ফটাঢোল

বিষয়: বিষ্ণুৰাভা – সন্দীপ বৰ্মন

আজি-কালি কি মন যায় জান?
সৰুৰেপৰাই বন্ধুক দেখি আহিছো নাটক কৰে, কবিতা লিখে, সমাজ সচেতন বন্ধুৱে বিষ্ণু ৰাভা হোৱাৰ কথা কয়, মেন্ডেলা হোৱাৰ কথা কয়।‌
:কি?
পৰম উৎসুকতাৰে তাৰ মুখলৈ চাই ৰ’লো।‌
ছয় বছৰ মুৰত দেখা।‌ জমি উঠাৰ কথা আছিল সন্ধিয়াটো।‌
:ধনী মানুহ হ’বলৈ মন যায়।‌
ইয়াহ… কিমান দিন যে বাট চাই আছিলো এইষাৰ কথাৰ বাবে।‌ আমাৰ কবিতা, আমাৰ গল্প…কিবা যেন উজ্বল নক্ষত্ৰৰ ওচৰত নিস্প্ৰভ।‌ সেই নক্ষত্ৰই এতিয়া পোহৰাব পৰা নাই দুটা কোঠাৰ চাৰিজনীয়া পৰিয়াল।‌
সেই যে ফিলিপছৰ টেপ ৰেকৰ্ডাৰটো, তগৰ ফুলে নুশুৱাই, নাহৰ ফুলে শুৱাব! এতিয়া চাগে তাত অতি বেসুৰাকৈ বাজি থাকে চাউল দাইল আলু পিয়াজ ঘৰ ভাড়া লাইটৰ বিল৷
তাক শুধিবলৈ মন গৈছিল, বিষ্ণুৰাভা এতিয়া কিমান ৰাতি…
পিছে সিহে সুধিলে মোৰ খবৰ।
তহঁতৰে ভাল দে, টিভি চেনেলৰ চাকৰি, গ্লেমাৰ আছে ভাই।‌
হৃদয়ৰ অৰ্গল খুলি ক’বলৈ মন আছিল মোৰ খবৰ।‌ একোখন বুলেটিনে নিৰ্ণয় কৰে আমাৰ দক্ষতা।‌ ব্ৰেকিং, ফাৰ্ষ্ট ভিজুৱেলত আবদ্ধ আমাৰ সমস্ত তৎপৰতা।‌ শগুনৰ দৰে ৰৈ থাকো ।‌ক’ত মানুহ মৰে, ক’ত ঘৰ পোৰে, কোনোৱে নিৰ্যাতন চলায় আৰু মোৰ বুলেটিনখন ধুনিয়া হৈ পৰে।‌ গভীৰ নিশা মই বিচাৰি নাপাওঁ হৃদয়লৈ উজাই যোৱা বাট।‌
কিন্তু বিষ্ণু ৰাভা হ’বলৈ গৈ জীৱন হেৰুওৱা মোৰ বন্ধুৰ ওচৰত যেন মোৰ এটা নক্ষত্ৰ হ’বলৈ মন গ’ল।‌ মনত পৰিল প্ৰিয় সাহিত্যিকৰ সেই বিখ্যাত বাণী “বেণু মিশ্ৰ মোৰ অমি নহয়।‌ তেওঁক জিকিব দিয়াৰো কোনো প্ৰয়োজন মোৰ হোৱা নাই।‌ মোৰ হাতীটো তেনেহ’লে এফলীয়া কৰি নিলো।‌ কিস্তি, মাৎ।‌
:ভাত বাঢ়িছো।‌
পাকঘৰৰ পৰা শ্ৰীমতীৰ চিঞৰত দোৰোল খোৱা জিভাৰে কি উত্তৰ দিলো নিজেই বুজি নাপালো।‌ থৰক-বৰক খোজেৰে দ্ৰেচিং আইনাখনৰ ওচৰৰ পৰা আঁতৰি আহিব বিচাৰোতে দেখিলো আইনাখনৰ সিপাৰে মোৰ বন্ধু লাহে লাহে বিষ্ণু ৰাভালৈ পৰিনত হৈছে।‌ ক’ৰবাৰ পুৰনি টেপ ৰেকৰ্ডাৰ এটাৰ পৰা ভাঁহি আহিছে…”তগৰ ফুলে নুশুৱায়…।‌

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *