ৰক্তচাপ — নাজিয়া হাচান
: হেৰা! শুনিছানে? – পুৱাৰ বাতৰিকাকত খন সামৰি সামৰি পতীদেৱে মানুহগৰাকীক চিঞৰিলে।
উত্তৰ একো নাহিল।
: হেৰা! বোলো শুনিছানে? – এইবাৰ ডিঙিটো সামান্য দীঘলকৈ মেলি চিঞৰিলে।
নাই একো উত্তৰ নাই।
: হেৰা..! কত হে তুমি? বোলো শুনিছানে? – এইবাৰ কিছু বেছি জোৰকৈয়ে চিঞৰিলে।
: অ কি হল?শুনি আছোঁ কওঁক – শুনিলে। এইবাৰ পাক্কা শুনি তেওঁ লগে লগে মাত দিলে।
: হেৰা তোমাৰ বি.পি. কি হে?
: কি? কি বিপি? – চাদৰখনেৰে হাতখন মচি মচি কাষলৈ আহি পত্নীয়ে তেওঁক কপাল কোঁচাই সুধিলে।
: উস ৰাম! মানে ব্লাড প্ৰেচাৰৰ কথা সুধিছো হে তোমাৰ!
: অ.. আপুনি মানে মোৰ ৰক্তচাপৰ কথা সুধিছে? তাকেইনো নকয় কিয়।
: ইস একেবাৰে বৰজনী ওলাইছে, পিউৰ অসমীয়াহে বুজি পাই তেওঁ!- মুখৰ ভিতৰতে পতিদেৱে ভোৰভোৰালে।
: ৰক্তচাপ মোৰ মানে গোটেইকেইটাই আছে- মূৰটো চিধা কৰি গৰ্বৰে কোৱা যেন লাগিল।
: কি? কি কৈছা? গোটেইকেইটা? গোটেইকেইটা আকৌ কেনেকৈ থাকিবহে তোমাৰ?
: অতো আকৌ। ৰক্তচাপ গোটেইকেইটা আছে আকৌ মোৰ! আৰু মোৰেই নহয় নহয়, সকলোৰে থাকে গোটেইকেইটা ৰক্তচাপ। সময় বুজি বুজি ৰক্তচাপবোৰে বেলেগ বেলেগ ৰূপ লয় জানে? ইয়ে, আপুনি নাজানে নেকি কথাটো?
: হেৰা বেছি জ্ঞানী নেদেখুৱাহে। ময়ে নহয়, কোনো ডাক্তৰ, বিজ্ঞ, স্পেচিয়েলিষ্টেও নকয় ৰক্তচাপ এজন মানুহৰ গাত কেইবাপ্ৰকাৰৰো আছে বুলি।
: হেৰি শুনক, আপুনি মানে কথাটো বুজি পোৱা নাই। মই বুজাই দিছোঁ ৰ’ব। চাওক,মোৰ আজি পুৱা শুই উঠোতে ৰক্তচাপ একেবাৰে নিম্ন শাৰীত আছিল বুইছে। কাৰণ,যোৱা ৰাতি মই ভাত নাখালোঁ, ৰুটিও নাখালোঁ। গল্প এটা আলোচনী এখনলৈ বুলি লিখি আছোঁ, আলোচনীয়ে গ্ৰহণ কৰে নে নকৰেই সেইটোও এটা টেনশ্যন মনটোৰ ভিতৰত চলি আছিল। গতিকে এই সকলোবোৰ সাতে-পাঁচে মিলি মোৰ পুৱা বেলা ৰক্তচাপ একেবাৰে নিম্ন মাত্ৰাত আহিছিলগৈ। গাটো কঁপি থকাত দুটা কণী সিজাই লগত ব্ৰেড বাটাৰ মিলাই গাখীৰ চাহ একাপ মাৰি দিয়াত এতিয়া ৰক্তচাপ স্বাভাৱিক অৱস্থাত উপস্থিত হৈছে। বুজিলেনে এতিয়া?
: আচচা! হয়নে? হেৰা, তুমি কিন্তু কিছু বিজ্ঞ আছা দেই। মানুহে এইদৰে নিম্ন আৰু স্বাভাৱিক ৰক্তচাপত তোমাৰ দৰে থাকিলেই হল। কিয়নো উচ্চ ৰক্তচাপত ভোগে কব নোৱাৰো। ৰক্ষা দেই। মই আকৌ তোমাৰ উচ্চ ৰক্তচাপ আছে বুলিহে ভয় খাই আছিলোঁ। আজিৰ কাকতখনত উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব, তাৰেই কেইটামান টিপছ দিছিল মানে..।
: উচ্চ ৰক্তচাপ নাই বুলিনো কেতিয়া কলো মই? বেছিভাগ সময় মোৰ উচ্চ ৰক্তচাপেই থাকে, হেৰি! যোৱা পৰহি দেখা নাছিলে মোৰ মূৰটো কিমান গৰম হৈ গৈছিল। যেতিয়া আপুনি মোক আলহীৰ ওচৰতে তৰকাৰীখনত নিমখ কম হ’ল বুলি কৈছিল,আলহীৰ আগত আমাৰ এওঁক মোবাইলটো দিলে আৰু একো নেলাগে বুলি সলাগিছিল, আলহীৰ আগতেই মাইকী মানুহবোৰক সন্তুষ্ট কৰিব ভগবানেও নোৱাৰে বুলি মোকেই কাট মাৰি কথা কৈছিল..! তেতিয়া মোৰ উচ্চ ৰক্তচাপ চলি আছিল। ভাগ্য ভাল যে আলহী পতি-পত্নী হালৰ পতিয়ে আপোনাৰ সাথ আৰু পত্নীয়ে মোক এশ শতাংশই সাথ দিছিল। নহ’লেতো…
: হেৰা! মোৰ অফিচলৈ দেৰি হৈছে। কি ৰান্ধিছা বেগাই দিয়া- পৰিস্থিতি বিষম হোৱাৰ কথা ভাবি পতিয়ে ধুমাধুম কথা সলাবলৈ ধৰিলে।
পিছে ক’ত পাৰে পত্নীক চুপ কৰাবলৈ। কোদোৰ বাঁহত জুই হে লগালে আৰু তেওঁ। পৰহিৰ কথাখিনি এইবাৰ পত্নীৰ জলজল পটপতকৈ আকৌ মনলৈ আহিল। কথাবোৰৰ ৰিপিট কৰি কৰি তেওঁ পতিদেৱক ঠেকেচা মাৰি মাৰি টেবুলত ৰুটি, শুকান আলু ভাজি আৰু একাপ কাৰা গাখীৰ চাহ পাক মাৰি আহি আহি, মুখেৰে ভোৰভোৰাই দি দি গল। আৰু এইবাৰ খঙৰ ভমকতে বাথৰুমত সোমাই.. বাল্টিত চাৰ্ফ এসোপা ঘূলি, মুখেৰে বহু কিবাকিবি বকবকাই কাপোৰসোপা ধুবলৈ বুলি তিয়াই থাকিল।
: হেৰা! এইখন আজিৰ কাকত – পতিদেৱে লাহেকৈ ক’লে।
“উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ” বুলি লিখা লেখাটোৰ পেইজটো ওপৰত ৰাখি, পতীদেৱে বেগটো লৈ পত্নীলৈ ভয়ে ভয়ে চাই চাই অফিচলৈ বুলি লৰ দিলে..!
☆★☆★☆
12:36 pm
হাঃ হাঃ বঢ়িয়া। সময়ে সময়ে পত্নীৰ ৰক্তচাপ সলনি হৈ থাকে।