উভটনি যাত্ৰা – ৰিতন বৰুৱা
সময়মতে সুকলমে বিয়াখন পাৰ হৈ গ’ল। ন-কইনা আহি দৰাৰ ঘৰ সোমালহি। ন-বোৱাৰী চাবলৈ ওচৰৰ মহিলাসকল মাজে মাজে এগৰাকী দুগৰাকীকৈ এতিয়াও আহি আছে। চহৰখনৰ মাজমজিয়াতে থকা প্ৰকাণ্ড অট্টালিকাটো শান্তনুৰ ককাক-আইতাক, মাক-দেউতাক, ককায়েক-বৌয়েক, ভতিজা-ভতিজীৰে পৰিপূৰ্ণ হৈ আছে।
পঢ়ি থকা সময়তে কোনোবা এদিন শান্তনু আৰু ৰৌজিৰ মাজত ক’ব নোৱাৰাকৈ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ভৱিষ্যত গঢ়াৰ তাগিদাত দুয়ো সময়ৰ ধামখুমীয়াত নিজৰ নিজৰ লক্ষ্যৰে বাট বুলিছিল যদিও যোগাযোগ ঠিকেই ৰাখিছিল। ৰৌজিয়ে শান্তনুক মৰমতে চানু নাম দি মাতিছিল আৰু শান্তনুৱে ৰৌজিক ৰ’জ বুলি মাতিছিল। সময়ৰ লগে লগে সিহঁত দুয়ো প্ৰেমৰ মালাধাৰীও সমানে গাঠি গৈছিল। সৰুৰেপৰা স্বাধীনচিতীয়া মনোভাৱৰ শান্তনুৱে দুবছৰমান অভিযন্তা হিচাপে চৰকাৰী চাকৰি কৰিছিল যদিও নিজকে চৰকাৰী কাগজ পত্ৰৰ গণ্ডীৰপৰা বাহিৰ কৰি চাকৰিটো ইস্তফা দিছিল। এতিয়া তেওঁ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু ৰৌজি এতিয়া কৃষি বিভাগৰ বিজ্ঞানী।
ভাত পানী খাই দুয়ো বিচনাত উঠিলত ৰৌজিয়ে প্ৰথমে আৰম্ভ কৰিলে,
ৰৌজি: চানু, কথা এষাৰ কওঁ।
শান্তনু: উম কোৱা ৰ’জ। কি কথা? ভৱিষ্যতৰ ফেমিলী প্লেনিং?
– ধেমালি কৰি শান্তনুৱে ৰৌজিক সুধিলে।
ৰৌজি: উম, প্লেনিং। কিন্তু তুমি কোৱাৰ দৰে বা ভবাৰ দৰে নহয়।
শান্তনু: তেন্তে?
ৰৌজি: তুমি ভাবিছা আমাৰ ভৱিষ্যত উত্তৰাধিকাৰী হিচাপে দুই এটি সন্তানৰ কথা। নহয় জানো চানু?
শান্তনু: উম মইতো সেইদৰেই ভাবো। তুমিনো কি ভাবিছা?
ৰৌজি: মই ভাবিছোঁ এপাল ল’ৰা-ছোৱালীৰ কথা। য’ত আমাৰ ঘৰখনত সকলো সময়তে ঘৰে চোতালে গিজগিজাই থাকিব। সিহঁতৰ হাঁহিয়ে, সিহঁতৰ আনন্দই আমাক অনাবিল সুখ দিব।
শান্তনু: কি কৈছা ৰ’জ? আজিৰ দিনতো তুমি….
ৰৌজি: অঁ।
শান্তনু: তুমি এই আধুনিক যুগতো ইমান ল’ৰা-ছোৱালী জন্ম দি মোক ধৃতৰাষ্ট্ৰ আৰু নিজে গান্ধাৰী হ’ব খুজিছা নেকি?
ৰৌজি: ধেৎ বেঙাটো। তুমি অভিযন্তা হ’ব পাৰা, নামজ্বলা প্ৰতিষ্ঠিত ব্যৱসায়ী হ’ব পাৰা, কিন্তু মোৰ দৃষ্টিত আগৰ সেই বেঙাটোৱেই হৈ থাকিলা।
– শান্তনুৰ নাকটো আঙুলিৰে লাহেকৈ চেপি ৰৌজিয়ে ক’লে।
শান্তনু: তেন্তে কেনেকুৱা সন্তান? কিমান আৰু কেনেকৈ? নে অনাথ আশ্ৰম খুলিবা?
– উদগ্ৰীৱ হৈ শান্তনুৱে ৰৌজিক সুধিলে।
“শুনা তেন্তে…” – ৰৌজিয়ে লাহে লাহে কৈ গ’ল। “আমাৰ নিজা সন্তান বুলিবলৈ এটি বা দুটিয়ে হ’ব। সেইয়া ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিব। মই এখন কৃষি পাম খুলিব বিচাৰোঁ। নিৰিবিলি সেউজীয়া পৰিৱেশত জান জুৰিৰ কুলু কুলু মাতত প্ৰকৃতিয়ে সাৰ পোৱা, পক্ষীয়ে গীত গোৱা ঠাইত। এসাজ খাই আন সাজ লঘোণে থকা বাটে ঘাটে পৰি থকাসকলেই হ’ব আমাৰ পালিত সন্তান”
শান্তনু: কি আচৰিত কথা কৈছা ৰ’জ! ই কেনেকৈ সম্ভৱ?
– আচৰিত হৈ ৰৌজিৰ ফালে মুখখন ঘূৰাই শান্তনুৱে সুধিলে। “এই ককা-আইতা, মা-দেউতা, ককাইদেউ-বৌ, ভতিজা-ভতিজীৰে পৰিপূৰ্ণ ঘৰ এৰি তুমি আৰণ্যিক হ’বা! এই চহৰ, এইহেন সুন্দৰ ঘৰ, হাততে পোৱা সকলো সা সুবিধা এৰি তুমি সন্ন্যাসীৰ বেশ ধৰি আশ্ৰম পাতিবা! কি হ’ব তোমাৰ চাকৰিৰ? ক’ত থ’বা তোমাৰ পদমৰ্য্যদা? এবছৰ নৌহওঁতেই এই ঘৰ এৰি আঁতৰি গ’লে মানুহে আমাক বা তোমাক নাহাঁহিবনে? মানুহগৰাকী আহি বছৰ পুৰ নৌহওঁতেই ঘৰ ভাঙিলেই। সমাজত হেও প্ৰতিপন্ন কৰা কথা নুলিয়াব নে মানুহে?”
– একে উশাহতে বহু প্ৰশ্নৰ অৱতাৰণা কৰি পেলালে শান্তনুৱে।
মিচিকিয়া হাঁহি মাৰি ৰৌজিয়ে ক’লে, “শুনা, তুমি যিধৰণে ভাবিছা তেনে নহয় চানু। এমুঠি অন্ন, বস্ত্ৰ, বাসস্থান যোগাৰ কৰিব নোৱাৰা মানুহক যদি সময়ত ভাত সাজ যোগোতাই দিব পাৰো, আগলৈ বাট বুলিব নোৱাৰা মানুহক যদি বাট দেখুৱাব পাৰো বা অন্য কাৰোবাৰ বাবে যদি পথ প্ৰদৰ্শক হ’ব পাৰো তেন্তে সমাজৰ সেই ঘৰ ভঙাৰ যুক্তি ক’ত, চানু? চানু, চানু টোপনি গৈছা…?
– শান্তনুৰ হাতখন জোকাৰি ৰৌজিয়ে সুধিলে।
শান্তনু: হুঁ, নাই যোৱা। কোৱা শুনি আছোঁ।
ৰৌজি: তুমিতো এতিয়া প্ৰতিষ্ঠিত। তুমি নোৱাৰা কাম একো নাই। অলপ বহল দৃষ্টিভংগীৰে চোৱাচোন, এই ব্যৱসায়, ঘৰ, পৰিয়ালতে সোমাই নাথাকি অলপ বাহিৰৰ পৃথিৱীখনো চাওঁ। ঘৰৰ লগত আগৰ ধৰণেই সকলো সম্পৰ্ক বৰ্তি থাকিব। অহা যোৱা, খবৰ খাতি সকলো একে থাকিব তাত কোনো সন্দেহ নাই। ককা আইতাও আমাৰ লগত থাকিব। প্ৰয়োজন অনুসৰি মাহেকীয়া স্বাস্থ্য পৰীক্ষা কৰি থাকিবৰ বাবে এজন চিকিৎসকৰ ব্যৱস্থা কৰি দিম। মাজে সময়ে মা দেউতাহঁতৰ ওচৰলৈ লৈ আহিম।
শান্তনু: তুমি প্লেনিং কৰা কথাবোৰ আৰু অলপ বহলাই কোৱানা ৰ’জ।
– অলপ ভাবুক হৈ শান্তনুৱে ক’লে।
“হিঃ হিঃ। তুমি এতিয়াও দেখিছোঁ……” ৰৌজিয়ে কথাষাৰ সম্পুৰ্ণ কৰিবলৈ নাপালেই। শান্তনুৱে ক’লে- “আৰে কোৱাচোন, কৃষি পামখনত কাম কৰা মানুহ ক’ৰপৰা যোগাৰ কৰিবা?”
ৰৌজি: শুনা চানু, তুমি ভবাৰ দৰে প্ৰথমে বহুত মানুহ একেলগে নোপোৱা বা পালেও কামত লগাবলৈ তেনে কাম নোলাব। সকলো কাম আঁচনি যুগুতাই কৰিব লাগিব। প্ৰথমে মাটি টুকুৰা পৰীক্ষা কৰি কৃষি পদ্ধতি আঁচনি কৰিব লাগিব। কাম নোপোৱা দুই এজন ব্যক্তিক নিৰ্বাচিত কৰি লাহে লাহে কামৰ বাট মুকলি কৰিব লাগিব। মাত্ৰ একেবিধ খেতিত আৱদ্ধ নাথাকি সকলো ধৰণৰ হাঁহ, কুকুৰা, মাছ, কুচিয়াৰপৰা গৰু, গাই, গাহৰিলৈকে উৎপাদনক্ষম কৰি তুলিব লাগিব। এজন দুজনকৈ বাটে ঘাটে পৰি থকা ব্যক্তি, কাম নোপোৱা ব্যক্তি আৰু শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক কৃষি পদ্ধতি আৰু ব্যৱহাৰিক জ্ঞানৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, পামখনতে সকলোৱে থকা খোৱাৰ ব্যৱস্থা থাকিব লাগিব। অনাহাৰ অনিদ্ৰাই জীৱন কটোৱা মানুহবোৰক সাধ্যানুসাৰে দুই এপদ কামত লগাই তেওঁলোকক পামখনতে থকা খোৱাৰ ব্যৱস্থা কৰি দিব লাগিব। চোৱাচোন কিমান ভাল লাগিব। কিমান সংখ্যক মানুহে আমাৰ পামখন ভৰি থাকিব। সেয়াই আমাৰ বাবে সুখৰ সংসাৰ নহয় জানো? সেয়াই আমাৰ বাবে পালিত সতি সন্ততি নহয় জানো? চানু, টোপনি গ’লা?
শান্তনু: উম, আৰু কোৱা।
ৰৌজি: আৰু কি ক’ম! সৌৱা চোৱা, বেলি ওলালেই।
সেইদিনা যেন বেলিটো আৰু উজ্জ্বল হৈ উঠিল।
☆★☆★☆