ফটাঢোল

পাহিৰ পথাৰ যাত্ৰা — লোনা বৰা

ঘৰখনত হঠাৎ হুলস্থুল লাগিল৷ “তলত থ’লে পৰুৱাই খাব, মূৰত থলে ওকনিয়ে খাব” ধৰণে ডাঙৰ হোৱা পাহিয়ে ঘোষণা কৰিলে যে তাই গাঁৱৰ ঘৰলৈ যাব। যাব মানে যাবই; তাকো এদিনৰ ভিতৰতে৷
মাক, দেউতাকে কথাৰ একো উৱাদিহ নাপায়, জীয়েকৰ বেমাৰ বুলি ধৰিয়ে ল’লে। নিশ্চয় কোনোবাই কিবা যাদু কৰিছে, নহ’লে বৰষুণ দিলেও লেতেৰা বুলি ওলাই যাবলৈ টান পোৱা ছোৱালীজনী এই বাৰিষাৰ দিনত গাঁৱলৈ যাবলৈ ওলাইছে৷ কি কথা হ’ব পাৰে! তাইৰ এই ঘোষণাৰ পাছৰপৰা দুইজনৰে চকুৰ টোপনি নোহোৱা হ’ল। বুজাইছেহে বুজাইছে, জীয়েক পাহি নাচোৰবান্দা, যাবই৷
অবশেষত মৰমৰ একমাত্ৰ দুহিতাৰ কথাই কথা হৈ মাক জীয়েক ওলাল, গাঁওলৈ বুলি৷ চাৰি ঘণ্টাৰ বাটটো পাহিৰ বাবেই ছয় ঘণ্টা লাগিল। গোটেই ৰাস্তাটোত যে ‘ফটো ছেচন’ চলিল৷ এবাৰ বোলে গাড়ী ইয়াত ৰাখা, এবাৰ বোলে তাত ৰাখা, ইয়ালৈ ব’লা, তালৈ ব’লা৷ মাকেও জীয়েকৰ ফটো ছেচন দেখি আপ্লুত- ‘এনেকৈ থাকা, তেনেকৈ থাকা’৷ পজ, পজ আৰু পজ!
গাঁৱৰ ৰাস্তাৰ বোকা, পানী গৰকি পাহিহঁতৰ ছেভেন ছিটাৰ গাড়ীখন গাঁৱৰ ঘৰ সোমাই মানে গধূলি হ’বৰ হ’ল৷ গাঁৱৰ ঘৰত সোমাইয়ে পাহিয়ে এইবাৰ দিলে দ্বিতীয়টো ধামাকা৷ কাইলৈ তাই ৰোৱনীৰ স’তে পথাৰলৈ যাব৷ শুনিয়ে গাঁৱৰ ঘৰত থকা খুড়াক খুড়ীয়েকৰ স’তে মাকৰ মূৰ্চা যোৱা অৱস্থা৷ কয় কি ছোৱালীয়ে? নে ভ্ৰম বকিছে?!
খুৰাকে কয়-
: আই অ’, বহু দূৰ বাট আহিলা, তাকো ৰাস্তা বেয়া, অলপ শুই লোৱা, ৰাতিপুৱা কথা পাতিম আমি দেই।
: ৰাতিপুৱা মই কথা পাতিব নোৱাৰোঁ পথাৰলৈ যাম, সোনকালেই জগাই দিবা মোক।
: পানী ফালি যাব লাগিব। জোক, মহ, কেঁচু আৰু কত কি, কেনেকৈ যাবা, আই, নালাগে দিয়া। খৰালি দিনত আহিবা, লৈ যাম।
: তুমি চিন্তা নকৰিবা, মই পাৰিম। এতিয়া কোৱা এইকেইটা বস্তু তোমাৰ ঘৰত আছে নাই- চূণ, জলকীয়া গুৰি, নিমখ আৰু মিঠাতেল। নাই যদি এতিয়াই অনাৰ ব্যৱস্থা কৰা।
: আছে আইজনী, পিচে কি কৰিবা এইখিনিৰে?
: কাইলৈ পথাৰলৈ গ’লে লাগিব, মোক কৈছে লগৰ এজনীয়ে এইবিলাক ইউজ কৰিলে জোকৰ পৰা বাচিব পৰা যায়।
মুঠতে পাহি পথাৰলৈ যাবই৷

ৰাতিপুৱাই ৰোৱনীৰ স’তে আৰম্ভ হ’ল পাহিৰ পথাৰ যাত্ৰা। তাৰ আগতে পুৱতি নিশাৰ পৰাই পাহিৰ আয়োজন৷ সৰ্বশৰীৰত মিঠা তেল লেপন। তাৰপিছত ভাগে ভাগে চূণ, নিমখ আৰু জলকীয়া গুৰিৰ পেকেট, বেল্ট এডালেৰে কঁকালত মেৰিয়াই ল’লে, সহজে পোৱাকে ভৰিত পলিথিন বেগৰ জোতা, যাতে নখ বেয়া নহয়। ৰোৱনীৰ পিছে পিছে খোপনি ল’ব পৰাকৈ হাতত এডাল মস্ত দীঘল লাখুটিৰে পাহি, তাইৰ পিছে পিছে মাক, খুৰীয়েক আৰু খুৰাক।
পাহিৰ মনোবল দেখি সকলো অবাক আৰু মাক শংকিত হৈ চহৰৰ সকলো নামী, দামী চাইকীয়াত্ৰিষ্ট, চাইক’লজিষ্টৰ নাম মনতে আওৰাই পাহিৰ পিছে পিছে গৈ থাকিল৷ পথাৰলৈ গৈ পাহিৰ হাঁহি আৰু ফটো তোলাৰ এনজয়মেণ্ট দেখি মাকে ভাবে, ৰাজকুমাৰীৰ দৰে ডাঙৰ কৰা পাহিৰ এই ৰূপ দেউতাকে মিছ কৰিলে, ফটোবোৰে দেখাম আৰু….
পাহিৰ পথাৰলৈ যোৱা এডভেঞ্চাৰ শেষ কৰি পিছদিনাই ঘৰলৈ উভতিলে দুয়ো। পাহিৰ মুখত যুদ্ধ জয় কৰাৰ হাঁহি আৰু মাকৰ আশ্বৰ্য্যচকিত মুখাবয়ব তথা শঙ্কাৰ এক্সপ্ৰেচন তেতিয়াও মাৰ যোৱা নাছিল।
ঘৰলৈ ঘূৰি অহাৰ পিছদিনাই ৰাতিপুৱা পাহিৰ ৰূমৰ পৰা অহা চিঞৰত সকলোৰে টোপনি ভাঙিল। মাক, দেউতাক দুয়ো একে উশাহে দৌৰি গৈ পাহিৰ ৰূম পালেগৈ৷ দেখে যে পাহীয়ে মবাইলটো লৈ বিছনাৰ ওপৰত উঠি জঁপিয়াই আছে৷ মাকে দৌৰি গৈ জীয়েকক ধৰি বহুৱাই সোধে,
: কি হ’ল মাতু? কি হ’ল ?
গৰ্বেৰে পাহি য়ে কয়,
: মা, মই পাহি বৰুৱা হয়,পাহি বৰুৱা৷ কি ভাবিছে মোক বাৰ্বিয়ে৷ তিনিখন গাত বোকা লগা ফটো আপলোদ কৰি, পথাৰ যোৱা দেখাই তাই লাইক, কমেণ্ট গোটাইছিল৷ মই চাল্লা গোটেই জাৰ্নিটোৱেই দিছোঁঁ৷ 2k লাইকতো বনতা হেই মা…..2k, টু থাউজেণ্ড লাইক….. য়ায়াহুওও……!

☆★☆★☆

2 Comments

  • হয়, এয়াই হৈ আছে এতিয়া। সৱ লাইক, কমেণ্টৰ নিচাত আক্ৰান্ত।

    Reply
  • উৎপলা ভূঞা

    এখন সঁচা ছবি।সকলোৱে এতিয়া এয়াই বিচাৰে।ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *