শান্তিপাঠ – সোনটো ৰঞ্জন বৰুৱা
ঘৰখন সুখে-শান্তিৰে থাকিবলৈ হ’লে এক বিশেষ ধৰণৰ শান্তি পাঠ ৰেগুলাৰ কৰক। আপুনি ভাবিছে, কি বিশেষ শান্তি পাঠ নো? বুজাই আছো ৰ’ব। প্ৰথমে শান্তিপাঠ কৰিবলৈ খুঁত (কাৰণ) এটা বিচাৰক। যি কোনো খুঁত এটা হ’লেই হ’ব। ইয়াক মাত্র শান্তি পাঠ আৰম্ভ কৰিবলৈহে লাগে,তাৰ পাছত ইয়াৰ কাম নাথাকে। খুঁত পোৱাৰ পাছতেই শান্তিপাঠ আৰম্ভ কৰি দিয়ক।
সৰ্বপ্ৰথমে পত্নীয়ে শ্লোক আওৰাওক :”হেৰা,তোমাক সদায় কিয় ক’ব লাগে তিতা টাৱেল বিচনাত নথ’বা৷
এতিয়া পতিয়ে আওৰাওক :”কোনে থ’লেহি জানো?”
পত্নীঃ “এৰাটো টাৱেলৰ ভৰি আছে যে খোজকাঢ়ি আহি উঠিলহি”
এতিয়া ক্ৰম অনুসৰি শ্লোকবোৰ আওৰাই যাওঁক ……
পত্নী: “তোমাৰ বাদে কোনে থুপাব?”
পতি: “তুমি ৰাখিলা কিজানি?”
পত্নী: “কথা কৈছা,এইটো তোমাৰে কাম”
পতি(মিথ্যা বচন): “মই নাই থোৱা”
পত্নী: “কথা ক’বলৈ আহিছে, এটা কাম নিয়াৰিকৈ কৰিব নোৱাৰে”
পতি: “এনে বৰ কাম কৰাজনী, হুহ!”
পত্নী: “তুমিনো কি টো কৰা?”
পতি: “তুমিনো কিটো কৰা?”
পত্নী: “তুমি কি কৰা সেইটো কোৱা”
পতি: “তুমি কি কৰা সেইটো কোৱা আগতে”
পত্নী: “নিজৰটো কোৱা”
পতি: “আগতে নিজে কি কৰা কোৱা”
পত্নী: “ইফালৰ কুটা সিফাল কৰি পাইছানে কেতিয়াবা?”
পতি: “হ’ব, হ’ব। ঘৰমচা, কাপোৰ ধোৱা চব তুমিয়েই কৰা, বাই ফুৰিবলৈহে আহে”
পত্নী: “নিজে কি কৰা?”
পতি: “তুমি নিজৰটো কোৱা?”
পত্নী: “দৰকাৰ পৰিছে”
পতি: “কৰিলেহে ক’বা”
পত্নী: “ঘৰৰ চব কাম হাৱাতে হয়, মই একো নকৰোৱেই”
পতি: “মই কি একো নকৰোৱেই?”
পত্নী: “ঘৰখনত ক’ত কি হৈ আছে তুমি কিবা জানানে?”
পতি: “হয় হয়, চব তুমিয়েই কৰা, মই নিষ্কর্মা। অকল খাবলৈহে জীয়াই আছোঁ”
পত্নী: “নহয়, মইহে নিষ্কর্মা”
পতি: “নহয়, নহয়। মইহে নিষ্কর্মা”
পত্নী: “হয়ে তো”
পতি: “আৰু তুমি?”
পত্নী(কান্দি): “হয় চব মোৰেই ভুল৷কি দেখি যে বিয়া হৈ আহিছিলোঁ নহয়! নিকিনা গোলাম পাইছেতো৷
পতি: “নহয়, নহয়, চব মোৰ ভুল”
এতিয়া অলপ সময় শান্ত হওক আৰু একো ঘটনা নাই হোৱা বুলি ভাবি নিজ নিজ কামে কামে লাগি যাওক। এই শান্তি পাঠৰ বাবে চেন্দেল, তিতা টাৱেল, তিতা জাঙ্গিয়া, ইলেকট্রিচিটি বিল, ল’ৰাৰ লেট্ ফিজ্ আদি যিকোনো খুঁত বাছি ল’লেই হ’ব। আৰু এটা কথা, নৱ দম্পতীয়ে শান্তি পাঠ আৰম্ভ কৰিবলৈহে খুঁত প্ৰয়োজন। পুৰণি দম্পতিয়ে বিনা খুঁতেই শ্ৰদ্ধাপূৰ্ণভাবে ৰেগুলাৰ শান্তি পাঠ কৰিব পাৰে। লগতে আৰু এটা কথা মন কৰিব, শান্তিপাঠৰ স্বৰ। স্বৰ যদি উচ্চ হয়,পতি পত্নীৰ লগতে সমগ্ৰ ঘৰখনতেই শান্তি বিৰাজ কৰিব। মনত ৰাখিব,এই পাঠৰ সময়ত কোনোৱেই কাৰো লগত সহমত নহ’ব। না নিজৰ ভুল স্বীকাৰ কৰিব। সত্য কথাতো ভুলতেও নক’ব। পাঠ আৰম্ভ কৰাৰ পূৰ্বে নিম্নলিখিত মন্ত্ৰফাকি মাতি ল’ব, পাঠ সম্পূৰ্ণ ফলৱৰ্তী হ’ব:
ঔম_অস্য_দাম্পত্য_শান্তিপাঠাস্য_বাবা_সোনটো_ঋষি_দুষ্টুপছন্দ_পত্নীহৃদয়ভূতৌ ভগৱানভৈৰৱদেৱতা_নিৰস্তাশেষনিৰ্বিঘ্ন_বিবাহবিশ্বাসদ্ধি_গৃহজয়সিদ্ধি_চ_বিনিয়োগ।
☆★☆★☆
2:40 pm
বঢ়িয়া।
3:22 pm
এনেকুৱা শান্তিপাঠ কৰি থাকিলে বিশ্বশান্তিৰ বাবে যাগ – যজ্ঞ নকৰিলেও হ’ব । ?????
5:10 pm
সজ সজ ৷ বঢ়িয়া দেই