দিল দেকে দেখো — চৈয়দা চেমিন ইছলাম
“দিল দেকে দেখো, দিল দেকে দেখো…” গানটো গাই গাই যোৱা দুমাহে নন্দুৱে ৰাধিকাৰ পিছ লৈছে৷ পিচে তাইহে তাক অলপো পাট্টাই দিয়া নাই। এষাৰ কথা পতাটোতো দূৰৈৰ কথা তাৰ পিনে এবাৰলৈও ঘূৰিও নাচালে ইমান দিনে।
কাঁচৰ আইনা লগোৱা চেপেটা কাঠৰ বাকচটোৰ ভিতৰত কনমানি ছোৱালীজনীৰ পৰা বৃদ্ধা মহিলা এজনীলৈকে সকলোৰে বাবে কাণৰ-নাকৰ-হাতৰ সকলোখিনিয়েই মজুত আছে নন্দুৰ ওচৰত। বিন্দি, মেহেন্দী, পুতলা, ক’লা সূতা, ৰঙা সূতা আনকি সেন্দুৰৰ টেমাটোও আছে তাৰ এই যাদুকৰী বাকচটোত। চাইকেলখনৰ পিছ ফালৰ চিটটোতো মাইকী মানুহৰ মেক্সি, পেটিকোট আদি কিছুমান কাপোৰ ৰাখিছে সি।
এই যাদুকৰী বাকচটো আৰু পুৰণি চাইকেলখন অৱশ্যে বাপেকৰ পৰাই পৈতৃক সম্পত্তি হিচাপে এদিন লাভ কৰিছিল সি। হঠাতে এদিন দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হৈ খোজ কাঢ়িবলৈকো অক্ষম হৈ পৰিছিল বাপেক। আৰ্থিক ভাৱে জুৰুলা হৈ পৰা ঘৰখনত খাবলৈ দুমুঠি ভাতৰ বাবেও হাঁহাকাৰ লাগিবলৈ ধৰিলে। বৰপুত্ৰ হিচাপে নন্দুৱে নিজেই এদিন পঢ়া-শুনা আধাতে সমাপ্ত কৰি দেউতাকৰ দায়িত্ববোৰ কান্ধ পাতি ল’বলৈ আগবাঢ়ি আহিল।
মাক-দেউতাক, ভায়েক-ভনীয়েকহঁতৰ দায়িত্ব পালন কৰোঁতেই বয়সে ভাটি দিয়া ল’ৰাটোৰ কাৰণে চিন্তাত পৰে মাক –
: নন্দু, তুই নিজেৰ চিন্তা কবে কৰবি ৰে?
: নিজেৰ কি চিন্তাৰ কথা কহিছ ৰে মাই?
: তোৰ শাদীৰ কথা, অন্য আৰ কি কহিম?
ঢেকঢেকাই হাঁহি উৰুৱাই দিয়ে সি মাকৰ কথাবোৰ।
আজি ইমান বছৰে ছোৱালী আৰু মাইকী মানুহৰ ওপৰতে নিৰ্ভৰশীল ব্যৱসায় কৰি আছে যদিও কোনো ছোৱালীকেই ভাল নালাগিলচোন তাৰ!
অৱশ্যে মূৰৰ ঘাম মাটিত পেলাই, ৰ’দ-বতাহ-বৰষুণকো নেওচি কঢ়িয়াই লৈ ফুৰা তাৰ যাদুকৰী বাকচটো আৰু চাইকেলখন ঘেৰি ধৰা আটাইবোৰ ছোৱালীকেই ভাল লাগে নন্দুৰ। বাকচটোৰ পৰা কিবা এপদ হ’লেও বস্তু কিনিলে বৰ মৰমো ওপজে তাৰ সিহঁতলৈ।
সাপ্তাহিক বজাৰলৈ বুলি গৈ থাকোঁতে হঠাতে এদিন ৰাধিকাক দেখা পালে নন্দুৱে। সেই ৰাধিকাক দেখা পোৱা দিন ধৰিয়েই কি জানো হ’ল, কিয় জানো কতোৱেই মন নবহা হ’ল তাৰ। শয়নে-সপোনে কেৱল ৰাধিকাক হে দেখা পাবলৈ ধৰিলে সি৷ ৰঙা ফিটাৰে বান্ধি থোৱা তাইৰ দীঘল চুলিখিনি, ৰঙ-বিৰঙৰ ফুলৰ শাৰীখনেৰে মেৰিয়াই থোৱা তাইৰ মাগুৰ বৰণীয়া দেহটো, চুটিকৈ পিন্ধা শাৰীখনৰ তলত জিলিকি থকা মোটা পায়েলজোৰ, হাত দুখনত জিলিকি থকা কাঁচৰ চুৰিকেইপাট …!
অস্! ভাবিব নোৱাৰা হৈ পৰে সি। তাইৰ লাৱণী দেহৰ মাধুৰ্য্যই উতলা কৰি তোলে তাক। তাইকেই পত্নীৰ ৰূপত সপোন দেখিবলৈ লয় সি।
কিনো নাই এতিয়া তাৰ? বিয়াখন পাতো বুলিলেই পাতিব পৰাকৈ আধা যোগাৰতো তাৰ যাদুকৰী বাকচটোৰ ভিতৰতেই আছে। বাকী যোগাৰখিনিৰ কাৰণেও জমা ধন আছে। বিয়া কৰাওঁ বুলি ভাবিলে এতিয়াই বিয়া পাতিব পাৰে সি।
পিচে, ৰাধিকাজনীয়েহে! ভুলকৈ হ’লেও ঘূৰি নাচায় তালৈ। কেতিয়াবা বৰ দুখ লাগে যদিও চেষ্টাৰ ত্ৰুটী নকৰিলে এদিনো।
যোৱা দুমাহে সদায়েই হালধীয়া ভমকা ফুলৰ ৰঙা চাৰ্টটো, লগত সেউজীয়া ৰঙৰ টাইট জিন্স পেণ্ট এটা, ডিঙিত ৰঙা আৰু বগা ৰঙৰ ফুটফুটীয়া ধুনীয়া ডাঙৰ ৰুমাল এখন, হাতত সোণালী হাত ঘড়ী এটা, চকুত বাহিৰৰ পৰা জিলিকি থকা চান গ্লাচ এযোৰ পিন্ধি আছে সি। পকেটৰ মবাইলটোত হিন্দী গান বজাই কাণত হেড ফোন ডাল লগাই লয় সি। চাইকেলখনো লাহে লাহে চলাই যায় তাইৰ পিছে পিছে। তাই শুনিবলৈ পোৱা কৈ গানটো গায় সি-
“দিল দেকে দেখো, দিল দেকে দেখো …”
যোৱা দুদিনমানৰ পৰা হঠাতে ৰাধিকাক নেদেখা হ’ল নন্দুৱে। মনটোৱে ইচাট-বিচাটখন লগাবলৈ ধৰিলে তাক –
“কাহা গেলি ৰে ৰাধিকা তুই?”
তাইৰ ঘৰটোও চিনি নাপায় সি। হঠাতে এদিন বজাৰৰ চকটোত দেখা পাইহে তাইৰ প্ৰতি মন খাইছিল তাৰ।
অৱশ্যে তাইৰ পিছে পিছে যোৱা কাৰণে তাই যে চকটোৰ আটাইতকৈ ডাঙৰ কাপোৰৰ দোকানখনত চাফাইৰ কাম কৰে, সেই কথাটো গম পাবলৈ সক্ষম হৈছিল সি। তাইৰ ঘৰৰ ঠিকনাটোহে বিচাৰি উলিওৱা নহ’ল নন্দুৰ। ভবাই নহ’ল তাৰ সেই কথাটো।
ক’লৈ গ’ল তাৰ শয়ন-সপোনৰ ৰাণী ৰাধিকাজনী!
অবাধ্য মনটোক বুজাব নোৱাৰি মাকজনীকে তাৰ মনৰ সকলো কথা বুজাই ৰাধিকাক বিচাৰি উলিয়াবলৈ কাপোৰৰ দোকানখনলৈ লৈ গ’ল নন্দুৱে।
মাক-পুতেকৰ মুখে তাইৰ বৰ্ণনা আৰু নন্দুৰ তাইক লৈ দেখা সপোনৰ কথাবোৰ শুনি উচ্চ স্বৰত হাঁহি উঠিল দোকানখনৰ মালিক তথা সহকৰ্মীসকল –
: নন্দুৰ গান শুনা পাবলৈ তাইৰ দুয়োখন কাণেই কলা আছিল। প্ৰত্যুত্তৰত তাক কিবা কবলৈকো বোবাহে আছিল তাই। আৰু এটা কথা, তাইক বিয়া পাতিবলৈকো তৃতীয় লিংগৰহে আছিল তাই। দুমাহ আগতে হঠাতে এদিন কেইগৰাকীমান এনেকুৱা মানুহ তাইৰ দৰে একেই তৃতীয় লিংগৰ লোক আহি লৈ গৈছে তাইক। ঠিকনাটো নজনালে আমাক।
থিতাতে সপোন ভাঙি চাৰখাৰ হোৱাত আচন্দ্ৰাই কৰিবলৈ ধৰিলে নন্দুৰ মূৰটো। দুভৰিৰ তলৰ মাটিখিনিও কোনোবাই কাঢ়ি লৈ যোৱা যেন অনুভৱ হ’ল নন্দুৰ। কি কৰিব সি এতিয়া? কাক বিয়া পাতিব? বিয়া পতা চাগৈ নহ’বই আৰু তাৰ!
বুকুৰ বেথাখিনি কোনো মতে চেপি ৰাখি আটাহ পাৰি কান্দি উঠিল সি –
: ঐ মাই, মাই! মুই কাকে শাদী কৰিম ৰে? মোৰ দুটা মাসেৰ অত মেহনত এনেই নষ্ট হৈ গেলেক ৰে!”
মিচিকিয়া হাঁহি এটা মাৰি মাকে কৈ উঠিল –
: “চন্দা” কে! আৰ কাকে? অত বছৰ ধৰি তাইতো তোকে হে ৰখি আছে!
: কোন ৰে “চন্দা”?
: চল আজকেই। চন্দাকে দেখা পাবি তুই।
মাকৰ কথা মতেই নন্দুৱে মাকৰ পচন্দৰ চন্দাৰ ঘৰ পালেগৈ। তামোল-পাণৰ বটাখন হাতত লৈ ওলাই অহা চন্দাক দেখি হে উচপ খাই উঠিল নন্দু –
: “ৰাধিকা”…তুই?
খিলখিলাই হাঁহি উঠিল ৰাধিকা। তাইৰ হাঁহিৰ লগত যোগ দিলেহি নন্দুতকৈ আগতে আহি উপস্থিত হোৱা দোকানৰ মালিক, নন্দুৰ মাক তথা ৰাধিকাৰ মাক-বাপেকেও।
হাঁহি হাঁহি চিঞৰি উঠিল সমস্বৰে – “পিলেন চাকচেচ্।”
☆★☆★☆
12:40 am
সুন্দৰ
6:47 am
ফেচবুকত বহু হাতৰ লিখা পঢ়িলেও আপোনাৰ কলম সদায় “চামথিং এক্সট্ৰা”….
অন্যতম প্ৰমাণ – “দিল দে কে দেখ’….
..আৰু হাত সাৱটি বহি নাথাকিব “মইতো ব্যংগ লিখিব নাজানো” বুলি…
আগলৈয়ো পঢ়িম।
7:11 am
কম শব্দৰ ভিতৰতে এটা সুন্দৰ গল্প লিখি পেলালে।ৰাতিপুৱাই মন ভাল লাগি গ’ল।”ফটাঢোল”ত লিখিবচোন।আমি এচাম পঢ়িম বুলিয়েই বহি থাকো।সুন্দৰ গল্প টিৰ বাবে বহুত ধন্যবাদ আপোনা ৈ।
8:32 am
বিৰাট ভাল লাগিল। সহজ সৰল বৰ্ণনাৰে এটি নিতুল গল্প।
8:37 am
ভাল লাগিল পঢ়ি
8:38 am
বঢ়িয়া
12:51 pm
অতি সহজ আৰু সাৱলীল কথনশৈলী, ভাল লাগিল পঢ়ি
2:32 pm
বৰ ভাল লাগিল পঢ়ি। সহজ সৰল , নিভাঁজ গল্প।
7:47 pm
Borhiya