নিচা – বন্দনা দত্ত মজুমদাৰ
ৰাতিপুৱা পাকঘৰত ৰুটি বেলিবলৈ গৈ বেলনা মাৰিডাল আনোতেই ৰিফাইন তেল থোৱা সৰু বটলটো হাত লাগি বাগৰি পৰিল। এইখিনি সময়ত ভূমিকম্প আহিলেও গুৰুত্ব নিদিয়া বিধৰ মই। কিমান লৰালৰি হয় মই হে জানো!! উশাহ ল’বলৈ সময় নাথাকে তেনেস্থলত ক’ত কি পৰিল চাবলৈ হুচ নাথাকে। এবাৰ হাতত সাপ এটা বগাই পৰি যাওঁতেও লৰালৰিৰ কোবত এটা চিঞঁৰতে ভয় সামৰণি পেলাইছিলো। এটা এটাকৈ ল’ৰা-ছোৱালীক স্কুললৈ সাজু কৰি পঠিয়াব লাগে। পৰি যোৱা আধা তেল ভৰালো, আধা কাপোৰেৰে মুচি ৰুটি বেলিবলৈ ললোঁ। দেখো শুকান আটাৰ টেমাটো খালী। আটাৰ ডাব্বাৰ পৰা আনিবলৈ গৈ খুন্দা খাই অলপ আটা হাতৰপৰাই পকাত পৰিল। ইতিমধ্যে কণী বইল কৰিবলৈ গেছত বহাই থোৱা চচপেনৰ পৰা আধা পানী বাগৰি আহি পকাত পৰিলহি। উস!! কি যে হৈছে আজি পুৱাই !! কিয় হৈছে। যেন নতুনকৈ প্ৰেমত হে পৰিলোঁ। কামতো নবহে মন!! নিজৰ ওপৰতে খং উঠিল। এনেকুৱানো হ’ব লাগে নে!! বেছি ভাবি থাকিবলৈ সময় নাই। ৰুটি-ভাজি কৰি ল’ৰাটোক ব্ৰেকফাষ্ট টেবুলত সজাই দিলোঁহি। খুউৱ বেছি গৰম পৰিছে কাৰণে ল’ৰা-ছোৱালী দুয়োটাকে এক্সট্ৰা বটলত ORS দি পঠাও স্কুললৈ। গিলাচত ORS গুলি দুয়োটা বটলত ভৰাই লৈ গিলাচটো ধুই জোকাৰি থবলৈ যাওঁতে ঠোকৰ খাই ভাঙি তিন টুকুৰা হ’ল। হে ভগৱান!! আজি কি হ’বগৈ বাৰু!! কি হৈছে এইখন!! যি কি নহওক কামবোৰ সামৰি ল’ৰাক স্কুল বাছত উঠাই আহি লৰালৰিকৈ ছোৱালীক সাজু কৰিবলৈ লাগিলোঁ। তুফান গতিত তাইক গা ধুৱাই, খোৱাই স্কুটীখন স্টাৰ্ট কৰিবলৈ গৈ দেখোঁ যে পেট্ৰল নামমাত্ৰ হে আছে। এনেও স্কুললৈ দেৰি হৈছে। কোনো কথা নাভাবি তাইক স্কুলত থৈ তেল ভৰাবলৈ গ’লো। সদায় ঠিকেই যাওঁ পেট্ৰল পাম্পলৈ। আজি আকৌ পাম্পটো বেছি দূৰ যেন লাগিছে। গৈ নাপাওঁ হে নাপাও।অলপ পিছত হে গম পালোঁ পেট্ৰল পাম্পটো ইতিমধ্যে মই কেতিয়াবাই এৰি থৈ আহিলোঁ। আকৌ বেক কৰি আহি নিৰ্দিষ্ট পাম্পটোত সোমালোঁ। তেল সদায় ফুল টেংক ভৰোৱা অভ্যাস। আজিও ফুল টেংক দিবলৈ কৈ কি কাৰণত জানো শ্লিং বেগটোত হাত ভৰাই চালোঁ। মনত পৰিল পইচাখিনি কিবা কাৰণত কালি বেলেগ এটা বেগত ভৰাই থৈছিলো। হাতত ১১০ টকাহে আছে। ১০০ টকাৰ তেল ভৰাই চিধাচিধি ঘৰ সোমালোহি।
অলপ শান্তিৰে চফাত বহি লৈ চিন্তা কৰিলোঁ।
ইমান সাংঘাটিক খেলিমেলি!
হৈছে কি আজি!!
আচলতে কালি ফটাঢোলৰ সম্পাদকক লেখা এটা পঠিয়াম কৈ থৈছিলো। সেইটো চিন্তাতে যোৱা নিশা এপৰলৈ কলমটোৰ লগত কুচকাৱাজ কৰিলোঁ। ফটাঢোল বজোৱাৰ নিচাতে আজি দিনটোৰ এই খেলিমেলি। বুজিলো এইয়া ফটাঢোলৰ নিচা!
☆★☆★☆