ভাগিনৰ কথাৰে – কুকি কল্পিতা মহন্ত
‘মাহী-ভাগিনৰ সম্পৰ্কবোৰ বৰ মধুৰ’ -সকলোৱে কয়।
হওঁতে মইও মাহী নোহোৱা নহয়। বৰদেউতা আৰু খুড়াৰ ছোৱালী তিনিজনীকৈ বাইদেউ আছে মোৰ ওপৰত। বিয়াৰ পাছৰে পৰা তিনিওজনী গুৱাহাটীৰে বাসিন্দা। মাজে সময়ে পূজা, বিহুৰ বন্ধ মিলাই ঘৰলৈ আহে সিহঁত। সেইকেইটা দিনতেই যি ভাগিন কেইটাক লগ পাওঁ। মৰম লাগে বহুত। পিছে ভালকৈ সিহঁতৰ লগত সময় কটাবলৈ নাপাওৱেই, সিহঁতৰ যাবৰে হয়। গুৱাহাটীলৈ বৰকৈ মাতি থাকে যদিও পিএইছডি’ৰ কামৰ কোবত মোৰ যোৱায়ে নহয়। এইবাৰ গৱেষণাৰ কাম শেষ কৰি বিহুৰ বন্ধত মাজুজনী বাইদেউৰ ঘৰলৈ আহোঁতে সিহঁতৰ লগতে ওলালোঁ দুদিনমান সিহঁতৰ লগত কটাই আহোঁ বুলি। মাজু বা, ভিনদেউ আৰু কণমানি কুহুৰ সৈতে ট্ৰেইনত উঠিলো যাবলৈ বুলি। কুহুৰ কি ফুৰ্তি মই লগত যোৱাৰ বাবে। ট্ৰেইনত অচিনাকি মানুহকো মাহীয়েকক চিনাকি কৰাই নিছে বোলে “এইয়া কুকী মাহী”!
তালৈ যোৱাৰ পৰা তাই মোৰ লগ একেবাৰে নেৰাই হ’ল। ৰাতিপুৱা শুই উঠিয়ে মাহীক বিচাৰে। গা ধুবলৈ গ’লেও দৰ্জা ঢকিয়াই থাকেগৈ। তাইৰ ভয় কিজানি মই গুচি যাওঁ। মোৰ কচমেটিক্সৰ বক্সটো বাৰে বাৰে খোলেহি আহি। নেইলপলিছ লগাই দিব লাগে মই। বগা বগা কণমানি আঙুলি কেইটাত মেৰুণ ৰঙৰ নেইলপলিছটোৱেযে ইমান শুৱাইছিল নহয় তাইক! পাছদিনা প্লে স্কুললৈ গৈ লগৰজনীক দেখুৱাইছিল গৈ বোলে -“নেপলিছ, টুকুমা লগাই দিলে”। এইবাৰ মৰমতে কুকী মাহী গৈ টুকুমা হ’লগৈ। সেইকেইদিন তাইক গা ধুৱাই, তাইৰ কোমল গাল দুখনিত বেবী ক্ৰীম, পাউদাৰ লগাই দি, তাইক কণমানি চোলাটো পিন্ধাই লৈ টিকনি ডাল বান্ধি দি মইও যে মনত কিমান আনন্দ পাইছিলো! মোৰ খোপাত মৰা মাৰি ডাল তাইক মাৰিবলৈ লাগে। ইফালে খোপা বান্ধিব পৰাকৈ তেখেতৰ চুলিয়ে নাই। টিকনি ডালতে যেনে তেনে মাৰি ডাল গুজি দি গেলা গৰমত নিজৰ চুলি সোপা মেলিয়ে থাকিব লগা হ’ল আৰু মই।
দুদিনমান তাত কটাই ডাঙৰ বাইদেউৰ ঘৰলৈ যাবলৈ ওলালোঁ। ইফালে কুহুয়ে নিদিয়ে যাবলৈ। মনটো একেবাৰে মাৰি পেলালে। তাইক অফিচলৈ যাওঁ বুলি কৈ যেনেতেনে চকলেট এটা দি পতালো যেনিবা। ডাঙৰটো ভাগিন আয়ুষে ইফালে ডাঙৰবাক সুধি সুধি ৰক্ষা নাইকিয়া কৰিছে “কুকী মাহী কেতিয়া আহিব? কেতিয়া আহিব?” বুলি। খুড়াৰ ল’ৰা ভাইটি এটা আছিলগৈ আগদিনা সিহঁতৰ ঘৰত। পাছদিনা সি যাবলৈ ওলাই তাক কিবা কৈ জোকালে। সি বোলে “তুমি গ’লে যোৱা, আজি কুকী মাহী আহিব বেগ লৈ”। তাৰ ভাষাত বেগ লৈ যোৱা মানে থকাকৈ যোৱা। গৈ পোৱাৰ পাছৰে পৰা ক্রিকেট, বাস্কেট বল, ফুটবলকে আদি কৰি মুঠতে যিমান প্ৰকাৰৰ বল আছিল তেখেতৰ লগত গোটেই সোপা খেলি হে পাৰিলো আৰু। বল লাগি ঘৰৰ বাচন বৰ্তন, গিলাচ বাতি ক’ত ক’ত পৰিলগৈ ঠিক নাই। ভাত খাই উঠি বিচনাত শুই পৰিলো তাৰ লগত। মোৰ ফোনটো লৈ যিমান পাৰে গেইম এসোপা ডাউনলোড কৰি লৈ খেলিবলৈ আৰম্ভ কৰিলে তেওঁ। বায়ে আহি ধমকি দি শুৱাবলে ল’লে। নাই নোশোৱেহে নোশোৱে। তেনেতে মোৰ গাটো অলপ জ্বৰ জ্বৰ লগত ইটো ৰুমত ফেনখন কমাইলৈ শুওগৈ বুলি মই উঠি আহিলো তাৰ ওচৰৰ পৰা। পাছে পাছে দেখোঁ সিও লাগি আহিল। মোৰ গা বেয়া বুলি কোৱাত বায়ে গম নোপোৱাকৈয়ে মোক পানী এবটল আৰু পাতলীয়া কম্বল এখন আনি দি গ’লহি। ইমান অকণমানি ল’ৰাটোৰ মোৰ বেমাৰ বুলি কোৱাৰ লগে লগে তৎপৰতা দেখি আচৰিত হৈ পৰিলোঁ।
সাৰ পাই উঠি বায়ে কিবা এটা তাক কৈ থকা শুনিলোঁ-“মাহীৰ বস্তু কিয় আনিছা, দি দিয়াগৈ যোৱা, মাহী নাহিব নহ’লে”। উঠি গৈ দেখো মোৰ খোপাত মৰা মাৰিডাল লৈ মেগী খোৱাৰ প্ৰকটিছ কৰি আছে তেখেতে! এদিন সন্ধিয়া বায়ে মম’ বনাই খুৱাবলৈ কোৱাৰ বাবে বনালোঁ। আয়ুষৰ এইবিলাক বস্তু খোৱাত বৰ এটা ৰাপ নাই। মাজু বা আৰু কুহুকো ফোন কৰি মাতিলে ভিনদেৱে মম’ খাবলৈ। কি তৃপ্তিৰে খালে অ’ কুহুৱে মম’কেইটা। চাবহে পাৰিলো তাইক। খাই উঠি যাবলৈ ওলাল বাহঁত। পিছে কুহুয়ে এতিয়া মোক এৰি থৈ নাযায়। বাৰে বাৰে কৈছে “টুকুমা ব’লা, টুকুমা ব’লা”। বায়ে বহুত বুজাই বঢ়াই নিলেগৈ যেনিবা। মোৰ পিছে তাইৰ দুখমনেৰে গুচি যোৱা মুখ খনেই মনত পৰি থাকিল।
আয়ুষ স্কুলত থাকোতেই এদিন সৰু বাৰ ঘৰলৈ আহিব লগা হ’ল। আহিবৰ সময়ত আমনি কৰে বুলিয়ে সি নাথাকোঁতেই আহিলো তাৰ পৰা। সৰু বাৰো অকণমানি ল’ৰা এটা। নাম ৰ’মিত। কথাবোৰ ঠুনুক থানক কৈ ফুটিছেহে। মই যোৱাৰ অলপ দিন আগৰে পৰাই তাৰ বহুত গা বেয়া হৈ আছিল। বাক অনবৰতে আমনি কৰি থাকে। খোৱা বোৱা নকৰে ভালকৈ। মই যোৱাৰ পৰা কি ফুৰ্তি তাৰ! কি কৰোঁ কি নকৰোঁ গাত তাতেই নাই। অলপো আমনি নাই সেইকেইদিন। ভাতো খাইছে ভালকৈ, খেলিছেও মোৰ লগত, খেলনা বাচন বৰ্তন লৈ চাহ ভাত বনাই দিয়েহি মোক। হেলিকপ্টাৰ, চৰাই একো বাকী নাথাকে, চব মাতি নি দেখুৱাইগে মোক। খেলা বস্তু ইমানেই মেলিছেহি আনি মাটিত, খোজ দিবলৈকো ঠাই নাই। এদিন বায়ে মোক মাংস ৰান্ধিবলৈ দিলে। কেৰাহি পাতিছোঁহে, পোৱালি আহি মোৰ গাত ধৰি ওপৰলৈ হাত দাঙি ৰৈ আছেহি। তাক কোচত ল’ব লাগে, সিও মাংস ৰন্ধা চাব। এহাতে তাক লৈ ইহাতে মাংস বনাব লগা হ’ল, কি অৱস্থা মোৰ! কষ্ট হ’ল যদিও কিবা এটা কিন্তু বৰ ভাল লাগিছিল মোৰ এইবোৰ। ৰাতি সদায় দাইনিং টেবুলৰ চকী টানি আনি তাৰ আধা ফুটা মাতেৰে মোক ভাত খাবলৈ মাতে “কুকী মাই বৈনন(বহা), ভাত খা”। ইমান যে মৰম লাগি আহে তাৰ কথা বোৰ শুনিলেই। গাড়ী এখন লৈ চলাই ফুৰে আৰু টিভিৰ ষ্টেণ্ডটোৰ ওচৰতে গাড়ীখন পার্ক কৰি থৈ ষ্টেণ্ডটোত ধৰি নামে গাড়ীৰ পৰা। বায়ে ময়ে চাই চাই বাগৰি বাগৰি হাঁহো। মোৰ চুলিত মৰা বানানা ক্লিপটো এদিন নাইকিয়া হ’ল। ক’তো বিচাৰি পোৱা নাই। পাছত গৈ সেইটো ওলালগৈ তেখেতে চলাই ফুৰা গাড়ীখনৰ ডিকিত। এদিন বিল্ডিঙৰ তলত ফুৱা (ফুৱা মানে ফুৰিবলৈ যোৱা তাৰ ভাষাত) গ’ল মোৰ লগত চাইকেলত উঠি। চাইকেলখন সি চলাব পৰা হোৱা নাই এতিয়াও, উঠিহে যায়। পাছফালৰ পৰা ঠেলি নিব লাগে হেণ্ডেলত ধৰি। আহোঁতে ৰাস্তাত সি “দুটা দুটা” বুলি ঘপকৈ চিঞৰি উঠিল । ঘূৰি চাই দেখোঁ তাৰ চেণ্ডেল এপাত খুলি পৰি আহিল ৰাস্তাত। আকৌ গৈ বুটলি আনিলো। ইমান অকণমানি ল’ৰাটোৰ নিজৰ বস্তুৰ প্ৰতি খেয়াল দেখি আচৰিত হ’লো। সৰু বেগ এটা লৈ বজাৰলৈ যাওঁ বুলি কয়। কি আনিবা বুলি সুধিলে কয় “আতু, গাগ’, পত’, তম’, মন’….” তাৰ ভাষাত সেয়া আলু, গাজৰ,পটল, বিলাহী, মাছ….।
ঘৰুৱা লেঠা আৰু লগতে গা বেয়া হোৱাৰ বাবে সোনকালেই ঘৰলৈ ঘূৰি আহিব লগা হ’ল যদিও ভাগিনহঁতৰ লগত কটোৱা এই সময় খিনিয়ে মনটোক বৰকৈ আপ্লুত কৰি তুলিলে। সেয়ে মনৰ অনুভৱ প্ৰকাশ কৰি দুষাৰমান লিখি আপোনালোকলৈ আগবঢ়ালোঁ।
☆★☆★☆
2:19 pm
ভাল লাগিল পঢ়ি কুকি
8:37 pm
ধন্যবাদ Rintumoni দা।