মৰীচিকা – অঞ্জলি গগৈ বৰগোহাঁই
স্নেহা!
সেইজনী স্নেহা এটা সময়ত আছিল অনুজৰ স্কুলীয়া লগৰী। শ্ৰেণীত সিহঁত দুয়োৰে বাবে সদায় প্ৰথম আৰু দ্বিতীয় স্থান দুটা ধৰা বন্ধা থাকে। একেই শ্ৰেণীত পঢ়ে যদিও সাধাৰণতে সিহঁতে ইটোৱে সিটোৰ লগত কথা নাপাতিছিল। স্নেহাই যিদৰে অনুজক এৰাই চলিছিল ঠিক তেনেকৈ অনুজেও স্নেহাক। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সিহঁত দুয়ো আশা কৰাৰ দৰেই ফলাফল ভবাৰ দৰেই হ’ল মানে ডিষ্ট্ৰীংচনসহ পাছ কৰিলে। তাৰপিছত একেখন স্কুলতে স্নেহাই ক’লা শাখাত আৰু অনুজে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলে। উচ্চতৰ মাধ্যমিক পঢ়োতে অনুজৰ চকুৱে লাহে লাহে স্নেহাক বিচাৰি ফুৰা হ’ল। কেতিয়াবা এক পলৰ বাবে তাই অনুজৰ চকুত পৰে। তাইক দেখাৰ লগে লগে নাজানে কি হৈ যায় অনুজৰ। অনুজৰ মনে দেখোন সেই ক্ষণটো ৰৈ থকাটো বিচৰা হ’ল। তাৰ এনেকুৱা লাগে যেন স্কুলৰ ভিতৰতে স্নেহাৰ দৰে ধুনীয়া কোনো নাই। সেই একেই অনুভৱ স্নেহাৰো হ’ল অনুজক লগ পালে বা দেখি পালে। প্ৰথম যৌৱন প্ৰাপ্ত ল’ৰা-ছোৱালীৰ প্ৰেম হ’ল যদিও সিহঁত কিন্তু নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ’ল। সময়ত অনুজে শিলচৰ এন আই আই টিত মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িবলৈ গ’ল আৰু স্নেহাই ইংৰাজীত মেজৰ লৈ কটন কলেজত পঢ়িবলৈ আহিল। অনুজ পঢ়াত কিদৰে ভাল ঠিক তেনেকৈ শান্ত অমায়িক স্বভাৱৰ ল’ৰা আছিল। তেনেবোৰ গুণৰ বাবেই স্নেহাৰ অনুজৰ প্ৰতি আসক্তি বাঢ়িছিল। সেইটো কথা শিলচৰ পৰা যেতিয়াই অনুজে স্নেহাক লগ কৰিবলৈ আহে স্নেহাই অনুজক কয়েই।
‘পঢ়া-শুনাৰ লগতে তোমাৰ এই শান্ত, অমায়িক আৰু ৰাগীয়াল বস্তুৰ প্ৰতি আকৰ্ষণ শূণ্যতা এইবোৰ মুখ্য কাৰণ দিনে দিনে তোমালৈ মোৰ আকৰ্ষণ বাঢ়ি যোৱাৰ।’
সেয়েহে হয়তো অনুজও ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলৰ ছাত্ৰৰ যি গতানুগতিক জীৱন ধাৰা তাৰপৰা কিছূ পৃথক হৈ থাকিল। অন্ততঃ স্নেহাৰ বিশ্বাসক সি অ্ৱমাননা কৰিব নোৱাৰে।
সময়ত ইঞ্জিনিয়াৰিং কলেজত ডিগ্ৰী সমাপ্তি কৰিয়েই অ.এন.জি.চিৰ কেম্পাচ ইণ্টাৰভিউত উত্তীৰ্ণ হৈ থকা বাবে সি বাহিৰে বাহিৰে ডেহৰাডুনত ট্ৰেনিং ল’বলৈ যাব লগা হ’ল। কিন্তু ছমাহ ট্ৰেনিঙৰ পাছত আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণত সি এক অনাকাঙ্ক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হ’ল। যিটো অনুজৰ বাবে কল্পনাৰ অতীত আছিল। ইংৰাজী সাহিত্যত পোষ্ট গ্ৰেজুৱেচন কৰা স্নেহাৰ পৰা সি অন্ততঃ এনে আশা কৰা নাছিল। স্নেহাৰ ফাইনেল পৰীক্ষাৰ পাছতে বিয়া পাতিম বুলি ভাবি থকা অনুজৰ মন স্নেহাই মষিমূৰ কৰি দিলে। স্নেহাৰ ইমান পৰিবৰ্তন কেনেকৈ হ’ব পাৰে। স্নেহাই তাক কৈছিল …
‘পুৰুষ সদায় পুৰুষৰ দৰে হ’ব লাগে। ভাল পাওঁ মই পুৰুষত্ব দেখুৱাব পৰা পুৰুষক।’
‘যেনে মই, সেয়েহে মোৰ প্ৰতি আছে তোমাৰ এই ভালপোৱা। হয়নে স্নেহা?’
‘তুমি আৰু পুৰুষ! সন্দেহ আছে! ‘
গহীন সুৰত কথা কোৱা স্নেহাক আজি অচিনাকি যেন লাগিছে তাৰ। সম্পূৰ্ণ ছমাহৰ পাছত অনুজক লগ পোৱাৰ পাছতো স্নেহা যেন সুখী নহয়। অনুজে স্নেহাক লগ পাই যিমান আনন্দিত হৈছে তাৰ সম্পূৰ্ণ বিপৰীত প্ৰতিক্ৰিয়া স্নেহাৰ ব্যৱহাৰত। ট্ৰেনিং শেষ হোৱাৰ পাছত কালি ৰাতিয়েই অনুজ ডেহৰাডুনৰ পৰা দিল্লীলৈ গুচি আহিছিল। সি ৰাতিটো দিল্লীত কটাই গুৱাহাটী অভিমুখে প্ৰথমখন ফ্লাইটতে আহিছিল। কিন্তু স্নেহাই বহুত জৰুৰী ক্লাছ থকাৰ অজুহাত দেখুৱাই তাক লগ কৰিবলৈ আবেলি বেলাহে আহিল। তথাপি সি একো ভবা নাছিল। কিন্তু বৰ্তমান স্নেহাই তাৰ লগত যি ধৰণে কথা পাতিছে তাৰ অহেতুক ভয় লাগি গ’ল। মনৰ ভাব সি মুখত যাতে প্ৰকাশ নাপায় তাৰবাবে যথেষ্ট সাৱধান হৈ স্বাভাৱিক সুৰত স্নেহাক সুধিলে।
‘স্নেহা ধেমালিৰ চলেৰে তুমি কিন্তু বৰ ডাঙৰ আঘাত লগা কথা এষাৰ কৈ দিলা! মই পুৰুষ নহয় বুলি। আৰু কি জানা যেতিয়া মতা মানুহৰ পুৰুষত্বক ধৰি কথা কোৱা হয়, তাতোকৈ ডাঙৰ আঘাত আমাৰ বাবে আৰু একো হ’ব নোৱাৰে। তুমি ছিৰিয়াছলি মোৰ পুৰুষত্বক সন্দেহ কৰা নাইতো?’
‘শুনা অনুজ মই কোনো ধেমালি কৰা নাই তোমাৰ লগত। মোৰ সঁচাকৈয়ে তোমাৰ পুৰুষত্বৰ ওপৰত সন্দেহ আছে। পুৰুষ বুলিলে আজিকালি চকুত ধৰা দিয়ে অৰ্ণৱৰ দৰে এজন ল’ৰাৰ। যিবোৰ লক্ষ্যণ অৰ্ণৱৰ আছে তোমাৰ গাত নাই। মই মোৰ জীৱন সংগী অৰ্ণৱৰ দৰে হোৱা বিচাৰোঁ।’
প্ৰায় সাতবছৰে ভালপোৱা প্ৰেয়সীৰ মুখত আন কাৰোবাৰ নাম শুনিবলৈ কিমান কষ্ট সেইটো কথা জনাই ভালকৈ জানে। স্নেহাৰ মুখত অৰ্ণৱৰ নাম শুনি অনুজৰো কি কৰোঁ কি নকৰোঁ অৱস্থা হ’ল। আৰু চাৰি মাহৰ পাছত সেইজনী স্নেহাৰ লগত অৰ্ণৱে একেলগে ওৰেটো জীৱন একেলগে থকাৰ সপোনত বিভোৰ হৈ আছিল। কিন্তু সিহঁতৰ সপোনক বাস্তৱায়িত কৰাৰ আগতেই স্নেহাৰ জীৱনলৈ কোন এই অৰ্ণৱ আহি সোমাল! কিন্তু অনুজৰ মুখত ফুটি উঠা অসহায়তা দেখি স্নেহায়ে অৰ্ণৱ কোন তাৰ ভেদ ভাঙি দিলে।
‘তুমি চাগে ভাবি আছা এই অৰ্ণৱ কোন বুলি? অৰ্ণৱ আৰু আস্থা, জেইচিৰ অৰ্ণৱ বুজিছা! মইও বিচাৰোঁ মোৰ হ’ব লগা মানুহজন অৰ্ণৱৰ দৰে হওক। কিন্তু তোমাৰ গাত অৰ্ণৱৰ অলপো গুণ নাই…’
‘ৰ’বা ৰ’বা তুমি আৰু কিবা কোৱাৰ আগতেই মোৰ কথা শুনা। অৱশেষত তুমিও নিজৰ স্থিতি পাহৰি গ’লা। এতিয়াও মোৰ বিশ্বাস হোৱা নাই যে এইবোৰ কথা তোমাৰ দৰে উচ্চ শিক্ষিত এজনী ছোৱালীয়ে কৈছে বুলি। জীৱনৰ সিদ্ধান্তবোৰ ডন কুইকস্বটৰ দৰে ল’লে কি হয় তুমি নিশ্চয় নজনা নহয়। বোধকৰোঁ ডন কুইকস্বটৰ প্ৰসংগ কিয় উল্লেখ কৰা হ’ল তুমি বুজিব পাৰিছা। অৰ্ণৱৰ দৰে চৰিত্ৰৰ ল’ৰা এটা ওৰেটো জীৱন বাদেই দিয়া বিয়া হোৱাৰ পাছত দুবছৰো টিকি থকা টান। অৰ্ণৱৰ দৰে চৰিত্ৰৰ ল’ৰাই নাৰীক সন্মান কৰাটো দূৰৈৰ কথা, নাৰীক কেৱল উপভোগ্য পণ্য সামগ্ৰী হিচাপে জ্ঞান কৰে। তুমি কি ভাৱিছা মোক পুৰুষত্বহীন বুলি ? অ’ মইও পুৰুষ, মোৰো মন যায় তুমি কাষত থাকিলে নিবিৰভাৱে পাবলৈ। কিন্তু মই মোৰ মন যোৱাটো তোমাৰ ব্যক্তিত্বক সন্মান কৰোঁ বাবেই সংযত কৰি ৰাখোঁ। জীৱনত বহুতো ঘাট-প্ৰতিঘাট মোৰ ওপৰেৰে পাৰ হৈ গৈছে। মই নিজকে তিল তিলকৈ চিগাৰেট বা মদ খাই শেষ কৰি দিয়া নাই। যুঁজিছো নিজৰ সাধ্যনুসাৰে, কিন্তু যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা নাই। অৰ্ণৱৰ দৰে ল’ৰা ভয়াতুৰ, সেয়েহে এইবোৰৰ আশ্ৰয় লয়। ভাবা নেকি অৰ্ণৱৰ দৰে ল’ৰাই বিয়াৰ পাছত তোমাক স্বাধীনতা দিব। অসম্ভৱ সিহঁতৰ বাবে। আনকি বিয়াৰ পাছত তোমাৰ যোগ্যতাৰ ভিত্তিত চাকৰি এটা কৰিবলৈও নিদিব। আনকি অৰ্ণৱৰ দৰে ল’ৰাই কোনোদিনেই সহ্য কৰিব নোৱাৰিব তাতকৈ ওপৰলৈ যোৱাটো। স্নেহা এতিয়াও সময় আছে নিজকে বিবেচনা কৰাৰ। কোনো এখন উপন্যাস পঢ়ি তাৰ চৰিত্ৰক নিজৰ জীৱনৰ আদৰ্শ কৰি নল’বা। মোৰ আৰু একো তোমাৰ ওচৰত ক’ব লগা নাই বা তোমাৰ পৰা এই বিষয়ে আৰু একো শুনিবলগাও নাই। মোৰ এইখিনি কথা শুনাৰ পাছত তুমি যি সিদ্ধান্ত লোৱা মই সন্মান কৰিম। ‘
ইমানবোৰ কথা একেলগে কৈ অনুজ স্নেহাৰ ওচৰত এক্ষন্তেকো নৰৈ গুচি আহিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ কৃষ্ণচূড়া ফুলবোৰ লাইটৰ পোহৰ পৰি তেতিয়া জিলিকি উঠিছিল। তাৰ বিপৰীতে অনুজৰ বুকুৰ পৰা কৃষ্ণচূড়াৰ পাপৰিবোৰ সৰি পৰিছিল।
পৰিশেষ : চাৰি মাহৰ পাছত অনুজৰ লগত স্নেহাৰ বিয়া হ’ল। দুমোজাত থকা স্নেহাই বিয়াৰ পাছতহে অনুভৱ কৰিলে আচলতে পুৰুষত্ব কাক কয়। তাৰোপৰি স্নেহাই বিয়াৰ পাছতহে অনুভৱ কৰিলে যে সমবয়সীয়া হ’লেও জ্ঞান বা বুদ্ধিৰ ক্ষেত্ৰত অনুজ তাইতকৈ কিমান ওপৰত। আজিকালি স্নেহাই ভাবে ক্ষন্তেকীয়া আবেগত উটি ভাঁহি যোৱাৰ বাবেই আজিকালি দিনে দিনে বাঢ়ি আহিছে ডিভোৰ্চৰ পৰিমাণ, বাঢ়ি আহিছে অসহিষ্ণুতা। তাইও সেই একেই পথৰে পথিক হ’বলৈ গৈ আছিল কিন্তু অনুজৰ দৰে এজন ল’ৰা আছিল সঠিক পথ দেখুৱাই দিবলৈ তাইৰ আঁৰত। শিৱসাগৰ অ.এন.জি.চিৰ অফিছাৰ কলনীত স্নেহা আস্থাৰ দৰে নহৈ স্নেহা হৈ আৰু অনুজও অৰ্ণৱ নহৈ অনুজ হৈ হাঁহিৰে জীৱনৰ বঠা মাৰি আগুৱাই গৈ আছে।
☆★☆★☆
1:38 pm
ভাল লাগিল পঢ়ি