন্তই ঠেলে বাবলুক, বাবলুই ঠেলে মোক৷ এইফালে মালিকে জোৰকৈ ঢকিওৱা আৰম্ভ কৰিছে।
-“দিগন্ত, নয়ন, দৰ্জা কিয় খোলা নাই, খোলা বুলিছো নহয়৷”
যি হয় হ’ব বুলি মৰণত শৰণ দি দুৱাৰখনলৈ ময়েই অৱশেষত আগুৱাই গ’লো৷ মনতে ঠিক কৰিছো দুৱাৰ খুলিয়েই হাত যোৰকৈ সেৱা কৰি ‘পাৱে পৰি হৰি কৰোহো কাতৰি’টো গাই দিম৷ কিন্তু মালিক আৰু তালুকদাৰৰ চকুলৈ চোৱাৰ মোৰ সাহস নহ’ল৷ তলমুৱা হৈ সমগ্ৰ ঘটনা, আমাৰ দুৰৱস্থাৰ আদি-অন্ত বিৱৰি কৈ পেলালো, মালিকক কিবা ক’বলৈ সুযোগকে নিদিলো৷ মোৰ কৰুণ মুখ আৰু লিহিৰিকটিয়া চেহেৰা দেখি মালিকৰ হৃদয় গলিল৷
-“হ’লেও এইবোৰ বদমাছি কৰিব নালাগে নহয়, তোমালোক ইউনিভাৰ্চিটিত পঢ়া ল’ৰা৷ আৰু ই দিগন্ত যে শুই আছে, ই এইবোৰ ঘটনা গম পায়নে নাপায়।”
-“কি দিগন্ত শুই আছে? ক’ত?”
মূৰটো ঘূৰাই দেখো দিগন্ত যেন বিষ্ণুৰ অনন্ত শয্যাখনত অনাদি কাললৈ নিদ্ৰাত ঢলি পৰিছে৷ ভংগীমাটো কেৱল চৰ্তুভূজ বিষ্ণুৰ সলনি ৰাস্তাৰ কাষত পেট পেলাই পৰি থকা গেলামদাহীৰ ৰূপ লৈছে৷
-“দিগন্ত, টোপনিৰ ভাও ধৰিব নালাগে, এনে বদমাছি দ্বিতীয়বাৰ কৰিলে ঘৰ এৰি যাব লাগিব।”
মালিকে গৰগৰাই উঠিল৷
-“আৰু বাবলু নে কি আছিল সেইটো ক’ত গ’ল?”
মালিক আৰু তালুকদাৰ যোৱাৰ পিছত বাবলু লাহেকৈ বিচনাৰ তলৰ পৰা ওলাই আহিল৷
-“বাপৰে গুৱাহাটীত দিনতো ইমান মহ!”
★★★★
9:25 pm
কিছু লিখিলা এইটো ৷ হাঁহি হাঁহি বাগৰি গলো ৷ টেনচন, ৰহস্য, কহানী মে টুইষ্ট, চাচপেন্স, হাস্যৰস সকলোৰে ভৰপুৰ!
মজ্জা লাগিল ৷ বলেতু ঝাকাছ!