ফটাঢোল

ৰূপান্তৰ – প্ৰশান্ত মল্ল বুজৰবৰুৱা

এইবাৰ বাটৰ আমজোপা বেছিকৈ মলিয়াইছে৷ এইজোপা আমৰ বিষয়ে গাওঁখনৰ কোনেনো নাজানে৷ গোটেই গাওঁখনত বিছাৰিলেও তেনে আম দ্বিতীয় এজোপা পাবলৈ নাই৷ শুনিবলৈ পোৱা মতে সাবিত্ৰী বৰুৱা বোৱাৰী হৈ অহা বছৰৰে পৰা হেনো এই আমজোপা মলিয়াইছিল৷ বোৱাৰী হৈ আহিয়েই নিজৰ মাত কথা, ব্যৱহাৰেৰে সকলোৰে হিয়াত ঠাই লৈছিল এই সাবিত্ৰী বৰুৱাই৷ গাৱঁৰ সকলোৱে কৈছিল এজনী লখিমী বোৱাৰী বুলি৷ সময় আগবাঢ়ি গৈ থাকিল৷ এদিন বোৱাৰী হৈ অহা সাবিত্ৰী বৰুৱা আজি নিজেই তিনিজনী বোৱাৰীৰ শাহু হ’ল৷ অৱশ্যে ঘৰখনত সাবিত্ৰী বৰুৱাৰ সৈতে সৰু ল’ৰা পৰেশ আৰু কেইটামান মাহৰ পূৰ্বে বিয়া কৰাই লৈ অহা সৰু বোৱাৰী সোণমাই এৰি বাকীবোৰ চহৰৰ স্থায়ী বাসিন্দা হ’ল। পৰেশ গাৱৰ স্কুলখনৰ বিজ্ঞানৰ শিক্ষক৷ গৰুকেইটা চোৱা চিতা কৰিবলৈ আৰু ঘৰৰ ইটো সিটো কামৰ বাবে থকা মনোহৰ কায়ো ঘৰখনৰ এটা সদস্য৷ মনোহৰ কাইৰ বাবে সোণমাই আৰু সাবিত্ৰী বৰুৱা একেটা মানুহৰ দুটি ৰূপ৷ আচাৰ ব্যবহাৰ, মাত কথা চলন ফুৰণ সাইলাখ সাবিত্ৰী বৰুৱাৰ দৰেই৷ কাৰোৰে দুখত চকুপানীক সামৰিব নোৱাৰা সোণমাই ঘৰখনত আজিৰ লখিমী বোৱাৰী৷ সোণমাইক পত্নী ৰূপত পাই পৰেশো বহুত সুখী৷
দিন বাগৰিল৷ সৰু বোৱাৰী অহাৰ পিছতো তিনিবাৰকৈ আমজোপাই মলিয়ালে৷ ইফালে সাবিত্ৰী বৰুৱা আৰু অধৈৰ্য্য হৈ আহিছে সোণমাইৰ শূন্য কোলাখন দেখি দেখি৷ তিনিবাৰকৈ আশাৰ মুখ দেখুৱাই আশাহত হোৱাৰ পিছত চিকিৎসকৰ কথালৈ ভৰষা কৰিব নোৱাৰা হৈছে সাবিত্ৰী বৰুৱা। নাতিৰ মৰমাকাংশী সাবিত্ৰী বৰুৱা লাহে লাহে নতুন ৰূপত ধৰা দিব ধৰিছে৷ সমস্ত দোষ সোণমাইৰ ওপৰত দি হেৰুৱাই পেলাইছে নাৰীৰ অন্তৰখন৷ সোণমাইক প্ৰতিটো কথাই কেটেৰা মাৰি কোৱাটো এতিয়া অভ্যাস পৰিণত হৈছে৷ পৰেশে যেন দেখিও একো নেদেখে৷
যোৱা কিছুদিনৰ পৰা মনোহৰ কাই নাই৷ নিজৰ গাৱৰ ঘৰলৈ গৈছে৷ কেতিয়া আহিব তাৰো একো ঠিকনা নাই৷ সময়বোৰ সলনি হ’ল আৰু সময়ৰ লগে লগে সলনি হ’ল মানুহৰ মনবোৰ৷ সেয়েহে মনোহৰ কাইৰ আজিকালি ইয়াত ভাল নলগা হৈছে৷
ৰাতি ভাতৰ মেজত বহি সাবিত্ৰী বৰুৱাই সৰু পুতেকলৈ চাই,
: পৰেশ, তই ছোৱালী এজনী চা৷ বিয়াখন আকৌ পাতিব লাগিব৷ এই ডাইনীজনীক ঘৰত থৈ আহিবি গৈ৷
সেই ৰাতি বহু দেৰিলৈ সোণমাইহতৰ শোৱাকোঠাৰ পৰা চেপা শব্দ কিছুমান আহি থাকিল৷ সেয়াই আৰম্ভণি৷ তাৰ পিছৰ পৰা প্ৰত্যেক নিশা একে বোৰ ঘটনাৰ পুনৰাবৃত্তি ঘটি থাকিল৷ শান্ত গাওঁখনৰ নিজম নিশাৰ এই শব্দবোৰে পৰিবেশটো গম্ভীৰ কৰি পেলালে৷ মাজে ধুপ ধাপ শব্দ কিছুমানও উফৰি অহা হ’ল আৰু ইয়াৰ লগে লগে সোণমাইৰ হিয়াভঙা উচুপনি৷ সাক্ষী হৈ ৰ’ল বাটৰ সেন্দূৰীয়া আমজোপা৷
এইবোৰৰ মাজতে যোৱা কিছুদিনৰ পৰা সোণমাইক কোনেও দেখা নাই৷ বোধকৰো মাকৰ ঘৰলৈ গ’লগৈ৷ এতিয়া সাবিত্ৰী বৰুৱাই গাৱঁৰ সকলোকে কৈ ফুৰিছে, সৰু বোৱাৰীয়ে ডাইনী পুহিছিল৷ সেয়ে তাইৰ কোনো সতি সন্ততি নহ’ল৷ ঘৰৰ গাভিনী গৰু এটি হেনো তায়েই মাৰিলে৷ ঘৰত হাঁহ পাৰ একো নথকা হৈছে৷ ৰাতিৰ ভিতৰতে নোহোৱা হৈ থাকে৷ এতিয়া তাই ঘৰলৈ গৈছে, চিৰদিনৰ বাবে৷ আজি মনোহৰ কাই আহিছে৷ কথাবোৰ শুনি মনোহৰ কাইৰ ঘৰত আৰু এখন্তেকো ৰ’বলৈ মন নগ’ল৷ যাবলৈ ওলাই আহি নঙলামুখত পৰেশৰ মুখামুখি হ’ল৷ মনোহৰ কাই পৰেশক সুধিলে,
: মাষ্টৰ বোপা, তুমি এতিয়াও স্কুলত বিজ্ঞান শিকোৱা নে?
সুধিলে হে, কিন্তু উত্তৰলৈ বাট নাচালে৷ বাটলৈ ওলাই মনোহৰ কাইৰ আমজোপালৈ চকু গ’ল৷ সি অহা দিন ধৰি মলিওৱা দেখি অহা আমজোপাই এইবাৰ দেখোন মলি পেলোৱা নাই৷ যি হয় হওক দে লোকৰ হে আম৷ মনোহৰ কাই ডাইনী লম্ভা ঘৰখনলৈ এবাৰ ঘূৰি চাই হুমুনিয়া এটা কাঢ়ি নিজৰ গাৱঁলৈ বুলি খোজ পোনালে৷ বাটত ভাবি ভাব গৈ থাকিল, ডাইনী বাৰু কোন আছিল? সোণমাই নে সাবিত্ৰী বৰুৱা?

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *