ভৌতিক – মিনতি মহন্ত
:Where are you come from?
: অসম,
: অ’ তুমি অসমীয়া?
: হয়৷
: ঘৰ ক’ত!
: অসমত৷
: বুজিছোঁ, অসমৰ কোন ঠাইত!
: ঘৰ য’তে আছে ত’তে।
ধেই, কি ছোৱালী অ’ এইজনী৷ মুখখনো ঘূৰাই দিয়া নাই, বাহিৰতনো কি ঘটি চাই আহিছে জানো৷ (মনতে ভাৱিলে)ট্ৰেইন ভ্ৰমণ, ক’ত বা যায়৷
: ক’লৈ যাবা তুমি!
: য’লৈ টিকেট কৰা আছে৷
হেৰৌ ময়ো অসমীয়া ল’ৰা বাবেহে সুধিছোঁ৷ নামাতোঁ যা৷ বিছনা চাদৰখন পাৰি ল’ৰাটো শুই থাকিল যদিও টোপনি যোৱা নাই। ছোৱালীজনী একেথৰে এই ৰাতিখনো বাহিৰলৈকে চাই আহিছে। পলাই আহিছে নেকি বাৰু? নে কিবা বিপ্লৱী সংগঠনৰ! টোপনিও নহা হ’ল, কি কৰা যায়৷ অকনমানকৈ চকু দুটা মেলি আকৌ ছোৱালীজনীৰ ফালে চালে। নাই এইফালে নুঘূৰাই হ’ল। গজালহে যেন মাৰি থৈছে। মানুহ নহয় নে কি অ’! ইমান ঠৰঙা হৈ থাকিব পাৰে নে? ভূত যদি হয়য়য়য়?
“অ’ অ’ অ’ ভূত ভূত” বুলি ল’ৰাটোৱে চিঞৰি একেজাপে উঠি কাষৰ বাৰ্থটোলৈ পৰি ধৰি দৌৰ মাৰিলে৷ শুই থকা গোটেইবোৰে খপজপাই উঠি কি হ’ল বুলি হুলস্থুল লগালে৷ ল’ৰাটোৱে ভয়তে কঁপি কঁপি একো ক’ব নোৱাৰি সি শুই থকা ঠাইলৈ আঙুলি টোঁৱাই দেখুৱালে৷ কেইজনমান সাহসীলোকে আহি একো নেদেখি তাক গালিও পাৰিলে৷ সিও কঁপি কঁপি আহি চাই দেখে তাত কোনো নাই। মানুহক যিমান বুজাইছে তাত ছোৱালী এজনী আছিল বুলি, কোনেও বিশ্বাস কৰা নাই৷ যদি ছোৱালী এজনী আছিলেই, ক’লৈ যাব! ল’ৰাটোৰ মতিভ্ৰম হৈছে নতুবা টোপনিত সপোন দেখিছে বুলি প্ৰত্যেকেই নিজৰ চিটলৈ গুচি গ’ল। সি ইমান ভয় পাইছিল যে নিজৰ চিটলৈ নগৈ বেলেগ এজনৰ লগত কুছিমুচি বহি কঁপিয়ে আছে। বাকীবোৰে যিমান বুজাইছে কামত অহা নাই। টিকেট চেকাৰজনো অহা নাই। ৰাতি পুৱাবলৈও বেছি সময় নাই, ডবাটোৰ গোটেই মানুহৰ টোপনি ভাগিল। দুই এজনে অশৰীৰিৰ আত্মা নেকি বুলিয়ো আলোচনা নকৰাকৈ নাথাকিল। কোনোবা এজনে মৰসাহ কৰি ল’ৰাটোক তাৰ চিটলৈ টানি লৈ গ’ল৷ তেতিয়াও ছোৱালীজনী তাত অহা নাই৷ নামি যাবলৈ ট্ৰেইনখনো ক’তো ৰোৱা নাই। যদি সঁচা হয় ক’লৈ যাব পাৰে! ল’ৰাটোক নিৰ্ভয় দি মানুহজন নিজৰ ঠাইলৈ গ’ল। সি ভয়তে বিহ্বল হৈ মূৰে গায়ে কাপোৰ লৈ শুই থাকিল৷
মানুহৰ হৈ হাল্লাত যেতিয়া তাৰ টোপনি ভাগিল দিনৰ ন বাজিল। সকলোৱে তাক বেঢ়ি ধৰি প্ৰশ্ন কৰিছে, তাৰ লগত অহা ছোৱালীজনী ক’ত আছে। তাইৰ বেগটো বহা চিটতে আছে। ল’ৰাটোৱে বহুত দিনৰ মুৰত চেতনা ঘূৰাই পোৱাৰ দৰে চকু মেলি প্ৰত্যেকলৈ চাইছে। মুখেৰে মাতো বুলিও মাতিব পৰা নাই, ডিঙিত যেন কিহবাই সোপা দিহে থৈছে এনে লাগিল। কিমান সময় এনেদৰে পাৰ হ’ল!
যাত্ৰীৰ এজনে চিটত থকা বেগটোত খানাতালাচ কৰাত লাগিল। এখন ডায়েৰী, এটা মোবাইল সহ কিছু প্ৰসাধন সামগ্ৰীৰে ভৰপূৰ! এজনে মোবাইলটো লৈ পিতিকি চালে, এজনে ডায়েৰীখন খুচৰিলে৷ ট্ৰেইনৰ গতি অবিৰাম৷ বিজুলি লাইনত চলা ট্ৰেইন। দুটামান ফেৰিৱালা উলাইছে, সোমাইছে। কোনোবাই পচন্দৰ বস্তু লোৱাত ব্যস্ত, কোনোবাই দৰদাম কৰি এৰি দিছে। সকলো গতানুগতিক।
ডায়েৰীত নাম এটা উদ্ধাৰ হ’ল —- ত্ৰিৱেণী ভাৰতী৷ এজনে মোবাইল এটাৰ পৰা নম্বৰ এটালৈ ৰিং কৰিলে, বেগৰ ভিতৰত থকাটো বাজি উঠিল। এইবাৰ ডায়েৰীৰ পাতত একেলেথাৰিয়ে নাম্বাৰ এটা ২০ বাৰ লিখা পাই সেই নম্বৰত ফোন লগালে৷ অলপ দেৰি ৰিং হোৱাৰ পাছত সিফালৰ পৰা এজনে উচ্চ স্বৰত চিঞৰি ফোন ধৰিলে। ক’ত লাগিছে, কোনে কৈছে সুধি হায়ৰাণ হ’ল৷ যিটো নম্বৰৰ পৰা ডায়েল হৈছে, সেইটো ত্ৰিৱেণীৰ নম্বৰ। কেনেকৈ ফোনটো পালে, তাইৰ ফোনটো ক’ত আছে কোনে কৈছে ইত্যাদিৰে কাণত অহৰহ প্ৰশ্নৰ জোৱাৰ। এই ফালৰ পৰা ট্ৰেইনৰ ভিতৰত ডবা এটাৰ বেগ এটাত ফোন উদ্ধাৰ কৰা হৈছে৷ এজনী ছোৱালী ৰাতিটো বহি আছিল, শেষ নিশাৰ পৰা তাইক বিচাৰি পোৱা নাই আদি সকলো ভাঙি পাতি ক’লে। সিফালৰ পৰা আকৌ প্ৰশ্ন আহিল — ত্ৰিৱেণীৰ মবাইল! তাইৰ বেগত! কোনে কৈছে, ক’ত আছে…..?
: হয়, ত্ৰিৱেণীৰ বেগৰ ভিতৰত ডায়েৰী আৰু মবাইল এটা পোৱা গৈছে; এই নাম্বাৰটো তাত পায়েই ফোন কৰা হৈছে। হয় হয়, নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ।
: কি কি কি ক’লে? ত্ৰিৱেণীৰ বেগ হ’বই নোৱাৰে? তাইৰ মবাইল! কি কয়হে?
ফোনত কথা পতাজনৰ ভৰি কঁপিছে৷ কোনোমতে নিজক সম্বৰণ কৰি বহি দিলে৷
: দুবছৰৰ আগত? তেনেহ’লে এইখন ডায়েৰী! ফোন!
হাতৰ পৰা ফোনটো ট্ৰেইনৰ মজিয়াত সৰি পৰিল। দুই হাতেৰে কাণ দুখন হেঁচা মাৰি ধৰিলে। বেলেগ এজনে ফোনটো তুলি লৈ কাণত লগালে৷
: হয় হয়, দুবছৰৰ আগতে ৰাজধানী এক্সপ্ৰেছৰ দুৰ্ঘটনাত ত্ৰিৱেণী সহ তেওঁৰ মৃত্যু হৈছে৷ ত্ৰিৱেণীৰ স্বামী আছিল তেওঁ৷ হনিমুনত উটি লৈ বুলি ঘৰৰ পৰা আহিছিল৷ লাইনচ্যুত হৈ ডবা বাগৰি পৰি তেওঁলোকে প্ৰাণ হেৰুৱাইছিল৷
: হেল্লো হেল্লো….
সংযোগ বিছিন্ন হ’ল৷
: আৰেৰেৰে….বেগটোও নাই, আৰু ফোনটো? ক’লৈ গ’ল বস্তুবোৰ? আৰু ভয়াতুৰ ল’ৰাজন? তাকো ক’তো বিচাৰি পোৱা নগ’ল৷
☆★☆★☆
12:34 pm
ভূতৰ ৰাজ্য গোটেই ! ভয় লাগি গল
11:21 am
অতি সুন্দৰ ,বৰ ভাল লাগিল সচা ঘটনা যেন লাগিল ।
2:16 pm
সুন্দৰ, ভাল লাগিল পঢ়ি খুৰী
7:22 pm
ভয় লাগিল দেই বৰমা।
8:08 pm
ল’ৰাটোৱো ভূত আছিল তাৰমানে৷ ৰামৰামৰাম৷ ভাল লাগিল দেই পঢ়ি অলপ ভয়ো লাগিল লগতে ?