ফটাঢোল

ৰি-ইউনিয়ন – প্ৰণীতা গোস্বামী বৰঠাকুৰ

গাৰুটোত হেঁচা দি পেট পেলাই শুই ল’লোঁ। ইহঁতকেইজনীয়ে ইমান লেকচাৰ মাৰিছে, দাদুলৰ লগত কথা পাতি থাকোঁতে সিহঁতৰ কথা আধা নুশুনিলোৱেই। আজি অত বছৰৰ মূৰত আমি কেইজনী লগ হৈছোঁ, কথা ক’ত শেষ হ’ব আজি!
দাদুলো সেই, কেনেকৈ আছোঁ, কিবা দিগদাৰ হৈছে নেকি, দৰববোৰ সময় মতে খাবা, বিশেষ অসুবিধা হ’লে লগে লগে ফোন কৰিবা আদি এশটামান উপদেশ। অহাৰ পৰা এতিয়ালৈকে তিনিবাৰমান ফোন কৰিছে। তাইৰো দাদুলক অকলে এৰি আহি বেয়া লাগি আছে, তথাপিও আজি সিহঁতৰ দিন। এটা দিন সিহঁতি পুনৰ ল’ৰালিলৈ উভতি যাব বিচাৰে—-! কিমান দিন যে হ’ল লগ নোপোৱা! ফেচবুক হোৱাৰ পৰা এইটোও এটা ডাঙৰ সুবিধা হ’ল, চুকে-কোণে সোমাই থকা বন্ধু-বান্ধৱীসকল পুনৰ ওচৰ চাপিল, ফটোতে হ’লেও দেখা পোৱা হ’ল। কোনোবাজনী শকত হৈ আগৰ চেহেৰা একেবাৰে চিনিব নোৱাৰা হ’ল, কোনোবাজনী আকৌ আগতে ইমান হেবাং আছিল–এতিয়া ড্ৰেচ পাতিত সাংঘাটিক স্মাৰ্ট হ’ল। মুঠতে বহুত সলনি হ’ল সকলো। সময়বোৰ যে বৰ সোনকালে আগবাঢ়িল, এনে লাগে! লগৰ ল’ৰাবোৰ যে একোটা একোটা ‘মানুহ’ হৈ পৰিল, দেখিলেই কিবা লাগি যায়। কোনোবাটো চুলি সৰি তপাটো হ’ল, কোনোবাটোৰ চুলি আকৌ সৱ পকিল, ইমাননো বুঢ়া হ’লোনে আমি, ভাবিলে দুখ লাগি যায়!….. মনবোৰ দেখোন…..
“ঐ, কথা শেষ হ’লনে তোৰ। দাদুলৰ প্ৰেম দেখোন এতিয়াও তুংগতে আছে অ’—” দীপশিখাই তাইক তিৎকাৰী মাৰি ক’লে।
“হেই ৰহ! সি আচলতে মই একো কৰিব নোৱাৰোঁ বুলি ভাবে— আগৰ বেলজনী বুলিয়েই ভাবি আছে– হাঃ হাঃ।” তায়ো ৰসিকতা কৰি কথাটো পাতলাই থ’লে।
তাই, দীপশিখা, মধুস্মিতা, তুলিকা, শেৱালী আৰু জোৎস্না আজি চহৰৰ পৰা আঁতৰৰ এখন ৰিজৰ্টত থকাকৈ আহিছে। আজি এমাহৰ আগৰ পৰাই সিহঁতৰ প্লেন।জোৎস্না আৰু মধুস্মিতা ডিব্ৰুগড়ত থাকে। সিহঁত দুজনী কালিয়েই আহি দীপশিখাৰ ঘৰত নামিছেহি। আজি পুৱাতেই সিহঁতি লগ হৈ ওলাই আহিছে। তুলিকাই সকলোকে ঘৰৰ পৰা উঠাই আনিছে। গাড়ীও তাইৰে। সিহঁত তিনিজনী গুৱাহাটীতে থাকে যদিও অত বছৰে লগ হোৱাৰ সুবিধা কৰিবই পৰা নাছিল। সকলোৰে ঘৰুৱা সমস্যা। ল’ৰা-ছোৱালীবোৰ সৰু থাকোঁতে নিজৰ সংসাৰৰ কামবোৰতেই ব্যস্ত থকা হয়। স্কুলীয়া বান্ধবীবোৰলৈ মনত পৰিলেও লগ কৰাৰ সুবিধাই নহয়গৈ। তুলিকা আৰু দীপশিখা ভীষণ বিজি থাকে। বহুদিনৰ প্লেন মতেই আজি ছুটী মিলাই আহিছে। দীপশিখাই কলেজত কৰে, তুলিকাও চাকৰি সংক্ৰান্তত ঘূৰি ফুৰিব লাগে। তাই স্বাধীন। আগতে মাক লগত আছিল, দুবছৰমানৰ আগতে তেখেতো ঢুকাল। তাই এতিয়া অকলশৰীয়া, বিয়াৰ কথা তাই নাভাবিলেই। ভনীয়েক দুইজনীক বিয়া দি তাইৰ নিজলৈ ভাবিবলৈকে সময় নহ’ল বোলে। পঢ়ি থাকোঁতেই দেউতাক ঢুকোৱাত ল’ৰা নোহোৱা ঘৰখনত তায়েই সকলো দায়িত্ব ল’ব লগা হ’ল। সিহঁতি সংসাৰ গঢ়া কামত ব্যস্ত থাকোঁতে তাই নিজৰ কেৰিয়াৰ গঢ়ি তুলিলে। তাইৰ উৎসাহতে আজি সিহঁতকেইজনী এইদৰে লগ হোৱাৰ সাহস গোটাব পাৰিলে।
পাছলৈ গোটেই ক্লাচৰ বন্ধু-বান্ধবীবোৰ লগ হোৱাৰ কথাও ভবা হৈছে। পাৰিলে নিজৰ স্কুলখনৰ বাবেও কিবা অলপ কৰাৰ প্লেনো তাই কৰি আছে। আজি আমিকেইজনী লগ হৈ আৰম্ভণিটো কৰি লৈছোঁ। স্কুলতো আমিকেইজনী অলপ ঘনিষ্ঠ আছিলো। সেইবাবে প্লেনটো কৰোঁতে আমি এজনীয়েও না নক’লোঁ। কিমান যে কথা পাতিবলৈ আছে— মুঠতে এটা দিন নিজৰ মতে কটাবলৈ সিহঁত যেন উদবাউল হৈ আছে। সকলোখিনি তায়ে সুন্দৰকৈ এৰেঞ্জ কৰিছে।
আহোঁতেও বাটত ৰখাই ক’ত ভাল তণ্ডুৰী চিকেন পায়, ক’ত ভাল কালাকাণ্ড, ক’ত মিঠা দৈ… সকলো খুৱাই আনিছে। ডায়বেটিছে লগ লোৱাৰ পাছৰ পৰা মিঠা কম খোৱা হ’লোঁ যদিও আজি সৱ খাই আহিছোঁ। এতিয়া যেন আমি সৌ তেতিয়াৰ মইজনী হৈ পৰিছোঁ, নাই বেমাৰৰ চিন্তা, নাই ঘৰৰ। ভাল বস্তুটো খালেই ঘৰৰকেইটালৈ মনত নপৰাকৈও থকা নাই অৱশ্যে, “সিহঁতিও খাই বৰ ভাল পালেহেঁতেন”– বুলি মনলৈ এবাৰ হ’লেও আহিছে, কিন্তু প্ৰকাশ নকৰোঁ আজি—- আজি কেৱল নিজক লৈ ভাবিম!
“ঐ, এইক মনত আছেনে?”
মধুৱে মোবাইলত কাৰোবাৰ ফটো এখন উলিয়াই সিহঁতক সুধিছে। ময়ো ওচৰ চাপি গ’লোঁ, “কোন অ’ এইজনী, কি হ’লনো?”
“কেলেই আমাতকৈ তিনিবছৰ মানৰ তলৰ আস্থাজিতা বোলা ধুনীয়া ছোৱালীজনী যে— মনত আছে?” মাধুৱে আমালৈ চাই সুধিলে পুনৰ।
“জানো, মনত পৰা নাই দেখোন!” শেৱালীয়ে নিৰস ভাৱে ক’লে।
“কথাটো কি, আগতে কচোন–“উৎসুকতা ৰখাব নোৱাৰি মাজতে চিঞৰি উঠিলোঁ।
“এই ফেবুত ফালি আছে — ফাটাফাটি লিখি আছে।”
”কি লিখিছে? ক’ত?”- এইবাৰ শিখাই মাত লগালে। মোৰ যে ফেবু খুলিবলৈকে সময়েই নহয়, তহঁতৰ লগত ৱাটচএপতে যি কথা পাতিব পাৰোঁ। আজিকালি কলেজৰ চাকৰীত মজা উলিয়াই দিছে জান’! তাই অলপ উদাসীন ভাৱে ক’লে।
“পইচা এগাল পাৱ, কাম কৰাবই—” জোস্নাই হাঁহি হাঁহি ক’লে তাইক।
“এ ৰহ! হ’ল আৰু তহঁত দুজনীৰ, আগৰ দৰে নালাগিবি কিন্তু।” মাধুৱে কথাৰ মাজতে ক’লে।
এই আস্থাজিতাই নিজৰ প্ৰেম কাহিনী লিখিছে ফেচবুকত। সিহঁতৰ আধৰুৱা প্ৰেম কাহিনীটো ফেচবুকতে পূৰা কৰিবগৈ যেন লাগিছে।বেচ পপুলাৰ হৈছে চিৰিজটো। টিভিতো ওলাইছিল বোলে, মইহে চাবলৈ নাপালোঁ।
“তোৰনো ইমান মনত আছেনে তাইক। মই যে নামে মানুহে মনত পেলাবই নোৱাৰোঁ জাননে? কেতিয়াবা কোনোবাই মাত দিলেও ক’ত পাইছিলোঁ বহুত ভাবিব লাগে—-” শেৱালীয়ে ক’লে।
“বুঢ়ী হৈছ যে তয়েই প্ৰমাণ দে— “তুলিকাই ৰসিকতা কৰি ক’লে। আমি গোটেই কেইজনীয়ে ধেকধেকাই হাঁহি উঠিলোঁ।
মনবোৰ মুকলি হৈ পৰিছে লাহে লাহে। বহুদিনৰ মূৰত লগ পোৱা সংকোচভাৱ হাঁহিয়ে উৰুৱাই নিছে। শেৱালী নিঃসন্তান। ওচৰৰে প্ৰাইভেট স্কুল এখনত সোমাই আছে। জোৎস্না উকীল। কেৱল মই আৰু মাধুৰহে চাকৰী নাই। মাধুৱেও অলপদিন স্কুলত কৰিছিল হেনো, সংসাৰ বঢ়াৰ পাছত বাদ দিলে। দাদুলে মোক চাকৰী কৰিবলৈ নিদিয়ে, ময়ো প্ৰয়োজন বুলি নাভাবিলোঁ অৱশ্যে।
“হয়ো পাই, তোৰো ভাল মনত আছে দে মাধু”….. জোস্নাই অনুসন্ধিৎসু মনেৰে সুধিলে।
“মনত আছে আক’— তাই ‘সেই তাৰ’ মোমায়েকৰ ছোৱালী আছিল, সেয়ে দেখি চিনি পাইছোঁ।”
“সেই তাৰ”—- আকৌ আমি হাঁহিত ফাটি পৰিলোঁ।
“ঐ, তোৰ এতিয়াও আছে নেকি আক’ তাৰ লগত কিবা কিবি?”
“ধেই, পাগল নেকি! আৰু কেইবছৰমানৰ পাছত ছোৱালীলৈ ল’ৰা বিচাৰিব লাগিব বুজিছ!” মাধুৱে হাঁহিয়েই উত্তৰ দিলে‌।
“কচোন, তাৰ খবৰ পাৱনে কিবা। কেতিয়াবা মনলৈ আহেনে— সঁচাকৈ কচোন। মই কিন্তু তহঁত দুটাৰ বিয়া হ’ব বুলিয়েই ভাবি আছিলোঁ জান।”
“সৱ প্ৰেম তোৰ দৰে সফল হ’ব বুলি কেনেকৈ ভাবিলি বন্দনা?” — তাই মোলৈ চাই ক’লে।
“মোৰ কিন্তু এতিয়াও তাক চাবলৈ বৰ মন যায়! ক’ত বা আছে! সেই যে পঢ়িবলৈ বুলি বাংগালোৰলৈ গ’ল, তাৰ পাছত খুব বেছি তিনি চাৰিবাৰমান তাৰপৰা খবৰ পাইছিলোঁ। পঢ়াত ব্যস্ত হৈ পৰিল বুলি ভাবিছিলোঁ। তাৰপৰাই সি বিদেশলৈ হায়াৰ ষ্টাডিজৰ বাবে গুচি গ’ল, আৰু সংযোগ নহ’ল আমাৰ! দেউতায়ো ভাল চাকৰি কৰা ল’ৰা পাই বিয়া দি দিলে মোক। এওঁৰ লগত সংসাৰ কৰি সুখত আছোঁ। তথাপিও……… কেতিয়াবা মনলৈ নহাকৈ নাথাকে!”…. মাধুৱে হুমুনিয়াহ কাঢ়ি ক’লে।
অলপ সময় আমিও ভাবুক হৈ পৰিলোঁ।
“ব’ল আমি ওচৰৰ গাঁওখন চাই আহোঁগৈ। ভাল লাগিব।” তুলিকাই জড়তা ভাঙি প্ৰস্তাৱ দিলে।
আমিও একেজাপে উঠি বহিলোঁ। চুলিকেইডালত অলপ হাতফুৰাই পাৰ্চ আৰু মোবাইলবোৰ হাতত লৈ আমি ওলাই গ’লোঁ। সন্ধ্যাৰ শীতল বতাহজাকে আমাক চুই গৈছে। শৰীৰ- মন গাঁৱৰ মুকলি পৰিবেশে শাঁত পেলাই দিছে। গাঁৱৰ মূল আলিটোৱেদি আমি অলপ আগুৱাই গ’লোঁ।
“ঐ তুলিকা, তই এতিয়াও কিবা এটা ভাব বুজিছ, বুঢ়া বয়সত লগ এটাৰ বৰ প্ৰয়োজন হয়।”– শিখাই তুলিকালৈ চাই ক’লে।
“ধেত, এতিয়া বুঢ়ী হ’লোঁ, কোন ওলাব?”
“ইমান ঘূৰি ফুৰিলি, কাকো অলপো ভাল নালাগিলনে তোৰ! মায়ে নকৈছিলনে তোক?”- বিনা দ্বিধাই সুধিলোঁ তাইক।
“মায়ে মোক বিয়াৰ কথা কৈ কৈয়েই গুচি গ’ল। এতিয়া আৰু ক’বলৈও কোনো নাইকীয়া হ’ল। আজি তহঁতিয়েই যি সুধিলি।” তুলিকাই দুখেৰে ক’লে কথাষাৰ।
“এইবাৰ আমি নেৰিছো, তোৰ কিবা এটা গতি লগামেই আমি, ন?”— শিখাই আমালৈ চাই ক’লে।
আমিও হয়ভৰ দিলোঁ। বিয়া নহ’লে যে সকলো মিছা তাইক আমি পতিয়ন নিয়াবলৈ যত্ন কৰিলোঁ।
“ভণ্টী দুজনীৰ বিয়াৰ পাছত মন নোযোৱাকৈ থকা নাছিল। ভালো লাগিছিল এজনক। পাছত গম পালোঁ, ল’ কাষ্টৰ ছোৱালী, ঘৰৰ অমতত বিয়াত বহিব নোৱাৰে বোলে। একেদিনাই সম্পৰ্ক ছিঙিল, এই বয়সতো সেইবোৰ চাই ফুৰাজন কিমান সংকীৰ্ণ মনৰ হ’ব ভাবচোন! আৰু এজনক কলিগ এজনীয়ে চিনাকী কৰাই দিছিল। তাইৰ ককায়েকৰ লগৰ বোলে। কথাও পাতিছিলোঁ। পিচে তেওঁৰো সংসাৰতো বহুত লেঠা। দুজন ভায়েক বেকাৰ। এজন এটা সংগঠনৰ সদস্য। ঘৰধৰা ছোৱালী লাগে। মাক অসুস্থ। তেতিয়া মোৰ মাও মোৰ ওপৰতে নিৰ্ভৰশীল। মাক কোনে চাব! সৰুৰে পৰাই বহুত জোৰা-টাপলি মাৰি সংসাৰ চলালোঁ, এতিয়া আকৌ নতুনকৈ একো বান্ধোনত সোমাবৰ মন নাই অ’ মোৰ। মুকলিকৈ থাকিব বিচাৰোঁ, উৰিব বিচাৰোঁ মনৰ মতে। বুঢ়া বয়সৰ বাবে এতিয়াই ‘বৃদ্ধাশ্ৰম’ ৰ লগত যোগাযোগ ৰাখিছোঁ। মাজে মাজে সময় কটাওঁগৈ তালৈ গৈ। বডীটো ইতিমধ্যেই মেডিকেলত উচৰ্গা কৰিলোঁৱেই, মৰাৰ পাছত তেওঁলোকে লৈ ল’ব। কোনো চিন্তা নকৰোঁ সেয়ে। জীয়াই থকা দিনকেইটাকে বন্ধু- বান্ধৱীৰ লগত হাঁহি ফূৰ্তিত কটাব বিচাৰোঁ মাথোঁ। সেয়ে আজি অত বছৰৰ মূৰত তহঁতক উলিয়াই আনিব পাৰিছোঁ যে, সেয়ে মোৰ সুখ। তহঁতিও এটা দিন মন খুলি ফূৰ্তি কৰ, হাঁহ, সৰু সৰু কথাত, আড্ডা মাৰ ভাল লগা বিষয় লৈ….. এয়াইতো জীৱন।
ঘৰ সংসাৰৰ দায়িত্ব সৱেই নিয়াৰীকৈ পালন কৰিছ, আনে ভালপোৱাবোৰকে সদাই কৰি গৈছ, এদিনতো সেইবোৰৰ পৰা আঁতৰি নিজক লৈ সুখী হ তহঁত। সঁচাকৈ কচোন, ভাল লাগিছেনে নাই আজি?” তুলিকাই আমাৰ মতামত বিচাৰিলে।
“লাগিছে, লাগিছে—” গোটেই কেইজনীয়ে একেলগে কৈ উঠিলোঁ।
“ব’ল, এতিয়া ঘূৰোঁ। কাইলৈ ব্ৰেকফাষ্ট খাই গাঁওখন এবাৰ ভালকৈ চাম। ইয়াতে ভাল ট্ৰেডিচনেল কাপোৰো বয় বুলি শুনিছোঁ। ভাল পালে অৰ্ডাৰ দি যাব পাৰিম। আজিকালি সেইবোৰৰ বৰ ডিমাণ্ড।
গোটেই কেইজনীৰ মুখবোৰ কাপোৰৰ কথা শুনি উজ্বলি উঠিল।
এমোকোৰা হাঁহিৰে আমি ৰিজৰ্টৰ ফালে উভতি খোজ ল’লোঁ।
আজি কিন্তু ৰাতি নোশোওঁ দেই, পূৰা কথা পাতিম আমি” জোৎস্নাই সৰু ছোৱালীৰ দৰে জপিয়াই উঠিল।
তাইৰ কথাত আমি পুনৰ ডাঙৰকৈ হাঁহি উঠিলোঁ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *