ফটাঢোল

ইংলিছ টইলেট – মৃগাংক শইকীয়া

“থাইৰইদ বাঢ়িছে, পটেছিয়ামটোও জোখতকৈ অলপ বেছি পাইছো আপোনাৰ, পাৰিলে গুৱাহাটীতে এবাৰ দেখাই আহকগৈ।”

কঠালগুৰী গাওঁৰ একমাত্ৰ ডাক্তৰ পৰিমল হাজৰিকাই ৰিপৰ্টটো চাই কাকতি বৰতাক কথাষাৰ কবলৈ হে পালে।
পিছৰদিনাই বৰতাই পুতুকনক লগত লৈ পুৱা ৫ বজাতেই গুৱাহাটী অভিমুখী “হৰ-গৌৰী” বাচত উঠিল। পুতুকনে গুৱাহাটীৰ গোটেই চুক কোণ চিনি পাই বুলি গোটেই গাওঁখনতেই এটা নাম আছে। সেয়ে গাওঁৰ কোনোৱা মহানগৰখনলৈ গলে লগত প্ৰায়ে পুতুকনক লৈ যোৱাটো এটা নিয়মতেই পৰিণত হৈছেগৈ।

হওঁতে উঠাৰ সময়ত বাচৰ একেবাৰে আগৰ চিটত বহি যোৱা পুতুকন আৰু কাকতি বৰতাক জালুকবাৰী পাইগৈ মানে কণ্ডাক্তৰে শেষৰ চিট পোৱালেগৈ।

“হ’ল বুলি এই ব্ৰহ্মপুৱাতে এথাল এথাল ভাত খাই আহিলেহে হয় নে, গাড়ীৰ পৰা নমাৰ আগতে এই লেতেৰা কৰা ঠাই চাফা কৰি থৈ যাব কিন্তু,কৈ থলো”- কণ্ডাক্তৰ জনে ভোৰভোৰাই কলে।

বেগতে লৈ অহা নেমুপাত এটা শুঙি শুঙি কাকতি বৰতাই যেন একোয়েই হোৱা নাই এনে এটা ভাৱত খিৰিকেৰে প্ৰকৃতিক দৃশ্য উপভোগ কৰাতহে ব্যস্ত হৈ পৰিল।

“পুতুকন ঐ, সৰু পানী টুপি চুই মুখ হাত কেইটা ধুই লব পৰা হলে ভাল লাগিল হয় অ’।”

পুতুকনে জালুকবাৰীত নামিয়েই বৰতাক পেয়িং টইলেত এটাত সুমুৱাই দিলে। সেইমতে বৰতাই অলপ পৰ পিছত ফ্ৰেচ হৈ কোৱাৰিতে হাহি এটা লৈ সন্তোষ্টিৰ ভাৱত ওলাই অহিল। পুতুকনো সোমাল টইলেটত,কিন্তু পানী নাই কাৰনে ওলাই আহি বৰতাক সুধিলে-

“বৰতা কেনেকৈনো হাত-মুখ ধুলি? পানীয়েই নাই চোন তাত।”

“বগা বাকেটৰ লেখিয়াটোৰ তলিতে অকনমান পানী আছিল,তাৰেই যেনেতেনে কামটো চলালো আৰু।”

পুতুকনৰ বুজিবলৈ বাকী নথাকিল, আজিও বাঁহৰ তলত হেৰী কৰা বৰতাই বাকেট বুলি ভূল কৰি ইংলিছ টইলেটৰ কম’ডটোৰ পানীৰেই…….

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *