ফটাঢোল

সমাধান – সৌৰভ শৰ্মা

কিবা এটা লিখি আলোচনীত দিব পাৰিলে, ভাল আছিল। প্ৰকাশ হ’লে নিজৰেই ভাল লাগিব। এই চিন্তাটো মূৰত লৈ ফুটপাথটোৰে আগুৱাই গৈ ভাগিনৰ দোকানত বহিলোঁ, চাহকাপ খাম বুলি। এনেয়ে যানজঁট বেছি ভঙাগড়ত, তাতে আৰু দিভাইদাৰৰ কাম কৰি আছে জি.এম.ডিয়ে। ফলত গাড়ী মটৰৰ শব্দ, হৰ্ণৰ শব্দ। দিভাইদাৰৰ কামৰ বাবে মচলা মিলাই থকা মেচিনটোৰ শব্দ, লেবাৰ মিস্ত্ৰীৰ চিঞৰ-বাখৰ। ভাগিনৰ দোকানত চাহকাপ শান্তিত খোৱা মস্কিল হৈছে এইকেইদিন। ৰ’ব ভাগিন মানে দোকানীজন মোৰ ভাগিন নহয় কিন্তু, সকলোৱে তাক ভাগিন বুলি মাতে। মাতিবয়েই কাৰণ সি ১৩বছৰীয়া মান থাকোঁতেই আহি তাত বহিছিল। ওচৰৰ দোকানীবোৰক মামা মাতিছিল, সেয়ে সিহঁতে ভাগিন মাতে। তাকে শুনি আমাৰ দৰে নিয়মীয়া গ্ৰাহক সকলেও ভাগিন মাতোঁ।

ভাগিনৰ কথা কম ৰ’বহে, এই শব্দবোৰৰ অত্যাচাৰত এতিয়া কাণ ফাটি যাব। তাতে আৰু ভাগিনৰ পাম্প দিয়া ষ্টোভটোৰ শব্দত বেছি অসুবিধা পাইছোঁ। চাহকাপ খাই কিবাকৈ ইয়াৰ পৰা যাব লাগে নহ’লে কাণখন যাব। এনেতে ভাগিনৰ ষ্টোভত বহোৱা কুকাৰটোৱে চি চিঞাই বাজি উঠিল নহয়। ধেই নোৱাৰি দেই ইমান কোলাহলৰ মাজত!

কাষৰ গেৰেজটোত মেকানিকজনে যে খেত খেতাই কিক্ মাৰি আছিল স্কুটিখন ধেৰ-ধেৰাই শব্দ কৰি ষ্টাৰ্ট হ’ল। উহ্ কি বিকট শব্দ। মুখেৰে ক’লোৱেই-
: ভাগিন কি শব্দৰ ভঁৰাল হৈছে ঐ তোৰ দোকানখন।
ভাগিনেও সন্মতি সূচক ভাৱে মূৰটো জোকাৰি ক’লে,
: হয় হে মামা, চাৰিওফালে ঘৰ-মৰ শব্দ।
এনেতে এখন এম্বুলেঞ্চ আহিল হোৱৌ হোৱৌ শব্দ কৰি। এইটো শব্দ সহিবলৈ বেয়া নাপালোঁ। এজন গ্ৰাহকে ভাগিনৰ দোকানৰ পানীৰ পাত্ৰটোৰ টেপটো খুলি বটল এটাত পানী ভৰাবলৈ ধৰিছিল। বটলটোত পানী ভৰা শব্দটো ৰিণিকি ৰিণিকি শুনিবলৈ পালোঁ এই কোলাহলৰ মাজত। যেন নিজৰাৰ শব্দহে শুনিছোঁঁ।

ইয়াৰ মাজতে চাহকাপ খোৱা প্ৰায় শেষ হৈছিলেই, নিমকিখনৰ শেষখণ্ড মুখত ভৰাই চোবাই দিছিলোঁ। তাৰো খৰ-মৰ শব্দটো ভাল লগা নাছিল। শেষ দুই ঢোক চাহ পান কৰি, চাহ পৰ্ব সামৰিলোঁ, এনেতে পুলিচৰ দীঘলীয়া হুইছেলৰ শব্দ শুনিলোঁ। সেই ভিৰৰ মাজেৰেই এজন ভি আই পি জনসেৱকৰ কনভয় পাৰ হ’ল। তেওঁৰ আগে পিছে যোৱা গাড়ীৰ শব্দই যেন চাইৰেণৰ শব্দকো তল পেলাই দিলে। এনেতে মোৰ ফোনটো বাজি উঠিল। জয়ন্ত হাজৰিকাৰ সুমধুৰ গানৰ ৰিংট’নৰ শব্দটো এই কোলাহলৰ মাজত যেন আজি কৰ্কশ হৈ পৰিছে। ফোনৰ ৰিংটনৰ শব্দ মহানগৰীৰ ফুটপাথত গৈ থকা প্ৰতি দহজনৰ মাজত তিনি-চাৰিজনৰ সমসাময়িক ভাবে বাজি উঠাটো স্বাভাৱিক কথা। মই ফোনটো গ্ৰহণ কৰি কথা পাতিলোঁ। অফিচৰ ষ্টুডিঅ’ৰ পৰা কেমেৰাৰ মনজিতে ফোন কৰিছে। কিবা এটা কথাৰ বাবে, কথাটো কৈ ফোনটো কাটিবলৈ লওঁতে, শুনিলোঁ অন্য কাৰোবাৰ ফোন বজাৰ শব্দ। চাওঁ ভাগিনে নিজৰ ফোনটো গ্ৰহণ কৰি নিজৰজনীৰ সৈতে কথা পাতিছে। ফোনৰ শব্দ, ফোনত কথা কোৱা প্ৰতিটো শব্দৰ প্ৰাৱল্য, মানে কোলাহল পৰিবেশ।
হেল্লৌ টিউনো এতিয়া ভয়াবহ শুনিব নিবিচৰা এটা শব্দ যদিও কোনেও সহজে ভাইব্ৰেচনত ফোন নাৰাখে।

ভাগিনক চাহ নিমকিৰ দহটকা দি আহিবলৈ লও‍ঁতে চিইইই কৈ জোৰকৈ ব্ৰেক মাৰি কিবা এখনৰ চকা চুঁচৰি যোৱা শব্দ কাণত পৰিল। মূৰটো ঘুৰাই পথৰ ফালে সংকিত দৃষ্টিৰে চালোঁ। দেখিলোঁ বিনাপইচাৰ ষ্টাণ্ট, গুৱাহাটীৰ ধনীৰ দুলাল দুজনে বাইকখন ফুটপাথত উঠাই দিলে। মূৰটো ঘুৰাই ভাগিনৰ চকুলৈ চালোঁ। ভাগিনে ক’লে,
: এনেবয়সত মই এই ফুটপাথৰ দোকানৰ আয়েৰে দুইলাখ জমা কৰি বাইৰ বিয়া পাইতচিলু৷

ভাগিনৰ কথাৰ শব্দকেইটা যেন মোৰ কাণত হেজাৰ ডেচিবেলত বাজি উঠিছিল। মুঠৰ ওপৰত আজি শব্দ আৰু ভাগিনৰ দোকানে মোৰ সময় খালে। আলোচনীৰ বাবে কি লিখিম। নাজানো, এতিয়াও ভাবি পোৱা নাই, একো এটা চিন্তা অহা নাই। এনেতে খিলখিলীয়া হাঁহিৰে দুজনী কলেজীয়া ছাত্রী কাষেৰে পাৰ হৈ গ’ল। হাঁহিৰ শব্দটো কাণত বাজি ৰ’ল। অফিচৰ পৰা কেমেৰাৰ ল’ৰাজনে ফোন কৰা বাবে অফিচলৈ বুলি কেঁকুৰিটো ঘুৰিছোঁ মাত্ৰ এনেতে আকৌ তাৰ ফোন। মই পাইছোঁ ৰহ্ বুলি কৈ ফোনটো কাটি দিলো‍ঁ। এইবাৰ আকাশৰ ফালে চাবলৈ বাধ্য হ’লোঁ। কাৰণ হেলিকপ্তাৰ এখনৰ তীব্ৰ শব্দ কাণত পৰিল। ভাল দৰে চাই দেখো দক্ষিণ-পশ্চিম কোণত গতি কৰিছে সেইখনে। সৰুসজাই হেলিপেডো সেই দিশতে। অফিচত সোমাই আহোঁতে চালোঁ কাৰ্ণিচৰ তলত থকা শালিকাৰ বাহটোৰ পৰা পোৱালিৰ কিৰিচ-মিৰিচ শব্দ। মনটো কিছু প্ৰসন্ন লাগিল।
তথাপি শব্দই মোৰ লক্ষ্য ভ্ৰষ্ট কৰিলে, শব্দৰ গুণগুণনিয়ে মোৰ লিখাৰ বাবে প্ৰয়োজনীয় শব্দবোৰ হৰণ কৰি নিলে। ধেই, আলোচনীৰ বাবে একো এটা লিখা নহ’ল!

☆★☆★☆

One comment

  • Rintumoni Dutta

    সুন্দৰ। ভাল লাগিল সৌৰভ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *