ফটাঢোল

লিষ্ট — ৰাজীৱ শৰ্মা

আজিৰ যুগ লিষ্টৰ যুগ বুলিলেও বঢ়াই কোৱা নহয়।যেনিয়েই চাওঁ তেনিয়েই লিষ্টৰ ৰাজত্ব। আগৰ দিনত কিন্তু এনে নাছিল। এই মোবাইল বোলা বস্তুটো ওলোৱাৰ পৰাই লিষ্টৰ আদৰ বাঢ়িল। আগৰ মানুহৰ স্মৃতিশক্তিয়েই বেছি আছিল নে বৰ্তমান মোবাইলে মানুহৰ স্মৃতিশক্তি কমাইছে তাৰহে পাত্তা নোপোৱা হৈছোঁ‌। ফোন নম্বৰবোৰৰ কথাকে ধৰকচোন। আগতেতো আপোন মানুহবোৰৰ নম্বৰকেইটা মুখতে থাকে। এতিয়া নৈব নৈব চ। আনহে নালাগে নিজৰ ফোন নম্বৰটোতে কিবা এটা সন্দেহ থাকি যায় চাই নল’লে।
কিন্তু এই লিষ্টৰ বিষয়ে সৰুতেই ধাৰণা দিছিল অংক কিতাপত জমা-খৰচৰ বিষয়ে থকা পাঠটিত। বজাৰৰ পৰা কিমান দামত কি কি কিনিলোঁ‌, কিমান টকা খৰচ হ’ল, বাকী ৰ’ল কিমান আদিৰে জীৱনৰ প্ৰথমখন লিষ্টৰ লগত চিনাকি হৈছিল। তেতিয়া ভবাই নাছিলোঁ‌ এসময়ত এই লিষ্ট অবিহনে জীৱন নচলিব বুলি।

আজিকালি লিষ্ট নাই ক’ত?
বজাৰলৈ ওলাওক শ্ৰীমতীৰ এখন দীঘল লিষ্ট মোবাইলত উপলব্ধ হ’ব।এসাঁজ খাবলৈ কোনোবা হোটেলত বহক লগালগ মেনুৰ নামত এখন লিষ্ট আপোনাৰ আগত। ঘৰত বিয়া পাতক, সকাম পাতক কথা নাই কিমান মানুহ মাতিব, কাক কাক মাতিব, কি খুৱাব এখন লিষ্ট ৰেডি হ’বই। মিটিং এখন পাতক লিষ্ট লাগিব, খানা পাতক লিষ্ট অবিহনে নহ’ব। মুঠতে লিষ্টবিহীন জীৱন অসাৰ এই যুগত।

দেশ চলোৱাৰ কথাকে চাওঁকচোন। ভোটাৰ তালিকাকে আদি কৰি কিমানবোৰ লিষ্টৰ প্ৰয়োজন। শাসক দলৰ লিষ্ট, বিৰোধীৰ লিষ্ট, অমুকৰ লিষ্ট, তমুকৰ লিষ্ট। মুঠতে পাৰাপাৰহীন এই লিষ্ট।

আপোনালোকে বিশ্বাস নকৰিলেও এই লিষ্টৰ লগত কিন্তু মোৰ বহুত সৰুৰেপৰা মিতিৰালি। মানে ভাল পাওঁ মই এই লিষ্টবোলা জিনিচটোক। কেনেকৈ শুনক-

শিশুৰ বাবে ঘৰখনেই প্ৰথম শিক্ষাৰ কঠিয়াতলি।আগতে আমাৰ ঘৰখনত প্ৰায় প্ৰতিনিয়ত গধুলি সময়ত এটা সৰুসুৰা হুলস্থূল হৈছিল ।কাৰণটো আছিল দেউতা। কামৰপৰা ঘূৰি আহিছিল সদায় খঙাল মুডত।নীতিনিষ্ঠ আৰু নিৰহ -নিপানী মানুহজনক অফিচত কোনোবাই নহয় কোনোবাই কিবা কথাত খং উঠাই ৰং চাইছিল আৰু উৰহৰ খং ভগাঢাৰিত সৰাৰ দৰে দেউতাই সেই খং জাৰিছিল মাৰ ওপৰত। যদি মায়ে ভোকে-ভাগৰে অহা মানুহজনক ভাত আগবঢ়াইছিল, দেউতাই কৈছিল ভাতহে দিলানে আজি ৰুটি খাম বুলি ভাবিছিলোঁ‌। পাছদিনা ৰুটি হাজিৰ, দেউতাই ক’ব এইবোৰ টানি টানি খাবলৈ মন নাই, ভাত দিব নোৱাৰ?মুঠতে লেঠাই লেঠা। শেষত যেনিবা মায়ে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিলে এই লিষ্ট বোলা বস্তুটোৰ সহায়ত। মায়ে এখন কাগজত ঘৰখনত থকা বস্তুৰে খুৱাবপৰা বিভিন্ন বস্তু যেনে ৰুটি- চবজি, পুৰী-তৰকাৰি, ভাত-দাইল, পোলাও আদি খাদ্যৰ এখন লিষ্ট খোৱা টেবুলৰ ওপৰত থোৱা কৰিলে আৰু দেউতাক ক’লে আপুনি কামৰপৰা আহিয়েই প্ৰথম এইখনৰ পৰা সেইদিনা খাবলৈ মন যোৱা বস্তুটোত টিক এটা দিহে ভৰি-হাত ধুবলৈ যাব।আপুনি ৰেডি হোৱালৈ মোৰো আপুনি খাম বোলা বস্তুটো দিয়াত সহায় হ’ব। বচ, সেইদিনাৰ পৰা আমাৰ ঘৰত সন্ধ্যাৰ হুলস্থূল পলাই ফাঁ‌ট মাৰিলে।

গতিকে আপোনালোকেই কওঁক মই লিষ্ট ভাল নাপাম কিয়? সকলো লিষ্টৰ ওপৰত কিন্তু কাৰিকৰৰ লিষ্ট নহ’লে নহ’বই। প্ৰয়োজনত আপুনি কেৰাহী পাতি ৰৈ থাকিব, বোলে তেল শেষ। দাইলত ফোৰণ মাৰিব লাগে বোলে পাঁচফোৰণ অনাই নহ’ল। খানা বেয়া হ’লে ৰাইজৰ বিনামূলীয়া গালিবোৰ আছেই। এইবোৰকে দেখি-শুনি আজিকালি ময়ো লিষ্ট দিবলৈ ল’লোঁ‌ মোৰ ক্লায়েণ্টবোৰক। সদায় সদায় এনেকৈ নোৱাৰি নহয়।পূজা কৰিবলৈ লৈ ঘটতো পাতিবা দেখিবা বগা কাপোৰকণ নাই। তিল হোম যজ্ঞৰ সকলো ৰেডি, গৃহস্থই তিলেই আনিবলৈ পাহৰিলে। পঞ্চপল্লৱ, পঞ্চৰত্ন, সমিধ, জাঁই-ককোল খাইনে কাণত পিন্ধে বেছিভাগেই নাজানে। শেষত দিগদাৰ হয় মোৰ। সম্পূৰ্ণ নীতি-নিয়মেৰে পূজাভাগ কৰিবলৈ লৈ বিপদত পৰোঁ‌ মই।সেয়েহে আজিকালি ময়ো মানুহক লিষ্ট দিয়া আৰম্ভ কৰিছোঁ‌। সত্যনাৰায়ণ পূজাৰ সামগ্ৰীৰ লিষ্ট, শ্ৰাদ্ধৰ লিষ্ট, পানী শৰাধৰ লিষ্ট, হোমৰ ওচৰত লগা বস্তুৰ লিষ্ট ইত্যাদি। আগতে কলমেৰে লিখি দিছিলোঁ‌ গৃহস্থক।আজিকালি তাৰো মুদা মাৰিলোঁ‌। কাৰোবাৰ ঘৰত যদি কাগজ নাথাকে, কাৰোবাৰ কলম। গতিকে ময়ো আধুনিক যুগৰ লগত খাপ খুৱাই বিভিন্ন লিষ্টবোৰৰ প্ৰিণ্ট লৈ ফুৰোঁ‌। কোনোবাই কেতিয়াবা পূজা সেৱাত মাতিলে দৰকাৰী বস্তুৰ লিষ্টখন আগবঢ়াও। গৃহস্থৰো সহায় হয় মোৰো সুবিধা হয়। লাগতিয়াল বস্তুবোৰ হাততে পাওঁ। গৃহস্থৰো শেষ মুহুৰ্তত দৌৰা দৌৰি কৰিবলগা নহয়।

পিছে কেনা এটা তাতো নথকা নহয়। এনেই নকয় নহয় বেজিৰ জলা মনা কুঠাৰৰ নমনা বুলি। মানুহবোৰৰ যে হৈছে কি ঘৰখনত পূজা এভাগ পাতিব তাতো দেউৰ লিষ্টখনতহে চকু। পাৰিলে কমাব লাগে। হোম যজ্ঞ কৰিব ঘিঁউ দিব খুজিব পাঁচপোৱাৰ ঠাইত এপোৱা। কৰ কেনেকৈ কৰ তই। বৈতৰণিৰ গৰু পোৱালীটোৰ ঠাইত দিব এটকা চাৰিঅনা। কুমাৰণীৰ মাটি বিচাৰি ইপিনে দেউ পূজা এৰি চাল-বেৰ চাই ঘুৰ্মুটিয়াই ফুৰ, কাৰো চাবলৈ আহৰি নাই। নাই এনেকৈ নহ’ব। পৃথিৱীৰ সকলো লিষ্টৰ ওপৰতে কাৰো একো অসুবিধা নাই, কিন্তু দেউৰখনতহে অসুবিধা। কিন্তু পূজাৰ শেষত দক্ষিণাৰ নামত কি দিয়ে মইহে জানো। সুদা পেটেৰে পুৱাৰ পৰা টেঙাপানী উগাৰি উগাৰি কাম কৰিবা, দক্ষিণা দিব এশ। হেৰৌ হাজিৰা কৰা মানুহ এটাইও আজিকালি দিনত চাৰিশ টকা লয়। ময়ো মানুহহে।ভোক-পিয়াহ মোৰো লাগে। এনেকৈ হ’লে দেখো কেতিয়াবা সকলোকে উদ্ধাৰ কৰি কৰি দেউৰে চিলিম চিগিব।

নাই তথাপিও মোৰ লিষ্টখনতহে চকু, বেছি লিখোঁ‌ বোলে মই। মৰা মানুহ এজনৰ শ্ৰাদ্ধটো ইমান বস্তু কেলৈ।মৰাটোতো মৰিয়েই গ’ল। আজিকালি ময়ো টেঙৰ হৈছোঁ‌। পৰিস্থিতিয়ে বাধ্য কৰাইছে। গতিকে লিষ্ট সৰু কৰিছোঁ‌। মানে দৰকাৰী বস্তুৰ নামেই নিলিখোঁ‌। যিহেতু কম বস্তু লিখিলেহে কাম পাওঁ। আপোনালোকৰো নিশ্চয় জানিবলৈ মন গৈছে লিষ্টত কি লিখোঁ‌ মই!ইয়াতেই কৈ থওঁ আপোনালোকৰো কেতিয়াবা দৰকাৰ হ’ব, মোৰো সুবিধা হ’ব- পূজাৰ বস্তু গোটাই নোগোটাই আপোনালোকৰ কথা কিন্তু পুৰোহিতালি কৰাৰ বাবদ মোৰ এদিনৰ দক্ষিণা দুহাজাৰ টকা। দিম বুলিলে যাম, নিদিও বুলিলে নাযাওঁ। বচ, মোৰ বৰ্তমানৰ লিষ্ট এইখনেই।

☆★☆★☆

One comment

  • বঢ়িয়া। হয়, বহুজনৰ মূৰৰ কামোৰণি হয় পূজা-সৰাধৰ লিষ্টখন দেখি। বুজাই বুজে অৱশ্যে। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *