নিক নেম – প্ৰান্তৰ ভাগৱতী
:ঐ ৰাৱণ৷ তই আৰু চেপন চাৰিটা বজাৰ বাছত পানবজাৰ যাবি৷ বস্তুকেইটা কিনি ঘূৰি আহোঁতে ৭ নম্বৰত সোমাই ফৰিং আৰু গদাক মাতি আহিবি। মোৰ ৰূমত নহয়৷ কবি ২ নম্বৰৰ আমাৰ লগৰ গেলাৰ ৰূমত পাৰ্টি আছে৷
দাদাজনৰ আদেশ মানি ৰাৱণ আৰু চেপন পানবজাৰ যাবলৈ ওলাল। সেই যে ‘থ্ৰী ইডিয়টচ্’ চিনেমাৰ আৰম্ভণিতে লাখ লাখ অগ্ৰজৰ লগত ৰেছ দি জন্ম হোৱা শিশুটিক বাপেকে কোৱাৰ দৰে “মেৰা বেটা ইঞ্জিনিয়াৰ বনেগা”৷ বনেগা বুলি আমাৰ দেউতা মায়ে কৈছিল নে নাই নাজানো কিন্তু তেনেদৰেই আমি পিঠিত প্ৰকাণ্ড বেগ এটা, বেডিং ট্ৰাংক আদি লৈ হোষ্টেলত সোমাইছিলোঁ৷ আমাৰ সকলোৰে আছিল এটা নিজৰ মা-দেউতা আদিয়ে দিয়া সুন্দৰ নাম। আমি এতিয়া পতাৰ দৰে মা-দেউতাহঁতেও চাগৈ পাতিছিল” ল’ৰা হ’লে অমুক নাম দিম বা ছোৱালী হ’লে অমুক নাম”। কিমান ধুনীয়া ধুনীয়া নামৰ পৰা বাচি বাচি দিছিল চাগৈ! ঘৰত মৰমতে মতা নামবোৰ আছিলেই। তেনেদৰেই অডিটৰিয়ামত আমাৰ নামবোৰ মতাৰ লগে লগে এডমিশ্যন লৈছিলোঁ আৰু নিজৰ নিজৰ হোষ্টেলত সোমাইছিলোঁ। আমি চাৰিজনন বেগ বেডিং লৈ হোষ্টেলত সোমাইছিলো হে এজন চিনিয়ৰ আগবাঢ়ি আহিল আৰু সুধিলে “কি নাম?” প্ৰথমটোৱে সুন্দৰ ভাৱে ক’লে,
: শ্ৰী ৰাজন গগৈ।
: কি? ৰাৱণ গগৈ! অই ৰাৱণ আহিছে হোষ্টেলত৷
চিনিয়ৰ দাদাৰ কাণফটা চিঞৰত হোষ্টেলৰ কৰিদৰ ৰজনজনাই গ’ল। সেই যে লগৰটোৰ নামটো এবাৰ ৰাৱণ বুলি চিনিয়ৰজনৰ মুখেৰে ওলাল তাৰ নাম তেতিয়াৰ পৰা ৰাৱণেই হৈ গ’ল। কলেজ পাছ কৰি বিদেশলৈ গ’লেও তাৰ নাম ৰাৱণ হৈয়েই ৰ’ল৷ বহুতৰ এনেকুৱাও হ’ল গৈ যে তাৰ ভাল নামটো ক’লে বহুতেই চিনিয়েই নাপাব। কিন্তু যদি কয় অমুক হোষ্টেলৰ ‘লাও’ বুলি৷ লগে লগেই চিনি পাব।
অকল যে আমাৰেই এই নামবোৰ পৰিছিল তেনে নহয়। চিনিয়ৰ জুনিয়ৰ সকলোৰে কিবা এটা নহয় কিবা এটা নিক নেম আছিলেই। নামাকৰণবোৰো বেলেগ বেলেগ পৰিস্থিতিত হৈছিল৷ এটাক সুধিলে,
: কি নাম?
: অমুক বৰুৱা৷
: ঘৰ ক’ত ?
: চেপনত৷
চিনিয়ৰজন নামনি অসমৰ ফালৰ আছিল নেকি; চেপন ঠাই ডোখৰৰ নাম বোধকৰো আগতে শুনা নাছিল। গতিকে তাৰ নাম সেইদিনাৰ পৰা চেপন বৰুৱা নামে জনাজাত হ’ল। আমিও তেনেদৰে চিনিয়ৰ জুনিয়ৰবোৰৰ নামাকৰণ কৰিছিলোঁ৷ ছোৱালীবোৰো সাৰি যোৱা নাছিল৷ সেই সময়ত ‘চন্দ্ৰকান্তা’ চিৰিয়েলখন ফেমাচ আছিল। এবাৰ এটাই ছোৱালী এজনী প্ৰপজ কৰি তাইৰ পৰা ঠিকছে দম খালে। তাই এনেও অলপ বাঘিনীৰ দৰে আছিল। পিছত তাইৰ নামেই পৰিলগৈ ‘দমদমী মাই’৷
এনেদৰেই একো একোটা ধুনীয়া ধুনীয়া নামৰ ল’ৰা পিছত জনাজাত হৈছিল গৈ ‘মামৰ’ ‘জাবৰ’ ‘লাও’ ‘গেলা’ ‘গজ’ ‘গোবিন্দ’ ‘মিঠৈ’ ‘ভালুক’ ‘প্ৰেম’ ‘কচু’ ‘আলু’ ‘সিয়ানা’ ‘বহল’ ‘দীঘল’ ‘যৌৱন দা’ ‘ভাগিন’ ‘হৌৰা’ ‘কিলাৰ’ ‘হাণ্টাৰ’ ‘ডাডু’ ‘পাঠা’ ‘মিহি’ ‘চেনী’ আৰু কিমান যে কি নিক নেম! প্ৰায়বোৰ নাম পোৱাৰ লগত কিবা এটা নহলে কিবা এটা ঘটনা আছিল।
এবাৰ এজনৰ নামাকৰণ কেনেকৈ হৈছিল শুনক। সাধাৰণতে হোষ্টেলত যি থাকিছিল তেওঁলোকে জানে হোষ্টেলৰ জীৱনৰ কথা। ৰাতি শোৱাৰ সময়ত কোন কেনেকৈ শোৱে কোনো ঠিকনা নাই। কোনোবাই লুঙী, কোনোবাই হাফপেণ্ট, কোনোবাই জাঙিয়া, কোনোবাই খালী গা মুঠতে কাৰো একো ঠিকনা নাই।
এবাৰ আমি হোষ্টেলত থকা সময়ত এটা ভয়ানক ধুমুহা আহিছিল মাজৰাতি। প্ৰথম মহলাৰ ওপৰৰ গোটেই টিং কাঠ সকলো একেলগে উৰুৱাই লৈ গৈছিল৷ সকলোৱে কেৱল উপৰ মহলাৰ পৰা ওলাই তললৈ দৌৰিছিল। যোনে যি পাইছে তাকে পিন্ধি তলৰ মহলাৰ বাৰাণ্ডাৰ ফালে ঢাপলি মেলিছে। কাৰোবাৰ খালী গা কেৱল হাফপেণ্ট, কাৰোবাৰ লুঙীৰ গাঠি খোলা, কাৰোবাৰ গাত কেবল জাঙিয়াটো। সকলোৱে তলৰ মহলাৰ বাৰাণ্ডাত উপস্থিত৷ শেষত এটা দৌৰি দৌৰি নামি আহিল গাত চোলাৰ বুটাম লগাই লগাই। বেচেৰা আহি তল পোৱাৰ পিছত সকলোৱে ধুমুহাৰ ভয় পাহৰি তাক চাই হাঁহিবলৈ ধৰিলে। বপুৰাই তলত পিন্ধি থকা জাঙিয়াটোৰ পিছফালটো নাই। তাৰ পিছৰ পৰা তাৰ নাম হ’লগৈ ‘ফটা’।
এইদৰেই প্ৰায়বোৰ কলেজৰ হোষ্টেলত থকা ল’ৰা ছোৱালীৰ কিছুমান নিক নেম আছিলেই। ছোৱালীবোৰৰ হোষ্টেলত কেনেকুৱা নাম দিছিল বিশেষ নাজানো। কিন্তু ল’ৰা হোষ্টেলত প্ৰায়বোৰ ল’ৰাই একো একোটা নিক নেমৰে জনাজাত হৈছিল।
এতিয়াও কেতিয়াবা কোনোবা চোকা বিদেশত থকা লগৰ ল’ৰাক সপৰিয়ালে লগ পালে সেই হোষ্টেল প্ৰদত্ত নামৰেই মাতোঁ। মোকো মাতে৷ মই বেয়া নাপাওঁ। কিছুমানে এতিয়া আকৌ বেয়া পাই। কিন্তু আমি সিহঁতকো সেইবোৰ নামৰেই মাতিম। কাৰণ আমি সকলোৱে আছিলোঁ একেখন আকাশৰ তৰা। সিহঁতবোৰ তিৰবিৰাই জিলিকিছিল আৰু আমি কিছু কিছুমান ধিমিক ধামাক কৈ। পাৰ্থক্য মাথো সিমানেই৷
☆★☆★☆
9:16 pm
হাঃ হাঃ।ভাল লাগিল পঢ়ি।পিছে আপোনাৰ নিক নেমটো?