কষ্টৰ ফল – হিৰন্ময়ী গগৈ কোঁৱৰ
ফেচবুকত তেওঁৰ এফআৰপি সাংঘাটিক। এফআৰপি মানে কি বুজা নাই যদি কৈ লওঁ – টিআৰপি যেনেকৈ টিভিৰ ছেনেলবোৰত আছে, ফেচবুকতো আছে- এফআৰপি অৰ্থাৎ ‘ফেচবুক ৰেটিং পইন্ট’। ক’বলৈ গ’লে এজন ব্যস্ত জনপ্ৰিয় ফেচবুকাৰ৷ নিজৰ টাইমলাইনততো বাদেই, ফুচুৰি মেল, খাদ্য, চেলফি, তত্বগধূৰ আলোচনালৈকে সকলো গ্ৰুপতে সমানে টিঘিলঘিলনি৷ (অপাৰেচন কৰি মহিলাৰ গ্ৰুপটো আছে বোলে!)
এটা গ্ৰুপৰ হিট টপিক নি ইটো গ্ৰুপত এনেকৈ এন্ট্ৰি মাৰে যে আজিলৈকে কোনেও ধৰিবই পৰা নাই৷ লাইক কমেন্টৰ ভৰত বোলে মোবাইলেই হেং মাৰি যায়৷ ৰাতি চাৰ্জাৰ লগাই এৰাল দিয়া গৰুটোৰ দৰে মূৰটো গোঁজা মাৰি কমেন্টৰ উত্তৰ দিওঁতে দিওঁতে প্ৰায়ে ৰাতিপুৱাৰ গুড মৰ্ণিং দিবৰে হয়গৈ (কিমান কষ্ট কৰে দেহি, ৰাইজৰ বাবে)! সিফালে কেতিয়াবা মোবাইলটো ৰেদলাইট এৰিয়াত সোমাই শুই যায়৷
কষ্টৰ ফল বোলে বৰ মিঠা৷ শ্ৰীমান ফেচবুকাৰেও তেওঁৰ অপৰিসীম কষ্ট ,সাধনা আৰু ত্যাগৰ পুৰস্কাৰস্বৰূপে ধোঁৱা ওলাই থকা কাপ এটা পালে (বুকাৰ পুৰস্কাৰৰ সমপৰ্য্যায়ৰ বুলি ধৰিব পাৰে, পুৰস্কাৰৰ টকাৰে বোলে একেৰাহে পাঁচদিনমান চাৰ্জ নিদিয়াকৈ চলাব পৰা মোবাইল এটা কিনাৰ সপোন দেখি আছে)
পিছে হবৰ দিনত কুকুৰেও মৈ টানে আৰু ৰজাও বোলে একালত ভিক্ষাৰী হব পাৰে৷ সকলোৰে দিন একেই নাযায়৷ শ্ৰীমানৰ দিন বেয়া আছিল। গ্ৰহদোষ, কালদোষ, দৈৱদোষ খণ্ডন নকৰাৰ ফলত বোলে এইকেইদিন প্ৰতিটো গ্ৰুপতে তেওঁৰ কমেন্টৰ স্ক্ৰীণশ্বট মাৰি মাৰি কুকুৰে নোখোৱা গালি পাৰি পাৰি অত কষ্টেৰে গোটাই লোৱা ইজ্জতৰ চাটনি বনাই আছে৷
কাৰণটো এনেকুৱাঃ
তেওঁ বোলে খাদ্যগ্ৰুপ এটা চাই আছিল আৰু প্ৰত্যেকৰে পোষ্টত কপি পেষ্ট মাৰি মাৰি “দেখিয়েই লোভ লাগিছে” বুলি কমেন্ট দি আছিল৷ লিখি থাকিবলৈ সময় নাই৷ সকলোকে টাইম দিব লাগে৷
তাৰ পৰা ওলাই আহি বান্ধৱীসকলৰ ধুনীয়া ধুনীয়া ফটোবোৰতো সেইটোকে পেষ্ট কৰি দিলে৷ সকলোকে টাইম দিব লাগেতো!
এতিয়া ক’ব লাগিছেনে কিবা! কোনোবাই বোলে কৰ্ট কাছাৰীৰো ভয় দেখুৱাইছে, সেউজীয়া লাইটটো জ্বলালেই এতিয়া তেওঁৰ বুকু ঢপঢপায়, টেঙা টেঙা উগাৰ আহে৷
কষ্টৰ ফল বোলে এইকেইদিন তিতা, কেঁহা, জ্বলা, টেঙা সকলো হৈছে ৷
☆★☆★☆