ফটাঢোল

পাব্লিক ধুলাই – বিকাশ শইকীয়া

আজি বহুত দিন ধৰি আমুকাই এটিএম ব্যৱহাৰ কৰি আহিছোঁ৷ সিদিনা বোলো যাওঁ দুটকামান এটিএমৰ পৰা আনি পকেটটোকে ফুচুলাই সান্তনা দি থওঁ৷ কাৰণ খালি পকেটটোৰ যে ইমান বাহাদুৰি, দুটকা মান নিদিলে ক’তো যাবই নোৱাৰি৷ ওলায় যাবলৈকে নিদিয়ে৷

এটিএমত দেখিলোঁ বিয়াগোম লাইন৷ চকুৰ পলকতে লাইন দীঘল হৈ গৈছে৷ লাইনটো দেখি বুজিলোঁ “কেছলেছ ইণ্ডিয়া” হ’বলৈ আৰু এটা শতিকাৰ প্ৰয়োজন আছে৷ সূৰ্য্য দেৱতাইও ৫ বজালৈকে শক্তি প্ৰদৰ্শন কৰিয়েই আছে৷ তেখেতক শিৰত লৈ এটিএমৰ লাইনত ঠিয় হ’লো৷ উৎকট গৰমত কোনো কোনো লোকৰ দেহৰ পৰা ভাঁহি অহা গোন্ধটো পালে এনে লাগে যেন “স্বচ্ছ ভাৰত অভিযান” এওঁলোকে শুনাই নাই৷ দেশ খনতকৈ আগতে এওঁলোকৰ শৰীৰতহে এনে এটা অভিযানৰ দৰকাৰ আছিল৷ মোৰেই নহয় প্ৰায় সকলোবোৰ মানুহৰ একে দশা৷ ইফালে মোৰ পিছত লাইন দীঘল হৈ গৈ আছে৷ অৱশেষত আমুকা ভিতৰত সোমোৱাৰ পাল পৰিল৷

সোমাই এটিএম কাৰ্ডখন মেচিনটোৰ ভিতৰত সোমোৱাই দিলোঁ৷ খট্ খট্ খট্ কৈ শব্দ কৰি কাৰ্ডখন ওলাই আহিল৷ লগে লগে মেচিনে বুটাম টিপাৰ নিৰ্দেশ দিলে৷ বুটাম টিপি নিদিষ্ট লাগতিয়াল টকাকেইটা লৈ ল’লো। পকেটত সোমোৱা নাই৷ লাইনত বহুত মানুহ দেৰি কৰিব নোৱাৰি৷

এইবাৰ মই মেচিনৰ কাষত ৰৈ আছোঁ৷ এবাৰ এটা বুটাম টিপিছোঁ৷ এবাৰ আন এটা টিপিছোঁ৷ মোৰ পিছত সোমাব লগা জনে ৰৈ চাই আছে। মই ইফালে সিফালে চাই দেখোঁ চিকিউৰিটি জনো নাই৷ মোৰ মুখমণ্ডলত ভয়, শংকা আৰু নিৰাপত্তা হীনতাৰ মিশ্ৰিত এটা ভাৱ প্ৰতিফলিত হৈছে৷ ইফালে লাইনত থকা মানুহবোৰ মুখত বু-বু-বা-বা আৰম্ভ হৈছে৷ এইমানুহবোৰে এটিএমটোকে চলাব নাজানে৷ দেশ ক’ত আগবাঢ়িব পাৰিব৷ এজনে আকৌ বোলে কতা নিধক মই এটিএমত আহিলেহে এই দেশৰ আবৰ্জনাবোৰ সোমাবলৈ পায়৷ এজনে দুৱাৰত টুকৰ দিলে “দাদা সোনকাল কৰক৷ বাহিৰত প্ৰচণ্ড গৰম৷ এচি হাৱো আপুনি বেলেগত খাই থাকিব৷” এজনে আকৌ খংতে বেঙ্কৰ মানুহকে গালি দিয়াত লাগিল৷ আন এজনে তেওঁক উভতি ধৰিলে ৷ “হেৰি আপুনি কি মানুহ হে৷ এজনে এটিএম চলাব নাজানে বুলি আপুনি গোটেই বেঙ্কৰ মানুহক কিয় গালি দিব৷ আপোনাৰ মনটো পিকুলিয়াৰ হে৷ আপোনালোকৰ দৰে মানুহৰ বাবেই সমাজৰ উন্নতি নাই৷ দোষ কৰিব কোনোবাই৷ গালি দিব কাৰোবাক৷”

লগে লগে সেই জনে উভতি ধৰিলে-“আপুনি কাক পিকুলিয়াৰ বুলি কৈছে৷ কথা চাই চিতি ক’ব৷” মই ভিতৰত থাকিয়েই বাহিৰৰ পৰিস্থিতি অনুভৱ কৰিছোঁ৷ মই দেৰি কৰা বাবে পৰিস্থিতি প্ৰতি চেকেণ্ডত বেছি গৰম হৈ গৈ আছে৷ লগতে মোৰ প্ৰতি দিয়া গালিৰ সংখ্যা মন্ত্ৰী, এমএলএৰ টকা বঢ়া দৰে বাঢ়ি গৈছে৷ এজনে উপায় নাপায় সোমাই আহিল৷ মোক সুধিলে বোলে কি হ’ল? মই বোলো এই কাৰ্ডখন ওলাই অহা নাই৷ অহ! বুলি তেওঁ হুমুনিয়াহ এটা পেলাই উপদেশ দিলে বোলে আপুনি উপভুক্তা যত্ন লোৱা কেন্দ্ৰত (কাষ্টমাৰ কেয়াৰ) ফোন কৰক৷ মই বোলো হয় তাকেই কৰিম৷ সেই লোকজনেও মেচিনটোৰ ইটো সিটো বুটাম টিপি কাৰ্ডখন উলিয়াই অনাৰ চেষ্টা কৰিলে৷ পিছে সফল হ’ব পৰা নাই৷

তেওঁ বুটাম টিপি থাকোতেই মন কৰিলোঁ কাৰ্ডখন মোৰ হাততে আছে৷ এতিয়া সকলোৱে কথাটো জানিবলৈ হ’লে মোৰ পিঠিটোৰ কি হ’ব ভাবিয়েই ভয় লাগিল৷ মই বোলো দাদা আপুনি চাওকচোন মই চিকিউৰিটি জনক মাতি আনো৷

চিকিউৰিটি জনক মাতি আনো বুলি দুৱাৰখন খুলি মাৰাথন দৌৰ আৰম্ভ কৰি দিলোঁ৷ লক্ষ্য – “পাব্লিক ধুলাই”ৰ পৰা বাচিব লাগে৷

☆★☆★☆

One comment

  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *