ফটাঢোল

আমাৰ শইকীয়া ছাৰ – ভাস্কৰজ্যোতি বৰুৱা

অৱশেষত গানটো সম্পূৰ্ণ হ’লগৈ। নতুন চখৰ দুৰন্ত প্ৰেমিক শইকীয়া ছাৰৰ দেহ-মন এইকেইদিন আচ্ছন্ন কৰি ৰাখিছে এই গানটোৰ সুৰ আৰু কথাই। ছাৰৰ বাবে গানেই যেন এতিয়া জীৱন। নিজৰ নৱতম সৃষ্টিক অনবৰতে গুণগুণায়েই থাকিবলৈ লৈছে। দুই একে কয় – আনকি কুমুদত বহিও! অৱশ্যে এই শেষৰটো মানুহৰ মুখত পৰি হোৱা কথাৰ অতিৰঞ্জিতকৰণো হ’ব পাৰে। সি যি কি নহওক এটা অভিযোগ কিন্তু ছাৰৰ বিপক্ষে সততে উত্থাপন হৈ আহিছে – দুৰ্ঘোৰ প্ৰেমেৰে আৰম্ভ হোৱা বিষয় একোটাৰ প্ৰতি তেখেতৰ আগ্ৰহ দীৰ্ঘদিনলৈ একে হৈ নাথাকে। উদাহৰণ দিবলৈ গৈ ৰাইজে কয় – আজিকালি ছাৰে আগৰ দৰে ইটোৰ পিচত সিটো ব্যংগ বা ৰস ৰচনা নিলিখে। একেদৰে আজিকালি কাৰ্টুন আঁকিবলৈও ছাৰে মনেই নকৰে। কিন্তু জনাই জানে, বছৰ চেৰেকৰ আগতে কাৰ্টুন অংকনলৈ যে ছাৰৰ কি উৎসাহ! এসময়ত ফটোগ্ৰাফীৰ মাজত জীৱনৰ ৰস বিচাৰি পোৱ শইকীয়া ছাৰে বৰ্তমান ফটো তোলাতো দূৰৰে কথা, বহুদিন কেমেৰাটোকে স্পৰ্শ কৰা নাই। হ’ব পাৰে – এনে ধৰণৰ চাৰিত্ৰিক বৈশিষ্টতাৰ বাবেই ছাৰৰ মগজুটো যেন নিতে নতুন আইডিয়াই গজালি মেলি থকা এখন উৰ্বৰ পথাৰ। যিটো গুণৰ কথা সকলোৱে একেমুখে স্বীকাৰো কৰে।

বাধ্যত পৰি অৱশ্যে কেতিয়াবা মানুহজন উভতিব লগাত পৰে পুৰণি প্ৰেমৰ কাষলৈ। এইবেলিৰ অজুহাত হ’ল ভাস্কৰ জ্যোতি বৰুৱা। বপুৰাৰ তেল ফাটিছিল, খুজি কিল খালে। ফটাঢোলৰ মজিয়াত ৰস ৰচনা এখনৰ জৰিয়তে বাজন দিয়া পৰ্বটো ইতিমধ্যেই সফলতাৰে সম্পন্ন হৈ গৈছে। একে সময়তে লেখাটোৰ দ্বাৰা পূৰণ কৰা হ’ল বহু অনুৰাগী পাঠকৰ দাবীও। লাইক, কমেণ্ট বানপানীৰ দৰে বাঢ়ি আহি আছে। লেখাটোৰ গুণমুগ্ধসকলৰ মন্তব্যৰ তলত লেখকৰ তৰফৰ পৰা ফেচবুকত উপলব্ধ বিভিন্ন প্ৰতিক্ৰিয়া চিহ্ন আৰু উত্তৰেৰে কৃতজ্ঞতা জনাই থকা হৈছে। শুই যোৱাৰ বাবেহে যোৱা ৰাতি দুই বজাৰ পাছত অহাখিনিৰ উত্তৰ দিব পৰা হোৱা নাই এতিয়ালৈকে। উভতিয়েই পুৱাৰ ভিতৰতে দি দিব লাগিব। – ছাৰে নিজকে নিৰ্দেশ দি থলে।
: হুঁহ, ভাস্কৰ জ্যোতি বৰুৱা! কেনে পাইছা, বৰ খজুৱাইছিল নহয়? – কথাখিনি ভাবোতেই ছাৰৰ ওঁঠলৈ এটা বেকা হাঁহিৰ আগমণ ঘটিল। নিশ্চিতভাৱে গানে আনি দিয়া আনন্দৰ লগত এইখিনি তেখেতৰ বাবে উপৰিঞ্চি সুখ, বোনাছ। সুখী শইকীয়া ছাৰে এটা চকু ঈষতভাৱে মুদি, কপাললৈ দুডালমান ৰেখা আনি, ওঁঠ বেকা কৰি হৃদয়ৰ সমস্ত আবেগ মুখ মণ্ডলত প্ৰতিফলন ঘটোৱাই নতুন গানটো জুৰিলে –
পূৱৰ দিগন্তত জিলিকে সূৰুজৰ আভা
হতাশ আন্ধাৰ মন পোহৰাই আনোগৈ ব’লা ……..
সেই ভাল লগা অনুভবে আনি দিয়া উৎসাহখিনি ৰূপান্তৰ ঘটিল চাইকেলৰ পেডেলত দিয়া অতিৰিক্ত হেচালৈ। চাইকেলখনৰ গতি আগতকৈ বৃদ্ধি হ’ল। বৃদ্ধি পালে শইকীয়া ছাৰৰ মুখত লগা বতাহৰ খুন্দাৰ তীব্ৰতাও । ব্ৰহ্মপুত্ৰৰ পাৰলৈ বেছি দূৰ নাই। তাতে এই উচ্চতা, বতাহৰ কোব এই ঠাইত এনেও বেছি।
এই সময়খিনি সঁচাকৈয়ে উপভোগ কৰিবলৈ লৈছে শইকীয়া ছাৰে। কলেজ খোলা থাকিলে কৰ্মস্থান বোকাখাটত থকা দিনকেইটাত তেখেতে যিহেতু বঞ্চিত হয়, সেয়ে তেজপুৰৰ ঘৰলৈ আহিলেই এমাহমানৰ পৰা পুৱা এই সুযোগকণ লবলৈ চেষ্টা কৰে। হওঁতে এইটো চখও পুৰণিয়েই আছিল। মাত্ৰ বহু দিনৰ পাছত আকৌ উভতি আহিছে। ঠিক যিদৰে পোচাকৰ পুৰণি ফেচনবোৰ আকৌ উভতি আহে অলপ নতুন ৰূপত। ছাৰে তললৈ চালে – বহু তলত ক’লা পকা ৰাস্তাটো যেন পিচলৈ চলি গৈ আছে। ৰঙা চাইকেলখনৰ অংশবোৰলৈও চকু গ’ল ছাৰৰ। পুৰণি হ’লেও যথেষ্ট ভাল অৱস্থাতে আছে কিন্তু চাইকেলখন – ছাৰে ভাবিলে।

এই এচকীয়া চাইকেলখন শইকীয়া ছাৰে কিনিছিল চাৰ্কাছৰ দল এটাৰ পৰা। দলটো বন্ধ হৈ যাওঁতে তেওঁলোকৰ সামগ্ৰীসমূহ বিক্ৰী কৰি দিছিল। শইকীয়া ছাৰৰ পছন্দ হ’ল এই ওখ এচকীয়া চাইকেলখনহে। বহুতে বাধা দিছিল। বুজাইছিল – এইখন চাৰ্কাছৰ বাবেহে উপযুক্ত। ৰাস্তাত কেনেকৈ চলাবা? তাতে তোমাৰ এনে চাইকেল চলোৱাৰ অভিজ্ঞতাইবা ক’ত? কিন্তু শইকীয়া ছাৰ নাচোৰবান্দা। চখ বৰী চিজ হ্যায়, নিজৰ আগ্ৰহ এৰি নিদিলে। তেখেতৰ যুক্তি – বিয়া পাতি এখন সংসাৰ সুকলমে চলাই আছে যেতিয়া এনে সৰু সুৰা কৌশল আয়ত্ব কৰি লবলৈ তেখেতক বেছি সময় নালাগিব। প্ৰত্যাহ্বান অধিক কঠিন কৰিবলৈ শইকীয়া ছাৰে স্থানীয় ৱৰ্কশ্বপ এটালৈ চাইকেলখন নি ‘মডিফাই’ কৰি সেইখনৰ উচ্চতা কেইফুটমান বঢ়াইহে আনিলে। কিন্তু সকলোকে আচৰিত কৰি কিছুদিনৰ পাছত “মুনলাইট চাৰ্কাছ”ৰ সেই বিশেষ চাইকেলখন তেখেতে অতি পাৰদৰ্শীতাৰে তেজপুৰৰ ৰাজপথত চলাবলৈ আৰম্ভ কৰি দিলে। এই দক্ষতাৰ বাবে পদুম পুখুৰীৰ কাষত পতা এখন ৰাজহুৱা জনসভাত তেখেতক সম্বৰ্ধনাও জনোৱা হৈছিল। এইটো বেলেগ কথা যে সেইদিনা সভাৰ প্ৰায় সমস্ত চকীয়েই খালি হৈ পৰি ৰৈছিল। তৎসত্বেও কোনো অভিযোগ নাছিল ছাৰৰ। চুক্তি অনুযায়ী নিজৰ কথা ৰাখিছিল। সভা পাতোতে হোৱা খৰচৰ এটকাও ছাৰে আয়োজক বা বেলেগৰ পকেটৰ পৰা যাবলৈ দিয়া নাছিল। সেই সভাতে ছাৰে ব্যক্ত কৰিছিল – কিহৰ বাবে উচ্চতা তেখেতৰ সৰুৰে পৰা প্ৰিয়। তেখেতে সিদিনা ভাষণৰ মাজত কৈছিল – উচ্চতাই দিগন্তক দূৰলৈ ঠেলি দিয়ে। বহল হয় দৃষ্টিৰ পৰিসৰ। অৱশ্যে মনত পৰা স্বত্বেও ছাৰে কোৱা নাছিল কেনেকৈ তেখেতৰ শৈশৱ আৰু কৈশোৰৰ সন্ধিক্ষণৰ দিনকেইটাত ঘৰৰ আগফালে থকা আম গছডালত উঠি দুজনী সমবয়সীয়া ছোৱালী থকা শৰ্মা খুৰাহঁতৰ ঘৰৰ ফালে প্ৰায়ে চাই ৰৈছিল। সিদিনা ছাৰে দিয়া প্ৰেৰণাময় ভাষণ শুনি সভাস্থানৰ অদূৰত ৰৈ থকা এটা বিহাৰী চানাচুৰৱালাই আবেগত চকুলো টুকিছিল। সেই কথা গৌৰৱেৰে পাছত ছাৰে কওঁতে কিছুমান উচ্চতাৰ মূল নুবুজা চকুচৰহাই সন্দেহ প্ৰকাশ কৰি কৈছিল – পিয়াজৰ জাল চকুত লগাৰ বাবেও তাৰ তেনে হ’ব পাৰে।
ৰাস্তাৰ দাঁতিত মানুহ এজনে অলপ পাচলি লৈ বহি আছে। দূৰৈৰ পৰাই দেখিলে শইকীয়া ছাৰে। এই ব্ৰহ্ম পুৱাতে! অলপ আচৰিতো হ’ল ছাৰ। হয়তো গাঁৱলীয়া বেপাৰী, ‘অসমীয়াগিৰি’ মন্ত্ৰৰে উদ্বুদ্ধ। জৈৱিকভাৱে কৰা খেতিৰ সতেজ পাচলিয়েই হ’ব লাগে এইখিনি ঠাইত। উভতি আহোতে বা পাচলিবোৰ থাকেগৈনে নাথাকে কি ঠিক? সেয়ে কেইটামান কিনি ল’বলৈ শইকীয়া ছাৰে থিৰাং কৰিলে। তেখেতে চাইকেলখনৰ গতিবেগ হ্ৰাস কৰি পাচলি মেলি থোৱা পলিথিনখনৰ কাষলৈ নিলে। চাৰ্কাছত খেল দেখুওৱা অভিজ্ঞ চাইকেল আৰোহী এজনৰ দৰেই একে ঠাইতে কৌশলেৰে চাইকেলখন ৰাখি ওপৰৰ পৰা বেপাৰীক সুধিলে –
: এই তিয়ঁহকেইটাৰ কি দাম? – চশমাযোৰ ননাৰ কাৰণে তেখেতে নিশ্চিতভাৱে ধৰিব পৰা নাই সেই পাচলিকেইটা কি। এই উচ্চতাৰ পৰা সৰু কাজিনেমু যেনহে লাগিছিল। কিন্তু শইকীয়া ছাৰে সেই কৌতুকটো বহু আগতেই শুনি থৈছে। সেই যে ওখ মানুহ এজনে উচ্চতাৰ কাৰণে ডাঙৰ বস্তু এটাক সৰু বস্তু যেন দেখিছিল। ভুল নামেৰে দাম সুধি যে সহিব লগা হৈছিল বেপাৰীৰ তাচ্ছিল্য। একে জাতৰ ভুল কৰি বেপাৰীৰ ওচৰত লাজ পাবলৈ তেখেতৰ অকণো ইচ্ছা নাই। সেয়ে এনে সচেতন প্ৰশ্ন। এটা কেলকুলেটেড ৰিস্ক।
: অ’ দা, তললৈ অলপ নামি আহি ভালকৈ চাওকচোন। ইমান ওপৰৰ পৰা ধৰিব নোৱৰিবইতো।- বেপাৰীয়ে ক’লে।
: কি তিয়ঁহ নহয়? – আচৰিত হৈ শইকীয়া ছাৰে সুধিলে। ছেহ, কৌতুকটোত হোৱাৰ দৰে একেই ভুল কৰি পেলালে দেখোন! ইতিহাসৰ দৰে কৌতুকৰো পুনৰাবৃত্তি হয় নেকি? অনুমানটো অলপ বেছিয়েই হৈ গ’ল হয়তো। তাৰমানে কি ডাঙৰ জাতৰ নেমুৱেই নেকি এইকেইটা? – বিব্ৰত ছাৰে মুহূৰ্তৰ ভিতৰতে নিজকে ওপৰা ওপৰিকৈ কেইবাটাও প্ৰশ্ন কৰিলে।
:দিঙি নোহোৱা দীঘল জাতিলাওহে এইকেইটা। – উত্তৰ আহিল বেপাৰীৰ পৰা।
: অহ! – নিজৰ ভুলটো ধৰিব পাৰিলে শইকীয়া ছাৰে। গণনাত তেওঁ নিজৰ উচ্চতাটোহে ধৰিলে, চাইকেলৰ উচ্চতাক বিবেচনাত নললেই। চেহ বৰ ডাঙৰ ভুল হৈ গ’ল। কিন্তু চাইকেলৰ পৰা তললৈ ছাৰ নামে কিদৰে? নিজৰ ঘৰটো অসম আৰ্হিৰ হোৱাৰ বাবে চাইকেলখন ঘৰটোৰ একেবাৰে কাষলৈ নি ঘৰৰ টিঙতে নামেগৈ। জখলা এডাল লগাই থোৱা আছে মাটিৰ পৰা ঘৰৰ টিঙলৈ। সেই ফালেই উঠা নমা হয়। এইখন চাইকেল উলিয়াই আনিলে সেয়ে সাধাৰণতে বাটত ৰোৱা মেলা কৰা নাযায়। হঠাৎ এটা পুৰণি ঘটনা ছাৰৰ মনত পৰি গ’ল – এবাৰ পেটৰ অসুখৰ সময়ত এইখন চাইকেল লৈ ঘৰৰ পৰা বহু দূৰলৈ গুচি গৈ উভতনি যাত্ৰাত ধৈৰ্য ধৰোতে সহিব লগা হোৱা যন্ত্ৰণাখিনি। ওপৰঞ্চি – চিনাকি কেইবাজনকো বাটত লগ পাওঁতে সম্ভাষণৰ হাঁহিটো বিনিময় কৰিবলৈ যাওঁতে পেটত শশব্দে উজাই-ভটিয়াই থকা পকনীয়াবোৰ নেউচি আৰু কপালত বিন্দু বিন্দু ঘাম লৈ কৰা অভিনয়খিনি। আস, আৰু ভাবিব নোৱাৰি। শইকীয়া ছাৰ ঘূৰি আহিল দিঠকলৈ। যিহেতু ইয়াত নামিবলৈ সুবিধা নাই, অনুমানৰ এডজাষ্টটমেণ্টটোকেই সঠিক কৰিব লাগিব। ছাৰে নিজক বুজালে। শইকীয়া ছাৰৰ চকু আকৌ বেপাৰীয়ে বস্তু মেলি থোৱা পলিথিনখনলৈ গ’ল। আৰে, মাছো উলিয়াইছে দেখোন এওঁ। ঠিকেইতো মিউচুৱেল ফাণ্ডৰ দৰে সকলোতে প্ৰডাক্টৰ ডাইভাৰচিফিকেচন থাকিব লাগে। পাচলিৰ লগত মাছৰ বিক্ৰী কিয় নহ’ব? ছাৰৰ চকু ৰ’লগৈ দুটামান সৰু কান্দুলী মাছত। মানে কান্দুলীকেইটা সৰু যেন লাগিছে সেই উচ্চতাৰ পৰা। নিজৰ উচ্চতাক ছাৰে বিবেচনালৈ আনি কান্দুলীকেইটাক মনৰ চকুৰে কেই ইঞ্চিমান বঢ়াই দিলে। সৰু কান্দুলীকেইটাৰ আকাৰ ডাঙৰ হৈ পৰিল। ইয়াৰ পাছত ছাৰে এডজাষ্টমেণ্টলৈ আনিলে চাইকেলৰ উচ্চতা – কান্দুলীকেইটাৰ দৈঘ্যতাত এটা সম্পূৰ্ণ ফুট ( বাৰ ইঞ্চি) যোগ হ’ল। বহলেও কেই ইঞ্চিমান দুয়ো ফালে বঢ়াই দিয়া গ’ল। ছাৰে এইবাৰ মনৰ চকুৰে দেখিলে – সৰু হ’লেও এইকেইটা দেখোন চিতলেই। ডান, অলপ ভাবি চিন্তি ছাৰে গণনাৰ মাজেৰে অহা আনুমানটোক ‘লক’ কৰিলে।
: সৌ চিতলকেইটাৰ কি দাম কৈছা?
: হেঃ হেঃ হেঃ এইবাৰ ঠিকেই ধৰিলে দেখোন।
:”ইয়েচচচ” – স্পষ্ট উচ্চাৰণেৰে শব্দটো কৈ সোঁহাতখন মুঠি মাৰি কিলাকুটিটো গাৰ ফালে টানি শইকীয়া ছাৰে অনুমান শুদ্ধ হোৱাৰ চেলিব্ৰেছন সম্পূৰ্ণ কৰিলে।
সামগ্ৰীকেইপদ কিনাৰ শেষত বেপাৰীয়ে দাৰিকী এডালেৰে প্লাষ্টিকৰ মোনা দুটা শইকীয়া ছাৰক তুলি দিলে। তেখেতে দিবলগীয়া টকাকেইটা ওপৰৰ পৰা এৰি দিলে। এইবাৰ ছাৰ ৰঙমনে আগবাঢ়িল। অলপ আঁতৰত সৌৱা কি? কিবা ধোঁৱা নে তললৈ নমা ডাৱৰ? ছাৰে ঠিক ধৰিব পৰা নাই। ছাৰে আনকি ধৰিব নোৱাৰিলে এয়া সপোন নে বাস্তৱ! অদূৰত দেখোন বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালা উপঙি আছে। চকু মোহাৰি ভালকৈ চাও বুলি লওতেই সকলো অদৃশ্য।
বিষ্ণু-জ্যোতিৰ দেশৰ যুবক শইকীয়া ছাৰ। এই কথাখিনিক নিজৰ অনৰ্থক ভ্ৰম বুলি উলাই কৰিবলৈ তেখেতৰ সত নগ’ল। সেই প্ৰাতঃস্মৰণীয় দুজনৰ এয়া বেলেগ এটা প্ৰজন্মৰ প্ৰতিভাৱান তেজপুৰীয়ালৈ কিবা নিৰ্দেশনা নহয়তো? অলপ ভাবোতেই তেখেতৰ মগজুত এটা নতুন আইডিয়াই গজালি মেলিলে। সেই গজালিয়েই খন্তেকতে বাঢ়ি পূৰ্ণাংগ ৰূপ লৈ হালিজালি যেন নৃত্য কৰিবলৈ ধৰিলে। নৃত্যৰত ধাৰণাটোৰ লয়লাসত মুগ্ধ ছাৰ উত্তেজিত হৈ উঠিল। কোনোপধ্যেই উচ্চতাত পোৱা এনে উপহাৰ সদৃশ কনচেপ্ট অথলে যাবলৈ দিব নোৱাৰি। চাইকেলৰ পেডেল মাৰি মাৰিয়েই পেণ্টৰ পকেটৰ পৰা ম’বাইলটো উলিয়াই আনি ছাৰে ডাইল কৰিলে –
: হেল্ল’ কাকতি দা? ফটাঢোলৰ ফালৰ পৰা নৃত্য-নাটিকা এখন মঞ্চস্থ কৰোঁ আহক।

(শইকীয়া ছাৰৰ জেগাৰ আকাশত উৰি থকা শইকীয়া ছাৰ সম্বন্ধীয় দুটা পূৰ্ববৰ্তী খবৰ :

খবৰ-১
শুনিছোঁ আজি বোলে শইকীয়া ছাৰ ভীষণ ব্যস্ত। দুখন হাতেৰে দুটা বাজন প’ষ্ট লিখি আছে। সাব্যসাচী। ৰঞ্জু হাজৰিকাৰ ষ্টাইলত মুখেৰেও একে সময়তে ৭ গৰাকী যুবক-যুবতীক শ্ৰুতলিপি দি গৈছে ৭ টা বাজন প’ষ্টৰ।
(ভৰি দুটাৰেও ট্ৰাই কৰিছিল বোলে। আখৰ বেয়া হোৱাৰ বাবে বাদ দিলে।)

খবৰ -২
যি কথা মোৰ কালি কোৱা নহ’ল

শইকীয়া ছাৰৰ কালিৰ দিনটোৰ ব্যস্ততা কথা মই আপোনালোকক জনাইছিলোৱেই। অথচ আজিও বাজন প’ষ্ট নাই! কিয় কিয় কিয়???
অতি ব্যস্ততাৰে যেতিয়া ছাৰে কালি বাজন সাহিত্য লিখি আৰু লিখোৱাই আছিল, সেই সময়ত ছাৰৰ নাকেৰে নিৰ্গত হৈছিল যথেষ্ট পৰিমাণৰ বায়ু। কথাতেই কয় নহয়, প্ৰতিজন সফল পুৰুষৰ পাছত একোগৰাকী নাৰীৰ অবদান থাকে, আমাৰ ছাৰো তেনে এজন ভাগ্যবান। আঁৰত থাকি এগৰাকী পত্নী হিচাপে সদায় সেই নাৰীয়ে ছাৰৰ সকলো প্ৰতিভা ৰাইজৰ মাজলৈ উলিয়াই দিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰি আহিছে। কালিও ব্যতিক্ৰম নহ’ল।

কালি যেতিয়া ছাৰ বাজন সাহিত্য ৰচনাত মানে লিখা আৰু শ্ৰুতলিপি দিয়াত ব্যস্ত আছিল, তেখেতৰ সেই শক্তিশালী নিশ্বাসত ছাৰৰ পৰিবাৰে এটি ছ’ন্দ বিচাৰি পালে। আৰু লগেলগেই এটি বাঁহী আনি ছাৰৰ নাকৰ এটি ফুটাৰ সন্মুখত ৰাখিলে। ঠিক যিদৰে অন্য এজন বিখ্যাত ফটাঢুলীয়াৰ মুখৰ সন্মুখত পত্নীয়ে প্ৰতিভা বিস্ফোৰণৰ অন্তিম মুহূৰ্তত এটি চৰীয়া ৰাখে।
হাতৰ মোবাইলেৰে সেই সংগীত ছাৰৰ পৰিবাৰে বাণীবদ্ধও কৰি গ’ল। আজি দম্পতী ব্যস্ত সেই সুৰৰ আধাৰত এটি গানৰ সৃষ্টিৰ আখৰাত। সেয়ে কালি ইমান সুধিমেলি লৈ লিখিবলৈ বহাৰ পাচতো এটাও বাজন প’ষ্ট নাহিল শইকীয়া ছাৰৰ পৰা।)

☆★☆★☆

One comment

  • Rintumoni Dutta

    আকৌ এবাৰ পঢ়িলো দাদা, বঢ়িয়া লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *