সহনশীলতাৰ পাঠ – লখিমী হাজৰিকা
সৰুতে মা দেউতাই শিকালে বোলে সদায় সঁচা কথা ক’বি, কিন্তু পিছৰডোখৰ নক’লে নহয় যে অপ্ৰিয় সত্য কথা নক’বি। তাতেই লাগিল লেঠা। যি দেখো, তাকেই কৈ পেলাওঁ নহয়। ক’ত যে জ্বালা পাইছোঁ।
এদিন চাৰে সুধিলে বোলে ফোৰলেন হাইৱে হোৱাৰপৰা আমাৰ কি কি সুবিধা হৈছে কোৱাচোন। মই বোলো ক’ব লাগিছেনে আৰু! ৰাষ্টাটোতো পাইছোঁৱেই, যাৰ চোতাল নাই, তেওঁলোকে ধানৰপৰা খেৰলৈকে, নাইটীৰপৰা ৰঙা নীলা কাপোৰডোখৰলৈকে সকলো ডিভাইৰদাৰতে শুকুৱায়। জাৰৰ দিনত লেপ কঁথা সব ৰ’দায়। তদুপৰি জোনাকত হাইৱেত বহি আদ্দা দিয়াৰ মজাটো আছেই। গোটেইসোপাই মোলৈ এনেকৈ চালে যেন সাংঘাটিক ভুল কিবাহে ক’লো। কিনো ভুল ক’লো কওকচোন বাৰু? তথাপি মই সহিবলৈ শিকিছোঁ বুইছে। এই সহনশীলতা বোলা বস্তুটো আয়ত্ব কৰাও কম কথা নহয়। এনেয়ে ছোৱালীবোৰৰ মন মগজুত যেনিবা সৰুৰেপৰাই সহনশীলতা আৰু ত্যাগ বোলা বস্তুকেইটা থুচি থুচি ভৰাই দিবলৈ পৰম্পৰাগত চেষ্টা থাকেই। তথাপি মোৰ এনেকুৱা লাগে, মই সহনশীল হ’ব জনা নাই নেকি! মাজে মাজে এনেকুৱা লাগে পাৰিছোঁনে বাৰু? ভায়েকে সৰু ছোৱালীজনীৰ চুলিত ধৰি টানিছে, তাই কান্দি কান্দি মাকক আপত্তি দিছে, মাকে ক’ব তইনো ল’ৰাটোৰ সৈতে যুঁজিবলৈ গৈছে কিয়, তাই দূৰত গৈ উচুপি থাকে। বছ! সহনশীলতা চুৰু।
ছোৱালী ডাঙৰ হোৱাৰ সময় হৈছে, গা পুৰঠ হৈছে। ডাঙৰ মাহীয়েকৰ বিয়া। মাকে সাতজাপ মাৰিছে, নাই নাই নাই, তই যাব নোৱাৰ। তাত গৈ কিবা অঘটন ঘটালে কি হ’ব? প্ৰকৃতিৰ নিয়ম মতে তাইৰ গা পুৰঠ হৈছে, তাতেও তাইৰহে দোষটো ওলাল। ইফালে অঘটন ঘটাব কোনে? তাই প্ৰাকৃতিকভাৱে ডাঙৰ হোৱাটো অঘটন, নে তাই ডাঙৰ হোৱা বুলি সকলোকে জনাই খানা, পাৰ্টী দি সকলোকে জনাই, তাইৰ ফটো দি নিমন্ত্ৰণী পত্ৰ ছপোৱাবোৰ অঘটন? নুবুজো বুইছেনে।
চকুলোৰে চোলাৰ আগফাল তিয়াই তাই উচুপে। সহি থাকে। কলেজলৈ বুলি বাছত উঠে। হেঁচা ঠেলাৰ সুযোগ লৈ কিছু হেঁচা বাঢ়ি যায়। কাণ মূৰ গৰম হৈ যায়, চকুৰে চকুপানী ওলায়। কিন্তু মুখেৰে মাত নোলায়। কেতিয়াবা কোনোবাই কাৰোবাৰ এক ঠেলা মাৰি আঁতৰাই দিছে। এষাৰ টানকৈ শুনাইছে। কাষত থকা কোনেও মাত নামাতে। এনেকুৱা এটা ভাৱ, যেন তেওঁৰ অধিকাৰ আছে, সাব্যস্ত কৰিছে। আমি ক’বলৈ কোন!? কেতিয়াবা তেওঁলোকৰ নীৰৱতাত খং উঠি আপুনি দুগুণ জোৰেৰে চিঞৰিছে, কোনোবাই গহীনাই ক’ব ইমান কিয় হাল্লা কৰি আছে, ইমানেই গাত লাগিলে সমস্যা যদি নিজা গাড়ীত আহিব লাগে। সেইদিনাৰপৰা আকৌ নতুন পাঠ সহনশীলতাৰ।
সহনশীল হ’বলৈ শিকক বুইছে। শিকক।
জীয়ৰীকালৰে সপোন থাকে ছোৱালীবোৰৰ।
উপন্যাসত পঢ়ি চিনেমাত দেখি সেই সপোনে সাৰ পাই উঠে। বিয়াৰ পিছত কিমান যে ভাল হ’ব। তেওঁৰ সৈতে ঘূৰিম। একেটা ৰুটীকে ভগাই খাম। তেওঁ প্ৰথম চামুচ ভাত মোক খুৱাব, দ্বিতীয় চামুচ মই তেওঁক! বৰষুণ দিলে একেটা ছাতিতে সোমাম। পুৱা উঠি চিনেমাত দেখুওৱাৰ দৰে সদ্যস্নাতা হৈ চুলিৰ আগৰ পানীখিনি তেওঁৰ গালে মুখে ছটিয়াই তেওঁক জগাম, তেওঁ কাষলৈ টানি নিব, তাৰপিছত কেইটিমান নিবিড় মুহূৰ্ত। আস! সেইবোৰ ক’ৰবাতে থাকিল। পুৱা উঠি বাঢ়নীটো লৈ গোটেই ঘৰ চোতাল সৰাৰ পিছত গা ধুবলৈকে ভাগৰ লাগে। লৰালৰিকৈ বাথৰুমত সোমাই চেম্পু কৰিম বুলি চুলিকোচা মেলিবাহে, সিফালৰপৰা হোমমিনিষ্টাৰৰ চিঞৰ শুনিবায়েই, “বোৱাৰী হৈছেনে তোমাৰ? দেউতাৰৰ বেড টীৰ টাইম হ’ল।”
মুঠতে থেন থেন থাচ থাচ ধাচ ধুচ কৰি সকলো সপোন টুকুৰা টুকুৰ হৈ থাকে। সহি সামৰি থাকো আৰু।
দিনটোত কত নসহিবলগীয়া কথা সহাৰ অভ্যাস হৈ গ’ল ঠিকনা নাই। ভাবিছিলো সন্তান জন্মৰ পিছত ঠিক ঠাক হ’ব সকলো। পিছে ছোৱালীজনীৰ জন্মৰ খবৰটো শুনা পাই নাৰীমুক্তি মঞ্চৰ সভানেত্ৰী মোৰ শাহুমায়ে যিষাৰহে ক’লে, মোৰ সাতামপুৰুষীয়া সংস্কাৰ ওফৰাই গালিকেইটামান ওলাই আহিছিল, কিন্তু পেটৰ চিলাইটোৰ কথা ভাবি ইফালে চিকিৎসালয়ৰ পৰিবেশৰ কথা ভাবি সহি থাকিলো বুইছে। হেৰৌ, ঘৰত চেউৰী পোৱালি জগিলেও কাষতে বিয়া দিয়া জীয়েকক ফোন কৰি ভাত খাবলৈ মাতে। কনটেক্ট লিষ্টৰ সকলোকে পাৰিলে ফোন কৰি খবৰটো দিয়া মানুহজনীয়ে ইমান মৰম লগা ছোৱালীজনী জন্ম হোৱাটোও কাকো খবৰ নিদিলে অ’। তথাপি সহি থাকিলো। মাহঁত পুৰা সফল হৈছে চাগে মোক সহনশীল কৰি তোলাত।
ছোৱালীজনীৰ জন্মৰ পিছত নতুন নাটক এখন আৰম্ভ হ’ল। কামকৰা ছোৱালী এজনী ৰাখিলো। আগতে কুকুৰ এটা পুহিছিলো। তেতিয়া ঠাণ্ডা ভাত, টেঙা টেঙা গোন্ধালেও মাংস আদি থৈ দিয়া নিয়ম এটা হৈছিল। কিন্তু কি আচৰিত এতিয়া কুকুৰ নাথাকিলেও শাহুৰ উদ্যোগত সেই বস্তু গোটোৱা নিয়মটো ৰৈ গ’ল। পিছতহে বুজি পালো মই, কুকুৰ নাই কি হ’ল, কামকৰা মানুহটো আছে। হায় বিধি! কি খাই জন্মিলো মই। ইমানবোৰ সহিব পৰা হৈ গ’লো যে। এদিন কাম কৰা ছোৱালীজনীৰ বিছনাখনত টেবলেটৰ ষ্ট্ৰিপ এটা দেখি বোলো এইটো ক’ত পালি? তোক এইটো কিয় লাগে। কাৰণ তাই আছিল গাভৰু ছোৱালী আৰু টেবলেটখিনি আছিল গৰ্ভনিৰোধক। তাই বোলে ভিটামিন টেবলেট, চাৰে মোৰ ডেইলী খাবলৈ দিছে। মূৰটো ঘুৰাইছিল মোৰ। কিবাকৈ নিজৰ ৰুম আহি পালো। মন মগজুৱে কাম কৰা নাছিল। তেনেতে কলিং বেলটো বাজিল। দেখিলো মানুহ এজন আহিছে। মানুহ মানে কুকি এটাত ফুল, দুবৰি বন আৰু সেন্দুৰৰ ফোঁট লৈ আশীৰ্বাদ বেচি ফুৰে। এনেয়ে মোৰ এনেকুৱা মানুহ মুঠেই সহ্য নহয়। আজি কিয় জানো, বোধহয় মন মগজু দূৰ্বল হৈ থকা বাবেই পাৰ্চটো খুচৰি দহ টকীয়াখন উলিয়াই তেওঁৰ কুকিত দি সেৱা কৰিছোঁ।
তেখেতে বিৰবিৰাই আশীৰ্বাদ দি আছে, দি আছে, শেষ নোহোৱাই হ’ল। এবাৰত মই অকণ উঠিব খুজিলো। তেওঁ যেন মোৰ মূৰটো হেঁচি ধৰিলে, এনেকুৱা লাগিল।
অলপ পাছত মই মন কৰিলো তেওঁৰ হাতখন মোৰ মূৰত নাই, মোৰ গলধনৰ ঠিক তলত, ব্লাউজৰ ওপৰৰ উদং পিঠিত আছে। মোৰ এনে লাগিল, তেওঁৰ লিঙ্গৰ কাষতে মোৰ মুখখন! মোৰ সহনশীলতাৰ সীমা চেৰাই গ’ল। উচাট মাৰি উঠি একচৰ লগাই দিলো। সেইজনে এসোপামান শাওপাত দি ওলাই গ’ল। ভিতৰৰপৰা ঘৰৰ মানুহ ওলাই আহিল। ধৰ্ম কৰ্ম নমনা কি বোৱাৰী গোটালো বুলি শাহুৱে ফেনৰ তলতে বহি লৈছে বকিবলৈ আৰু মই এই চেগতে বিচনাত পৰি সহনশীলতাৰ বিষয়ে ৰচনাখন লিখি ল’লো।
ইমানবোৰ ঘটি যোৱাৰ পিছতো মই যে লিখি পেলাইছোঁ সকলো, ভাবক মই কিমান সহনশীল হৈ উঠিছোঁ!
☆★☆★☆
2:16 pm
ভাল লাগিল লখিমী