ফটাঢোল

কাহানী পাকঘৰ কী – দেবজিত শইকীয়া

ঘৰৰ একলৌতা অমুকাই বিয়াৰ বহু বছৰৰ পাছত যেতিয়া চাকৰি সূত্ৰে ঘৰৰ পৰা দূৰৈত অকলে ভাড়াঘৰ লৈ থাকিব লগীয়া হ’ল তেতিয়াৰ পৰাই বৰ্তমান লিখিবলৈ ওলোৱা এই কাহিনীটোৰো আকাৰ দোপত দোপে বাঢ়িব ধৰিলে৷ বদলি হোৱাৰ বহুদিনলৈকে পাকঘৰ শব্দটোৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ বাবেই বিভিন্ন অজুহাত দেখুৱাই দৈনিক কৰ্মস্থানৰ পৰা জন্মস্থানলৈ অহা যোৱা কৰি আছিলোঁ যদিও গেস্ট্ৰিক, ষ্পণ্ডেলাইটিছ, বেক পেইনৰ দৰে লগত যোৱা বেমাৰ বোৰৰ লগত চিনাকী হোৱাৰ পিছত শ্ৰীমতীৰ কেটকেটনি খেচখেচনি শুনি শুনি অৱশেষত কৰ্মস্থলীতে ভাড়াঘৰ কৰি থকাৰ সিদ্ধান্ত ল’লোঁ আৰু উইকেণ্ড হাজবেণ্ডৰ দায়িত্ব পালনৰ প্ৰতিশ্ৰুতিৰে হাফ বেচেলৰ জীৱনৰ পাতনি মেলিলোঁ।
পাকঘৰ নামৰ ফবিয়াটো মোৰ মনৰ পৰা আঁতৰ কৰিবৰ বাবে শ্ৰী মতীয়ে অলপ অলপকৈ ট্ৰেইনিং দিয়া আৰম্ভ কৰিলে৷ ট্ৰেইনিং এবিচিডিৰ পৰা আৰম্ভ কৰিলে অৰ্থাৎ গেছ জ্বলোৱা নুমুৱাৰ পৰা, চাহ বনোৱাৰ পৰা ভাত ভাজি দাইললৈকে ৷ মোটামোটি ডিগ্ৰী নহলেও ৰন্ধন প্ৰকৰনৰ ডিপ্লমা কৰ্চৰ চাৰ্টিফিকেটখন শ্ৰীমতীৰ পৰা নোপোৱালৈকে মোৰ ট্ৰেইনিং চলি থাকিল। থিয়ৰি পাছ কৰিলেও প্ৰেক্টিকেল ক্লাছবোৰত বাৰে প্ৰতি বেক লাগে।
ফাৰ্মত মুখৰ আগত কটা ঘাঁহ যতনাই দিলেহে খাব জনা জাৰ্চী, সিন্ধ্ৰী জাতীয় গৰু বোৰে ঘাঁহনিত এৰি দিলেও যিদৰে ঘাঁহ চোবাই খাব নাজানে ঠিক তেনেকুৱাই আছিল মোৰ অৱস্থা।
প্ৰথম দিনাৰ প্ৰেকটিকেল আৰম্ভ হ’ল শোৱা পাটিৰ পৰা উঠি বনোৱা চাহ কাপেৰে। ইনগ্ৰেডিয়েন্টখিনি জানো যদিও ইনষ্ট্ৰাকচন মেনুৱেল ফ’ল’ কৰিয়েই আগবাঢ়িলোঁ। গেছত চচপেনটো বহাই চাৰি কাপ পানী বাকিলোঁ, একাপ এক্সট্ৰা দিলোঁ কাৰণ উতলি শুকাই যোৱাৰ সম্ভাৱনা আছে যিহেতু লাৰ্ণাৰ হে। জোখমতে চাহপাত, চেনী, গাখীৰ দিবা বুলি বিচনাৰ পৰা শ্ৰীমতীৰ চিঞৰি কোৱা অৰ্ডাৰটো ফ’ল’ কৰি প্ৰতি বিধৰে কাপে প্ৰতি এচামুচ কৈ দিলোঁ। মিঠাৰ প্ৰতি থকা অদম্য দুৰ্বলতাক দমাব নোৱাৰি এচামুচ নিজৰ ফালৰ পৰা আনে নেদেখাকৈ এড কৰিলোঁ।
তেনেতে মনত পৰিল, ৰাধেশ্যাম হোটেলৰ ইলাচী দিয়া চাহ কাপলৈ। পলম নকৰি দহটা মান ইলাচী চচপেনলৈ দলিয়াই দিলোঁ। আদা দিলেও চাহকাপৰ সোৱাদ যে ধুনীয়া হয় কথাষাৰ জানো কিন্তু প্ৰেক্টিকেলি আগতে দি পোৱা নাই যদিও এক্সপেৰিমেন্ট এটা কৰি চাবলৈ বৰকৈ মন গ’ল৷
গেছৰ চুইচটো বন্ধ কৰি চচপেনত ওফন্দি উঠা চাহখিনি নমাই থৈ আদা বিছাৰিলোঁ। যিহেতু খুন্দি হে দিম গতিকে বাকলি গুচাই সময় খৰচ নকৰি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলোঁ। সুন্দৰ পেষ্টটো চাহৰ চচপেনত দি ভালদৰে মিক্স হ’বলৈ ঘুটি দিলোঁ। তেতিয়ালৈ চচপেনটো হাতেৰে ধৰিব পৰা উষ্ণতালৈ পৰিবৰ্তিত হৈছিল৷ গতিকে মগ এটাত চেকনী এখনৰে অসংপৃক্ত সমূহ পৰিশ্ৰাৱন কৰি লৈ কাপত বাকিলোঁ। প্ৰিকিউচনেৰি মেজাৰ হিচাপে গেছটো বন্ধ কৰিলোঁ নে নাই পুনৰ নিৰীক্ষন কৰি ট্ৰে এখনত সজাই শ্ৰীমতীক পৰিবেশন কৰিলোঁ।
ৱাকককক থু ………..
অত্যাধিক নিমখীয়া গাখীৰ চাহ তাতে , চাহপাতৰ তিতা, আদাৰ লগত মিক্সাৰত লাগি থকা নহৰু জলকীয়াৰ সামান্য সংমিশ্ৰনৰ বাবে শ্ৰীমতীৰ মুখৰ পৰা প্ৰচণ্ড গতিত জ্বালামুখীৰ দৰে নিৰ্গৰিত হোৱা চাহৰ টোপালে মোৰ গালে মুখে পৰাত নিশ্চিত হ’লোঁ যে এই বাৰো প্ৰেকটিকেল ফেইল মৰাতো খাটাং।
দুপৰীয়ালৈ চেকেণ্ড পেপাৰ। ভাত, দাইল আৰু ভাজি ৷ পুৱা চেনী বুলি নিমখ দিয়াৰ ভুলটো পুনৰাবৃত্তি নকৰিবৰ বাবে ইতিমধ্যে প্ৰেকটিকেল পৰীক্ষাৰ নিৰীক্ষক পত্নীয়ে টেমাবোৰত কাগজত ‘হালধি, নিমখ, চেনী, দাইল, চাউল’ ইত্যাদি ফলকবোৰ লগাই দিলে৷ চাউলৰ টিনত চাউল বুলি লিখি ৰখা ফলকখন দেখি মোৰ বুজিবলৈ বাকী নাথাকিল যে শ্ৰীমতীৰ মোৰ ওপৰত কিমান অগাধ বিশ্বাস।
যি কি নহওঁক কুকাৰত চাউল দি চাৰি পাঁচবাৰ ভালদৰে ধুই ল’লো ৷ ইনস্ট্ৰাকচন মতে চাউলৰ ওপৰত এক আঙুল পানী জোখ মতে হৈছে নে নাই চাই কুকাৰৰ ঢাকনীখন কুকাৰত ভৰাবলৈ আপ্ৰান চেষ্টা চলালোঁ ৷ ইফালে সিফালে আৰু বেলেগ ঢাকনী আছে নেকি তাকো নিৰীক্ষন কৰি নেদেখাত আস্বস্ত হ’লোঁ যে সৰু কুকাৰত ডাঙৰ ঢাকনী দি মোৰ পৰীক্ষা চোৱা হৈছে৷ ইমানপৰে মোৰ আলেখ লেখ চাই থকা সৰুজনী ছোৱালীয়ে মোৰ কাণ্ড কাৰখানাত হয়তো অতীষ্ঠ হ’ল আৰু ধৈৰ্য্যৰ বান্ধ খুলি নিজে আহি কুকাৰত এটা এংগোলত ঢাকনীখন পুতুক কৈ ভৰাই দিলে৷
গেছত কুকাৰটো বহাই লৈ পাচলিৰ চিন্তা কৰিলোঁ৷ পাকঘৰত যিমান প্ৰকাৰৰ পাচলি চকুৰ আগত দৃষ্টিগোচৰ হ’ল সকলোৰে এবিধকৈ সামৰি সুতৰি লৈ বাকলি গুচাবলৈ ল’লোঁ। সাধাৰন জ্ঞানৰ ওপৰত ভিত্তি কৰি তিতা আৰু টেঙা কেৱল একেলগ হ’ব নিদিলোঁ, কিন্তু ভেন্দি, লেচেৰা ইত্যাদিৰ বাকলি গুচাই, কচু পটল আদিৰ লগত এটা বাচনত থৈ দিলোঁ৷ কোমোৰা আৰু ৰঙালাওৰ এটাকৈ দিবলৈ আকাৰটো ডাঙৰ দেখি মিক্স নকৰিলোঁ।
ইতিমধ্যে ভাতৰ কুকাৰটোৱে চৰ্দী লগা মানুহৰ দৰে সোঁতসোঁতাব ধৰিলে৷ উপায়ন্তৰ হৈ পকেটৰ ৰুমাল খনৰে হুইচেলৰ চৰ্দি মোহাৰাৰ প্ৰচেষ্টা হাতত ল’লোঁ। এই দৰে বহু সময় পাৰ কৰাৰ পিছতো হুইচেল নমৰা দেখি মানুহৰ নাকৰ ফুটা চৰ্দি লাগি বন্ধ হোৱাৰ দৰে কুকাৰৰ হুইচেলৰো ফুটা বন্ধ হ’ল বুলি ভাবি ফুটা চাফা কৰাৰ মানসৰে হুচেইলটো ৰুমালৰে ধৰি খুলি দিলোঁ।
ফুইচচচচচচ ………….
দুই এটা ভাত চিলিঙতো লাগি থকা দেখা পালোঁ। হেতা কেৰাহী কাপোৰ সকলো বস্তুৰে ঢাকিও কুকাৰৰ উদ্গীৰণ বন্ধ কৰিব নোৱাৰি সাম্ভাব্য বিপদৰ পৰা নিজৰ জীৱন বচাবলৈ পাকঘৰৰ পৰা দৌৰ মাৰি ওলাই আহিলোঁ।
আবেলী পুনৰ বেক পেপাৰ, চাহ আৰু পাপৰ ভাজি ৷ মগজুৰ সকলো কোষ সক্ৰিয় কৰি সামান্যতমো ভুল নকৰাকৈ চাহ কাপ বনালোঁ। কেৰাহীত তেল দি পাপৰৰ পেকেটটো খুলি ল’লোঁ। গৰম তেলত পাপৰ দিয়াৰ লগে লগে আকৃতিৰ পৰিবৰ্তন ঘটে যদিও হেতাৰে হেচেকি চাই মৰমৰিয়া হোৱা বা কৰকৰিয়া হোৱা শব্দ নুশুনিলোঁ বা নেদেখিলোঁ৷ সম্পুৰ্ণ পেকেটৰ পাপৰ সমূহক এঙাৰলৈ ৰূপান্তৰিত কৰিও কেৰাহীত মৰক কৈ হোৱা শব্দটো হেতাৰে হেচুকি কাণেৰে নুশুনাত আস্বস্ত হ’লোঁ যে পাপৰবোৰ হয়তো সেমেকি আছিল।
ইয়াৰ উপৰিও দুই এটা সৰু সুৰা প্ৰেকটিকেল চলি থাকিল। চাগু গুৰেৰে সিজাই, সিজোৱা পাত্ৰটো শেষত এঠা এৰুৱাব নোৱাৰি পেলাই দিয়া, দাইলত তেল মাৰি ফোনত ব্যস্ত থাকি কাষৰ ঘৰৰ মানুহে ধোঁৱা দেখি দৌৰ মাৰি অহা বা চচপেনত ডিমৰ জোল বনাবলৈ ডিম আলু সিজাই পাহৰি শেষত ডিম ফুটাৰ শব্দত পাকঘৰলৈ দৌৰ মাৰি অহা আৰু ক’লা পৰা চচপেন বাৰীৰ চুকত আনে নেদেখাকৈ পেলাই দিয়া ইত্যাদি বিভিন্ন প্ৰকাৰৰ কাৰ্য্যকলাপ পৰ্য্যবেক্ষন কৰি শেষত হোটেল বা পেয়িং গেষ্ট বুলি শ্ৰী মতীয়ে মোৰ ৰন্ধন প্ৰকৰণৰ চাৰ্টিফিকেটত স্টাম্প মাৰি দিলে৷

☆★☆★☆

2 Comments

  • পুনৰ হাঁহিলোঁ। এতিয়ালৈ পৰিপক্ক হ’লাগৈ চাগে।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ মজা ট্ৰেইনিং৷

    ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *